বিশ্লেষণঃ কি দহটা মূল কাৰকে শ্বহীদ কৰিলে 'নাগৰিকত্ব সংশোধনী বিধেয়কক' :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ কি দহটা  মূল কাৰকে শ্বহীদ কৰিলে 'নাগৰিকত্ব সংশোধনী বিধেয়কক'  :: অজয় লাল দত্ত

বিশ্লেষণঃ কি দহটা মূল কাৰকে শ্বহীদ কৰিলে 'নাগৰিকত্ব সংশোধনী বিধেয়কক' :: অজয় লাল দত্ত

Share This
অভিনন্দন! অভিনন্দন গণতন্ত্ৰক শক্তিশালী কৰা সমূহ প্ৰতিবাদী ৰাইজলৈ। আপোনালোকে দেখুৱালে শান্তিপূৰ্ণ গণ-প্ৰতিবাদৰ শক্তি। উত্তৰ-পূৱে সৃষ্টি কৰিলে এক নজিৰ। এক শ্বহীদ বিহীন আন্দোলনেৰে শ্বহীদ কৰিলে জাতিৰ অস্তিত্বক বিপন্ন কৰিব খোজা এক ৰাজনৈতিক অপচেষ্টাক! ভৱিষ্যতলৈ দেখুৱালে এনে অপশক্তিক ঐক্যবদ্ধ ৰূপেৰে শিপাচ্ছন্ন কৰাৰ আশাৰ ৰেঙনিও। উত্তৰ-পূৱৰ সংবাদ মাধ্যম, লেখক-বুদ্ধিজীৱি-শিল্পী সমাজৰ বৌদ্ধিক আলোচনা, সু-সংহত ৰূপৰ সংবাদ ব্যৱস্থাপনাও এই সফলতাৰ অন্যতম আধাৰ। 
উত্তৰ-পূৱৰ ৰাইজৰ শান্তিপূৰ্ণ গণ প্ৰতিবাদ আৰু উচ্চ সদনত বিৰোধীৰ কঠোৰ স্থিতিৰ বাবে ৰাজ্য সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ উত্থাপন কৰাত বিফল হবলগীয়া হল শাসকীয় দল বিজেপি। চলে বলে কৌশলে এই বিল পাছ কৰাব বুলি বাৰে বাৰে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি ডাঙৰ ডাঙৰ নেতাই কৰা বিশাল বিশাল জনসভাত ঘোষণা কৰাৰ পাছতো অৱশেষত ৰাজ্য সভাত পথচ্যুত হ'ল এই সকলো চেষ্টা। শাসকীয় দলক থমকি ৰবলৈ বাধ্য কৰোৱা মূল দহটা 'প্ৰভাৱী' কাৰণক বিশ্লেষণ কৰি  সংক্ষিপ্ত সাৰমৰ্ম তৈয়াৰ কৰি এই আলোচনাত উপস্থাপন কৰা হৈছে।

১. সদনৰ ভিতৰৰ হাৰ-জিত সংখ্যাৰ খেল। সেয়ে, দিল্লীত উত্তৰ-পূৱৰ কেব-২০১৬ৰ বিৰোধিতা কৰা ৰাজনৈতিক শক্তি আৰু গণ সংগঠন সমূহৰ ব্যাপক ৰাজনৈতিক লবিং আছিল অতি ফলপ্ৰসূ। প্ৰতিটো বিৰোধী দল সংগঠনৰ ওচৰত এই বিধেয়কে উত্তৰ-পূৱত সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ বাবে অৱগত কৰি সমৰ্থন আদায়ৰ চেষ্টা উত্তৰ-পূৱৰ ৰাজনৈতিক ইতিহাসতে অভূতপূৰ্বআৰু অৱশেষত কনৰাড চাংমাৰ শক্তিশেলসেয়া আছিল, যদি কেব-২০১৬ ৰাজ্য সভাত পাছ কৰায় তেন্তে নগালেণ্ড আৰু মণিপুৰত এনডিএৰ চৰকাৰৰ পতনৰ নিশ্চিতিৰে দিয়া হুংকাৰ।

