মুকলি চিন্তাঃ পৈতৃক সম্পত্তিৰ কবলৰ পৰা মুক্ত হ’বনে নতুন প্ৰজন্ম :: ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
মুকলি চিন্তাঃ   পৈতৃক সম্পত্তিৰ কবলৰ পৰা মুক্ত হ’বনে নতুন প্ৰজন্ম  :: ইন্দ্ৰজিত বৰা

মুকলি চিন্তাঃ পৈতৃক সম্পত্তিৰ কবলৰ পৰা মুক্ত হ’বনে নতুন প্ৰজন্ম :: ইন্দ্ৰজিত বৰা

Share This
ৱিহায় কামান্যঃ সৰ্ৱানপুমাংশ্চৰতি নিঃস্পৃহঃ ।

নিৰ্মমৌ নিৰহংকাৰঃ স শান্তিমধিগচ্ছতি ।। (ভাগৱত গীতা)

হংকঙৰ তাৰকা জেকি চানে নিজৰ সম্পত্তিৰ উত্তৰাধিকাৰ সম্পৰ্কে এনেদৰে কৈছিল, “If he (Jaycee) is capable, he can make his own money. If he is not, then he will just be wasting my money.” । কেৱল জেকি চানেই নহয়, মাৰ্ক জুকাৰবাৰ্গ, বিল গেটচ, ৱাৰেণ বুফেট আদি বিলিয়নিয়াৰসকলেও সন্তানক নিজৰ নিগমৰ পুঁজি অথবা সম্পত্তিৰ মালিকানা দিব নিবিচাৰে বুলি প্ৰকাশ । এইখিনিতে, উদ্যোগিক উৎপাদন খণ্ডৰ ক্ষেত্ৰত পুঁজিপতিসকল সাধাৰণতে পৰিয়ালকেন্দ্ৰিক আৰু বহু প্ৰজন্ম ইতিমধ্যে অতিক্ৰম কৰিছে । ক্ষেত্ৰবিশেষে এক প্ৰকাৰৰ সামন্তীয় প্ৰভূত্বৰ দৰে হুকুমত অব্যাহত আছে । তৃতীয় খণ্ড তুলনামূলকভাৱে একেবাৰে নতুন, ইয়াৰ বিকাশৰ হাৰ যথেষ্ট বেছি আৰু আনুষ্ঠানিক প্ৰশাসনৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আহিছে । সেয়ে  পৈতৃক সম্পত্তিক লৈ এই পুঁজিপতিসকল হয়তো কম চিন্তিত । এয়াও পুঁজিবাদী বিকাশৰ মাজতেই এক প্ৰগতিশীল দিশ বুলি ক’ব পাৰি ।
যেনেকৈ যোৱা শতিকাৰ শেহৰ দশকলৈকে ভাৰতবৰ্ষতো মূলতঃ পৈতৃক সম্পত্তিৰ সাহাৰ্যতে পুঁজিৰ বিনিয়োগ কৰা টাটা, বিৰলা আৰু আম্বানিৰ পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ে দেশৰ এক বৃহৎ অংশৰ সম্পত্তিৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰিছিল ৷ এনে পৈতৃক সম্পত্তিৰ প্ৰভূত্বই সৃষ্টি কৰা ৰাজনৈতিক, বিত্তীয় অথবা ব্যৱসায়ৰ অন্যান্য বিশেষ সুবিধাবিলাকৰ মাজতো অৰ্থনৈতিক সংস্কাৰৰ বহু আগতেই নতুন অৰ্থনৈতিক ক্ষেত্ৰত নতুন নতুন উদ্যমিতাই বহু বৃহৎ পুঁজিৰ সৃষ্টি কৰিছিল ৷ যোৱা সময়ছোৱাত এচাম নতুন য়ুনিকৰ্ণ বিলিয়নিয়াৰৰো জন্ম হৈছে যি পৈতৃক সম্পত্তি, ৰাজনৈতিক অথবা বৰ্ণ-ধৰ্মৰ প্ৰভাৱ জালৰ পৰা মুক্ত আৰু নিকা পুঁজিবাদী বিকাশৰ এক অমেঘ প্ৰতিচ্ছবি হিচাবে পৰিগনিত হৈছে ৷ প্ৰধানকৈ সেৱা খণ্ডত পেটিএম, ফ্লিপকাৰ্ট, অলা, বাইজু, ছুইগি আদি প্ৰতিষ্ঠানৰ জন্ম হৈছে৷ আনকি পুৰণা অৰ্থনৈতিক ক্ষেত্ৰতো হিন্দুস্তান মটৰচ, প্ৰেমিয়াৰ অট’মবাইল, ডিচিএম, জেকে চিন্ঠেটিক, নচিল আদি প্ৰতিষ্ঠান গা কৰি উঠিছে ৷ সকলোৱে আশা কৰে যে কেন্দ্ৰীয় চৰকাৰে কৰা ষ্টাৰ্ট-আপ সম্প্ৰসাৰনৰ পৰিকল্পনাই পৈতৃক সম্পত্তিৰ কবলৰ পৰা মুক্ত কৰি এক উদ্যমিতাৰ বাতাবৰণ বজাই ৰখাত নৱ উদ্যমি সকলক যথেষ্ট উৎসাহিত কৰিব ৷

