সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নগদহীন অৰ্থনীতি নে 
ডিজিটেল শোষণৰ গ্ৰাউণ্ডৱৰ্ক!
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
ফৰাছী বিপ্লৱৰ সময়ৰ কথা। ফ্ৰান্সৰ দুখীয়া শ্ৰমিক-কৃষকসকলে ভোক নিবাৰণৰ বাবে ৰুটিৰ দাবীত বিক্ষোভত ফাটি পৰাৰ সময়ত ৰাণী মেৰি এন্টনিয়েটে আঁচৰিত হৈ কৈছিল-'ৰুটি নহ'লে কি হ'ল,তেওঁলোকে দেখোন কে'ক খাব পাৰে।' মোদী ডাঙৰীয়াৰ ধৰণকৰণো আজি যেন তেনেধৰণৰ। উপযুক্ত পৰিকল্পনা নোহোৱাৰ বাবে ৫০দিনত ৫০ বাৰৰো বেছি সিদ্ধান্ত সলনি কৰি থাকিব লগা হোৱা বিমুদ্ৰাকৰণৰ নিষ্ঠুৰ আঘাতত তাৰ পৰবৰ্তী সময়ত দেশজুৰি সকলো ফালে যেন মাথো নাই আৰু নাই। কেনেকৈ সংসাৰ চলিব, কেনেকৈ ৰোগীৰ চিকিৎসা হ'ব, ঔষধ-পাটি যোগাৰ হ'ব, সেই চিন্তাত দেশৰ সাধাৰণ মানুহ অস্থিৰ। দিশহাৰা হৈ সকলো মানুহে অন্য কাম-বন এৰি কৰি এটা বেংকৰ পৰা আন এটা বেংকলৈ এটা এটিএমৰ পৰা আন এটা এটিএমলৈ দৌৰি ফুৰিব লগা হৈছে। লাইন পাতি পাতি বহুলোক অসুস্থ হৈ পৰিছে, আনকি মৃতুও হৈছে। এনেদৰে ঘন্টাৰ পিছত ঘন্টা লাইনত থিয় দিয়াৰ পাছত হাতত পৰিছে এখন দুই হাজাৰটকীয়া নোট। যিখন ক্ষুদ্ৰ ব্যৱসায়ীয়ে ল'বলৈ অনিচ্ছুক। গাওঁবোৰৰ অৱস্থাটো আৰু কৰুণ। খুছুৰা টকাৰ অভাৱত ব্যৱসায়ীয়ে ধান আৰু শাক-পাছলি কিনিব নোৱাৰাত খেতিয়কসকলে মূৰে-কপালে হাত দিছে। ৰবিশস্যৰ বতৰত বীজ, সাৰ ইত্যাদি কিনাৰ বাবে ইমান টকা ক'ৰ পৰা আহিব তেওঁলোকে ভাবি পোৱা নাই। খাদ্য সহ নিত্য প্ৰয়োজনীয় বস্তু-বাহিনীৰ দোকানবোৰত বেচাকিনা একেবাৰে কমি গৈছে। নিত্যান্ত প্ৰয়োজনীয় বস্তুৰ বাহিৰে মানুহে অন্য খৰছৰ কথা ভাবিবলৈ এৰিছে। যিসকল শ্ৰমিকে দৈনিক বা সাপ্তাহিক হিচাবে কাম কৰে, তেওঁলোকৰো হাজিৰা পোৱাত অসুবিধা হৈছে। খুছুৰা টকাৰ অভাৱত চাহ বাগানৰ শ্ৰমিকসকলৰ অৱস্থা আৰু ভয়াবহ। এইবোৰৰ সুৰুঙালৈ জনসাধাৰণৰ মাজলৈ আনিব বিছৰা হৈছে নগদহীন বা কেছলেছ প্লাষ্টিক মানি।

মোদী ডাঙৰীয়াই লাইনত ঠিয় হোৱা জনসাধাৰণক সৈনিক বুলি সম্বোধন কৰি কেতিয়াবা কান্দিছে, কেতিয়াবা হাঁহিছে, অথছ 'দেশৰ বাবে ত্যাগ স্বীকাৰ' কৰিবলৈ আহ্বান জনোৱা দৰিদ্ৰ লোকসকলৰ কটা যোৱা মজুৰি পোৱাৰ একো ব্যৱস্থা কৰা নাই। আনকি যিসকল মানুহ নোট বদলি, জমা দিয়া আৰু উলিওৱাৰ লাইনত মৃত্যু হৈছে, তেওঁলোককো একো সাহাৰ্য্য আগবঢ়োৱা নাই। প্ৰসিদ্ধ অৰ্থনীতিবিদসকলে কৈছে এই টোগলকী সিদ্ধান্তই ভাৰতৰ অৰ্থনীতিক বিপৰ্যস্ত কৰাতো নিশ্চিত। ইয়াৰ ফলত সকলোতকৈ ডাঙৰ আঘাট সহিব ল'গা হৈছে দেশৰ নিম্ন মধ্যবিত্ত আৰু দুখীয়া মানুহসকলে। 

বিশ্বৰ শীৰ্ষস্থানত থকা পুঁজিপতি বিল গেটছে এই ৰাতা-ৰাতি হোৱা বিমুদ্ৰাকৰণৰ ফলত ভাৰতবাসীৰ অৱস্থা দেখি অত্যন্ত দুখত কাঁতৰ হৈ কৈছিল, তেওঁলোকে ডেবিট-ক্ৰেডিট কাৰ্ড, ইন্টাৰনেট বেংকিংৰ জৰিয়তে টকাৰ লেনদেন নকৰে কিয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে মোবাইল ফোনৰ জৰিয়তে লেনদেন কৰাৰ পৰামৰ্শ দি আহিছে। ভাৰতীয় পুঁজিপতি আম্বানি, আদানি, টাটা, বিড়লাৰ পৰা আৰম্ভ কৰি বলিউদৰ একাংশ তাৰকাৰ মুখতো সেই একেই কথা। নগদ ধন নাই যদি আপোনালোকে নানা ধৰণৰ কাৰ্ডৰ জৰিয়তে প্লাষ্টিক মানি ব্যৱহাৰ নকৰে কিয়? জনসাধাৰণক বুজোৱা হৈছে আপোনালোকে নগদ টকাৰ অভাৱ হ'লেও ভয় নাখাব, ডেবিট কাৰ্ড-ক্ৰেডিট কাৰ্ড আপোনালোকৰ ৰক্ষাকৰ্ত্তা হিচাবে উপস্থিত। বাতৰিকাকতত পৃষ্ঠা ভৰাই এই নগদহীন লেনদেনৰ উপায়বোৰৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। 

