চিন্তনঃ বচাব লাগিব শিক্ষাৰ মান, তেহে থাকিব দেশৰ দুখীয়াৰ প্ৰাণঃ শিক্ষা ৰক্ষাৰ হুংকাৰ :: ডঃ দীনেশ বৈশ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ বচাব লাগিব শিক্ষাৰ মান, তেহে থাকিব দেশৰ দুখীয়াৰ প্ৰাণঃ শিক্ষা ৰক্ষাৰ হুংকাৰ :: ডঃ দীনেশ বৈশ্য

চিন্তনঃ বচাব লাগিব শিক্ষাৰ মান, তেহে থাকিব দেশৰ দুখীয়াৰ প্ৰাণঃ শিক্ষা ৰক্ষাৰ হুংকাৰ :: ডঃ দীনেশ বৈশ্য

Share This
দেশত এতিয়া শিক্ষিত নিবনুৱাৰ সংখ্যাই ৪৫ বছৰৰ শীৰ্ষতম অভিলেখ অতিক্ৰম কৰিছে। চাকৰিৰ সৃষ্টিৰ যি গতি আছিল, তাকো বিমুদ্ৰাকৰণৰ ধুমুহাই বিধ্বস্ত কৰি যোৱা বুলি পৰিসংখ্যা বিভাগৰ নিজা তথ্যতে প্ৰকাশ পাইছে। আনকি চৰকাৰী পৰিসংখ্যা মেনুপুলেচন অথবা আচল পৰিসংখ্যা গুপুত ৰখাৰ চেষ্টা চলিছে। এনে অপচেষ্টাৰ সৈতে নিজৰ বিবেকৰ বিৰুদ্ধে গৈ সাঙুৰ খাব নোৱাৰি, চৰকাৰী পদবী ত্যাগ কৰাৰ দৰে ঘটনা ঘটিবলৈ লৈছে এইখন দেশতে। মানুহক দীৰ্ঘদিনৰ বাবে প্ৰয়োজনীয় কথাবোৰৰ পলিচি সংক্ৰান্তীয় আলোচনাত মন-মগজুক ফকাচ কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰা হৈছে। 

২৪ঘণ্টীয়া মেডিয়া, চ'ছিয়েল মেডিয়াৰ যোগেদি বাতৰিৰ আৱৰ্জনাক সোৱাদময়, জুতিলগা কৰি আকৰ্ষণীয়কৈ পৰিৱেশন কৰাৰ ধুম উঠিছে। অস্বাস্থ্যকৰ এনেবোৰ কথাত ৰাইজ ব্যস্ত! যেনে, এতিয়া দেশৰ মানুহ ব্যস্ত হিন্দু মুছলমান, জনজাতি অজনজাতি, আদি সাম্প্ৰদায়িক ধৰ্মীয় তথা বৰ্ণবাদী তৰ্ক বিতৰ্ক বিলাকত । দেশৰ মানুহক এই তৰ্ক বিতৰ্কত ব্যস্ত ৰাখি, মূল দৰকাৰী পলিচি মেটাৰৰ আলোচনাৰ পৰা বিভ্ৰান্ত কৰি ৰাখিছে। তাৰেই সুযোগ লৈ, বৰ্তমানৰ শাসক সকলে নিজৰ নিজৰ ৰাজনৈতিক কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিশ্বয়নৰ শক্তি সমূহৰ নিৰ্দেশ মানি উদাৰবাদী অৰ্থনীতি ৰ কাৰ্যসূচী জোৰদাৰ কৈ চলাই আছে।

এই মূহূৰ্তত চৰকাৰে কল্যাণ মূখী চৰকাৰী আঁচনি লৈ পিঠি দি চমক দেখুওৱা আঁচনি ঘোষণা কৰি আছে ৰাজনৈতিক উদ্দশ্যটো আগত ৰাখি। আমাৰ শাসক সকলে বিশেষকৈ দেশৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা টো ভাঙি ছিঙি থানবান কৰি দিছে। ইয়াৰ বাবে নিতৌ নতুন নতুন সংস্কাৰ ঘোষণা কৰিছে। নব্য উদাৰবাদী অৰ্থনীতিৰ ৰূপায়নৰ বাবে শিক্ষা ব্যৱস্থাটোক ক্ৰমান্বয়ে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিছে। শিক্ষা এতিয়া এক সম্পূৰ্ণ বাণিজ্যিক ব্যৱস্থা লৈ ৰূপান্তৰিত হৈছে। শিক্ষা ব্যৱস্থাটোক কেবল বাণিজ্যিক কৰাই নহয় সংবিধানৰ নীতি নিয়ম মোহাৰি অতি কেন্দ্ৰীয় ব্যৱস্থা এটালৈ ৰূপান্তৰিত কৰি ৰাজ্য সমূহ ৰ হাতৰ পৰা লৈ গৈ অগণতান্ত্ৰিক আৰু স্বৈৰতান্তি্ৰক কৰি পেলাইছে।

