পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১.  অসমীয়া আৰু বড়ো ভাষাৰ বিশিষ্ট সাহিত্যিক, ভাষাতত্ববিদ মধুৰাম বড়োদেৱলৈ মৰণোত্তৰ ভাৱে আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ বাসুদেৱ জালান সোঁৱৰণী বঁটা। অসমীয়া ভাষা সাহিত্যলৈ অনুপম বৰঙণিৰ বাবে এই বঁটা দুবছৰৰ মূৰে মূৰে জনজাতীয় ব্যক্তিত্বলৈ সাহিত্য সভাই আগবঢ়াই আহিছে। ২০১৩ বৰ্ষৰ এই বঁটা অহা ২৮ এপ্ৰিলত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত হব লগা এক অনুষ্ঠানত প্ৰয়াত বড়োদেৱৰ পত্নী প্ৰিয়দিনী ব্ৰহ্মৰ হাতত অৰ্পণ কৰিব।

২. ধেমাজিত উন্মোচিত হ'ল সাহিত্যিক তিলেন গগৈৰ উপন্যাস "বেহাকাই আৰু চেলাপটী জোক" । মাহেকীয়া সাংস্কৃতিক আলোচনী "প্ৰতিফলন"ৰ সম্পাদক অৰুণ কুমাৰ দিহিঙীয়াই সমাজৰ নিৰ্মম বাস্তৱক সৱল ৰূপত তুলি ধৰাৰ প্ৰয়াস স্বৰূপ এই উপন্যাসখনি উন্মোচন কৰে।
শ্বহীদ প্ৰণামো তোমাক...
চাবমেৰিন সিন্ধুৰক্ষক দুৰ্ঘটনাত  প্ৰাণ হেৰুওৱা
দুই তেজাল অসমীয়া তিমথী আৰু নৰোত্তমলৈ
নেভি নগৰ, মু্ম্বাইৰ বিহুত শ্ৰদ্ধাঞ্জলি
৩. ৰঙালী বিহু উপলক্ষে ভাৰতীয় নৌসেনাৰ মুম্বাইত কৰ্মৰত অসমীয়া বিষয়া,জোৱান আৰু পৰিয়ালবৰ্গই মিলি যোৱা ২৬ এপ্ৰিল শনিবাৰে ক’লাবাৰ নেভি-নগৰত এক সুন্দৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে।

৪. মুক্তিলাভৰ পূৰ্বেই সপ্তমখন ছবি মহোৎসৱলৈ আমন্ত্ৰিত হ'ল যদুমণি দত্ত পৰিচালিত ছবি "পানী"। নতুন দিল্লীত অহা ৯-১৪মে'লৈ হব লগা হেবিটেড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লভা "পানী"য়েই হৈছে একমাত্ৰ অসমীয়া কথাছবি। ১৩মে'ৰ সন্ধিয়া ছবিখন প্ৰদৰ্শিত হব।

৫. জালুকবাৰী সমষ্টিৰ বৰনিজৰাপাৰ ভোটকেন্দ্ৰৰ ৰিগিং কাণ্ডৰ ভিডিঅ' সম্প্ৰচাৰ হোৱাৰ পাছত  ভিডিপিৰ বেজ লগোৱা অভিযুক্ত, প্ৰিজাইডিং, প'লিং বিষয়াসহ গ্ৰেপ্তাৰ হ'ল ছয় জনকৈ লোক। অহা ২৮ এপ্ৰিলত এই কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিলে নিৰ্বাচনী আয়োগে।

৬. অসমৰ জনপ্ৰিয় শিল্পী মান ৰবীনলৈ আগবঢ়োৱা হৈছে "ৰমণী গাভৰু বঁটা"। শিৱসাগৰ জিলাৰ শিমলুগুৰি কেন্দুগুৰি অঞ্চলৰ ৫৪সংখ্যক দ্বি-বাৰ্ষিক ব'হাগী বিদায় সমিতিয়ে শিল্পী গৰাকীলৈ এই বঁটা আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

৭. পঞ্জাৱ পুলিচৰ বিশেষ নাৰ্কটিক কোষে ২২কিল'গ্ৰাম হিৰোইন জাতীয় নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ এক বৃহৎ সাফল্য লভাৰ খবৰ প্ৰকাশিত হৈছে। জব্দ কৰা এই দ্ৰব্যৰ বজাৰ মূল্য ১১০কোটিতকৈ অধিক হব বুলিও প্ৰকাশিত হৈছে। লগতে চাৰিজন অভিযুক্তক এটি পিষ্টল সহ আটক কৰা হৈছে।

৮. ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত যোগগুৰু বেল্লুৰ কৃষ্ণমাচাৰ সুন্দৰৰাজ আয়েংগাৰক পদ্ম-বিভূষণ বঁটাৰে কালি সন্মানিত কৰা হয়।  একেটা অনুষ্ঠানতে টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজ, লেখক ৰাস্কিন বণ্ডকে ধৰি মুঠ ১১ গৰাকী ব্যক্তিক পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। লগতে ৪৪গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মানো প্ৰদান কৰা হয়।

৯. মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মাজুলী খণ্ডৰ সহযোগত অহা ২৮ এপ্ৰিলৰ আবেলি ৪বজাত অনুষ্ঠিত হব এক "মহাকাশ দৰ্শন" শীৰ্ষক বৰ্ণাঢ্য কাৰ্যসূচী। বিজ্ঞান সচেতনতাৰ এই কাৰ্যসূচীত যোৰহাট তাৰগৃহৰ কিউৰেটৰ প্ৰণৱজ্যোতি চেতিয়া আৰু সহযোগী সকলেও অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

১০. ৰামদিয়াত ১৯ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ পালিত হ'ল চাৰিশ বছৰীয়া পুৰণি পৰম্পৰাগত ভঠেলি উৎসৱ। ঘুনুচা যাত্ৰাৰে আৰম্ভ হোৱা এই উৎসৱ ৰামদিয়া পুথিভঁৰাল আৰু সামুহিক সাংস্কৃতিক কেন্দ্ৰৰ পৰিচালনাত অনুষ্ঠিত হয়। মহাপুৰুষীয়া, হৰিদেৱ পন্থীয়, দামোদৰ পন্থীয় আৰু চৈতন্য পন্থীয় ১৮খনকৈ সত্ৰৰ বিগ্ৰহ আনি ভঠেলিস্থলীত একত্ৰিত কৰি সমন্বয় নিদৰ্শন দাঙি ধৰে। এই উৎসৱৰ সমান্তৰাল ভাৱে এখনি বৃহৎ বাণিজ্য মেলাও আয়োজিত হয়।

No comments:

Post a Comment