২. সদনত বিৰোধী দলে ৰাফেল ক্ৰয়ৰ বিষয়ক কেগৰ বহু প্ৰত্যাখিত ৰিপৰ্ট দাখিল কৰিবলৈ দিয়াৰ বিনিময়ত কেব-২০১৬ উত্থাপন নকৰাৰ আঁকোৰগোজ চৰ্ত আৰোপ কৰা পৰিঘটনাই শাসকীয় পক্ষক ঠেলি দিলে দুই-নাঁৱত দুভৰি অৱস্থালৈৰাফেল ক্ৰয়ৰ কেলেংকাৰীৰ অভিযোগৰ ধুমুহাৰ বিষয়ত কেগে সদনত  দাখিল নকৰা ৰিপৰ্টকে উচ্চতম ন্যায়ালয়ত শপতনামাত দি  'গ্ৰামাটিকেল মিষ্টেক কৰা কেন্দ্ৰীয় চৰকাৰ, এতিয়া বিষয়টোত উচ্চতম ন্যায়ালয়ৰ কাঠগড়াত! ৰাজনৈতিক ভাৱেও ৰাফেলৰ ভূতে খেদি থকাৰ বাবে এই ৰিপৰ্ট সদনত দাখিল কৰাটো লোকলজ্জাৰ বিষয় হৈ উঠিছিল। সেয়ে, নিৰ্বাচনৰ প্ৰাক-ক্ষণত এতিয়া ইটো ধৰি, সিটো এৰাৰ বাবে বাধ্য হৈ পৰিল মোদী চৰকাৰ। আৰু শেষত ৰাফেলৰ 'বেমাৰ'ৰ দৰৱ বিচাৰি, কেবক 'সদ্যহতে কবৰস্থ' কৰিবলৈ বাধ্য হ'ল।

৩. কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ দেশৰ চোৰাংচোৱা বাহিনীৰ গোপন ৰিপৰ্টত, নাগৰিকত্ব সংশোধনী বিল পাছ কৰিলেই উত্তৰ-পূৱৰ পৰিস্থিতি চম্ভালাটো অসম্ভৱ হব বুলি  ৰিপৰ্টিং। উল্লেখযোগ্য যে, আমেৰিকাৰ চোৰাংচোৱা সংস্থায়ো এই জলন্ত দিনৰ আশংকাৰ কথা আন্তৰ্জাতিক স্তৰত প্ৰকাশ পাইছিল। আনকি হিংসাত্মক ঘটনাৰ বাবে সাজু থাকিবলৈ উপায়ুক্ত-দণ্ডাধীশ আদিলৈ আগতীয়া সতৰ্কতাৰ জাননীও জাৰি কৰিছিল গৃহ বিভাগে।

৪. নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ অভিযান প্ৰকৃততে আছিল সংঘৰ এক চচিঅ-পলিটিকেল সম্পৰীক্ষাহে। ইয়াৰ যোগেদি হিন্দুত্বৰ এজেণ্ডাক আগুৱাই নিয়াত সংঘ সফল হল, আৰু ইয়াৰ ৰাজনৈতিক মুনাফা ইতিমধ্যেই বিজেপিয়ে আহৰণ কৰিলে বুলি সংগঠনৰ ভিতৰত নিজা এচেছমেণ্ট হৈছে! কাৰণ, অহা ২০২৫ চনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শতবাৰ্ষিকীতহে ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি সিদিনা এগৰাকী সংঘৰ আভ্যন্তৰীণ পদাধিকাৰীয়ে প্ৰকাশ কৰিছিল। কেব-২০১৬ৰ যোগেদি এতিয়া মাত্ৰ সোচ্চাৰ ভাৱে হিন্দু ৰাষ্ট্ৰৰ এজেণ্ডাক মানুহৰ মগজুলৈ ভৰাই দিয়াহে লক্ষ্য আছিল, আৰু তাত সফল হোৱা বুলি সংঘ পৰিবাৰে আজিৰ তাৰিখত বিবেচনা কৰিছে বুলিও সূত্ৰত প্ৰকাশ পাইছে। 

৫. অনাগত নিৰ্বাচনত হিন্দু বঙালী জাতীয়তাবাদী লোকে বিজেপিক পুনৰ ভোট দি জিকালেহে এই কেব-২০১৬ পাছ কৰোৱা হব গাজৰ দি ভোট আদায় কৰাৰ বাট প্ৰশস্ত হোৱাটো নিশ্চিত হৈ পৰিল এই অভিযানেৰেতাৰ বিপৰীতে এতিয়া অসমৰ ৰাইজক সৰ্বানন্দ সোনোৱালে আওৰোৱা 'অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে কোনো কাম নকৰে' বুলি কোৱা কথা ৰাখিবলৈ গৈহে মোদী ডাঙৰীয়াই এই কেব-২০১৬ পাছ নকৰালে বুলি সহানুভূতি লোৱাৰ ব্যাপক প্ৰচাৰ আৰম্ভ কৰা হৈছে। এফালে হিন্দু বাংলাদেশীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বিধেয়কৰ সমৰ্থন কৰা সকলৰ ভোট লব, আনফালে অসমীয়াৰ পৰা সহানুভূতিসুলভ ভোট আদায়ৰ অংক কৰিছে দলটোৱে।
৬. অৰুণাচল প্ৰদেশত শেষ সময়ত দলীয় বিধায়কৰ পৰা হেঁচা পাই বিপাঙত পৰিছিল মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু। গতিকে তেওঁ আজি এই সংশোধনী বিলৰ বিৰোধিতা প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল।

৭. কংগ্ৰেছে দলে ৰাজ্য সভাৰ ফ্লৰ মেনেজমেণ্টত সৱলতা দেখুৱালে। সমাজবাদী পাৰ্টিকো ৰাজ্য সভা ব্লক কৰিবলৈ সহযোগী কৰি লোৱাটো অন্যতম দিশ। বিৰোধী দল সমূহে একতা নেদেখুওৱা হলে হুলস্থুলৰ মাজতে ধ্বনি ভোটৰ বিল পাছ কৰোৱাৰ সম্ভাৱনাও প্ৰৱল আছিল। কিন্তু ৰাফেলৰ ৰিপৰ্টৰ বাবে বিৰোধীৰ চৰ্ত মানিবলৈ বাধ্য হ'ল চৰকাৰ পক্ষ।

৮. লোকসভাত এই বিলখন পাছ হোৱাৰ লগে লগেই অসমীয়া ৰাইজৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰৰ পৰা মন্ত্ৰীত্ব ত্যাগ কৰি এক অনুপম আদৰ্শ দেখুৱালে অসম গণ পৰিষদৰ অতুল বৰা আৰু কেশৱ মহন্তই। এনে উদাহৰণ আজিৰ তাৰিখত অতিকৈ আদৰ্শনীয় আৰু প্ৰশংসনীয়। মন কৰিব লগা কথা এয়াও যে, চৰকাৰৰ পৰা অগপ ওলাই অহাৰ কথাটোৱেহে অসমত ৰাইজলৈ সঁচাকৈ যে কিবা এটা সাংঘাটিক হবলৈ গৈছে, সেই বাৰ্তা দিবলৈ সক্ষম হ'ল, জন-জাগৰণ আহিলৰাষ্ট্ৰীয় তথা উত্তৰ-পূৱৰ ৰাজনৈতিক শক্তি সমূহৰ সৈতে অগপই ৰাজনৈতিক বাৰ্তালাপেৰে এক শক্তি গোটোৱাৰ কথাও এই মুহূৰ্তত স্বীকাৰ কৰিব লাগিব।

৯. নতুন দিল্লীত ৰাহুল গান্ধীৰ সৈতে অসমৰ জাতীয়তাবাদী, নাগৰিক সমাজ, কৃষক নেতা তথা আছুৰ নেতৃত্বই গৈ উঠা ফটো কেইখনে চচিয়েল মেডিয়াত যি জোকাৰণি তুলিলে, তাৰো এক ভাইৰেল ইমপেক্ট আছে।আইক বচাবৰ বাবে যি কোনো পদক্ষেপ লবলৈ সাজু থকাৰ লুৰিণজ্যোতি গগৈৰ হুংকাৰেও ৰাইজ তথা সচেতন মহলক অনাগত দিনৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ ইংগিত দিলে। যাৰ বাবেও শাসকীয় দলৰ ভিতৰচৰাত কঁপনি উঠিল।

১০. অসম তথা উত্তৰ-পূৱৰ ৰাইজৰ ব্যাপক গণ আন্দোলন, গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰভাৱ নিশ্চয়কৈ সৰ্বোচ্চ শক্তি আছিল। মণিপুৰত ইণ্টাৰনেটো বন্ধ, টিভিতো বাতৰি প্ৰচাৰত বাধা দিয়া পৰ্যন্ত অৱস্থা পাইছেগৈ। ৰাস্তাত মণিপুৰী নাৰী সকলে কম্বল লৈ ওৰে নিশা শুই প্ৰতিবাদ জনাইছে। মিজোৰামত হিন্দু ৰাষ্ট্ৰৰ বিৰোধিতাৰে খ্ৰীষ্টান ৰাষ্ট্ৰৰ প্লেকাৰ্ড দেখুৱাইছে। হিন্দু ৰাষ্ট্ৰ জাপি দিব খোজা সকলৰ বাবে এয়া হৈছে নতুন সঁকিয়নি স্বৰূপহে। অসমৰ ১০০টা গণ সংগঠন, ডঃ হীৰেণ গোঁহাইৰ নেতৃত্বত নাগৰিক সমাজ আৰু উত্তৰ-পূৱ ছাত্ৰ সংস্থাৰ বলিষ্ঠ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনক বহুতেই দুৰ্বৃত্তৰ ব্যৱহাৰ কৰি অশান্ত কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু মানুহে, ৰাইজে সজাগতাৰ পৰিচয় দিলে, সামাজিক পৰিপক্কতা দেখা গ'ল। অসমৰ গণ-মাধ্যমেও প্ৰৰোচনাতকৈ সুস্থিৰতাক নিশ্চিত কৰাত ভূমিকা ললে। নিজে  উলংগ হৈ বাৰে বাৰে গণতন্ত্ৰক উলংগ হোৱাৰ অৱস্থাৰ প্ৰতিবাদ কৰা ডেকা সকল, যেনিয়ে তেনিয়ে ক'লা পতাকা, 'লা  বেলুন উৰুওৱা ৰাইজ সকল, সকলো হেঁচাই একোটাকৈ শক্তিশালী কাৰক।


সৰ্বশেষত, এটা গুৰুত্বপূৰ্ণ কথা এয়াও যে, এই ব্যাপক গণ-আন্দোলনত কোনো 'শ্বহীদ' নহ'ল। শ্বহীদ কৰিলে কেব-২০১৬ক হে। গৰম লোহাক ঠাণ্ডা লোহাইহে যে পিটি প্ৰয়োজনীয় আকাৰ দিব পাৰে, সেই কথাও যেন এইবাৰ পুনঃ প্ৰমাণ হ'ল। প্ৰমাণিত হ'ল শান্তিপূৰ্ণ-পৰিপক্ক গণ-প্ৰতিবাদৰ শকতি। জয়ী হ'ল সহমতৰ ৰাজনীতি, এবাৰ যেন জয়ী হ'ল ভাৰতীয় গণতন্ত্ৰও। 

6 comments:

  1. ঠিক বিশ্লেষণ। তথাপি অসমীয়া শুই গ'লে নহ'ব। কাম আছে কৰিবলৈ।

    ReplyDelete
    Replies
    1. কেইটামান শব্দৰ প্ৰয়োগ সালসলনি কৰিলে লেখাটো অবিকৃত ইতিহাসৰ সাক্ষী হৈ ৰ'ব।

      Delete
    2. আজি সম্পাদনা কৰি ঠিক কৰিম। কথাটো আমিও অনুভৱ কৰিছো।

      Delete
  2. বিশ্লেষণ সুন্দৰ ৷ তৎস্বত্তেও সুবিধাবাদী ভাৰতৰাষ্টৰ কু-অভিসন্ধী সময়ত বুজা যাব ৷ মন কৰিব এই আন্দোলন সফল হলেও আছু কৃষক মুক্তি আদি কিন্তু একে শাৰিতে ঠিয় নহল ৷ অসমীয়া জাতীয় শক্তি বিভাজন কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক শক্তিৰ কথা নুই কৰিব নোৱাৰি

    ReplyDelete