বৰ্তমানৰ কেন্দ্ৰী চৰকাৰখনে ৰাজহুৱা শিক্ষা ব্যৱস্থাক নব্য উদাৰবাদী অৰ্থনীতি, ব্ৰাহ্মন্যবাদী আৰু পিতৃতান্ত্ৰিক ব্যৱস্থা লৈ আনি দেশৰ অগণন দুখীয়া দৰিদ্ৰ পিচপৰা জাতি জনজাতিৰ লোক সকলক শিক্ষা লাভৰ পৰা বঞ্চিত কৰিছে। এই ব্যৱস্থাৰে সম্প্ৰতি দেশৰ ৮৫ শতাংশ দৰিদ্ৰ আৰু পিছপৰা সম্প্ৰদায়ৰ লোকক শিক্ষা লাভৰ পৰা বঞ্চিত কৰিছে। 

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে দেশৰ সংবিধান খন সংশোধন কৰি কৰি দেশৰ মানুহক সাংবিধানিক অধিকাৰ ৰ পৰা বঞ্চিত কৰি ৰাখিব বিচাৰিছে। দেশৰ সংবিধান খনে দেশৰ মানুহক দিয়া শিক্ষাৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে। বিশেষকৈ উচ্চশিক্ষাৰ ক্ষেত্ৰত চিন্তাৰ স্বাধীনতাক দমাই ৰাখিছে। শিক্ষক ছাত্র সকলক মুক্ত চিন্তাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। বিশ্ববিদ্যালয় সমূহত মুক্ত চিন্তাৰ পৰিবেশ ধ্বংস কৰিছে।

শিক্ষা ব্যৱস্থাটোক ভাঙি ছিঙি থানবান কৰি ভাগ ভাগ কৰি পেলাইছে। সমগ্ৰ দেশৰ শিশু যুৱকক একে ধৰণৰ শিক্ষানুষ্ঠানত শিক্ষা দিয়াৰ পোষকতা কৰিছিল দেশৰ সংবিধান আৰু প্ৰাথমিক পৰ্যায়ৰ শিক্ষা আয়োগ সমূহে। এতিয়া দেশৰ শিক্ষা ব্যৱস্থাত বিভিন্ন প্ৰকাৰৰ শিক্ষানুষ্ঠান আছে। ধনী পূঁজিপতিৰ ৰ বাবে গজদন্ত মিনাৰ সদৃশ শিক্ষানুষ্ঠান। দুখীয়া দৰিদ্ৰৰ বাবে ভঙা ছিঙা ঘৰৰ শিক্ষক বিহীন শিক্ষানুষ্ঠান। ধৰ্মীয় সম্প্ৰদায়ৰ বাবে ধৰ্ম শিকোৱা শিক্ষানুষ্ঠান। বিভিন্ন প্ৰকাৰৰ অৰ্থনৈতিক শ্ৰেণীৰ লোকৰ বাবে বেলেগ বেলেগ ৰাজহুৱা অথবা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান গঢ়ি তোলা হৈছে। যাৰ হাতত ধন নাই এতিয়া তেওলোকৰ বাবে শিক্ষা ও নাই। এনেকুৱা এক পৰিস্থিতিত দেশৰ শিশু যুবকৰ বাবে শিক্ষা ৰ দুৱাৰখন বন্ধ হৈ গৈছে।

