বিশ্লেষণ: পদপথত প্ৰতিবাদৰ ৰণডংকাৰ বিপৰীতে নিৰ্বাচনী বিজয়ৰ অট্টহাস্যঃ আচল কেৰোণটো ক'ত? :: শৈলেন বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণ: পদপথত প্ৰতিবাদৰ ৰণডংকাৰ বিপৰীতে নিৰ্বাচনী বিজয়ৰ অট্টহাস্যঃ আচল কেৰোণটো ক'ত? :: শৈলেন বৰুৱা

বিশ্লেষণ: পদপথত প্ৰতিবাদৰ ৰণডংকাৰ বিপৰীতে নিৰ্বাচনী বিজয়ৰ অট্টহাস্যঃ আচল কেৰোণটো ক'ত? :: শৈলেন বৰুৱা

Share This
নাগৰিকত্ব সংশােধনী বিধেয়কবিৰােধী আন্দোলনটো চৰকাৰে ভবাৰ দৰে ক্ষণস্থায়ী আন্দোলন নহয়। আন্দোলনৰ মাজতে হােৱা পঞ্চায়ত নির্বাচনত তুলনামূলকভাৱে বিজেপিয়ে ভাল ফল লাভ কৰা আৰু পৰিষদীয় নির্বাচনত তুলনামূলকভাৱে ভাল ফল পালে বাবে বিজেপি নেতা-কর্মীয়ে ভাবিছে যে জনতা তেওঁলােকৰ লগত আছে। কথাটো একেবাৰে মিছাও নহয়। কিন্তু এইকথাও চাব লাগিব যে পঞ্চায়ত নির্বাচন কেৱল গ্রামাঞ্চলত অনুষ্ঠিত হৈছিল। তাৰ বাদে অসমত ৮০খনৰ ওপৰত নগৰ সমিতি/পৌৰসভা/পৌৰ নিগম আছে। সেইসমূহৰ জনতাৰ ৰায়দান কিন্তু পােৱা নগ'ল। স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰতাে একেটাই কথা খাটে। সেয়ে নির্বাচনৰ ফলাফলে বিজেপিৰ ভেটিত কঁপনি নুতুলিলেও দলটোৰ প্ৰতি বহুসংখ্যক গ্রহণযােগ্যতা যে নাই তাক সাম্প্রতিক আন্দোলনে স্পষ্ট কৰিছে।

২০১৪ চনৰ লােকসভা আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনী  সময়ৰ পৰিৱেশ, পৰিস্থিতি আৰু গ্রহণযােগ্যতা কি আছিল তাক অনুধাৱন কৰিলে বিষয়টো অধিক স্পষ্ট হ'ব। ৰাজনীতি, নির্বাচনী ৰাজনীতি, জাতীয় আৱেগ- এই তিনিটা পৃথক প্রক্রিয়াৰে সামগ্রিকভাৱে অসমৰ সমাজ জীৱন পৰিচালিত হয়। আৱেগৰ বশৱৰ্তী হৈ অসমীয়াই পূর্বে কি ভুল কৰিলে তাক অসম আন্দোলন দেখাসকলে জানে। সেয়ে বহুতে ১৯৭৯৮৫ৰআন্দোলনটোক সমালােচনাও কৰা দেখা গৈছে। পিছে উৎসটোৰ কথা যদি দকৈ ভাবি চোৱা যায় তেন্তে অসম আন্দোলন ভুল আছিল বুলি কোৱা টান। নেতৃত্বইসময়ৰ শৰ সময়ত মাৰিব নজনাৰ বাবে অসমৰ কেইবাটাও আন্দোলন টার্নিং পইন্ট পােৱাৰ সময়তে দিকভ্রান্ত হৈ পৰিল। সেয়ে আন্দোলনৰ নাম শুনিলে এতিয়া একাংশই নাক কোঁচায়। 

