Friday, March 10, 2017

চিন্তন

অনাহুত বিতৰ্কত উন্মোচিত গুৰুত্বপূৰ্ণ দিশ
অজয় লাল দত্ত 
(১)
কোনো ব্যক্তি সমাজৰ বাবে গুৰুত্বপূৰ্ণ নহয়, কিন্তু নীতি বৰ গুৰুত্বপূৰ্ণ। তাতে যদি ব্যক্তিগৰাকী সমাজৰ বাবে নীতি নিৰ্ধাৰণৰ নিৰ্ণায়ক ভূমিকা লব পৰা পদত অধিষ্ঠিত হৈ থাকে, তেতিয়া সেই পদৰ দায়বদ্ধতাৰ সৈতে ব্যক্তিগৰাকীও সাঙোৰ খাই থাকে। সেই ক্ষণত দিয়া বক্তব্য, আচৰণ আৰু বাৰ্তাই সমাজৰ দীৰ্ঘম্যাদি প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকিলে ৰাজহুৱা প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক। সেই ব্যক্তিও তেনে পৰত আলোচনাৰ সূত্ৰত বান্ধ খাই পৰিবই। যেতিয়া ৰাজহুৱা মতৰ বিপৰীতে ৰাজহুৱা নীতি নিৰ্ধাৰিত হোৱাযেন অনুভৱৰ সন্ধিক্ষণ আহে, তেনেক্ষণত তৰ্ক-বিতৰ্কৰ জোৱাৰ গণতন্ত্ৰৰ বাবে অপৰিহাৰ্যই। বৰ্তমানৰ পৰিস্থিতিত লাইভ টিভি আৰু লাইভ ফিডৰ চ’ছিয়েল মেডিয়াৰ দৰে বোঁৱতী সোঁতৰ জনমত প্ৰৱাহত সঘন বিৰ্তকৰ ঢৌ উঠাতো ক্ৰমাত নতুন ধাৰাৰ দৰেই হৈ পৰিছে। তেনে পৰতো আকৌ টি.আৰ.পিৰ আকাক্ষাংত টিভি চেনেলে, চেনচেচনেল বাতৰি বিকাৰ আগ্ৰহত বাতৰি কাকতে আৰু ক্লিক সংখ্যাৰ আশাত অনলাইন গণমাধ্যমে হাত উজান দিয়াটো দৃষ্টিকটু ধাৰা হিচাবে গঢ় লৈ উঠিছে। বহু ক্ষেত্ৰত কোনো কোনো বিতৰ্ক অনাহকতে সৃষ্টি হোৱা বুলিও মানুহে অনুভৱ কৰবিলৈ ধৰিছে। কিন্তু এনে অনাহুত ব্যক্তিকেন্দ্ৰিক বিতৰ্কৰ জোৱাৰতো অটল গহ্বৰত পৰি থকা বহুতো সামাজিক ইচ্যু হঠাত সমাজৰ সমুখলৈ আহি থিয় হয়হি, যিবোৰ সমস্যা দীৰ্ঘদিনৰ, অথচ তাৰ দীৰ্ঘকালীন সমাধান সূত্ৰ তৈয়াৰ কৰাত সমাজ, প্ৰশাসন অথবা সময় আজিও বিফল হৈয়ে ৰৈছে। বিতৰ্ক সৃষ্টিৰ আঁৰৰৰ প্ৰৰোচনাবোৰক, উদ্যেশ্যপ্ৰণোদিত প্ৰচেষ্টাবোৰক আওকান কৰিও কিন্তু সেই সমস্যাবোৰক, দিশবোৰক আওকান কৰিব নোৱাৰি। বিতৰ্কই উদঙাই দিয়া গুৰুত্বপূৰ্ণ দিশবোৰৰ স্থায়ী সমাধানসূত্ৰ বিচৰাৰ প্ৰত্যাহ্বান এই অচিলাতে সমাজে গ্ৰহণ কৰাটো অতিশয় প্ৰয়োজনীয় আৰু এনে প্ৰচেষ্টাই বিতৰ্ককো ইতিবাচক ভাৱে ব্যৱহাৰৰ কৰাৰ কৌশল ৰূপে পৰিগণিত হব পাৰে।
(২)
