Saturday, January 7, 2017

চিন্তন

অভিভাৱক হয়তো হিটলাৰ অথবা গান্ধী হওঁক
ৰক্তিম গোস্বামী
ভয়ংকৰ দূৰ্ঘটনাৰ ছবিবোৰ দেখিলে, সৰু সৰু ল’ৰাহতৰ চিন্ন-ভিন্ন মৃতদেহবোৰ দেখিলে এক অসহনীয় শোক আৰু ক্রোধে মনটো চেপি ধৰে।কিন্তু কাক দোষিম? কাৰ ওপৰত ক্ষোভ উজাৰিম? পৰিবহন মন্ত্রী? অভিভাবক? সমাজ?আনন্দ-উত্তেজনাৰ চৰম মুল্য দিয়া ল’ৰাহতক? নে এটা দূৰ্ঘটনাক কেৱল এটা দূৰ্ঘটনা বুলি গ্রহণ কৰিয়েই মনটোক শান্তনা দি থওঁ। 

এইটো হয়তো দুনাই কোৱাৰ প্রয়োজন নাই যে ঘৰখনেই প্রতি সন্তানৰ শিক্ষা আৰু আদৰ্শৰ ঘাই ভেটি।সন্তানৰ এই ভেটি সৱল হ’লে তেওঁ পৃথিবীৰ যিকোনো পৰিবৰ্তনৰ যি কোনো পৰিস্থিতিতে সৱলভাবে মোকাবিলা কৰিবলৈ সক্ষম।ঘৰৰ আন এটা নাম অনুশাসন যাৰ প্রতিফলন হয় সন্তানৰ চৰিত্রত। কিন্তু আজিৰ তাৰিখত এখন ঘৰৰ এনে সংজ্ঞাকলৈ অলপ খেলি মেলি লাগে। আজিকালি সন্তানৰ উদভণ্ডালি বা বিপথগামিতাকলৈ যদি কোনোৱে প্রশ্ন কৰে তেনেহ’লে তেনে প্রতিটো প্রশ্নৰে প্রায়বোৰ অভিভাবকৰ হাতত এটা সহজ উত্তৰ আছে ‘আজি কালি আৰু আগৰ দিন নাই।’ তাৰমানে তাৰ অৰ্থ এইটো নেকি যে গৌৰৱেৰে নিজ সন্তানৰ হাতত সময়তকৈ আগে বাইক বা গড়ীৰ চাবি তুলি দিয়া অভিভাৱকে সন্তানৰ ভয়ানক মৃত্যুকো সহজে ল’ব পৰা হ’ল?দায় সৰা উত্তৰে আসন্ন বিপদক বাস্তব কৰিব।সমাজ বা পৰিবৰ্তিত সময়ক দোষ দি হাত সৰা সকলে এই কথা জনা উচিত যে আমাক সকলোকেলৈহে এই সময় আৰু সমাজ। আমাৰ কৰ্ম আৰু সিদ্ধান্তইহে দিক নিৰ্ণয় কৰিব নতুনৰ।বিজ্ঞজনে সয়েহে কৈছিল-“তুমি যদি সমাজ পৰিবৰ্তন কৰিব বিচাৰিছা তেনেহ’লে প্রথমে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকা”।ইয়াক দোহাৰাৰ প্রয়োজন নাই যে এই ভালপোৱা আন একো নহয় বৰং পৰিয়ালৰ ইজনে সিজনক সুস্থভাবে গঢ় দিয়াৰ দায়বদ্ধতা। 

ভোগবাদ আৰু পূৰ্ণাংগ ৰূপত জীয়াই থকাৰ সংজ্ঞাৰ মাজৰ ৰেখাডাল যদিও শকত কিন্তু অতি বস্তুবাদী মনোভাৱ, সূক্ষ্মদৃষ্টি আৰু সঠিক চিন্তাৰ দীনতাই সেই ৰেখাডালক অদৃশ্যপ্ৰায় কৰি পেলাইছে। সেয়েহে মানুহৰ আত্মিক তুষ্টিৰ প্রাসংগিকতা হেৰাই গৈছে, ইজনে আনজনৰ লগত কৰা বস্তুৰ তুলনামূলক প্রতিযোগিতাৰ মাজত। এই প্রতিযোগিতা ক্রমাৎ দ্রুতৰ পৰা দ্রুততৰ হৈ গৈ আছে। দূৰ-দূৰণিলৈকে ক’তো কোনো ষ্টপেজ নাই। সজ-অসজৰ চিন্তা বাদ দি যিকোনো প্রকাৰে টকাৰ পাহাৰ গঢ়ি আন দহজনতকৈ কেনেকৈ ওপৰত থাকিব পাৰি তাৰ চিন্তাত টোপনি হেৰাইছে অলেখৰ। গম নোপোৱাকৈ মনে মনে সংগোপনে বিয়পিছে এই ব্যাধি সন্তানলৈ। মা-পিতাকে সন্তানৰ মগজুত সাজি দিয়া অলেখ বস্তু থ’ব পৰা অট্টালিকাটোৰ খালী কুঠৰীবোৰ পূৰাবলৈ দিনক দিনে বাঢ়ি আহে সন্তানৰ বস্তুৰ তালিকাৰ দৈৰ্ঘ্য। তালিকাখনৰ উচিত বাচ-বিচাৰ অবিহনে চাহিদাবোৰ পূৰ কৰাটো যে মাতৃ-পিতৃৰ গৌৰৱৰ অন্যতম কাৰণ হৈ পৰিছে আজিৰ তাৰিখত, বিশেষকৈ নতুনকৈ ধনী হোৱা মধ্যবিত্তৰ মাজত। ব্রেকহীন এই দ্রুত ভুৱা অৰ্থকেন্দ্রিক আন্তঃপাৰিবাৰিক প্রতিযোগিতামূলক যাত্রাৰ পৰিণতি ‘কাল’ হোৱা অলেখ উদাহৰণ আমাৰ আগত প্রতিদিনে প্রতীয়মান। 