সাধাৰণভাৱে ক’বলৈ গ’লে শিক্ষা আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত হ’লে পৈতৃক সম্পত্তিৰ প্ৰয়োজন ক’ত ? উদ্যমশীল হ’বলৈ পৈতৃক সম্পত্তি নালাগে । যদিও দক্ষতাতন্ত্ৰ আচলতে আৰ্থ-সামাজিক বাস্তৱতাৰ পৰা একেবাৰে মুক্ত নহয়, ই একোজন ব্যক্তিৰ উপাৰ্জনৰ পাৰদৰ্শিতাক তেওঁৰ উৎপাদনশীলতাৰে সংজ্ঞাবদ্ধ হয়তো কৰে । কিন্তু এইটোও নিশ্চিত যে তেওঁৰ – নিজস্ব অথবা পৈতৃক – কোনো সম্পত্তিকে ই ন্যায্যতা নিদিয়ে । কাৰণ সম্পত্তিৰ জমা প্ৰক্ৰিয়া হ’ল তেওঁৰ পাৰদৰ্শিতাৰ বাহিৰত অৱস্থিত এক সামগ্ৰিক আৰ্থ-সামাজিক পৰিস্থিতিতন্ত্ৰৰ পৰিণতি । প্ৰকৃতাৰ্থত সম্পত্তি ঐতিহাসিকভাৱে এক উৎপাদনবিমুখ পৰিস্থিতিৰ সৃষ্টি যাৰ যোগেদি বংশানুক্ৰমিক প্ৰভূত্ব বৰ্তাই ৰখা হয় । কেৱল নতুন প্ৰজন্মৰ বাবেই নহয় সমষ্টিগত অৰ্থনীতিৰ দৃষ্টিতো সম্পত্তি মানৱ কুশলতা বিকাশৰ বাটত এক ডাঙৰ প্ৰত্যাহ্বান । এইটো ঐতিহাসিক সত্য যে পুঁজিৰ বিকাশ কেতিয়াও সামন্তীয় সম্পত্তিৰ পৰা হোৱা নাই বৰঞ্চ তাৰ পৰিসীমাত উদ্ভৱ হোৱা উদ্যমশীল মানৱ দক্ষতাহে তাৰ মূল উৎস ।

সম্পত্তিৰ জমা প্ৰক্ৰিয়া দুই ধৰণৰ । প্ৰথমটো হ’ল সামন্তীয় অৱস্থাৰ পৰা আধুনিক সমাজ ব্যৱস্থালৈ উত্তৰণৰ পথত যিবোৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া তথা কোনো ঐতিহাসিক যুগান্তকাৰী সন্ধিক্ষণেও এতিয়ালৈকে হাত লগাব পৰা নাই, অৰ্থাৎ পৈতৃকভাৱে লগত আছে । এইক্ষেত্ৰত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সীমাবদ্ধতাৰ কথা অলপ পাছত আলোচনা কৰিম । উত্তৰ ঔপনিৱেশিক পৃথিৱীত কেনেকৈ এই সম্পত্তিয়ে আৰ্থ-সামাজিক সমীকৰণৰ এক বৃহৎ অংশ হৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াকেই একাষৰীয়া কৰিবলৈ সক্ষম হয় । অন্যটো হ’ল পুঁজিৰ বিকাশৰ পথত এক বৃহৎ মুনাফা অৰ্জন কৰাৰ পাছত জমা হোৱা সম্পত্তি যিটো পুনৰ বিনিয়োগৰ কোনো নিৰ্ভৰযোগ্য ক্ষেত্ৰৰ অভাৱত সৃষ্টি হয় । কাৰণ মুক্ত বজাৰ ব্যৱস্থাত বিনিয়োগৰ পৰা হোৱা মুনাফাৰ মাত্ৰা অৰ্থনৈতিক বিকাশৰ হাৰতকৈ অবিৰতভাৱে অনেক বেছি । তাৰ পৰৱৰ্তী পৰ্যায়ত বৰ্ধিত সম্পত্তি আৰু আয়ৰ অনুপাতে পুঁজিৰ বিকাশৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলায় কাৰণ অৱশিষ্ট সম্পত্তিৰ স্বাভাৱিকভাৱে ভাৰা বিচৰাৰ প্ৰৱণতা থাকে । পুঁজিৰ আকাংক্ষিত নিৰন্তৰ বিকাশৰ সীমাবদ্ধতাই বজাৰমুখী অৰ্থনীতিৰ সীমা নিৰ্ধাৰণ কৰে আৰু একচেটিয়া প্ৰৱণতাৰ সৃষ্টি হয় ।

এইখিনিতে মনকৰিবলগীয়া যে বিভিন্ন মধ্যযুগীয়া পৰিচিতিবিলাকৰ আত্মপ্ৰকাশো আচলতে এক বংশানুক্ৰমিক সম্পত্তিৰ অধিকাৰৰ প্ৰশ্নটোৰ পৰাহে উৎপত্তি হয় । এক ঐতিহাসিক আৰ্থ-সামাজিক স্তৰত সেয়াও হয়তো অৱশ্যম্ভাৱী । ঔপনিৱেশিকতাৰ বিৰুদ্ধে সংগ্ৰাম কৰি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ মানেই স্বকীয় সম্পত্তিৰ জমা প্ৰক্ৰিয়াক ত্বৰান্বিত কৰা । এয়া শ্ৰেণীৰ বিকাশ আৰু অস্তিত্বৰ সংগ্ৰাম । কাৰণ সাম্ৰাজ্যবাদৰ বিৰোধিতা আৰু থলুৱা পুঁজিৰ বিকাশ দুয়োটা প্ৰশ্নই উত্তৰ ঔপনিৱেশিক পৃথিৱীৰ জাতীয় চেতনাত অন্তৰ্নিহিত হৈ আছে ৷ সেয়ে উত্তৰ ঔপনিৱেশিক পৃথিৱী বহুধাবিভক্ত পৰিচিতিৰ সন্মিলন হৈ পৰে । সম্পত্তিৰ জমা প্ৰক্ৰিয়া প্ৰভূত্বলৈ গতি কৰাৰ লগে লগে জাতীয়তাবাদেও নিজৰ মেৰুদণ্ড সলনি কৰে ৷ জাতীয় চেতনাৰে উদ্বুদ্ধ পৰিৱৰ্তন দ্ৰুত হ’লেও ই কেৱল ক্ষমতা বা প্ৰভূত্বৰ হস্তান্তৰ হ’ব পাৰে । সেয়ে স্বাধীনতাৰ দৰে যিকোনো যুগান্তকাৰী আনুষ্ঠানিক মূহুৰ্তই পৰম্পৰাগত আৰ্থ-সামাজিক সমীকৰণক ভাঙি প্ৰভূত্বশীল উপাদানবোৰ তাৎকালিকভাৱে শূণ্যলৈ নিষ্ক্ৰিয় কৰি পেলাব নোৱাৰে । আধুনিক ৰাষ্ট্ৰব্যৱস্থা প্ৰণয়নৰ দিনা এক বিশেষ মধ্যযুগীয়া পৰিচিতিকেন্দ্ৰিক আৰ্থ-সামাজিক সমীকৰণ বিৰাজমান আছিল, যি গণতান্ত্ৰিক ব্যৱস্থাৰ মাজতো পৰিকল্পনা আৰু প্ৰণালীবিলাক নিৰূপণত হস্তক্ষেপ কৰিছিল আৰু লগে লগে এক বিশেষ পৰিকল্পনা আৰু প্ৰণালীক ৰাষ্ট্ৰব্যৱস্থাই বিধিবদ্ধ কৰিছিল । আকৌ সেই পৰিকল্পনা আৰু প্ৰণালীৰ ৰূপায়ণে পৰৱৰ্তী সময়ৰ আৰ্থ-সামাজিক বিৱৰ্তনলৈ অৰিহণা যোগাইছিল আৰু নতুন সমীকৰণৰ সৃষ্টি কৰিছিল । লগে লগে আনুষঙ্গিক ৰাজনৈতিক প্ৰক্ৰিয়াই পৰিবৰ্তিত আৰ্থসামাজিক সম্পৰ্কবিলাকৰ ন্যায্যতা প্ৰতিষ্ঠা কৰি আহিছে । উল্লেখযোগ্য যে ভাৰতীয় সংবিধানেও এক বিস্তৃত ৰূপৰেখা দিছে যদিও দেশৰ আয় আৰু সম্পদৰ পুনৰ বিতৰণৰ কোনো চুড়ান্ত পদ্ধতি সন্নিৱিষ্ট কৰা নাই যিটো ভৱিষ্যতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত এৰি দিছে ।

ঔপনিৱেশিক ভৰণ-পোষণত বৰ্তি থকা সামন্তীয় গাঁথনিয়ে স্বৰাজোত্তৰ ভাৰতত আমোলাতন্ত্ৰৰ মাজত আকৌ ৰাষ্ট্ৰসৰ্বস্ব পদক্ৰমনিকাৰ ৰূপত প্ৰাণ পাই উঠিছিল ৷ বৃটিছ শাসকৰ কৰতলীয়া হৈ থকা সামন্তীয় সম্পত্তিৰ প্ৰভূত্ব স্বৰাজোত্তৰ ভাৰতৰ ঐতিহাসিক ভূমিসংস্কাৰে একেবাৰে স্পৰ্শ কৰিব পৰা নাছিল ৷ যেতিয়ালৈকে আৰ্থ-সামাজিক শক্তিবিলাকৰ সম্পত্তিৰ ৰক্ষনাবেক্ষণ কেৱল বৃহৎ পৰিমাণৰ ৰাজহুৱা ধনৰ আদান-প্ৰদানৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰে, এনে নব্য সামন্তীয় গাঁথনি ভাঙি উৎপাদনৰ উৎস বিলাকৰ সম্ভাৱনীয়তা উন্মুক্ত কৰিব নোৱাৰে ৷ এনেকৈ ধাৰাবাহিক ৰাষ্ট্ৰসৰ্বস্ব প্ৰশাসনিক ব্যৱস্থাই প্ৰকৃততে এক নব্য সামন্তীয় মুষ্টিমেয় পৰম্পৰা অব্যাহত ৰাখে যি অনুন্নয়ন, সহজাত দুৰ্নীতি আৰু এক ফোঁপোলা প্ৰশাসনেৰে এক বিষম সম্পত্তিশীল চক্ৰ বৰ্তাই ৰাখে । মন কৰিবলগীয়া যে স্বৰাজোত্তৰ ভাৰতৰ আমোলাতন্ত্ৰিক প্ৰশাসন আছিল সামাজিক বৈষম্যৰ এক আধুনিক সংস্কৰণ ৷ তেনে ৰাষ্ট্ৰসৰ্বস্ব ব্যৱস্থাৰ পৃষ্ঠপোষকতাতেই দেশৰ আৰ্থ-সামাজিক পৰিদৃশ্যৰ মাজত এক মুষ্টিমেয় ধাৰাৰ বিকাশ ঘটিছিল ৷ বিৱৰ্তিত সামাজিক গতিশীলতা আৰু ইতিবাচক বৈষম্যৰ দৰে আঁচনিৰ দ্বাৰা তাৰে এক সংস্কৰণ হিচাবে নিম্নবৰ্ণৰ মাজতো এক মুষ্টিমেয় শ্ৰেণী গঢ়ি উঠিছিল ৷ প্ৰাসঙ্গিক প্ৰশ্নটো হ’ল এই পৰিচিতিকেন্দ্ৰিক মুষ্টিমেয় সৃষ্টিৰ প্ৰক্ৰিয়াই আচলতে সম্পত্তিৰ বংশগতিকেই মহিমামণ্ডিত কৰিছে । উন্নয়নবাদী ৰাষ্ট্ৰব্যৱস্থাৰ পৰিভাষা মতে হয়তো শ্ৰেণী সমতা এক অসংগত সংজ্ঞা, কিন্তু বৰ্ণ সমতা হয়তো সংগত । তাৰমানে শ্ৰেণীৰ বিকাশ ঘটিলে সমতা অৰ্থহীন, কিন্তু বৰ্ণ পৰিচিতি হয়তো সমতাৰ মাপকাঠি । পিছে এনে প্ৰশাসনিক প্ৰয়োজনীয়তাই বৰ্ণ পৰিচিতিক অনিবাৰ্য কৰি ৰাখিব আৰু তাৰ লগে লগে পৈতৃক সম্পত্তিৰ বংশগতিও বৰ্তি থাকিব ।

উত্তৰ-ঔপনিৱেশিক পৃথিৱীত সামন্তীয় অৱশেষবিলাকৰ পুঁজিৰ প্ৰতি এক পৰম্পৰাগত ভীতিগ্ৰস্ততা আছে । ঐতিহাসিক গুৰুত্ব স্বীকাৰ কৰাৰ পাছতো, এইটো অনস্বীকাৰ্য যে কোনো ৰাজনৈতিক শক্তিৰ দ্বাৰা প্ৰচাৰিত জনপ্ৰিয় ৰাজনৈতিক বাগধাৰা দৰাচলতে শক্তিৱন্ত আৰ্থ-সামাজিক সমীকৰণৰ স্বাৰ্থতেই নিয়োজিত হয় । স্বৰাজোত্তৰ ভাৰতৰ পৰিকল্পিত মিশ্ৰ অৰ্থনীতিও ইয়াৰ ব্যতিক্ৰম নাছিল । ভাৰতীয় জাতীয় আন্দোলনৰ আত্মাস্বৰূপ কৃষি ক্ষেত্ৰৰ মধ্যভোগী উপসামন্তীয়সকল আৰু অৰ্থনীতিৰ কিছুমান খণ্ডত বৰ্তি থকা পুঁজিপতিসকলৰ মাজত গঢ়ি উঠা আৰ্থসামাজিক সংঘাতৰ এক মীমাংসা আছিল এই মিশ্ৰ অৰ্থনীতি । মিশ্ৰ অৰ্থনীতিত নব্য সামন্তীয় আৰু মুষ্টিমেয়সকলে নিজৰ স্বাৰ্থতেই ৰাজহুৱা বিত্তীয় ব্যৱস্থাৰে পৰিচালিত এক প্ৰকাৰৰ একচেটিয়া আমোলাতন্ত্ৰিক অৰ্থনীতিৰ সূত্ৰপাত কৰে । প্ৰাৰম্ভিক অৱস্থাত স্বাধীন ৰাষ্ট্ৰৰ প্ৰশাসনিক দক্ষতাৰ মাপকাঠি এইসকলৰ হাতৰ মুঠিতেই আছিল । তেনেদৰে প্ৰতিষ্ঠিত পুঁজিপতিসকলেও এই বন্ধ অৰ্থনৈতিক ব্যৱস্থাৰ সহায়ত নব্য উদ্যমশীলতাক মাধমাৰ শোধাইছিল আৰু পুঁজিৰ বিনিয়োগ নিজৰ ভিতৰতেই আবদ্ধ কৰি পেলাইছিল ।

তেনেকৈ স্বৰাজোত্তৰ ভাৰতৰ কৃষিখণ্ডৰ বিৱৰ্তনৰ মূল হৈছে এক সীমিত পৰিসৰৰ ভিতৰত কৃষিভিত্তিক পুঁজিবাদৰ বিকাশ । ভূমি সংস্কাৰৰ পৰিণতিস্বৰূপে পুৰণা জমিদাৰসকলৰ অৱনতি আৰু এক নতুন শ্ৰেণীৰ ধনী খেতিয়কৰ সৃষ্টি হ’লেও আচলতে মালিকীস্বত্ব সেই ১৫ শতাংশৰ মাজতেই কেন্দ্ৰীভূত হৈ ৰৈছিল । আচলতে এই প্ৰায় সুষম শ্ৰেণীটোক পুঁজিপতি কৃষক হিচাবে প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন চৰকাৰী আঁচনিৰ যোগেদি যথেষ্ট সাহায্য পাই আহিছে । গতিকে আমি পুঁজিবাদী আৰু পূৰ্ব-পুঁজিবাদী এই দুই ধৰণৰ আৰ্থ-সামাজিক সম্পৰ্কই গ্ৰাম্য জীৱনত দেখা পাওঁ যি বৃহৎ সংখ্যক ক্ষুদ্ৰ কৃষকৰ বাবে পৰম্পৰাগতভাৱে দমনাত্মক হৈ আছে ।

তৃতীয় খণ্ডৰ সম্প্ৰসাৰণ অৰ্থনৈতিক বিকাশৰ মূল কাৰক আৰু ই সম্পত্তিৰ জমা প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব পাৰে । অৰ্থনীতিৰ তৃতীয়াকৰণ বৃহৎ উৎপাদনে সৃষ্টি কৰা অৰ্থনৈতিক মুনাফাৰ ওপৰত প্ৰতিষ্ঠিত । সম্পত্তিৰ জমা প্ৰক্ৰিয়াই যেনেকৈ সমষ্টিগত অৰ্থনীতিৰ ভাৰসাম্যহীনতা সৃষ্টি কৰে তেনেকৈ সৃষ্টি কৰে অবহনীয় জীৱনশৈলী আৰু জীৱিকাৰ পদ্ধতি । প্ৰাকৃতিক সম্পদৰ ওপৰত অসহনীয় চাপ পৰাৰ লগতে পৰিৱেশ, সমাজ আৰু স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পৰিছে। প্ৰকৃতি, সমাজ আৰু সমুদায় নিৰ্ণীত জীৱনশৈলীহে প্ৰকৃততে বহনক্ষম, স্বাস্থ্যসন্মত আৰু অধিক সুৰক্ষিত হ’ব । এনে আৰ্থ-সামাজিক ভাৰসাম্যহীনতাই দৰিদ্ৰতাৰ সৃষ্টি কৰি এফালেদি অপুষ্টি আৰু অন্যফালেদি সম্পত্তিৰ ভৰণ-পোষণত গঢ়ি উঠিছে এক অনাহকত চাপপূৰ্ণ জীৱন । মুঠতে সামাজিক আৰু পৰিৱেশজনিত ভাৰসাম্যহীনতা মানৱ শৰীৰৰো বিসংগতিৰ মূল কাৰণ । সেয়ে পৰিবেশ আৰু উন্নয়ন দুয়োটা দিশক সন্মিলিত কৰিব পৰা সামগ্ৰিক নীতি আৰু কৰ্মপন্থা অনিবাৰ্য । মানৱ উন্নয়নৰ বাবে পুঁজিৰ সৰবৰাহৰ উৎকৃষ্ট সঞ্চালন, সমষ্টিগত অৰ্থনীতিৰ নিয়ন্ত্ৰণ, জাতীয় আৰু বিশ্বস্তৰীয় পৰিকল্পনাৰ মাজত সৌহাৰ্দ আৰু উচিত ব্যবস্থাপনা অপৰিহাৰ্য । তেনেকৈ বহনক্ষম উন্নয়ন হ’ল এটা সমন্বিত আৰ্হি যি প্ৰকৃতিৰ অৱদানবিলাক অব্যাহত ৰখাৰ ব্যৱস্থাবোৰক উৎসাহিত কৰে, বৈষম্য হ্রাস আৰু অর্থনৈতিক পৰিকল্পনাক অগ্ৰাধিকাৰ দিয়ে। সম্পত্তিৰ জমা প্ৰক্ৰিয়াৰ পৰা সমাজ আৰু অৰ্থনীতি মুক্ত হ’লেহে সেয়া সম্ভৱ হ’ব ।

গতিকে সম্পত্তিৰ জমা প্ৰক্ৰিয়া হ’ল অসমতা আৰু অৰ্থনৈতিক বৈষম্যৰ মূল যি গণতান্ত্ৰিক প্ৰক্ৰিয়াকো প্ৰত্যাহ্বান জনায় । ঐতিহাসিকভাৱে বিশ্বজুৰি গণতন্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থা আৰু অসমতাৰ সম্পৰ্ক একেবাৰে মধুৰ নহয় ৷ গণতন্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাবে সামাজিক মৰ্যদাভিত্তিক অসমতা শেষ কৰিলেও প্ৰকৃতাৰ্থৎ এক স্থায়ী সম্পত্তিৰ সম্পৰ্কৰ যোগেদি বৰ্ধিত অসমতাৰ প্ৰতি সহিঞ্চু হৈ পৰাহে দেখা যায় ৷ ফলস্বৰূপে, এলেক্স ডি টেকভাইলে কোৱাৰ দৰে গণতন্ত্ৰৰ এনে ন্যায়িক-প্ৰশাসনিক মেৰপাকত অসমতাৰ প্ৰশ্নত কোনো ধৰণৰ বৈপ্লৱিক পৰিৱৰ্তনৰ আশা ক্ষীণ হৈ পৰে ৷ দৰাচলতে যি ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাবে অসমতা নিৰ্মূলৰ কথা ঘোষনা কৰে, তাত এনেধৰণৰ এক কাল্পনিক সমতাই মনস্তাত্বিক জগতখন দখল কৰি লয় যে প্ৰকৃত অসমতাৰ বাস্তৱলৈ ঘূৰি অহাটো অসম্ভৱ হৈ পৰে ৷ গণতন্ত্ৰ কেনেকৈ বৰ্ধিত অসমতাৰ পৰিপূৰক হৈ পৰে সেয়া নিশ্চয় এক গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয় ৷ পৃথিৱীৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰ বুলি দাবী কৰা আমেৰিকা যুক্তৰাষ্ট্ৰত যোৱা দশককেইটাত কেনেকৈ বিকাশৰ প্ৰায়খিনি আয় কেৱল ওপৰৰ ১০ শতাংশ লোকৰ হাতলৈ গৈছে আৰু মধ্যবিত্তৰ আচল মজুৰী হ্ৰাস পাইছে তাৰ ওপৰত বহু বিদ্যায়তনিক আৰু গৱেষণামূলক অধ্যয়ন হৈছে৷ এক বিদ্যায়তনিক অধ্যয়ন মতে সমান উৎপাদনশীল সম্পত্তিৰ ক্ষেত্ৰতো আয়ৰ হাৰৰ নুন্যতম তাৰতম্যই দীৰ্ঘকালীনভাৱে এক বৃহৎ সম্পত্তিৰ পাৰ্থক্যৰ সৃষ্টি কৰিব পাৰে । গতিকে উত্তৰাধিকাৰী প্ৰদত্ত সম্পত্তিৰ পাৰ্থক্যই এই অন্তৰাল বহুগুণে বৃদ্ধি কৰিব ।

গতিকে পৈতৃক সম্পত্তিৰ পৰা মুক্ত হৈ এক মুক্ত পৰিৱেশত মুক্ত মানসিকতা গঢ় লৈ উঠাৰ পৰা ঐতিহাসিকভাৱেই বঞ্চিত হৈ আহিছে নতুন প্ৰজন্ম । কাৰণ, পুঁজিবাদী বিকাশৰ আদৰ্শস্বৰূপ প্ৰ্তিটো পৰিয়ালেই উপভোক্তাৰ একক যি পৰোক্ষভাৱে সামাজিক পদক্ৰমক স্বীকৃতি দিয়ে । এই অনুষ্ঠানৰ যোগেদিয়েই সম্পত্তিয়ে বংশগতি ৰক্ষা কৰে । একেচেটিয়া পুঁজিৰ বিকাশেই সম্পত্তিৰ জমা প্ৰক্ৰিয়াক ত্বৰান্বিত কৰি অৰ্থনৈতিক অসমতাৰ সহজাত কাৰণ হৈ পৰে ৷ গতিকে পৈতৃক সম্পত্তিৰ সামন্তীয় প্ৰভাৱক আওকাণ কৰিলে অৰ্থনৈতিক উদাৰতাও অৰ্থহীন । বাস্তৱিকতে অৰ্থনৈতিক উদাৰতাবাদৰ অৱস্থান তেতিয়াহে অৰ্থপূৰ্ণ হ’ব যেতিয়া ভাৰা বিচাৰি থকা সম্পত্তিবোৰ আৰ্থ-সামাজিক বিৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি দ্ৰৱীভূত হ’ব অথবা নব্য পুঁজিলৈ ৰূপান্তৰ হ’ব ।

No comments:

Post a Comment