পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১.দেশৰ উচ্চতম ন্যায়ালয়ৰ ৪১ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে কালি কাৰ্যভাৰ গ্ৰহণ কৰিলে ন্যায়াধীশ ৰাজেন্দ্ৰ মল লোধাই।  ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰোৱাৰ পাছতে সদ্য বিদায়ী মুখ্য ন্যায়াধীশ পি সদাশিৱমৰ পৰা দ্বায়িত্ব গ্ৰহণ কৰে।
২. চিৰাং জিলাৰ বিজনী সাহিত্য সভাৰ নৱ-নিৰ্মিত ভৱনটিক "বিষ্ণু ৰাভা ভৱন" ৰূপে নামাকৰণ কৰি উদ্বোধন কৰিলে অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহদেৱে। উদ্বোধনী ভাষণত সভাপতি গৰাকীয়ে আমাৰ সমাজখন বিচিত্ৰ আৰু সাহিত্য সভাই সকলো শ্ৰেণীৰ লোককে সাঙুৰি ল'লেহে সাহিত্য সভাৰ উন্নতি হব বুলি মত প্ৰকাশ কৰে।

৩. ক্ষুদ্ৰ আলোচনী "অন্তৰ্লিপি"য়ে ২০১৪ বৰ্ষৰ খনিন তালুকদাৰ সোঁৱৰণী অন্তৰ্লিপি সাহিত্য সন্মান আগবঢ়াইছে ৰাজ্যখনৰ এগৰাকী প্ৰথিতযশা কবি, নাট্যকাৰ তথা নাট পৰিচালক ৰফিকুল হুছেইনলৈ। নিজৰ অনবদ্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্য জগত সমৃদ্ধ কৰাৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা এই বঁটা অহা জুলাই মাহতে গুৱাহাটী প্ৰেছ ক্লাৱত হুছেইনদেৱক প্ৰদান কৰা হব।
৪. দুতৰপীয়া ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাত এক উল্লেখযোগ্য পদক্ষেপেৰে কালি ভাৰতে সফলতাৰে পৃথিৱী প্ৰতিৰক্ষা যানৰ পৰীক্ষা সম্পন্ন কৰে।  ইয়াৰ দ্বাৰা ১২০কিল'মিটাৰো বেছি উচ্চতাৰ লক্ষ্যকো ভেদ কৰিব পৰা যাব। ওড়িষাৰ উপকূলত এই পৰীক্ষণ সফল হোৱাৰ খবৰ পোৱা গৈছে।

৫. আমেৰিকাৰ ব্যৱসায়িক ইতিহাসত বিৰল উদাহৰণ দাঙি ধৰি গাড়ী নিৰ্মাতা কোম্পানী জেনেৰেল মটৰ্ছে কোম্পানীটোৰ বৰ্ড অৱ ডাইৰেক্টৰ্ছত স্থান দিলে শ্ৰমিক নেতা জ' এশ্বটনক। শ্ৰমিক সম্বন্ধীয় জ্ঞান আৰু অভিজ্ঞতাৰে কোম্পানীটোক সমৃদ্ধ কৰিব পাৰিব বুলিয়ে ইউনাইটেড অট' ৱৰ্কাৰ্ছৰ উপাধ্যক্ষজনক এই স্থান দিয়া হৈছে বুলি কোম্পানীটোৱে প্ৰকাশ কৰিছে।

৬. অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত কালিৰে পৰা আৰম্ভ হৈছে বিংশতিতম ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল চেম্পিয়নশ্বিপ।  ডিব্ৰুগড়ৰ জালান আউট'ডৰ ষ্টেডিয়ামত উদ্বোধনী খেলত দিল্লীয়ে পশ্চিমবংগ দলক পৰাজিত কৰে। আজি গোলাঘাটত তামিলনাডু দলৰ সন্মুখত অসম দল অৱতীৰ্ণ হব।

৭. গুৱাহাটীত গঠিত হ'ল "সুজলা-সুফলা পূৰ্বাঞ্চল" নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ। উত্তৰ-পূৱৰ সামাজিক সাংস্কৃতিক ঐক্যৰ বুনিয়াদ শক্তিশালী কৰাৰ লক্ষ্যৰে গঠিত হোৱা সংগঠনটোৱে শুভাৰম্ভ অনুষ্ঠান ৰূপে অহা ২৪ মে'ত গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমত সন্ধিয়া ৬বজাৰ পৰা "শব্দ সুৰৰ ঝংকাৰ" শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ মাজত সাংস্কৃতিক বিনিময়ৰ প্ৰচেষ্টা চলাব বুলিও জানিব পৰা গৈছে।

