মনৰ কথাঃ ৰাজ্য় সভাত আজি CAB-২০১৬ : শংকা, আশংকা আৰু বাস্তৱ :: জ্যোতিৰূপম দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ৰাজ্য় সভাত আজি CAB-২০১৬ : শংকা, আশংকা আৰু বাস্তৱ :: জ্যোতিৰূপম দত্ত

মনৰ কথাঃ ৰাজ্য় সভাত আজি CAB-২০১৬ : শংকা, আশংকা আৰু বাস্তৱ :: জ্যোতিৰূপম দত্ত

Share This
১৩ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটো অসম তথা উত্তৰপূবৰ জনতাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷ চৰকাৰে ইতিমধ্যে লোকসভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত দাখিল কৰি চলে-বলে-কৌশলে গৃহীত কৰাবলৈ উঠি পৰি লাগিছে৷

আজিৰ দিনটো ৰাজ্যসভাৰ চলিত অধিবেশনৰ শেষৰ দিন হোৱা হেতুকে শাসকপক্ষই এই বিধেয়কখন গৃহীত কৰাবলৈ ইতিমধ্যে কূট-কৌশল ৰচনা কৰিছেই৷ ৰাজ্যসভাৰ আজিৰ দিনটোৰ মুখ্য কাৰ্য্যক্ৰমণিকাৰ ভিতৰত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ আৰু বাজেট বিষয়ক আলোচনাৰ বাহিৰে ১১ খন বিধেয়ক উত্থাপন কৰাৰ কথা৷ আজি উত্থাপিত হবলগা ৯ নম্বৰ বিধেয়কখনেই হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক৷


ৰাজ্যসভাৰ সদস্যসকলে আন নখন বিধেয়কৰ ক্ষেত্ৰত কোনো আপত্তি নেদেখুৱালেও নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ১১ নম্বৰত উত্থাপন হবলগীয়া The Muslim Women (Protection of Rights on Marriage) Bill, 2018 খনক লৈ আলোচনাৰ আহ্বান কৰিব পাৰে৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আজি ৰাজ্যসভাত কেনেবাকৈ বিধেয়কখন দাখিল কৰাত চৰকাৰ অসমৰ্থ হলে এই বিধেয়কখন বাতিল হৈ যাব৷ নিয়ম অনুসৰি লোকসভা ভংগ হোৱাৰ লগে লগে ইতিমধ্যে লোকসভাত গৃহীত হোৱা তথা ৰাজ্যসভাত গৃহীত নোহোৱা বিধেয়কসমূহ স্বত্বস্ফূৰ্তভাৱেই বাতিল হৈ যায়৷

[A Bill pending in Rajya Sabha which has not been passed by Lok Sabha does not lapse on the dissolution of Lok Sabha but a Bill which is passed by Lok Sabha and is pending in Rajya Sabha lapses on the dissolution of Lok Sabha. https://rajyasabha.nic.in/…/pract…/legislative_procedure.pdf ]

পিছে এইখিনি হ’ল সাধাৰণ নিয়ম৷ পিছে উত্তৰপূবৰ ৰাজ্যকেইখনৰ বাহিৰে দেশৰ আন ৰাজ্যসমূহে এই বিধেয়কখন লৈ মুঠেও চিন্তিত নহয়৷ আনকি কংগ্ৰেছৰ বাহিৰে আন দলসমূহে নিজ দলৰ সদস্যসকলক ৰাজ্যসভাত উপস্থিত থাকি বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰিবলৈ হুইপ জাৰী কৰাও নাই৷ বিধেয়কখনক লৈ ইতিমধ্যে বহুতেই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে নিজাকৈ ৰাজনৈতিক অংক কৰি সেইমতে ব্যৱস্থা লব৷ ৰাজনৈতিক দলসমূহে ৰাইজক দেখুৱাই ঘৰিয়ালৰ চকুপানী টুকিলেও এনেবোৰ বিষয়ত সাধাৰণ মানুহৰ স্বাৰ্থৰ কথা কোনোদিনে চিন্তা নকৰে৷ এনে অৱস্থাত শাসকপক্ষই চতুৰালিৰে এই বিধেয়কখন গৃহীত কৰিবলৈ বেছি টান নহব৷ বিধেয়কখন কেনেবাকৈ গৃহীত হলে ন্যায়পালিকাৰ ওচৰ চপাৰ বাহিৰে অসমবাসীৰ বাবে আন গত্যন্তৰ নাই৷

আনহাতে বিধেয়কখন গৃহীত নহলেও ইটো দলে সিটোলৈ বোকা-ছটিওৱা ৰাজনীতি আৰম্ভ কৰি দিয়াটোও নিশ্চিত৷ বিধেয়কখনৰ অচিলা লৈ ৰাজনৈতিক দলসমূহে ভোটাৰৰ মাজত সমবেদনাৰ ঢৌ তুলি নিৰ্বাচন জিকাৰ বাবে অহোপুৰুষাৰ্থ কৰিবই৷

আজি ৰাজ্যসভাৰ ক্ৰমণিকালৈ সকলোৰে দৃষ্টি থাকিব৷ বিধেয়কখন বাতিল হোৱালৈ উৎকণ্ঠাৰে বাট চাইছো৷ অসমীয়া জাতিৰ বাবে গুৰুত্বপূৰ্ণ এই সন্ধিক্ষণত কিছুমান নীলা শিয়ালক চিনি পোৱাৰ এয়াই প্ৰশস্ত সময়৷

No comments:

Post a Comment