আচলতে এই পুঁজিপতি-ক'ৰ্প'ৰেটসকলে মানুহৰ দুদৰ্শাৰ মাজত লাভৰ সন্ধান পাইছে। বিল গেটছৰ মাইক্ৰচফট কম্পেনীয়ে কম্পিউটাৰ, স্মাৰ্টফোনৰ প্ৰযুক্তি বিক্ৰী কৰে। আম্বানীৰ ৰিলায়েন্স জিঅ, টাটাৰ টেলিচাৰ্ভিছ, মিত্তালৰ এয়াৰটেল, ব্ৰিটেনৰ ভোডাফোন আৰু নানা ব্ৰডব্ৰেণ্ডৰ কোম্পানীত আছে দেশী-বিদেশী পুঁজিৰ বিপুল পৰিমাণৰ বিনিয়োগ। তেওঁলোকে ফোনৰ লগতে ইন্টাৰনেটৰো ব্যৱসায়ো কৰে। ইয়াৰ বাহিৰেও নানা ধৰণৰ চৰকাৰী বেংক, বহুবোৰ বেচৰকাৰী বৃত্ত প্ৰতিস্থানে এই সুযোগতে তেওঁলোকৰ ব্যৱসায় বৃদ্ধিৰ আশা কৰিছে। ডেবিট-ক্ৰেডিট কাৰ্ড, পেটিএম, মোবি কুইক আদি মোবাইল ওয়ালেট, ইন্টাৰনেট বেংকিং এনে ধৰণৰ কোম্পানীৰ যোগেদি চলে। প্ৰতিটি লেনদেনত এওঁলোকৰ হাততো এক নিৰ্দিষ্ট অংশ কমিছন হিচাবে টকা জমা হয়, যি সাধাৰণ মানুহৰ পকেটৰ পৰায়েই আহে। যাৰ পৰিমান ইতিমধ্যে বছৰি ১.৫ লাখ কোটি টকা। এতিয়া নগদহীন অৰ্থনীতি আৰম্ভ হ'লে সেই কমিছন কিমান গুণ বাঢ়িব সহজে অনুমেয়। এতিয়া শাক-পাছঁলি ব্যৱসায়ী, পান দোকানী আদিয়ে পেটিএম ব্যৱহাৰ কৰি ব্যয়সায় চলাইছে বুলি যি প্ৰচাৰ চলোৱা হৈছে, তাৰ অন্তৰালত আছে সকলো বৃহৎ পুঁজিপতি-ক'ৰ্প'ৰেটগোষ্ঠীৰ স্বাৰ্থ। এনে ধৰণৰ সেৱা সাধাৰণ মোবাইলৰ জৰিয়তে কৰিব নোৱাৰি। তাৰ বাবে লাগিব স্মাৰ্টফোন। গতিকে জনসাধাৰণক অসহায় অৱস্থাৰ ফালে ঠেলি দি এই স্মাৰ্টফোন কিনিবলৈ বাধ্য কৰোৱা হ'ব। গাৱঁৰ দুখীয়া পৰিয়ালৰ পেটৰ ভাতমুঠি যোগাৰ কৰাৰ আগতে এই দামী মোবাইল ফোন কিনিবলৈ বাধ্য হ'ব। নহ'লে তেওঁলোকৰ সামান্য ফছলখিনি বিক্ৰি অথবা কামৰ মজুৰি পোৱাৰ উপায় নাথাকিব। সেই মোবাইলত সকলো সময়ত ইন্টাৰনেট সংযোগ ৰখাৰ বাবেও বহন কৰিব লাগিব অতিৰিক্ত খৰছ। আমাৰ দেশৰ বহুতো মানুহ আজিও নিৰক্ষৰ, বহুতে টিপচহি দিয়ে, কিছুমানে কোনোপধ্যে চহীটো কৰিব পাৰে। সাধাৰণ দুখীয়া মানুহ এটিএমটো দূৰৰে কথা, বেংক গৈয়ে ভয় খায়। তেওঁলোকে প্লাষ্টিক মানি, এটিএম, মোবাইল বেংক কেনেকৈ ব্যৱহাৰ কৰিব? ইয়াৰ বাবে তেওঁলোকে গাৱঁৰ এচাম মাতব্বৰৰ সহায় ল'ব লাগিব। অৰ্থাৎ গাৱেঁ গাৱেঁ আৰু এক শ্ৰেণীৰ দালাল চক্ৰ গঢ়ি উঠিব।

ভাৰতৰ ৬ লাখৰ মাজত মাত্ৰ ২৭ শতাংশ গাৱঁৰ ৫ মাইলৰ ভিতৰত বেংক আছে (ইণ্ডিয়ান এক্সপ্ৰেছ, ২০ চেপ্তেম্বৰ, ২০১৬)। মোদী ডাঙৰীয়াৰ বহুল প্ৰচাৰিত জনধন যোজনাৰ ৯০ শতাংশ একাউন্টত এবছৰেও কোনো টকা জমা হোৱা নাই। ইয়েই প্ৰমাণ কৰে যে বেছিভাগ মানুহৰে বেংকত জমা ৰাখিব পৰা কোন অতিৰিক্ত টকা নাই। আমেৰিকাৰ সমীক্ষা সন্থা PEWৰ সমীক্ষা অনুসৰি ভাৰতত ৭০ শতাংশ মানুহৰে বাছি থকাৰ বাবে অতি প্ৰয়োজনীয় কিছু বস্তু কিনাৰ বাহিৰে অন্য কিবা কিনা বা টকা জমোৱাৰ ক্ষমতা নাই(স্ক্ৰল ডট ইন, ৪ ডিচেম্বৰ, ২০১৬)। প্ৰায় ৭০ হাজাৰ গাঁৱত কোনো মোবাইল সংযোগ নাই। গাঁৱত বাস কৰা মানুহৰ মাত্ৰ ১৩ শতাংশই ইন্টাৰনেট ব্যৱহাৰ কৰিব জানে। অথছ মোদী ডাঙৰীয়াই কৈছে আমাৰ দেশত বোলে ১০০ কোটি মোবাইল সংযোগ আছে। বাস্তৱতে কিছুমান মানুহৰ একাধিক আছে,বহুতৰে নাই। ট্ৰাইয়ৰ হিচাব মতে আমাৰ ১২৫ কোটিৰ দেশত ১০০ কোটি সংযোগ আছে দেশৰ ৬০ কোটি মানুহৰ হাতত। নগদহীন লেনদেনৰ বাবে প্ৰয়োজনীয় কাৰ্ড চোৱাইপ মেচিন আছে প্ৰতি ১০ লাখ মানুহৰ ৮৫৬টি (৪ ডিচেম্বৰ, ২০১৬)। বিদ্যু যোগানো বহুতো গাঁৱত নাই। এই পৰিস্থিতিত নগদহীন লেনদেনত সাধাৰণ দুখীয়া মানুহৰ অৱস্থা কি হ'ব বুজিবলৈ পণ্ডিত হোৱাৰ আৱশ্যক নাই। 