অসমৰ শিক্ষা ব্যৱস্থাত গুণগত, ব্যৱস্থাগত আঁসোৱাহ থকাৰ অভিযোগ দীৰ্ঘদিনীয়া। ভিন্ন ভিন্ন সময়ত এইবোৰ নিৰাময়ৰ বাবে সংস্কাৰসাধন মূলক কমিটিৰ পৰামৰ্শৱলীবোৰৰ বাতৰিয়েও সংবাদ শিৰোনাম দখল কৰি থাকে। কিন্তু বাস্তৱিকতে ইয়াক ত্ৰুটিমুক্ত কৰিব পৰা যে আজিও হোৱা নাই সেয়া দশম আৰু দাদ্বশ শ্ৰেণীৰ পৰীক্ষাৰ সময়চোৱাত প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বহী গৰুৱে খোৱাকে ধৰি লজ্জাজ্বনক বাতৰিয়ে তাকেই প্ৰতিপন্ন কৰে। তাৰ বাহিৰেও শিক্ষা বিভাগৰ দুৰ্নীতি, বিদ্যালয় প্ৰাদেশিকীকৰণৰ সমস্যা, আন্তঃগাঁথনিমূলক দুৰৱস্থা, শিক্ষক-ছাত্ৰৰ অনুপাতৰ দুৰ্দশাৰ বাতৰিত যেন কোনো অস্বাভাৱিকতা নাই, তেনে এক ধাৰণাই মানুহৰ মনত বাঁহ বান্ধিছে। চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰা বুলি শিৰোনাম ওলালেও মানুহৰ মন-মননত যেন কোনো সুৰসুৰনিৰ সৃষ্টি নহব তেনে এক লাজলগা পৰিস্থিতিৰ মাজেৰে আমি গতি কৰা নাইনে? টেট শিক্ষকৰ নিযুক্তিৰ কৃৰ্তিত্ব থকা আৰু কেইবাটাও বছৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা জ্যেষ্ঠ মন্ত্ৰীৰ বিৰুদ্ধে বাতৰি কাকতত চোকা লেখা-বাতৰি প্ৰকাশ হোৱাক লৈয়ো এক অনাহুত বিতৰ্ক মানুহে প্ৰত্যক্ষ কৰিব লগা হৈছে। নিজ বিভাগৰ বিফলতালৈ ধৃতৰাষ্ট্ৰ সাজি, বাতৰি কাকতৰ মালিকৰ সৈতে ব্যক্তিগত দ্বন্দৰ বাবেহে এইবোৰ মিছা অভিযোগ বুলিহে, প্ৰতিদন্দী সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলাইছে। এইখিনিতে প্ৰশ্ন হয়, ব্যক্তিৰ মাজৰ দ্বন্দ অথবা ইগক্লেছ সমাজৰ বাবে গুৰুত্বপূৰ্ণ নহয়, ৰাইজৰ আগ্ৰহ আৰু শংকা প্ৰকাশিত সমাজক প্ৰভাৱিত কৰা আঁসোৱাহ তথা ত্ৰুটিখিনিকলৈহে! কোনোবাই ৰাজ্যসভালৈ প্ৰতিদ্বন্দিতা কৰি জিকিব পাৰিলেনে নাই সেয়া বিচাৰ্য নহয়, দৃষ্টিদিব লগা কথা হৈছে সংবাদ শিৰোনামা পোৱা আঁসোৱাহখিনি, ব্যৱস্থাগত পৰিবৰ্তনৰ বাবে সংস্কাৰ সাধনৰ বাবে লব লগা প্ৰতিব্যৱস্থাবোৰ ধোঁৱাচাঙত কিয় উঠিল সেই কথাহে। যদিহে কোনোৱে ব্যক্তিগত ঈৰ্ষা চৰিতাৰ্থ কৰিবলৈ অপ্ৰচাৰ চলাইছে তেন্তে তেওঁৰ বিৰূদ্ধে মানহানি গোচৰ তৰাৰ ৰাস্তাওটো আছে, সেয়া কৰা হৈছেনে? নে তাৰ সলনি, প্ৰয়োজনীয় ৰাজহুৱা স্বাৰ্থ থকা প্ৰশ্নবোৰৰ পৰা গা-বচালৈহে সেই দন্দৰ প্ৰশ্নৰ অৱতাৰণা, সেই