ইতিহাসৰ পৰা শিক্ষা নােলােৱাটো আন্দোলনৰ নেতৃত্ব আৰু ৰাজনীতিকৰ বাবে এটা ডাঙৰ দুর্বলতা। ১৯৭৯-৮৫ পৰিৱেশ-পৰিস্থিতিৰ লগত সাম্প্রতিক সময়ৰ পৰিৱেশপৰিস্থিতি সম্পূর্ণ পৃথক যদিও মূল বিষয়টো প্রায় একে। অসমত চাকৰি কৰি যােৱা সেনাবাহিনীৰ শীর্ষ বিষয়াকে ধৰি পূৰ্ব ৰাজ্যপালে কেন্দ্রীয় চৰকাৰক দিয়া প্রতিবেদনবােৰত প্রতিফলিত হয় অসমলৈ ঘটা ব্যাপক অনুপ্ৰৱেশৰ মাত্রাই কি ভয়ংকৰ ৰূপ লৈছে। মাত্রা ইতিমধ্যে ভয়ংকৰ ৰূপ লৈছে বাবে চৰকাৰে সেই মাত্রা প্রতিৰােধৰ ব্যৱস্থা লৈছেনে? যদি নাই লােৱা তেন্তে তাৰ বাবে দায়বদ্ধ কোন? জনবিস্ফোৰণ ৰােধৰ কাৰ্যকৰী আঁচনি কি? কেৱল চৰকাৰী কৰ্মচাৰীক দুটাতকৈ অধিক সন্তান জন্ম দিব নােৱাৰিব বুলি লিখাই ল’লেই জনবিস্ফোৰণৰ হাৰ কমিবনে? কমিলে কিমান কমিব ? চৰকাৰীকৰ্মচাৰীৰ সন্তান জন্মৰহাৰ কমিলে ‘দশকৰ জনসংখ্যা হাৰ কিমান শতাংশ কমিব? আনহাতে, এই সময়ছােৱাত চাকৰি নকৰা জনগণৰ জনসংখ্যাৰ হাৰ কিমান। বাঢ়িব? চাকৰি নকৰা জনগণৰ জন্মৰ হাৰ কমাবলৈ আঁচনি কি? যিবিলাক কামেৰে চৰকাৰে জনগণক শিক্ষিত আৰু সচেতন কৰিব পাৰে, তেনে কামৰ উদাহৰণ কি? 

অসমীয়াৰ লগতে অনুপ্রৱেশকাৰীৰ জন্ম নিয়ন্ত্রণ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লগা মুহূর্ততে অসমবাসীৰ ওপৰত জাপি দিব বিচৰা হৈছে এজাক বিদেশীৰ অতিৰিক্ত বােজা। নিমখ চোকা হােৱা তৰকাৰিখনত আৰু এজেবা নিমখ দিয়া উচিত ' নে অনুচিত, সেয়া অশিক্ষিত ৰান্ধনীয়েও জানে। জনবিস্ফোৰণৰ তৰকাৰিখন ইতিমধ্যে চোকা হােৱাৰ পিছতাে চৰকাৰে আৰু এসােপা বিদেশী অসমত জাপিবলৈ উদ্যত হৈছে। এই এজেবা অতিৰিক্ত নিমখসদৃশ বিদেশীক নাজাপিবলৈ অসমীয়াই বাৰেকুৰি কোৱাৰ পিছতাে চৰকাৰ নাছােৰবান্দা। জাপিবই। যি সংশােধিত আইনৰ জৰিয়তে বিশেষ কষ্ট নকৰাকৈ অসম ভূমিত থাকিব পাৰিব বিদেশী। বিদেশী বিদেশীয়েই। জনসংখ্যা জনসংখ্যাই। তাত ধৰ্মৰ স্থান ক'ত? ধৰ্মৰ দোহাই দি বিদেশীৰ প্ৰৱেশৰ পথ প্রশস্ত কৰাৰ অন্তৰালত ‘নির্বাচনী ৰাজনীতি’ আছে। ই সম্পূর্ণ ৰাজনীতি নহয়, ৰাজনীতিৰ এটা অংশহে। 

সেয়ে পঞ্চায়তত বিজেপি জিকিলে উগ্র সমর্থকে— চোৱা, জনতাৰ ৰায়দান বিজেপিলৈ বুলি অট্টহাস্য কৰে। এই ‘নিৰ্বাচনী ৰাজনীতিৰ খেলখনক লৈ বহু অসমীয়া আজি ক্ষুব্ধ। ৰাজনৈতিক দল হিচাপে বিজেপিক অসমীয়াই বিচাৰে, নিবিচাৰে কেৱল ‘নির্বাচনী ৰাজনীতিকেন্দ্রিক ধর্মীয় কাম কাজ। সাম্প্রতিক আন্দোলনে নিশ্চিতভাৱে দুই-এটা ৰাজনৈতিক দলক ভৱিষ্যৎ নির্বাচনত সহায় কৰিব। ৰাজনৈতিক দলৰ সুবিধা হ'ব বুলিয়েই নিৰপেক্ষ অসমীয়াই হাত সাবটি বহি থাকিনে নে মৌন হৈ থাকিব? যিসকল অসমীয়াই নির্বাচনৰ সময়ত বিবেকক প্রাধান্য দি নির্দিষ্ট এটা দলৰ সপক্ষে ভােট দিয়ে, সেইসকল ‘ওপঙা ভােটাৰ" সম্প্রতি দ্বিধাগ্রস্ত। কাক এৰ্বি? কাক ধৰিব? কাক বিৰােধ কৰিব? কাক সমর্থন কৰিব ? 

এহাতে চৰকাৰে কৰিব লগা কাম কৰা নাই, আনহাতে চৰকাৰে নকৰিবলগা কাম কৰিছে। বিবুধিত পৰাটো স্বাভাৱিক। তেনে প্রেক্ষাপটতে বিৰােধী ৰাজনৈতিক দল অথবা সংগঠনৰ সমান্তৰালভাৱে আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে অসমীয়া। চৰকাৰে এই শ্ৰেণী মানুহৰ আৱেগ বা যুক্তিযুক্ততাক চিনাক্ত কৰিব পৰা নাই। সেয়ে চৰকাৰেও ভাবিছে এয়া বিৰােধী দলৰ নির্বাচনী অচিলাহে। এই আন্দোলনৰ গতিগােত্র বুজিবলৈ সক্ষম নােহােৱাটোৱেই চৰকাৰৰ এই সময়ৰ ডাঙৰ ভুল। চোৰাংচোৱাৰ তথ্যই আন্দোলনটো ক্ষণস্থায়ী বুলি কোৱাৰ বাবেই চৰকাৰে আন্দোলনকাৰীক সাময়িক শাস্তিৰে দমন কৰাৰ পােষকতা কৰিছে। তাৰ বিপৰীতে আমেৰিকা চোৰাংচোৱা সংস্থাই অসমৰ পৰিস্থিতি স্পৰ্শকাতৰ বুলি প্ৰতিবেদন দিয়াৰ খবৰ আন্তঃৰাষ্ট্ৰীয় বাতৰিত প্ৰকাশ পাইছে। অসমীয়াই দশক দশকজুৰি পৰিত্ৰাণ নােপােৱা মূল বিষয় অবৈধ বাংলাদেশী বিতাৰণক আন্তৰিকতাৰে সমাধান নকৰোঁতেই পুনৰ বাংলাদেশ নামটো নাগৰিকত্ব সংশােধনী বিধেয়কত অন্তর্ভুক্ত কৰি অসমীয়াৰ সহনশীলতাক অপমান কৰিব বিচাৰিছে। আফগানিস্তানৰ মানুহ (বিদেশী) অসমলৈ নাহিব পাৰে। সেইবুলি বাংলাদেশৰ মানুহ অসমলৈ নাহিব বুলি সাতখন মুখেৰে ক'লেও কোন অসমীয়াই বিশ্বাস কৰিব? তাতে অসম আৰু বাংলাদেশৰমাজত থকা জেওৰা-জপনাৰ অৱস্থা কি, তাক সকলােৱে জানে। তেনে প্রেক্ষাপটত অসমীয়াইকি কৰা উচিত? অসমীয়া আৱেগপ্ৰৱণ জাতি বুলি কটাক্ষ কৰি থাকিলেই অসমীয়াৰ অস্তিত্ব বৰ্তি থাকিনে? 

নাগৰিকত্ব সংশােধনী বিধেয়কখন অসমীয়াই বুজা নাই বুলিও চৰকাৰীভাৱে উপলুঙা কৰা হৈছে। এটা বিন্দুক কেন্দ্ৰ কৰি যেনেদৰে একাধিক সৰল ৰেখা আঁকিব পাৰি, ঠিক একেদৰে বিধেয়কখনৰ সপক্ষে-বিপক্ষে বহু যুক্তি দিব পাৰি। বিধেয়কখন বুজাবলৈ চৰকাৰীভাৱে কিবা উদ্যোগ লােৱা হৈছিলনে? আন ৰাজ্যৰ সমস্যাৰ ক্ষেত্ৰত বৌদ্ধিক বিতর্ক বাবে আলােচনসত্ৰ পতা দেখা যায়।নতুন দিল্লীত তেনে কিছু উচ্চ স্তৰৰ আলােচনাৰ কথা জনা যায়। সেইবােৰত বিশুদ্ধ বৌদ্ধিক বিতর্ক হয়। তাৰ আঁৰত ৰাজ্য চৰকাৰবােৰ থাকে, কিন্তু বিতর্কটো এৰি দিয়ে বৌদ্ধিক সমাজলৈ। অসমত বৌদ্ধিক আলােচনাক কেৱল ৰাজনৈতিক দৃষ্টিৰে চোৱাৰ এটা অসাধু-পৰম্পৰা গঢ় লৈ উঠিল আৰু তেনে আলােচনাৰ মত, সিদ্ধান্ত বা কৰণীয়ক একাষৰীয়া কৰি কোন কাৰ লগত বহিল, কিয় বহিল, কিয় বহিল? কোন কাৰ দালাল আদিক লৈ ৰৌজাল- বৌজাল কৰোঁইে মূল সিদ্ধান্ত তাপ মাৰে। এনে পৰিৱেশত সন্মানীয় অসমীয়া ব্যক্তি ওলাই নহাটোৱেই স্বাভাৱিক। বৌদ্ধিক আলােচনাৰ সিদ্ধান্তক চৰকাৰে গ্ৰহণ কৰিবও পাৰে বা গ্রহণ নকৰিবও পাৰে। কিন্তু গণতন্ত্রত যুক্তিৰ কুচকাৱাজ চলিবই লাগিব। ই এখন ৰাজ্য, ৰাষ্ট্র বা জাতিৰ বাবে গুৰুত্বপূর্ণ। সাম্প্রতিক আন্দোলনটো কিমান যুক্তিযুক্ত তাক ভৱিষ্যতৰ সময়ে নিৰূপণ কৰিব। ই পৰীক্ষাৰ এখন প্রশ্ন-কাকত নহয় যে ইয়াক ততমুহূর্ততে চাই নম্বৰ দিব পাৰি। অসমীয়াৰ যুক্তি আছে, চৰকাৰে খণ্ড কৰিব লাগে যুক্তিৰে। চৰকাৰত থকা দলৰো যুক্তি আছে, অসমীয়াই যুক্তিৰে খণ্ডন কৰিব লাগে। তাকে নকৰি যুক্তিৰ ওপৰত বল প্রয়ােগ কৰা হৈছে। ফলত অসমীয়া অসম চৰকাৰখনৰ পৰা অসমীয়া’ পৃথক হ'বলৈ ধৰিছে। ইয়াৰ সুদূৰসাৰী প্ৰভাৱে অসমীয়াৰ মাজতে বিভেদ সৃষ্টি কৰিব। কাৰণ চৰকাৰখনত থকা বিজেপিসকল অসমীয়া অসমীয়াই যদি জাতি ৰক্ষাৰ নামত খণ্ড খণ্ড হয়, তেন্তে এই আন্দোলনৰ সমাপ্তি সুখকৰ নহৈ বিতৃষ্ণা বিয়পাব। আন্দোলনৰ মূল ইছুটো ‘ধর্ম’ নহৈ অসমীয়া’ হ’ব লাগিছিল, ইছাটো ‘নির্বাচনী ৰাজনীতি’ নহৈ ‘জাতীয় জীৱনৰ ৰাজনীতি’ হ'ব লাগিছিল। তেহে চৰকাৰে জাতিটোৰ দীর্ঘকালীন অসন্তুষ্টিক সন্তুষ্টিৰ এক মাত্রা দিবলৈ সক্ষম হ'লহেঁতেন।

চৰকাৰখন আৰু চৰকাৰ চলোৱা দলকক অসমীয়াই সন্দেহ কৰাৰ মূল কাৰণটো হ'ল- জাতীয় স্পর্শকাতৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ ভাষ্য স্পষ্ট নহয়। তদুপৰি চৰকাৰে এনে সময়ত অসমীয়াৰ অস্তিত্বৰ কথা ভাবিলে যে নির্বাচনলৈ মাজত মাথো দুটামান মাহহে বাকী আছে। চৰকাৰে পলমকৈ ভবাৰ পৰাই প্রতীয়মান হয় যে বিজেপিয়ে হয় ইয়াক লৈ নির্বাচনী বৈতৰণী পাৰ হােৱাৰ চিন্তা কৰিছে নহয় ‘অসমীয়াৰ অস্তিত্ব’ৰ ক্ষেত্ৰত বিজেপি উদাসীন কথাবােৰ চৰকাৰ তথা অসমীয়াই গমিপিটি চোৱাৰ সময় পাৰ হৈছে। জাতিটোৰ সবলতা বহু পৰিমাণে নিৰ্ভৰ কৰে ৰাজনৈতিক সদিচ্ছা আৰু দূৰদৰ্শিতাৰ ওপৰত। এই ক্ষেত্ৰত জাতিটোৰ সৰলতাক দুর্বলতা বুলি ভবা চৰকাৰে জনা উচিত—ইতিহাসত অসমীয়াই মূৰ দাঙি থিয় হৈ আছিল, আছে আৰু থাকিব।

লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক। ফোনঃ ৯৪৩৫০-৮৬৯৫১ লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment