তাজাখবৰঃ আজি পুনৰ উলংগ প্ৰতিবাদ, এইবাৰ দিছপুৰতঃ CAB ৰ বিৰোধিতাই লৈছে ক্ৰমাত উত্তাল ৰূপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ আজি পুনৰ উলংগ প্ৰতিবাদ, এইবাৰ দিছপুৰতঃ CAB ৰ বিৰোধিতাই লৈছে ক্ৰমাত উত্তাল ৰূপ

তাজাখবৰঃ আজি পুনৰ উলংগ প্ৰতিবাদ, এইবাৰ দিছপুৰতঃ CAB ৰ বিৰোধিতাই লৈছে ক্ৰমাত উত্তাল ৰূপ

Share This
আজি কিছু সময় পুৱা ১০বাজি ২০মিনিটত দিছপুৰত 'জয় আই অসম' ধ্বনি দি পুনৰ উলংগ প্ৰতিবাদ কৰিলে অসমীয়া যুৱকে। শতাধিক লোকে দিছপুৰত প্ৰতিবাদী সমদল কৰি আহে আৰু তাৰ মাজতে সংঘটিত হয় এই নগ্ন প্ৰতিবাদৰ ঘটনা। আজি বিধান সভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়িত হয়। এই কাৰ্যসূচী অখিল গগৈ-পলাশ চাংমাই নেতৃত্বাধীন ৭০টা জাতীয় সংগঠনৰ বেনাৰত হোৱা বুলি জানিব পৰা গৈছে। এগৰাকীয়ে সম্পূৰ্ণ উলংগ হৈ আৰু দুগৰাকীয়ে অন্তৰ্বাস পিন্ধি এই নগ্ন প্ৰতিবাদত অংশ লয়। প্ৰতিবাদকাৰীৰ নাম সোণাৰাম দাস, বুবুল ডেকা আৰু নৰেন কাকতি বুলি জানিব পৰা গৈছে। এখেতলোক ছাত্ৰ মুক্তিৰ সদস্য বুলিও সূত্ৰত প্ৰকাশ।
মেঘালয়, মণিপুৰ, মিজোৰাম আদি ৰাজ্যৰ শাসনত থকা চৰকাৰে যিদৰে বিধান সভাতে প্ৰস্তাৱ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰোধিতা কৰিছে, সেই পথেদি কিন্তু এতিয়াও অসমৰ বিজেপি চৰকাৰে বাট বোলা নাই। প্ৰায় এশটা জাতীয় সংগঠনৰ অবিৰত প্ৰতিবাদৰ পাছতো গা-লৰা নাই শাসকীয় দলটোৰ। আনকি এই বিধেয়কৰ বিৰোধিতা কৰা সকলৰ সৈতে মুকলি সংঘাতত বিজেপিৰ ২৮লাখ কৰ্মী নামিব বুলি উত্তেজক হুংকাৰ দি সমালোচিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। 

ইফালে কালি দিল্লীত NSUI আৰু যুৱ কংগ্ৰেছে অৰ্ধ উলংগ হৈ বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ কৰে। ধেমাজিলৈ যোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা প্ৰদৰ্শন কৰে। ঢকুৱাখানালৈ যোৱা মুখ্যমন্ত্ৰীও ক'লা পতাকাৰ সন্মুখীন হব লগা হয়। শিলঙত কালি প্ৰায় চল্লিশ হাজাৰ ৰাইজ গোট খাই এই বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে মেঘালয়ৰ সুৰক্ষাৰ বাবে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈকো দাবী জনায়। ইয়াৰ মাজতে পুনৰ অহা ৯ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনলৈ প্ৰধানমন্ত্ৰীক আনিবলৈকো শাসকীয় দলটোৱে টঙালি বন্ধাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিধেয়কৰ বিৰোধিতা কৰাৰ বাবেই অসম সাহিত্য সভালৈকো পূৰ্বতে দিয়া ধৰণৰ আৰ্থিক সহযোগিতা অসম চৰকাৰে এইবাৰ কৰা নাই বুলিও বাতৰি প্ৰকাশ পাইছে। শিৱসাগৰৰ লগতে কালি ৰাজ্যৰ ভিন্ন ঠাইতো আছুৰ নেতৃত্বত ৩০টা সংগঠনে জোৰ সমল কাৰ্যসূচীও পালন কৰে।

এনে উত্তাল প্ৰতিবাদৰ মাজতে আজি পুনৰ ৰাজধানী দিছপুৰত উলংগ প্ৰতিবাদৰ ঘটনা সংঘটিত হয়। আজি দিল্লীত উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰী সকলক বিধেয়ক প্ৰসংগত সৈমান কৰাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে মিটিঙো আয়োজন কৰিছে। ইয়াৰ মাজতে ঘটা এই উলংগ প্ৰতিবাদে শাসকীয় দলক কিদৰে প্ৰভাৱিত কৰে সেয়াও হব লক্ষণীয়। 

No comments:

Post a Comment