সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ব্যতিক্ৰমী ব্যৱসায়ৰ  উদ্ভাৱনী
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
      বৰ্তমান অসমৰ বহু সংখ্যক যুৱক-যুৱতী ব্যৱসায়-বাণিজ্যৰ প্ৰতিও আগ্ৰহী হৈ উঠা দেখা গৈছে ৷ কিন্তু , কিছু সংখ্যকে ব্যৱসায়ত প্ৰথম অৱস্থাত লাভৰ মুখ দেখে যদিও পিছলৈ লোকচানৰ সন্মুখীন হয় আৰু ব্যৱসায় আধাতে সামৰিব লগীয়া অৱস্থা হয় ৷ ইয়াৰ মূল কাৰণ যদি বিশ্লেষণ কৰা যায় তেন্তে দেখা যায় যে, এজন ব্যক্তিয়ে ব্যৱসায় আৰম্ভ কৰি লাভৰ মুখ দেখাৰ লগে লগে আন দহজন ব্যক্তিয়েও সেই একেধৰণৰ ব্যৱসায়েই সেই অঞ্চলতে আৰম্ভ কৰে ৷ তেনে ক্ষেত্ৰত প্ৰথমে ব্যৱসায় আৰম্ভ কৰা ব্যক্তি জনৰ ব্যৱসায়ত বাধাৰ সৃষ্টি হোৱাৰ লগতে নতুনকৈ আৰম্ভ কৰা সকলৰো ব্যৱসায়ত কোনো লাভ হোৱা দেখা নাযায় ৷  

এসময়ত PCO ৰ ব্যৱসায় অতি লাভজনক ব্যৱসায় আছিল ৷ কিন্তু, একে অঞ্চলতে বহুজনে এনে ব্যৱসায় আৰম্ভ কৰাৰ ফলত পিছলৈ লোকচানৰ সন্মুখীন হোৱা দেখা গৈছিল । অৱশ্যে   মোবাইল ফোনৰ আগমণৰ ফলত বৰ্ত্তমান PCOৰ  ব্যৱসায় একেবাৰেই কমি গ’ল  ৷ একেদৰে, বৰ্ত্তমান ই-ৰিক্সা সমূহো অসমৰ অলিয়ে গলিয়ে দিনে দিনে   বৰ্দ্ধিত ৰূপত চলাচল কৰা দেখা গৈছে ৷ ফলত লাভৰ সলনি ব্যৱসায়ী সকল লোকচানৰহে সন্মুখীন হোৱা দেখা গৈছে ৷ ব্যৱসায়ৰ বাবে আগ্ৰহী যুৱক-যুৱতী সকলে অন্য ব্যক্তিৰ ব্যৱসায়ত ক্ষতি নোহোৱাকৈ নিজ নিজ ধ্যান ধাৰণাৰে ব্যতিক্ৰমী ৰূপত  ব্যৱসায়  আৰম্ভ কৰিলেহে লাভৱান হ’ব ৷

অসমত নতুনকৈ অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰক লৈ খোলা হোটেল, ৰেষ্টুৰাৰ চাহিদা ও সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। তাৰ উপৰিও পিঠা, খাৰ, গুড়, দৈ, আচাৰ আদিৰ গৃহ উদ্যোগৰ সৃষ্টি সমূহক এক পৰিকল্পিত ৰূপত ব্ৰেণ্ডিং কৰি বজাৰ সৃষ্টিৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। ভোগালী বিহুৰ বজাৰত থলুৱা পিঠা-পনা তথা অসমীয়া গাঁৱলীয়া খাদ্য সম্ভাৰে বজাৰো দখল কৰিছে। এইখন বজাৰৰ ওপৰতো মাৰ্কেট ৰিচাৰ্ছ কৰি তাৰ ওপৰত ভিত্তি কৰিহে নতুন নতুন ব্যৱসায়ী ওলাই আহক। কেৱল কোনোবাই কৰা দেখি যাতে নহয়!

আশা কৰো, নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচৰা যুৱক-যুৱতী সকলে এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিহে ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিব ৷
 লেখকঃ সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, জি.আই.এম.টি. , গুৱাহাটী, পিন -৭৮১০১৭,অসম। ফোন: ৯৪৩৫১৮৮৬৩০, ই-মেইল: buljit@gmail.com

No comments:

Post a Comment