বৃহৎ পুঁজিপতি আম্বানীৰ ৰিলায়েন্সে আজি কেইমাহমান ধৰি জিঅ' ইন্টাৰনেট সেৱা বিনামূলীয়াকৈ দি থকাৰ প্ৰকৃত উদ্দেশ্য হৈছে ইন্টাৰনেট বেংকিংঙৰ ফালে মানুহৰ নিচা সৃষ্টি কৰি তেওঁলোকৰ বাবে এখন বজাৰ তৈয়াৰ কৰা। যেনেকৈ আজিকালি কিছুমান ছাত্ৰাবাসত প্ৰথমে বিনামূলীয়াকৈ ড্ৰাগছ যোগান ধৰি দুষ্ট চক্ৰই এচাম ছাত্ৰক ড্ৰাগছৰ প্ৰতি আসক্ত কৰে। ভাৰতত ব্যৱহাৰ হোৱা ডেবিট (এটিএম) কাৰ্ড দেশৰ ৯৪.৭ শতাংশ মানুহে ব্যৱহাৰ কৰে বেংকৰ পৰা টকা উলিয়াবলৈ। আজি বেংকসমূহৰ জৰিয়তে মানুহক নগদ ধনৰ যোগান কমকৈ কৰা আৰু ২ হাজাৰ টকীয়া নোটৰ ব্যৱস্থা চৰকাৰে পৰিকল্পনা অনুসৰিয়েই কৰা যেন অনুমান হয় যাতে জনসাধাৰণে নগদহীন লেনদেনৰ ফালে যাবলৈ বাধ্য হয়। পিচে আমেৰিকাৰ দৰে ইমান উন্নত দেশতো আজিও ৫৫ শতাংশ মানুহে নগদ লেনদেন কৰে। সেইদৰে জাৰ্মানী আৰু অষ্ট্ৰেলিয়াৰ ৬৫ শতাংশ মানুহে নগদ লেনদেন কৰে। পুঁজিপতি ৰতন টাটাৰ মতে বিমুদ্ৰাকৰণ নোহোৱা হ'লে নগদহীন যুগৰ ফালে যাবলৈ ভাৰতৰ মানুহক বাধ্য কৰাব নোৱাৰিলে হেতেন।

