সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ছয় জানুৱাৰীৰ পৰা দহ জানুৱাৰীলৈ তিনিচুকীয়াত অনুষ্ঠিত হব অসম নাট্য সন্মিলনৰ অধিৱেশন। এই অধিবেশনতে ডাঃ তাৰিণী কান্ত বঁটা, মহেন্দ্ৰ বৰঠাকুৰ বঁটা, ব্ৰজ নাথ শৰ্মা বঁটা আৰু অসম নাট্য সন্মিলন বঁটা ক্ৰমে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাধ্যাপিকা ডঃ ত্ৰিপুৰাৰী শৰ্মা, অভিনেতা আদিল হুছেইন, ৰফিকুল হুছেইন আৰু আৰতি শৰ্মালৈ আগবঢ়োৱা হব।

২. সাহিত্য অকাদেমি বঁটা বিজয়ী অনুবাদক, লেখক বিপুল দেউৰী অনুদিত গ্ৰন্থ ‘দ্য ছৌল অৱ ৰাইনো’ কালি গুৱাহাটীৰ বনফুল প্ৰকাশনৰ কাৰ্যালয়ত উন্মোচিত হয়। গঁড়ৰ চোৰাং বেহা আৰু সংৰক্ষণ সম্পৰ্কীয় বহুতো দিশ এই গ্ৰন্থত উন্মোচিত হৈছে বুলিও জানিব পৰা গৈছে।

৩. পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৩৫তম দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অধিবেশনস্থলী চৰাইদেউত অচিৰেই সাংস্কৃতিক-শৈক্ষিক প্ৰকল্প গঢ়ি তোলা হব বুলি সুখবৰ ঘোষণা কৰিছে।

৪. কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ পৰা প্ৰকাশিত ‘চিংথুৰ’ কাকতগোষ্ঠীয়ে প্ৰৱৰ্তন কৰা ৰংবং তেৰং সমন্বয় বঁটা প্ৰথম বৰ্ষৰ বাবে সাংস্কৃতিক গৱেষক, গীতিকাৰ ডঃ বীৰেন্দ্ৰ নাথ দত্তলৈ আগবঢ়োৱা হৈছে।

৫. গহপুৰত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৌজন্যত পালিত হব কেন্দ্ৰীয় শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ সম্পদ সমূহক সংৰক্ষণৰ বাবেও সৰ্বানন্দ সোনোৱাল চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৬. অসমীয়া থলুৱা খাদ্য সামগ্ৰীক ব্যৱসায়ীক ৰূপত সফলতাৰে ২৪টা বছৰ আদৰ্শ দেখুওৱা উদ্যমী অজিত শৰ্মা বৰুৱাৰ জীৱন আৰু কৰ্মক সামৰি লৈছে এই বৰ্ষৰ ‘ৰেইনচফট’ৰ উতপল-ধনজিত কেলেণ্ডাৰে। একোগৰাকী সফল অসমীয়াৰ জীৱনক উজলাই তোলা বাৰ্ষিক ব্যতিক্ৰমী কেলেণ্ডাৰখনি কালি গুৱাহাটীৰ ‘নাগামিজ’ নামৰ খাদ্য বিপনীত উন্মোচন কৰা হয়।

৭. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ এমেৰিটাছ, ঔপন্যাসিক, সাহিত্য অকাদেমিৰ ভাৰতীয় সাহিত্যৰ বিশ্বকোষৰ সম্পাদক অধ্যাপক ডঃ অমৰেশ দত্তক অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ তৰফৰ পৰা এই বৰ্ষৰ ‘সাৰস্বত সন্মান’ আগবঢ়োৱা হৈছে। 

৮. দেশৰ শক্তিখণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা উদয় নামৰ আঁচনিৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিলে অসম চৰকাৰে। এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় ১৬৬৩কোটি টকা লাভ হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৯. কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব আইনৰ সংশোধনীৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ বিৰোধিতা কৰি ৰাজ্যজোৰা প্ৰচাৰ অভিযান চলাব বুলি জানিব পৰা গৈছে। অৰুণাচলৰ জাগুনৰ পৰা এই অভিযান আৰম্ভ কৰা হব।

১০. দৈনিক জনমভূমি কাকতৰ অন্যতম প্ৰতিষ্ঠাতা কৰ্মযোগী কনক চন্দ্ৰ শৰ্মাৰ সোঁৰণত সংবাদ গোষ্ঠীটোৱে প্ৰদান কৰি অহা শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা এইবাৰ আগবঢ়োৱা হৈছে মাহমৰাৰ সাংবাদিক নুৰুজ চাবুকধৰালৈ। অহা ১১জানুৱাৰীত এই বঁটা প্ৰদান কৰা হব।

No comments:

Post a Comment