কথাও নতুন প্ৰশ্ন হৈ পৰিছে। চৰকাৰীখণ্ডৰ শিক্ষা ব্যৱস্থাৰ গৰাখহনীয়া আৰু তাৰ বিপৰীতে বাণিজ্যিক, চেৰিটিসুলভ অথবা সাংস্কৃতিক আগ্ৰাসনৰ লক্ষ্যৰে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ জয়জয়-ময়ময় অৱস্থাৰ এই সন্ধিক্ষণত কিন্তু শিক্ষামন্ত্ৰী হিচাবে শিক্ষা বিভাগৰ দুৰ্বলতাৰ নৈতিক তথা সকলো দায়িত্বৰ জিম্মা স্বীকাৰ কৰি, এনে সমালোচনাৰ সুযোগ দুনাই নিদিবৰ বাবে প্ৰত্যাহ্বান গ্ৰহণ কৰাটোহে হব, সময়োচিত পদক্ষেপ। পুনৰ কৈছো, তাৰ বাবে সেই মন্ত্ৰীত্বৰ পদত কোন সময়ত কোন ব্যক্তি বহি আছে, সেয়া গুৰুত্বপূৰ্ণ নহয়, গুৰুত্বপূৰ্ণ সেই মন্ত্ৰালয়ে কি সংস্কাৰমূলক নীতি গ্ৰহণ কৰিছে আৰু তাক কিমান দ্ৰুতভাৱে, কাৰ্যকুশলভাৱে বাস্তৱায়িত কৰে সেয়াহে! স্বাধীন ভাৰতত যদি শিক্ষা ক্ষেত্ৰৰ আঁসোৱাহ, তথা বিফলতাৰ বাবে পূৰ্বতে কোনো শিক্ষামন্ত্ৰীকেই নৈতিকভাৱে জৱাবদিহি কৰা হৈছিল, তেন্তে বৰ্তমানৰ গৰাকীয়েও সেইবোৰ প্ৰশ্নবানৰ জৱাবদিহি নিশ্চয়কৈ হবই লাগিব।
(৩)
এই বিতৰ্কতে আৰু এটা বিষয় উঠলি উঠিছে, সেয়া হৈছে প্ৰভাৱশালী সংবাদ বেৰণৰ প্ৰতিষ্ঠানৰ সংবাদসেৱী-কৰ্মচাৰীয়ে মাজিথিয়া পৰামৰ্শৱলী অনুসাৰে পাৰিশ্ৰমিক লাভ নকৰে। যদিও ৰাজনৈতিক ব্যক্তিগৰাকীয়ে টুইটাৰত এটা সংবাদ প্ৰতিষ্ঠানলৈ আঙুলি টোঁৱাইছে, সেয়া সমাজৰ বাবে গুৰুত্বপূৰ্ণ নহয়। বিচাৰ্য কথাটো হৈছে এয়ে যে অসমৰ সাংবাদিক সকলে বা সংবাদ মাধ্যমত কৰ্মৰত সকলে মাজিথিয়া পৰামৰ্শৱলীমতে প্ৰতিটো প্ৰতিষ্ঠিত সংবাদ সংস্থাতে দৰমহা পাইছেনে নাই, সামাজিক সুৰক্ষাৰ যিবোৰ ব্যৱস্থা পাব লাগে পাইছেনে, সেয়াহে! আচলতে অসমত আসাম ট্ৰিবিউন গ্ৰুপৰ বাহিৰে আন কোনো গ্ৰুপতে সম্পূৰ্ণ ৰূপত এই পৰামৰ্শৱলী প্ৰযোজ্য হোৱা নাই। আনবোৰ সংবাদ সংস্থাৰ ক্ষেত্ৰত প্ৰাইভেট কোম্পানীৰ ধাৰণাৰে কিছু শীৰ্ষ পদবীধাৰী তথা মেনেজমেণ্টৰ নয়নৰ মণি সকলে কেইবাগুণো উচ্চহাৰত পাৰিশ্ৰামিক তথা আন আন সা-সুবিধা লাভ কৰে, তাৰ বিপৰীতে বেছি ভাগেই মহানগৰীত নিজে মূৰ দাঙি পৰিয়াল চলাব পৰাকৈ পাৰিশ্ৰমিক লাভ কৰিব নোৱাৰে। আনকি কিছুমান কাৰিকৰী কামত টেকনিকেল হেডে, কম পাৰিশ্ৰমিকতে প্ৰয়োজনীয় কাম কৰাই দিয়াৰ নিশ্চিতি দি টেকনিকেল কাম কৰা সকলক অস্থায়ী ৰূপত নিযুক্তি দি খটুৱাই থকাক মেনেজমেণ্টৰ চকুত ব্যৱস্থাপনা প্ৰতিভা বুলি প্ৰতিপন্ন কৰি থকাৰ অভিযোগ আছে। স্থানীয় সংবাদদাতা, মফচলীয় সাংবাদিকে উপৰোৱা ইনকামৰ সন্ধান নকৰিলে চলিব নোৱাৰা অৱস্থা! অথচ সমাজৰ অনিয়মৰ বিৰুদ্ধে জাগৰণ আনিব বুলি ভবা সংবাদসেৱী সকলৰ সমূহীয়া সংগঠন সমূহেই এইক্ষেত্ৰত নাৰ্যপ্ৰাপ্তি কৰাই লবলৈ আজিও সম্পূৰ্ণকৈ সফল হব পৰা নাই। ফলত অনৈতিক ভাৱে হাত মিলোৱা, ব্লেক-মেইলিং আদিৰ অভিযোগে সাংবাদিক সমাজক কলুষিত কৰিবলৈ সুযোগ পাইছে আৰু ক্ৰমাত সংবাদসেৱীৰ সামাজিক স্থানো নিম্নগামী হবলৈ ধৰা বুলি শংকা প্ৰকাশ পাবলৈ ধৰিছে। যিটো সমাজৰ বাবে শুভ লক্ষণ নহয়। এতিয়া প্ৰশ্ন হয়, এখন পেপাৰলৈ আঙুলিয়াই দিয়াৰ পৰিবৰ্তে ৰাজনৈতিক শক্তিৰে গুৰুত্বপূৰ্ণ পদত থাকি সামগ্ৰিক ভাৱে অসমৰ সকলোৰে কল্যাণ কৰিবলৈ শপত লোৱা সকলে এই ক্ষেত্ৰত কি ভূমিকা পালন কৰিছে। সাংবাদিকৰ নাৰ্যপ্ৰাপ্তিৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত এইবাৰৰ বাবে নিৰ্বাচিত কিছুলৈ অৱসৰকালীন পেঞ্চনৰ সুবিধা আগবঢ়োৱা হৈছে যদিও বৰ্তমান কৰ্মৰত সকলৰ নাৰ্যপ্ৰাপ্তিৰ বাবে শ্ৰম মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয় আদিয়ে কেনে উচিত নীতি গ্ৰহণ কৰি কাৰ্যতঃ ৰূপায়িত কৰে, সেইবোৰ দিশহে ৰাইজৰ বিচাৰ্য বিষয়ৰূপে উন্মোচিত হৈ পৰিছে। সংবাদ মাধ্যমক কলুষিত হোৱাৰ পৰা বচাবলৈ কি ব্যৱস্থা হৈছে, সেয়াও! 
(৪)
অসমীয়াত এষাৰ কথা আছে, ‘আপুনি আনৰ ক্ৰিয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পাৰে, কিন্তু নিজে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াতটো সম্পূৰ্ণ নিয়ন্ত্ৰণ আপোনাৰেই’! এই কথাষাৰকে সাৰোগত কৰিব নোৱাৰাৰ বাবেই বহুতো দায়িত্বশীল পদ লাভ কৰা আৰু ৰাইজে মুখলৈ চাই থকা ব্যক্তিৰ মুখৰেও অযাচিত বক্তব্য প্ৰকাশ পায়। অথচ ওলাই যোৱা কাঁড়ক ঘূৰাই আনিব নোৱাৰাৰ দৰেই, এই প্ৰতিক্ৰিয়াই পাছত লাজত পেলায়, সন্মান হানি হয়, নিজে মাফ খুজিব লগা অৱস্থাৰ সৃষ্টি হয়। যোৰহাটত নিৰ্যাতিতা যুৱতী এগৰাকীৰ ফেচবুক ষ্টেটাচৰ বিতৰ্কৰ সময়তো ‘ঢিলা মন্তব্য’ৰ বাবে ৰাইজৰ ৰোষত পৰে জ্যেষ্ঠ মন্ত্ৰী! আনকি শেহতীয়াকৈ দিল্লীত, নিজকে শান্তিৰ কৰ্মী বুলি ঘোষণা কৰা আৰু যুদ্ধত পিতৃহাৰা হোৱা গুৰমেহেৰ কৌৰৰ টুইটাৰ বিতৰ্কতো তেনে পৰিস্থিতিৰ সৃষ্টি হ’ল। এটা ছাত্ৰ সংগঠনৰ কাৰ্যকলাপত ভীত নহও বুলি চেলফি প্ৰচাৰত অংশ লোৱা ছাত্ৰী গুৰমেহেৰৰ এবছৰ পুৰণি এটি যুদ্ধবিৰোধী ভিডিঅ’ৰ পৰা লোৱা এটা স্ক্ৰীণশ্বটৰে, এই সপ্তাহৰ গৰম ইছ্যুত প্ৰকাশ কৰা মতৰ বাবেই টাৰ্গেট কৰি অপ্ৰচাৰ চলোৱা হ’ল আৰু সেই ভাইৰেল প্ৰচাৰে ৰাষ্ট্ৰীয় সংবাদ শীৰ্ষ পৰ্যন্ত লাভ কৰিলে। যি সময়ত দিল্লীত যি ছাত্ৰ সংগঠনেই নহওক কিয়, কোনোৱে যাতে গুণ্দাগৰ্দী কৰিব নোৱাৰে তাৰ নিশ্চিতি দিব লগা দিল্লী পুলিচৰ দায়িত্বত থকা গৃহৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে পূৰ্ণ সত্য অনুধাৱন নকৰাকৈয়ে ‘কোনে এইগৰাকী ছাত্ৰীৰ মন প্ৰদূষিত কৰিলে’ বুলি কৰা টুইটে খলকনি তুলিলে। অনলাইন ট্ৰল বাহিনীয়ে ভীতি, ভাবুকি প্ৰদান কৰি ত্ৰস্ত কৰা ছাত্ৰীক সুৰক্ষাৰ নিশ্চিতি দিয়াৰ দায়িত্ব লব লগা মন্ত্ৰীগৰাকীয়ে পাছত এনডিটিভিৰ সাক্ষাতকাৰত সম্পূৰ্ণ কথা নজনাকৈ টুইট কৰাৰ কথা স্বীকাৰ কৰি ৰাজহুৱা মঞ্চত লজ্জানত হব লগা হয়। 


এই ঘটনাৱলীয়ে ব্যক্তি কোন সেই কথা বিচাৰলৈ নানিও ৰাস্তা-ঘাটেই হওক বা অনলাইন মঞ্চই হওক, সকলোতে যে ভীত হোৱাৰ পৰা, নিৰ্যাতিত হোৱাৰ পৰা যি কোনো ছাত্ৰ-ছাত্ৰীকে সুৰক্ষিত কৰাৰ নিশ্চিতি দিয়াৰ প্ৰয়োজনীয়তাকেই স্পষ্ট ভাৱে প্ৰতীয়মান কৰিলে। নিৰ্যাতিতৰ জাতি-ধৰ্ম-ৰাজনৈতিক বিচাৰধাৰাৰ কথা বিবেচনা কৰাৰ সলনি নাগৰিকক সুৰক্ষা নিশ্চিতিৰ দায়িত্ব মূৰ পাতি লবলৈ সমাজলৈ কিন্তু এই দুই বিতৰ্কই ইতিবাচক বাৰ্তা দিলে। একেদৰেই অশ্লীল ও দ্বি-অৰ্খক গীতৰ ক্ষেত্ৰতো সমাজে নঞাৰ্থক মনোভাৱ পোষণ কৰি স্বচ্ছ সংস্কৃতিৰ পোষকতা কৰিলে। এই গুৰূত্বপূৰ্ণ দিশবোৰত বাস্তৱিকতে শাসন-প্ৰশাসনে দীৰ্ঘদিনৰ বাবে কাৰ্যকুশল হোৱাকৈ কি কি প্ৰতিব্যৱস্থা লয়, সংস্কাৰমূলক পদক্ষেপেৰ ত্ৰুটিহীন ব্যৱস্থা অনাগত দিনবোৰত গঢ়ি তোলে সেই দিশবোৰলৈকো কিন্তু সমাজে সচেতন দৃষ্টি ৰাখিব, সেই কথাও কিন্তু নিশ্চিত। 

No comments:

Post a Comment