৮. ভাৰতৰ চি এম এ আই এছ'চিয়েশ্বন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যোৱা ২৬ এপ্ৰিলত ঘোষিত হয় নেশ্বনেল অসম এডুকেশ্বেন এৱাৰ্ড ২০১৪ ।  গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই উদ্বোধন কৰা অনুষ্ঠানত "অসমৰ শ্ৰেষ্ঠ উদ্দীপ্ত প্ৰযুক্তি বিশ্ব-বিদ্যালয়"ৰ পুৰস্কাৰ কাজিৰঙা বিশ্ববিদ্যালয়ক প্ৰদান কৰা হয়। আই.আই.টি গুৱাহাটীক শ্ৰেষ্ঠ প্ৰযুক্তি প্ৰতিষ্ঠান, আৰ্য বিদ্যাপীঠ কলেজক গণিতৰ শিক্ষাত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠান ৰূপে পুৰস্কৃত কৰা হয়। লগতে আন আন শাখাৰো শ্ৰেষ্ঠতাৰ পুৰস্কাৰ সমূহ প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবেও ৰাজ্যৰ পৰা মনোনয়নৰ বাবে শিক্ষানুষ্ঠান বাচনি কৰা বুলিও জানিব পৰা গৈছে।

৯. ঢালিগাঁৱৰ দৰ্শন জেউতি ক্লাৱৰ খেলপথাৰত অনুষ্ঠিত সাহিত্য সভাৰ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ মুকলি সভাত ইমৰাণ শ্বাহদেৱে অসমীয়া ভাযাৰ ভৱিষ্যতক লৈ শংকিত হোৱাৰ কাৰণ নাই বুলি অভিমত প্ৰকাশ কৰে। এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি প্ৰকাশ পায় "চিৰাংজ্যোতি" নামৰ স্মৰণিকাও। অনুষ্ঠানতে উন্মোচিত হয় কবি নীলিমা নাথৰ কবিতা পুথি "অভিসাৰিকা জোনাক ৰাতি"। অনুষ্ঠানৰ শুভাৰম্ভ হয় এহেজাৰ গৰাকী মহিলা শিল্পীয়ে সমবেত হৈ পৰিবেশন কৰা "চিৰ চেনেহী মোৰ ভাষা জননী" শীৰ্ষক গীতেৰে।

১০. অসমীয়াকে ধৰি ৫টা ভাষাত মুকলি হ'ল "বিকাশপেডিয়া" নামৰ অনলাইন পৰ্টেল। অমীয়া ভাষত অনলাইনযোগে কৃষি, স্বাস্থ্য, শিক্ষা আদি বিষয়ত প্ৰয়োজনীয় তথ্য এই পৰ্টেলযোগে উপলব্ধ হব। কেন্দ্ৰীয় চৰকাৰৰ তথ্য-প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰালয়ৰ ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অৱ এডভান্স কম্পিউটিঙে এই পৰ্টেলটো নিৰ্মাণ কৰি উলিয়াইছে। দেওবাৰে অসমীয়া বিকাশপেডিয়াৰ কাম-কাজৰ তদাৰক কৰা সংস্থা চি.আৰ.ডিৰ কাৰ্যবাহী সঞ্চালকে www.vikaspedia.govt পৰ্টেলটো আনুষ্ঠানিকভাৱে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰে।

১১. আইফা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত হ'ল শত্ৰুঘ্ন সিনহা। শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ফাৰহান আখতাৰলৈ, মুঠ পাঁচটাকৈ পুৰস্কাৰ লাভ কৰিলে "ভাগ মিলখা ভাগ" ছবিয়ে। "চেন্নাই এক্সপ্ৰেছ" ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিলে দীপিকা পাডুকনে। আমেৰিকাত হোৱা ১৫তম আইফা বঁটা প্ৰদান অনুষ্ঠানত মিলখা সিঙেও অংশগ্ৰহণ কৰে।

১২. গোৱালপাৰা প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হ'ল "সংবাদ, সাংবাদিকতা আৰু সামাজিক দায়বদ্ধতা" শীৰ্ষক আলোচনা চক্ৰ।  নিষ্ঠা আৰু ঐকান্তিকতাৰে সংবাদ সেৱা কৰিবলৈ বিশিষ্ট ব্যক্তি সকলে সাংবাদিক সকললৈ জনালে আহ্বান।১৩. গুৱাহাটীৰ নাৰংগী হাউছিং কলনীস্থ গ্ৰীণ পাৰ্কত উদ্বোধন হ'ল সৌৰশক্তি চালিত লাইট আৰু গাৰ্ডেন চেয়াৰ প্ৰকল্পৰ। লেখিকা জুলি বৰুৱাই উদ্বোধন কৰা প্ৰকল্পটো প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সাংসদ পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা হৈছে।

No comments:

Post a Comment