অভিভাবক সকল হয় হিটলাৰ হওঁক নহয় গান্ধী হওঁক। হয় মৰমেৰে অন্যথা কঠোৰ অনুশাসনেৰে নিজৰ সন্তানক নিজৰ কৰি ৰাখক যেতিয়ালৈকে তেওঁলোক মানসিকভাবে পৈণত নহয়।কোনো সন্তানৰ অকাল বিয়োগ অথবা সন্তানৰ অতপালিৰ বাবে আনৰ অকাল মৃত্যু হোৱাতো কোনো অভিভাবকৰ কাম্য নহয়।সেয়েহে সন্তানৰ ‘লাগ বুলিলেই লাগিব’ মনোবৃত্তিৰ বিৰুদ্ধে যুক্তিসন্মতভাবে যুঁজ দিয়ক।সামাজিক অনুষ্ঠানৰ সহায় লওঁক, স্বেচ্ছাসেৱী সংগঠনৰ সহায় লওঁক,কাউন্সেলৰৰ সহায় লওঁক। প্রয়োজন হ’লে পুলিছৰ সহায় লওঁক কিন্তু এৰি নিদিব। ঘৰত প্রথম যি দিনাই দেৰি কৈ সোমাব সেইদিনাই প্রশ্ন কৰক আৰু উচিত উত্তৰ নাপালে প্রয়োজন সাপেক্ষে কঠোৰ হওঁক।সময়তৈ আগত লাভ কৰা বস্তুৱে কি বিপদ মাতিব পাৰে হৈ যোৱা ঘটনাৰ ভিত্তিত তাৰ ভয়াবহতাৰ বিষয়ে বাৰংবাৰ অৱগত কৰক, ফলপ্রসূভাবে কথা পাতক।নিজৰ আৰু সন্তানৰ ভালৰ বাবে আত্মবিশ্লেষণ আৰু আত্মসমলোচনাৰে নিজৰ ভুলবোৰ যিবোৰে সন্তানক প্রশ্রয় দিয়ে, সংশোধন কৰক। পিতৃ আৰু মাতৃ সন্তান বিষয়ক প্রতিটো বিষয়ত একমত হৈ সন্তানৰ সমুখত থিয় দিয়ক। মুঠতে যি প্রয়োজন তাকে কৰক কিন্তু অকালতে নষ্ট হ’বলৈ এৰি নিদিব।ব্যক্তিগতভাৱে এই লেখকে দুটা ঘটনাৰ চাক্ষুস সাক্ষী য’ত এহাল অভিভাবকে নিজৰ নষ্ট হ’ব ধৰা সন্তানৰ দোষক আৰঁকাপোৰ দিছিল আৰু আনহালে প্রতি পদতে যুঁজি পিছলৈ পুলিছ পৰ্যন্তৰ আশ্রয় লৈছিল আৰু সুফল স্বাভাবিকতেই তেওঁলোকৰে প্রাপ্য আছিল। এটা কথা আমি সকলোৱে সততে পাহৰি যাওঁ যে যে টকা- পইছা, ঘৰ বাৰী এই সকলোৱে দিয়া সুখ ক্ষন্তেকীয়া কিন্তু এটা সু- সম্বন্ধৰ সুখ স্বৰ্গীয় আৰু চিৰস্থায়ী।পিতৃ- মাতৃ আৰু সন্তানৰ আত্মিক সম্বন্ধক বস্তুবাদৰ তুলাচনীত তুলিলে বিপদ স্বভাবিকেই আসন্ন।

No comments:

Post a Comment