সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১.  কেন্দ্ৰীয় শিল্পী দিৱস চৰকাৰী উদ্যোগত প্ৰথমবাৰৰ বাবে গহপুৰত পালিত হয়। কেন্দ্ৰীয় শিল্পী দিৱসত মৃদুলা দাস আৰু ৰমেন চৌধুৰীত শিল্পী বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।ষ্টডিঅ’চিত্ৰবনক সংৰক্ষণ কৰাৰ বাবে পদক্ষেপ লোৱাৰ লগতে শিল্পী গজেন বৰুাৱৰ স্মৃতিতো ৰাজ্য চৰকাৰে বঁটা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সুখবৰ ঘোষণা কৰে।


২. গুৱাহাটীত শিল্পী দিৱসত আছুৱে আয়োজন কৰিলে ব্যতিক্ৰমী অনুষ্ঠানৰ। কামৰূপ নাট্য সমিতিৰ সহযোগত ‘আঁৰৰ মানুগৰাকীলৈ কৃতজ্ঞতা’ শীৰ্ষক অনুষ্ঠানত ৰাজ্যখনৰ স্বনামধন্য ১৯গৰাকী প্ৰয়াত শিল্পীৰ পত্নীক সম্বৰ্ধনা জনায় কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আয়োজিত অনুষ্ঠানত।

৩. অসম ইঞ্জিনীয়াৰিঙ কলেজৰ-১৯৯২ বেটচৰ উদ্যোগত কামৰূপ জিলাৰ বৰ-তেজপুৰৰ মধুপুৰ গাঁৱত কৰ্কট ৰোগৰ সজাগতা আৰু বিনামূলীয়া শিবিৰ অনুষ্ঠিত হয়। স্বেচ্ছাসেৱী সংস্থা দীপশিখা, ইএমআৰআই ১০৮ সেৱাৰ সহযোগত এই কাৰ্যসূচী ৰূপায়িত হয়।

৪. বিগত সাত বছৰে ধৰি অনুষ্ঠিত হৈ অহা ফেৰেংগাদাও নাট প্ৰতিযোগিতাখনি এই বৰ্ষৰ পৰা ব্ৰজনাথ শৰ্মা সোঁৰণী নাট প্ৰতিযোগিতা ৰূপে অনুষ্ঠিত কৰা হব। অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা তিনি দিনীয়াকৈ এই প্ৰতিযওগিতা গুৱাহটীৰ লখৰাত অনুষ্ঠিত হব।

৫. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগপৱালাৰ বহু অমূল্য অপ্ৰকাশিত পাণ্ডুলিপি তথা সম্পদ এটি পুৰণি বাকচত উদ্ধাৰ কৰিছে পৰিয়ালে। এই সম্পদৰাজি কালি সংৰক্ষণৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ক আনুষ্ঠানিক ভাৱে কালি প্ৰদান কৰে পৰিয়ালবৰ্গই।

৬. প্ৰসাৰ ভাৰতীৰ সৌজন্যত অহা ১৯জানুৱাৰীত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত মহাপুৰুষ দুজনাৰ বিৰচিত ১০০টাকৈ বৰগীতৰ এখনি সংকলন উন্মোচিত হব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী উপস্থিত থাকিব।

৭. যোৰহাটত অনুষ্ঠিত হৈছে সদৌ অসম শিশু ভাওনা সমাৰোহ। অনুষ্ঠানত উপস্থিত থাকি শিশুৰ অভিনয়ত মুগ্ধ হৈ ৰাজ্যপাল পুৰোহিতে শিশুৰ চৰিত্ৰ গঠনৰ বাবে মহাপুৰুষীয়া সংস্কৃতি উত্তম মঞ্চ বুলিও মত প্ৰকাশ কৰে।

৮. ভাৰতীয় ছাত্ৰ সংসদে পুণেত প্ৰদান কৰিব লগা আদৰ্শ যুৱ বিধায়ক বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দুগৰাকীকৈ বিধায়ক। তেওঁলোক বিজেপিৰ জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰিকা আৰু কংগ্ৰেছৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বুলি জানিব পৰা গৈছে।

৯. ৰাজহুৱা স্থানত ধুমপান কৰাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে চৰকাৰ প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে। শিৱসাগৰত এগৰাকী বেংক বিষয়াক জৰিমনা বিহাৰ খবৰো প্ৰকাশ পাইছে।

১০. মাওবাদীৰ বিৰুদ্ধে যুঁজিবলৈ অঞ্চলৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মোদী চৰকাৰে। চত্তিশগড়ত আইন শৃংখলা অধিক উন্নীত কৰিবলৈ ৫০খন নতুন থানা স্থাপনৰ লগতে যোগাযোগ উন্নীতকৰণৰ বাবে ৩৫টাকৈ নতুন মোবাইল টাৱাৰ মাওবাদী প্ৰভাৱিত অঞ্চলত স্থাপন কৰা হব বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment