বিশ্লেষণঃ বাজেট-২০১৯ৰ বিশটা মূল ঘোষণাঃ জানক কাৰ কি হব লাভ-লোকচান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ বাজেট-২০১৯ৰ বিশটা মূল ঘোষণাঃ জানক কাৰ কি হব লাভ-লোকচান

বিশ্লেষণঃ বাজেট-২০১৯ৰ বিশটা মূল ঘোষণাঃ জানক কাৰ কি হব লাভ-লোকচান

Share This
ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সদ্যহতে দায়িত্বত  থকা পিয়ুষ গোৱেলে আজি মোদী চৰকাৰৰ অন্তিম তথা অন্তৱতী বাজেটখন সদনৰ যুটীয়া অধিৱেশনত দাখিল কৰে৷ অনাগত  লোকসভা নিবাচনৰ প্ৰতি লক্ষ্য ৰাখি জনতাক আকষণ কৰাৰ বাবেই বহুতো ঘোষণা কৰা হব বুলি ৰাইজে আশা কৰি আছিল৷
এই বাজেটৰ মূল কথাখিনি থোৰতে এনেধৰণৰ-

১. ব্যক্তিগত আয়ৰ ক্ষেত্ৰত পাঁচ লাখ টকা পৰ্যন্ত বছেৰেকীয়া আয়ৰ বাবে আয়কৰ দিব লগা নহব৷ কিন্তু আয়কৰৰ শ্লেবৰ কোনো সালসলনি কৰা হোৱা নাই৷ ৫লাখৰ পৰা ১০লাখ পৰ্যন্ত ২০শতাংশ আয়কৰ আৰু দহলাখৰ ওপৰত ৩০শতাংশ আয়কৰৰ ব্যৱস্থাই বাহাল থাকিব৷

২. যদি কোনো ব্যক্তিয়ে ইঞ্চুৰেঞ্চ অথবা প্ৰভিডেণ্ড ফাণ্ডত ১.৫ লাখ টকালৈকে বিনিয়োগ কৰে, তেন্তে সৰ্বমুঠ ৬.৫লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই পাব পাৰিব৷ এই সীমাও পূৰ্বৰ দৰে একে আছে৷

৩. দৰমহা পোৱা লোকৰ ক্ষেত্ৰত পূৰ্বতে থকা ষ্টেণ্ডদাৰ্দ ডিডাকচনৰ ক্ষেত্ৰত ১০হাজাৰ সীমা বৃদ্ধি কৰি এইবাৰ ৫০হাজাৰ কৰা হৈছে৷

৪. বেংক আৰু পোষ্ট অফিচৰ সুতৰ ক্ষেত্ৰত পূৰ্বৰ ১০হাজাৰতকৈ অধিক সুত হলে টিডিএছ কাটি আহিছিল, কিন্তু এতিয়া এই সীমা ৪০হাজাৰ টকা কৰা হৈছে৷

৫. ঘৰ ভাড়াৰ আয়ৰ ক্ষেত্ৰত টিডিএছ কটাৰ সীমা পূৰ্বৰ ১.৮লাখৰ ঠাইত বৃদ্ধি কৰি ২.৪লাখ টকা কৰা হৈছে৷ 

৬. ইনকাম টেক্সৰ ৰিটাৰ্ণ মানৱহীন সেৱা কৰাৰ প্ৰস্তাৱ৷ অনলাইন ৰিটাৰ্ণৰ ২৪ঘণ্টাৰ ভিতৰতে অতিৰিক্ত আয়কৰ ঘূৰাই পোৱাৰ ব্যৱস্থা কৰা হব৷ অহা দুবছৰৰ ভিতৰত সকলো টেক্স ভেৰিফিকেচন ইলেক্ট্ৰনিকেলি কৰাৰ প্ৰস্তাৱ৷

৭. ২ হেক্টৰতকৈ কম মাটি থকা খেতিয়ক সকললৈ বছৰেকত ৬০০০টকাৰ অৰ্থ সাহাৰ্য৷ এই স্কীমৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি দিয়া হৈছে৷

৮. বন্দে ভাৰত এক্সপ্ৰেছ নামৰ দেশীয়ভাৱে বিকাশ কৰা চেমি-হাই-স্পীড ট্ৰেইন মুকলি কৰাৰ ঘোষণা৷

৯. অহা পাঁচ বছৰৰ ভিতৰত ১লাখখন গাঁৱক ডিজিটেল ভিলেজ কৰাৰ স্বপ্ন৷

১০. উত্তৰ-পূৱৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে দিয়া পুঁজিৰ পৰিমান ২১শতাংশ বৃদ্ধি কৰাৰ ঘোষণা৷

১১. ভাৰতীয় চিনেমাৰ বাবে এক-খিৰিকিযুক্ত ক্লিয়েৰেন্স ব্যৱস্থাৰ প্ৰৱ্তন হব৷ পাইৰেচি ৰোধৰ বাবে এণ্টকেমকোৰ্ড নিয়ম ভাৰতীয় চিনেমেটোগ্ৰাফ আইনৰ সৈতে সংযোজন কৰা হব৷

১২. চৰকাৰী প্ৰকল্পৰ সামগ্ৰীৰ ২৫শতাংশ ক্ষুদ্ৰ-মজলীয়া উদ্যমৰ পৰা লোৱা হব৷ তাৰে তিনি শতাংশ মহিলা উদ্যোগীৰ পৰা কিনাৰ প্ৰস্তাৱ৷

১৩. ৰাষ্ট্ৰীয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্স পৰ্টেল অচিৰেই বিকাশ কৰা হব৷

১৪. এম্প্লয়ীজ ষ্টেট ইঞ্চুৰেন্সৰ কভাৰৰ সীমা ২১০০০ কৰাৰ সিদ্ধান্ত৷

১৫. নুন্যতম পেঞ্চনৰ পৰিমান ১০০০ টকা ঘোষণা৷

১৬. প্ৰতিমাহে ১৫হাজাৰতকৈ কম আয়ৰ শ্ৰমিক সকলে মাহে ১০০টকাকৈ জমা কৰি অৱসৰৰ পাছত মাহে ৩০০০কৈ ধন পেঞ্চন হিচাবে পোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মন-ধন যোজনা৷

১৭. পশুপালৰ সৈতে জড়িত সকলৰ বাবে ঋণৰ সুতৰ ক্ষেত্ৰত ২শতাংশ ৰেহাই ঘোষণা৷

১৮. প্ৰাকৃতিক দুৰ্যোগত গ্ৰস্ত কৃষকৰ বাবে ২শতাংশ ঋণৰ সুত ৰেহাই আৰু ৩শতাংশ ৰেহাই যদিহে সময়মতে ঋণ পৰিশোধ কৰে৷

১৯. নুন্যতম সমৰ্থন মূল্য ২২টা ভিন্ন কৃষিজাত সামগ্ৰীৰ বাবে উতপাদন ব্যয়ৰ ১.৫গুণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ৷

২০. দেশৰ ২২তম সৰ্বভাৰতীয় আয়ুৰ্বিজ্নান প্ৰতিষ্ঠান হাৰিয়ানাত স্থাপন কৰা হব৷

No comments:

Post a Comment