এতিয়া ক্ৰমান্বে বেংকসমূহ বেচৰকাৰীকৰণৰ ফালে লৈ যোৱা হৈছে। বহুতো দেশী বিদেশী পুঁজিপতি-ক'ৰ্প'ৰেটগোষ্ঠীয়ে এইবোৰত বিনিয়োগ কৰিছে। এয়াৰটেলৰ দৰে মোবাইল পৰিসেৱা ক'ম্পেনীয়েও সম্প্ৰতি বেংক খোলাৰ লাইচেন্স লৈছে। মানুহ যিমানেই নগদহীন লেনদেনৰ ফালে যাব সিমানেই লাভ বাঢ়িব ক'ৰ্প'ৰেট গোষ্ঠীৰ। মানুহে কাৰ্ড কিনি আৰু ব্যৱহাৰ কৰি এসময়ত ইয়াৰ নিচাত ডুবি যায়। হাতত থকা নগদ ধন যিদৰে মানুহে হিচাব কৰি খৰছ কৰে কাৰ্ডৰ নিচাই তাক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে। এটা সময়ত তেওঁলোকৰ ওপৰত পৰে বৃহৎ পৰিমাণৰ ধাৰৰ বোজা। তেতিয়া এফালে তেওঁলোকে ধাৰ পৰিশোধ কৰি যাব লগা হয়, আনহাতে কিনাও বন্ধ কৰিব নোৱাৰা হয়। কাৰ্ড পৰিসেৱা দিয়া এই কম্পেনীবোৰৰ নানা চৰ্ত এই ধাৰৰ বোজাত পোত খোৱা মানুহবোৰে মানিবলৈ বাধ্য হয়। ফলত বজাৰত বিক্ৰি চলি থাকে, মানুহে এনে কিছুমান বস্তু কিনি পেলায় যিবোৰৰ বেছি ভাগেই তেওঁলোকৰ প্ৰয়োজন নাছিল, যিটো বহু বছৰৰ পৰা আমেৰিকাৰ মানুহৰ বাস্তৱ অভিজ্ঞতা। এই পথেদি বজাৰত কিছু কৃত্ৰিম চাহিদাৰ সৃষ্টি হৈ থাকে। ডাঙৰ ডাঙৰ স্বপিংমল ইত্যাদিৰ ঘৰত উঠে বিপুল পৰিমাণৰ লাভ।

আজি বিভিন্ন কম্পেনীৰ ক্ৰেডিট কাৰ্ড ল'বলৈ মানুহ কোনো বিত্ত প্ৰতিস্থানৰ ওচৰলৈ যাব নালাগে, তেওঁলোকৰ প্ৰতিনিধি আহি একো টকা পইছা নোলোৱাকৈ ঘৰতে দি যাব। আজি খুছুৰা ব্যৱসায়ত বৃহৎ পুঁজিৰ প্ৰবেশ কৰোৱাৰ এটা ডাঙৰ চক্ৰান্ত হিচাবে কাম কৰিছে মানুহক এইদৰে কাৰ্ড চোৱাইপ, অনলাইন পেমেন্ট, নেট বেংকিংৰ ফালে ঠেলি দি। আমাৰ ঘৰৰ ওচৰতে থকা সৰু সৰু দোকান যেতিয়া মানুহৰ হাতত নগদ টকাৰ অভাৱত গ্ৰাহক পোৱাৰ পৰা বঞ্চিত হ'ব, সেই সময়টোতে বিভিন্ন কাৰ্ড ক'ম্পেনিবোৰে মধ্যবিত্তসকলৰ এটা অংশক গ্ৰাস কৰিব, যিসকলৰ বহুতেই ইয়াত অভ্যস্ত হৈ পৰিব আৰু ওচৰতে থকা সৰু সৰু দোকানবোৰত যোৱা বন্ধ কৰিব। ফলত সাধাৰণ গেলামালৰ দোকানৰ পৰা কাপোৰৰ দোকানলৈকে, অন্যান্য বহুতো সৰু সৰু ব্যৱসায়ীৰ লালবাতি জ্বলাতো মাথো সময়ৰ অপেক্ষাত। বেছৰকাৰী কিছুমান বেংক আৰু বিত্ত প্ৰতিস্থান ডাঙৰ ডাঙৰ কিছুমান অনলাইন আৰু শ্বপিংমলৰ দৰে বিক্ৰি প্ৰতিস্থানৰ লগত জোট বান্ধি ইতিমধ্যে নানা ভোগপন্যৰ বিক্ৰিত নামি পৰিছে। 

