ইতিবাচক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পাতনিতে কিছু যোগাত্মক চিন্তা
ডঃ বিজয়কৃষ্ণ চেতিয়া

সাম্প্ৰতিক সময়ৰ ভোগবাদী জীৱনত মানবীয় প্ৰমূল্যবোধৰ যি সাংঘাটিক অবক্ষয় হৈছে, এই অৱক্ষয়ে আমাৰ স্ব-চিন্তাক সৃষ্টিশীল কৰ্মৰে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় ধনাত্মক চিন্তাকও বাৰুকৈয়ে প্ৰভান্বিত কৰিছে বুলি অনুভৱ কৰোঁ। কিন্তু এই জটিল সময়তও সমাজৰ কিছু ব্যক্তিৰ অসাধাৰণ জীৱন সাধনাই আমাক আজিও অনুপ্ৰাণিত কৰে আৰু তেনে এক অসাধাৰণ জীৱন সাধনা সাক্ষী হৈ ৰ’লো, Sony Tv ৰ Indian Idol ৰ audition ত।

এই অনুষ্ঠানতেই “থুমটেন টেৰছিং” নামৰ অৰুণাচল প্ৰদেশৰ এজন যুৱ গায়কক দেখাপাই নিজকে প্ৰশ্ন কৰিব বাধ্য হৈছিলো, বুকুত কিমান সাহস থাকিলে, চিন্তাশক্তি কিমান ধনাত্মকহ'লে, জীৱনৰ পাঁচ বছৰ বয়সতে বৈদ্যুতিক দূৰ্ঘটনাত নিজৰ দুইখন হাত হেৰুৱাই নিৰ্মল হাঁহিৰেনিজৰ লক্ষ্য পূৰণত সময়ৰ প্ৰতিটো বাধাক অতিক্ৰম কৰি আগুৱাই যাব পাৰি। ওপৰত উল্লেখ কৰা “থুমটেন টেৰছিং”ক আজিৰ এই লেখাটোত চিন্তাৰ এক সমলৰূপে (reference) লোৱা হৈছে, কাৰণ এনে বহু উদাহৰণ আমাৰ সমাজত আছে আৰু তেনে আসাধাৰণ জীৱন সাধনা সমূহক অলপতে অসমীয়া নিউজ চেনেল এটাই “আকাশ চুবৰ মন” নামৰ অনুষ্ঠানৰ যোগেদি যি সন্মান আৰু স্বীকৃতি দিলে ই আমাৰ সকলোৰে বাবে আদৰণীয় বুলি আমি অনুভৱ কৰোঁ।


এতিয়া আহোঁ আজিৰ চিন্তাৰ মূল বিষয়লৈ অৰ্থাৎ আমাৰ চিন্তাৰ দোমোজালৈ। আমাৰ পৰিৱৰ্তনশীল সমাজৰ সাম্প্ৰতিক প্ৰেক্ষাপটক বিশ্লেষণ কৰিলে আমি এটা কথা অতি সহজে অনুভৱ কৰোঁ আৰু সেইটো হ’ল সমাজত দিনক দিনে বৃদ্ধি পাই অহা ঋনাত্মক চিন্তাৰ প্ৰয়োভৰ আৰু ই সৃষ্টি কৰা সামাজিক ভয়াবহতা। লেখাটো আৰম্ভণিতে অসাধাৰণ জীৱন সাধনাৰ উদাহৰণেৰে এক ধনাত্নক চিন্তাৰ আভাস সেইবাবই দিয়াৰ প্ৰয়াস কৰিছিলো, কাৰণ আমি বিশ্বাস কৰোঁ আজিৰ ঋনাত্মক চিন্তাৰ ভয়াবহতা সময়তও উপৰোক্ত উদাহৰণ সমূহে আমাৰ ধনাত্মক চিন্তাক সৱল কৰি ৰাখি আমাৰ সৃষ্টি প্ৰতিভাক আগুৱাই নিয়াত অভাৱনীয় অৰিহনা যোগাই আছে।

কিন্তু এইখিনিতে প্ৰাস্ংগিক হৈ পৰে ব্যক্তিৰ মানসিক বিশ্লেষণ-শক্তি বিষয়টো, কাৰণ বতৰ্মান সময়ত ব্যক্তি বিশেষৰ নিজস্ব চিন্তাক সমাজত উপস্থাপন কৰাটো তেনেই সহজ হৈ পৰিল; উপস্থাপনৰ মাধ্যমও অনেক হ’ল, উদাহৰণস্বৰূপে ছচিয়েল মিডিয়াৰ সৃষ্ট Facebook, Twitter আদিবোৰ আজি এনে মাধ্যমৰেই উদাহৰণ। গতিকে এই দূৰন্ত পৰিৱৰ্তনশীল সময়ত ব্যক্তিবিশেষৰ প্ৰক্ষেপিত চিন্তাৰ ধনাত্মক আৰু ঋনাত্মক দিশ নিৰূপণ কৰাটো তেনেই সহজ কাম নহয় বুলি আমাৰ বিবেচনাই কয়। 

বহু সময়ত আমি প্ৰত্যক্ষ কৰোঁ, আমি যিবোৰ সৰ্বাধিক চৰ্চিত বা আলোচিত চিন্তাকধনাত্মক চিন্তা বুলি জ্ঞান কৰি আমাৰ নিজস্ব চিন্তাশক্তিক আগুৱাই নিব খুজিছোঁ, সময়েতেনেবোৰ চিন্তাক কিন্তু কম সময়তে ঋনাত্মক বুলি প্ৰমান কৰিছে। সেয়হে আমি অনুভৱ কৰোঁ, সমাজৰ প্ৰ্চলিত চিন্তা ব্যৱস্থা পৰা ধনাত্মক আৰু ঋনাত্মক চিন্তাক বাছি উলিয়াবলৈ, এটাঅধ্যয়ণশীল, যুক্তিবাদী আৰু বিশ্লেষণধৰ্মী মনৰ খুবেই প্ৰয়োজন, ইয়াত 'মন' বুলি কওঁতেব্যক্তিবিশেষৰ এক সুস্থিৰ মানসিক অৱস্থাৰ কথা কোৱা হৈছে।

আমাৰ দৃষ্টিত আজি প্ৰগতিশীল সমাজৰ চিন্তা ব্যৱস্থাৰ এটা ভয়ানক দিশ হ'ল " অতিযুক্তিবাদী মন ( extra argumental mind) "। এই অতি যুক্তিবাদী মনৰ সৰহ সংখ্যাক প্ৰতিনিধিহ'ল আমাৰ নতুন প্ৰজন্ম । যিকোনো বিষয়তে নাশ্ৰুত-নাভূত যুক্তিৰ উপস্থাপন হ'লতেওঁলোকৰ সহজাত পৰিচয়। উদাহৰণস্বৰূপে বেলি পূৰ্ব পিনে উদয় হয় বুলি ক'লে তেওঁলোকেযুক্তি দিব সেইটো পূৰ্বদিশ বুলি কোনে ক'লে। তেওঁলোকৰ এনে অতি যুক্তিবাদী মনত শ্ৰদ্ধা,ভক্তি আদি ভাৱবোৰৰ স্থান নাই। কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ক আলোচনাক অতি যুক্তিবাদীচিন্তাৰে অপ্ৰসাংগিক কৰি তুলিব পৰাটো তেওঁলোকে নিজৰ কৃতিত্ব বুলি জ্ঞান কৰে।এই অতি যুক্তিবাদী শ্ৰেনীটোৱে আৰু এক ভয়ংকৰ চিন্তাৰ প্ৰচলন কৰে সেইটো হ’ল অতি আধুনিকতা(ultra modernization)।এই চিন্তাত বিশ্বাসী সকলে প্ৰচলিত সমাজ ব্যৱস্থাক সম্পূৰ্ণ আওকান কৰি অবৈজ্ঞানিক চিন্তাৰে বা অতি যুক্তিবাদী চিন্তাৰে এখন সামাজিক নিয়ম-ৰহিত সমাজ গঢ়া দিশে অগ্ৰসৰ হয়।মনস্তাত্ত্বিক অধ্যয়ণত এটা কথা স্পষ্ট কৈ কৈছে “অতি” শব্দটোঋনাত্মক চিন্তাৰ প্ৰতিফলন । অৰ্থাৎ এই অতি যুক্তিবাদী সকল প্ৰকৃততে ঋনাত্মক চিন্তাৰপ্ৰতিনিধি আৰু আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল, বৰ্তমান সময়ত সমাজৰ আটাইতকৈ জনপ্ৰিয় চিন্তা চৰ্চাৰ মাধ্যম ছচিয়েল মিডিয়াত এই ঋনাত্মক চিন্তাৰ ৰোগীসকলেই হৈছে সাংঘাটিক চিন্তাবিদ। গতিকে আপুনি বা মই নিশ্চয়কৈ ভবা থল আছে আমি কেনে চিন্তাৰ আৱেষ্টনীত আমাৰ নিজস্ব চিন্তাক গঢ় দিছোঁ। আমি সময় থাকোতেই উপলব্ধি কৰা ভাল আমাৰ সুস্থিৰ ধনাত্মক চিন্তাক সুৰক্ষিত কৰা স্বাৰ্থতে এই অতি যুক্তিবাদী ঋনাত্মক চিন্তাসমূহক অৱজ্ঞা কৰা প্ৰয়োজন আছে।

আমাক ঋনাত্মক চিন্তাৰ প্ৰতি আকৃষ্ট কৰা অনেক কাৰণ সমাজত বতৰ্মান সময়ত বিৰাজমান। তাৰে ভিতৰত আমাৰ দৃষ্টিত অতি চিন্তনীয় কাৰণ এটা হ'ল ব্যক্তিৰ নৈতিক স্খলনবা ব্যক্তিৰ আৰ্দশৰ মেৰুকৰণ। যদিও এই বিষয়টো আমাৰ সমাজৰ বাবে অতি চিন্তনীয়,সাধাৰণতেই এই বিষয়টো কিন্তু আমি আওকান কৰি চলোঁ। আমি অনুভৱ কৰোঁ এই বিষয়ৰওপৰত গভীৰ অধ্যয়ণৰ প্ৰয়োজন আছে। আজি আমি আমাৰ সীমিত জ্ঞানে বিষয়টো ওপৰতকিছু আলোচনা কৰা প্ৰয়াস কৰিছোঁ। আমি জন্মৰ পিছত, জ্ঞানৰ দ্বাৰা জীৱনটো চহকী কৰিতোলা সময়তেই আমাৰ চিন্তাশক্তিকো কিছু আৰ্দশৰে সীমাবদ্ধ কৰি তোলো। এই আৰ্দশকপ্ৰতিপালন কৰি থাকোতেই সময়ত আমাৰ আৰ্দশৰ লগত মিল থকা অন্যৰ আৰ্দশই আমাকআকৃষ্ট কৰে। সময়ৰ লগত তেনে আৰ্দশক আমি অনুসৰণ কৰিব লওঁ।ই এক প্ৰচলিত ধাৰা আৰু এইখিনি লৈকে সকলো ঠিকে থাকে। কিন্তু সময়ত আমি অনুসৰণ কৰা আৰ্দশককঢ়িয়াই ফূৰা ব্যক্তিজনৰ নৈতিক স্খলনৰ ফলত আমাৰ প্ৰিয় আৰ্দশ অপমৃত্যু হ'লে আমাৰমনত এক সাংঘাটিক ঋনাত্মক চাপে ক্ৰিয়া কৰে, যিটো সাধাৰণতেই আমি গুৰুত্ব নিদিওঁ।কিন্তু আমি অনুভৱ কৰোঁ আজিৰ দিনত এই বিষয়বোৰক গুৰুত্ব দিয়া প্ৰয়োজন আছে।উদাহৰণস্বৰূপে বৰ্তমান সময়ত ম্যানমাৰৰ গণতান্ত্ৰিক আন্দোলনৰ নেত্ৰী আং চেং চ্যুই কিয়ে ম্যানমাৰৰ ৰহঙ্গীয়া শৰণাৰ্থী ক্ষেত্ৰত গ্ৰহন কৰা ৰাজনৈতিক দৃষ্টিভংগীয়ে গোটেই বিশ্বকে চিন্তিত কৰি তুলিছে আৰু এনে কাৰ্য্যই আমাৰ মনতও গণতান্ত্ৰিক ব্যৱস্থা প্ৰতি এক ঋনাত্মক চিন্তা গঢ়ি তোলাত সহায় কৰিছে বুলি আমি অনুভৱ কৰোঁ। ঠিক তেনেদৰে মণিপুৰৰ সমাজ বিপ্লৱী নেত্ৰী ইৰ্মম শ্বৰ্মিলাই ভাৰতীয় শাসন ব্যৱস্থাৰ বিৰুদ্ধে সুদীৰ্ঘ দিন অগতানুগতিক গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰি শেষত সেই শাসন ব্যৱস্থাকে সৰ্মথন কৰি ৰাজনৈতিক জীৱনৰ প্ৰতি লালায়িত হোৱাটোৱেও আমাৰ মনত গণতান্ত্ৰিক প্ৰতিবাদী ব্যৱস্থা প্ৰতি এক ঋনাত্মক ভাৱ গঢ়ি তুলিছে বুলি নিশ্চয়কৈ ভাবিব পাৰোঁ। এনে উদাহৰণ অনেক আছে। উপৰোক্ত উদাহৰণবোৰ মন কৰিলে এটা কথা স্পষ্ট হয় যে, যিবোৰ চিন্তাক আমি সমৰ্থন কৰি, আমি আমাৰ চিন্তাক চহকী কৰিছোঁ বুলি ভাবিছিলোঁ, তেনেবোৰ চিন্তাই আমাক এক দোধোৰ মোধোৰ বগা-ক’লা(Black-white) চিন্তা ব্যৱস্থালৈহে ঠেলি দিলে, য’ত আমাৰ মনবোৰ ঋনাত্মক চিন্তাৰে দীক্ষিত হৈ কথাবোৰ এনেকৈ ভাৱে “ গিলাছটো আধা ভৰ্তি নে আধা খালী”।

নতুন বছৰটো এটা সুস্থিৰ ধনাত্মক চিন্তাৰে আৰম্ভণি কৰা স্বাৰ্থত আমি বিশ্বাস কৰোঁউপৰোক্ত বিষয়বোৰ গুৰুত্বসহকাৰে বিশ্লেষণ কৰা খুবেই প্ৰয়োজন আছে, নহ'লে বছৰবোৰআহিব আৰু যাব আমাৰ চিন্তাৰ পৰিৱেশৰ কোনোদিন সলনি নহব।

২০১৮ বছৰটো এটা ধনাত্মক বছৰ হওঁক।

No comments:

Post a Comment