দেশৰ সংবিধান অনুযায়ী দেশত চলিব লাগিছিল সম্পূৰ্ণ বিনামূলীয়া উচ্চ মানৰ চৰকাৰী শিক্ষা ব্যৱস্থা এটা। কিন্ত তাৰঠাইত এতিয়া চলিছে এটা সম্পূৰ্ণ বাণিজ্যিক আৰু অতি নিম্ন মানৰ এক ভয়ংকৰ শিক্ষা ব্যৱস্থা। আলু পিয়াজৰ দোকানৰ দৰেই যতে ততে যিয়ে সিয়ে চলাইছে শিক্ষা ৰ দোকান। শিক্ষা বিক্ৰী হৈছে বজাৰত। যাৰ হাতত বেছি পইচা আছে তেওঁলোকৰ বাবে উন্নত শিক্ষাৰ দোকান আছে। যাৰহাতত পইচা নাই তাৰ বাবে শিক্ষা ৰ সুবিধা ও নাই। শিক্ষা ব্যৱস্থা টোক চৰকাৰে বণিক গোষ্ঠীৰ হাতত সমৰ্পন কৰিছে। বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ যিবিলাক সংকট সেই সংকট সৃষ্টি কৰিছে বিশ্বায়নৰ শক্তি সমূহে। বিশ্বায়নৰ শক্তি সমূহে বিচাৰে ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনৰ শিক্ষা ব্যৱস্থাটো বাণিজ্যিক হোৱাটো। তেতিয়া বিশ্বৰ পুজিপতি বণিক সকলে শিক্ষা ৰ বাণিজ্য কৰি পুজি সংগ্ৰহ কৰিব পাৰে। 

বৰ্তমানৰ ভাৰতবৰ্ষত শিক্ষা সংস্কাৰৰ নামত যি বিলাক।পৰিবৰ্তন আনিছে সেই পৰিবৰ্তন ৰ জনক হল বিশ্ব বাণিজ্য সংস্থা বিশ্ব বেংক আদি বিশ্বায়নৰ সংস্থা সমূহ। WTO ,IMG,World Bank আদি সংস্থা সমূহৰ নিৰ্দেশ ত ভাৰত চৰকাৰে উঠা বহা কৰি শিক্ষা ব্যৱস্থা টোক চৰকাৰী খণ্ডৰ পৰা বাণিজ্যিক খণ্ড লৈ প্ৰকাৰন্তৰে হস্তান্তৰ কৰি আছে। এতিয়া শিক্ষা সংস্কাৰৰ নামত যি পৰিবৰ্তন আনিছে সেই পৰিবৰ্তনৰ একমাত্ৰ উদ্দেশ্যে হল শিক্ষাৰ বাণিজ্যিকিকৰণ আৰু ব্যক্তিগত কৰণ। 

আজিৰ তাৰিখত চৰকাৰী স্কুল কলেজ বিশ্ববিদ্যালয় সমূহৰ অৱস্থা দিনক দিনে বেয়াহৈ গৈছে। চৰকাৰী শিক্ষানুষ্ঠানৰ মহামাৰী হৈছে। স্কুল কলেজ বিশ্ববিদ্যালয় সমূহৰ অকাল মৃত্যু হৈছে। চৰকাৰী শিক্ষানুষ্ঠান সমূহ লাহে লাহে বাণিজ্যিক হৈছে। চৰকাৰে ৰাজহুৱা শিক্ষানুষ্ঠানলৈ অনুদান বন্ধ কৰিছে। এনে এক ভয়ানক পৰিস্থিতিৰ বিৰোধীতা কৰিবলৈ ছাত্ৰ সমাজ শিক্ষক সমাজ আৰু সচেতন ৰাইজ ওলাই অহাৰ সময় হৈছে।

২০১৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা অৰ্ডাৰ দিছিল শিক্ষা বিষয়ক এক গোচৰৰ সংক্ৰান্তত। ন্যায়ালয়ে কৈছিল প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়ক সাংসদ বিষয়া চৰকাৰী চাকৰিয়াল সকলোৱে তেওঁলোকৰ লৰাছোৱালীক চুবুৰীয়া চৰকাৰী বিদ্যালয় ত পঢ়ুৱাওক। কিন্তু সেই নিৰ্দেশ কোনেও পালন নকৰিলে। নকৰেও।

সমগ্র দেশত লাখৰ ঘৰত বিদ্যালয় বন্ধ কৰি দিয়া হল। বন্ধ হোৱা বিদ্যালয় সমূহ ব্যক্তিগত খণ্ডত সমৰ্পন কৰা হল। কলেজ বিলাকৰ শিক্ষকৰ খালি থকা পদ সমূহ পুৰণ কৰা নহল। বিশ্ববিদ্যালয়ৰ অনুদান কমাই দিয়া হল। কলেজ বিশ্ববিদ্যালয়ৰ ৩০/৪০ শতাংশ ব্যক্তিগত খণ্ডৰ দৰে হল। মুঠতে ৰাজহুৱা চৰকাৰী শিক্ষা ব্যৱস্থা টো ভাঙি তাৰ ঠাইত এটা বাণিজ্যিক শিক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ সকলো প্ৰকাৰৰ চেষ্টা চলাইছে শাসক সকলে।

এই ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ অহা ফেব্ৰুৱাৰী ২০১৯ ত দেশৰ গণতান্ত্ৰিক মূল্য বোধত বিশ্বাস কৰা ছাত্র শিক্ষক সচেতন ৰাইজ বুদ্ধিজীৱী সাংবাদিক সকলে একগোট হৈ ৰাজহুৱা শিক্ষা ব্যৱস্থা সুৰক্ষাৰ বাবে এক বৃহৎ গণ আন্দোলনৰ আয়োজন কৰিছে। এই আন্দোলনৰ নতাম ৰখা হৈছে হুংকাৰ যাত্ৰা। শিক্ষা হুংকাৰ যাত্ৰাত চামিল হোৱা ছাত্ৰ শিক্ষক শিক্ষাবিদ বুদ্ধিজীৱী সকলে বিচাৰিছে এলাহাবাদ হাইকোৰ্টৰ ৰায় কাৰ্যকৰী হওক। দেশত একে ধৰণৰ বিদ্যালয় হওক। বিভিন্ন প্ৰকাৰৰ বিদ্যালয় ব্যৱস্থা উঠি যাওক। প্ৰাথমিক ৰ পৰা উচ্চশিক্ষালৈ সকলো শিক্ষা চৰকাৰী হওক।

যিসকল ছাত্ৰ ছাত্ৰী দ্বাদশ শ্ৰেণীলৈ চৰকাৰী বিদ্যালয় ত পঢ়িছে সেই সকলল ছাত্ৰ ছাত্ৰী ক ৰাজহুৱা চৰকাৰী কলেজ বিশ্ববিদ্যালয়ত মেডিকেল কলেজ ইঞ্জিনীয়াৰিং কলেজ আই আই টি আই আই এম আদিত নাম ভৰ্তি কৰিবলৈ প্ৰথম বাচনিৰ সুবিধা দিব লাগিব। তাৰ পিছত হে ব্যক্তিগত কলেজৰ ছাত্ৰ।  আকৌ তেনেকৈ চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা সকলেও চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰথম সুবিধা লাভ কৰিব লাগিব। সকলো বিদ্যালয়তেই মাতৃভাষা ৰ শিক্ষা বাধ্যতামূলক হব।লাগিব। কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষা ৰ মাধ্যমো আঞ্চলিক মাতৃভাষা হব লাগিব।

দূৰ শিক্ষা ব্যৱস্থা বন্ধ কৰি সকলোৰে বাবে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা কৰিব লাগিব। পিছপৰা জাতি জনজাতি নাৰীৰ বাবে বিশেষ শিক্ষা ব্যৱস্থা কৰিব লাগিব। শিক্ষা ত জিডিপিৰ ১০ শতাংশ ব্যয় কৰিব লাগিব। Higher education commission of India bill , National Medical Commission Bill, আদি শিক্ষা ধ্বংসৰ বিধেয়ক সমূহ বাতিল কৰিব লাগিব। বিশ্ববিদ্যালয়ৰ চিন্তা ৰ স্বাধীনতা ত বাধা দিয়া বন্ধ কৰিব লাগিব। এয়া হৈছে ভাৰতৰ শিক্ষা ব্যৱস্থাক ধ্বংসৰ মুখৰ পৰা বচোৱাৰ বাবে সময়ৰ প্ৰত্যাহ্বান।
লেখক গুৱাহাটী বি. বৰুৱা কলেজৰ অধ্যক্ষ ৰূপে অৱসৰপ্ৰাপ্ত তথা এগৰাকী বিশিষ্ট চিন্তাবিদ।

No comments:

Post a Comment