হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. অসমত সৰ্বাডেকা চৰকাৰে কইনা খোজত কাম কৰিছে বুলি কইনাধৰা নিবাসী গগৈ বৰদেউতাই পেচ পতা বুলিও বাতৰি প্ৰকাশ পাইছে। বৰদেউতাক এতিয়া সমালোচনা আওৰোৱাতকৈ ঘৰত কনপোনা গগৈৰ নাতি নচুওৱাতহে মনোনিবেশ কৰিবলৈ সদৌ অসম সৰ্বাডেকা ফেন ক্লাৱে আহ্বান জনাইছে।

২. আমেৰিকাত ডনাল্ড দাইটিয়ে ৱাশ্বিংটনত বগা ঘৰত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে। সেই উপলক্ষতে আচলতে অসমতো কাপোৰ বগা কৰাত সিদ্ধহস্ত ৱাশ্বিং পাউদাৰ নিৰমা গানটো ছুপাৰহিট হোৱাৰ এক বিশেষ যোগসূত্ৰ থকাৰ কথাও প্ৰকাশ পাইছে। আচলতে দুয়োটা পৰিঘটনাই ৰাহু-কেতুৰ দশাৰ প্ৰভাৱতে হোৱা বুলিও জ্যোতিষী হিৰো ইয়ঙে প্ৰকাশ কৰিছে।

৩. চিউসাগৰত হতবাৰ্ষিকী পাতিবলৈ অহা চাহিত্য চাফাৰ অনুষ্ঠানটোত পানী ঢালি প্ৰশমন কৰি পৰামনন্দ লাভ কৰা নাৰীলোভী ৰাজবংশীক এতিয়া ফায়াৰ বিগ্ৰেডত চাকৰি দিবলৈকো ৰাইজে দাবী জনাইছে। 

৪. ‘মেট্ৰ ৰেলত ঐ, যাম বৰঝাৰ’ নামৰ বিহুগীতটিৰ কাম পূৰ্ণদ্যমে চলি থকা বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰে ৰঙামাটি গুৱাহাটীত মেট্ৰ’ ৰেল বনাবলৈ টকা দিব বুলি ওলোৱা খবৰ পাই সেই শুভক্ষণত সেইবিষয়ত অসমীয়া গানৰ এটি ভিডিঅ’ মুকলি নকৰিলে পাপে চুব বুলি গম পায়েই ছুপাৰহিট শিল্পী সংঘই এই পদক্ষেপ লোৱা বুলিও জানিব পৰা গৈছে।

৫. পঞ্চায়ত ইলেকচনৰ বাবে পদুম পাৰ্টিয়ে বিশেষ ৰণকৌশল তৈয়াৰ কৰিবলৈ লোৱা বুলি জানিব পৰা গৈছে। এই উপলক্ষত দল-সলনি কৰিব খোজা আগ্ৰহী সুযোগ-সন্ধানী সকলৰ বাবে বিশেষ অফাৰসহ আদৰণি উতসৱো এই ৰণকৌশলৰ অংশ হবই বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।

৬. মিউজিকেল চেয়াৰ প্ৰতিযোগিতাত চকী কাঢ়ি লব পৰা দক্ষতা প্ৰতিপন্ন কৰা সকলক ৰাজনৈতিক পথাৰতো প্ৰৱেশৰ বিশেষ অগ্ৰাধিকাৰ দিব লাগে বুলিও সদৌ অসম মাঘী মেলা সংঘই দাবী কৰিছে।

৭. অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পটুল বৰাই নিজিৰ স্থিতি অটল বুলি প্ৰকাশ কৰিছে। পটলৰ মূল্যবৃদ্ধিয়ে যাতে ৰাইজক কোঙা কৰিব নোৱাৰে, সেইবাবেই বাংলাদেশীৰ ইছ্যুটোত চিৰদিন ফুটবল খেলাদি খেলা কৰি থকাৰ স্থিতিটোৰ পৰা আঁতৰি অহাৰ প্ৰশ্ন নাহে বুলিও খেতি-বাতি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে।

৮. এটিএমৰ পৰা এবাৰেই দুই হাজাৰ টকা উলিয়াই নি সেই ধনৰ সদব্যৱহাৰ কৰি কেইবামাহো চলাৰ উদাহৰণ দাঙি ধৰা ৰাজকুমাৰ পাপু গান্ধীক বিশেষ বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। তেওঁক ৰাষ্ট্ৰীয় মিতব্যয়ী যুৱ বঁটাৰ সৈতে এটা ফটা পাঞ্জাৱী চোলাও নিৰ্বাচনী সভাত নাটক কৰাৰ বাবে উপহাৰ দিয়া বুলিও গোপন সূ্ত্ৰত প্ৰকাশ পাইছে।

৯. দৰমহা কম বাবেই ব্লেকমেইলিঙ সাংবাদিক মৌলিক অধিকাৰ বুলি ঘোষণা কৰিবলৈ বিশিষ্ট টিভি সাংবাদিক ৰিপুদমন বৰাই দাবী কৰিছে। পৰ্দাত হাই-ফাই দেখালেই নহব, সেইমতে লাইফ ষ্টাইল মেইনটেইন কৰিবলৈ এনে মৌলিক অধিকাৰ লাভ নকৰিলে কোনো বেলেগ উপায় নাই বুলিও তেখেতে নিজৰ ‘মন কী বাত’ প্ৰকাশ কৰিছে।

১০. মাঘ বিহুৰ পাছতো সদৌ অসম পিগনিক-চিকনিক মহোসতৱ শাম নকটালৈ চাই সদৌ অসম গাহৰি সন্থাই উদ্বেগ প্ৰকাশ কৰিছে। পিগনিকত পিগ আৰু চিকনিকত কিমান চিকেন শ্বহীদ হোৱাৰ পাছত এই মহোতসৱৰ অন্ত পৰিব, তাকে জানিবলৈ সন্থাই অচিৰেই চুপ্ৰিম কৰ্টত আৰ.টি.আই কৰিব বুলিও প্ৰকাশ পাইছে।

No comments:

Post a Comment