যদিও এই সকলো বস্তু বিক্ৰি কৰিবলৈ মাহেকীয়া কিস্তি, সহজ ঋণ বেংকবোৰে দিব, তাৰ উৎস কি? উসৎ হৈছে দেশৰ সাধাৰণ মানুহক বিপৰ্য্যয়ৰ মুখত পেলাই আদায় কৰা টকাবোৰ। বেংকৰ জৰিয়তে যি টকা গৃহ নিৰ্ম্মাণ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি নানা ব্যৱসায়ত নিয়োগ কৰা হ'ব। বৃহৎ ব্যৱসায়ৰ মালিকসকলৰ এচামক চৰকাৰে আকৌ সেই টকা মাফ কৰি দিব আৰু তাৰ ফল ভূগিব সাধাৰণ মানুহে। 

ইন্টাৰনেট বেংকিং, মোবাইল ওৱালেটৰ জৰিয়তে আদান প্ৰদানত যি বিপুল পৰিমাণৰ জালিয়াতি চলিছে তাক চৰকাৰে বন্ধ কৰিব কেনেকৈ? মোদী ডাঙৰীয়াই নিজ মুখে যি পেটিএমৰ বিজ্ঞাপন দি আহিছে, তাৰ ভাৰতৰ প্ৰধান বিজয় শেখৰ শৰ্ম্মায়ে মানি লৈছে যে, কাৰ্ডৰ পৰা যিদৰে গ্ৰাহকৰ তথ্য চুৰি হৈ জালিয়াতি কৰা মানুহৰ হাতত পৰিব পাৰে, এই POS সেৱাৰ দ্বাৰা একেই কায়দাৰে তথ্য চুৰি কৰা অতি সহজ। ইতিমধ্যে বহুতো মানুহ এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি জালিয়াতিৰ কবলত পৰি সৰ্বস্বান্ত হৈছে।

আমোদজনক কথা হ'ল, মোদী ডাঙৰীয়াই যি পেটিএমৰহৈ প্ৰচাৰ চলাইছে, তাত আছে ভাৰত আৰু চীন দেশৰ বেচৰকাৰী পুঁজি। অথচ চীন বিৰোধী অবেগৰ জোৱাৰ বিজেপিৰ তথাকথিত 'দেশপ্ৰেমৰ' অন্যতম শ্লোগান। এইবোৰ সন্থা ৰিজাৰ্ভ বেংকৰ অনুমোদন প্ৰাপ্তও নহয়। আইনী নিয়ন্ত্ৰণহীন এই সন্থাবোৰ এদিন হঠাৎ যদি জনসাধাৰণক ঠগন দি দেশৰ পৰা উধাও হয় চৰকাৰৰ কৰিব লগা একো নাথাকিব। জালিয়াতি হ'লেও চৰকাৰে আইন নথকাৰ দোহাই দি মানুহক অসহায় অৱস্থালৈ ঠেলি দি হাত সাৰিব। মধ্যবিত্ত, উচ্চবিত্ত যিসকলৰ মাজত শিক্ষাৰ হাৰ বেছি তেওঁলোকেই যেতিয়া জালিয়াতিৰ সহজ চিকাৰ হৈছে এই অৱস্থাত পান-তামোল-গেলামালৰ পৰা শাঁক-পাছলি-ফলমূলৰ ক্ষুদ্ৰ বিক্ৰেতালৈকে যিসকলক পেটিএম বিজ্ঞাপনৰ মুখ হিচাবে তুলি ধৰা হৈছে তেওঁলোকক প্ৰতাৰণা কৰাতো নেট বেংকিংৰ ঘাগু জালিয়াতি কৰাবোৰৰ বাবে আৰু সহজ হ'ব। আজি এনেদৰেই ক'ৰ্প'ৰেটৰ স্বাৰ্থত মোদী চৰকাৰে দেশৰ অগণন মানুহক চৰম বিপদৰ ফালে ঠেলি দিছে। এইয়া হৈছে মোদী ডাঙৰীয়াই প্ৰতিষ্ঠা কৰিব বিছৰা তথাকথিত ডিজিটেল ভাৰতত ডিজিটেল শোষণৰ অত্যন্ত সু-কৌশলী গ্ৰাউণ্ড ওৱৰ্ক।
লেখক সমাজ-ৰাজনৈতিক বিশ্লেষক আৰু গুৱাহাটীৰ আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। ফোন: ৯৪৩৫৭০৪০৯০

No comments:

Post a Comment