সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বা্চল পৰ্যটন উন্নয়ন পৰিষদ গঠন কৰিব বুলি ডনাৰ মন্ত্ৰীয়ে সদৰী কৰিছে।

২. অসমৰ কৃষি অৰ্থনীতিক দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে অসম চৰকাৰে। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অহা পাঁচ বছৰত অসমৰ ২৫হাজাৰ গাঁৱত এই উদ্দেশ্যে ৩০হাজাৰ কোটি টকা ব্যয় কৰিব বুলি কালি গুৱাহাটীৰ খানাপাৰাত কৃষি উদ্যান শস্য মেলা উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।

৩. চৰকাৰী দামত এইবাৰ অসমৰ কৃষকৰ পৰা ১.৪০লাখ মেট্ৰিক টন ধান চৰকাৰে ক্ৰয় কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তিনিটা প্ৰতিষ্ঠানেও এই ক্ষেত্ৰত পদক্ষেপ লোৱা বুলিও বাতৰি প্ৰকাশ পাইছে।

৪. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অহা ৮-১০ জানুৱাৰী’২০১৭ত শ্ৰীমন্ত শংকৰদেৱ দ্বিতীয় বাৰ্ষিক আন্তৰ্জাতিক মহোতসৱ অনুষ্ঠিত হব। তিনিও সন্ধিয়া শংকৰদেৱ বিৰচিত ‘ৰামবিজয় নাট’খন স্পেনিচ ভাষাত প্ৰদৰ্শিত হব আৰু ইয়াত বিভিন্ন ভাৱত বিদেশী শিল্পী সকলেই অভিনয় কৰিব।

৫. গুৱাহাটী গ্ৰন্থমেলাত বিগত ৮দিনত প্ৰায় দুই কোটি টকাৰ কিতাপ বিক্ৰী হোৱাৰ সুখবৰ। নেদাৰলেণ্ড ৰেড বাউড বিশ্ববিদ্যালয়ত জ্যোতি পদাৰ্থ বিজ্ঞান বিষয়ত গৱেষণাৰত যুৱ বিজ্ঞানী পয়স্বিনী শইকীয়াই ‘মহাজগত জিজ্ঞাসা’ নামৰ অনুষ্ঠানত শিক্ষাৰ্থীৰ সৈতে অন্তৰংগ আলাপত অংশ গ্ৰহণ কৰি বিষয়টোত উচ্চ শিক্ষাৰ বাটবোৰৰ কথা বাখ্যা কৰে।

৬. যোৰহাট জিলাৰ হাতীগড় মৌজাত মঘাই ওজা ক্ষেত্ৰত অহা ১৮-২২জানুৱাৰীলৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজিত হৈছে।

৭. আজি গুৱাহাটী গ্ৰন্থমেলা প্ৰাংগনত অসমৰ প্ৰতিভাবান যুৱ লেখক তথা মীন গৱেষক লীলাকান্ত পায়েঙৰ প্ৰৱন্ধ সংকলন ‘বাস্তৱ চিন্তা’ উন্মোচিত হব। অসমৰ প্ৰায় বিলাক কাকত আলোচনীৰ লগতে অসমীয়াৰ সুখ-দুখতো নিয়মীয়াকৈ নিৱন্ধ লিখা পায়েঙৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে প্ৰতিশ্ৰুতি প্ৰকাশনে।

৮. কালি বোকাখাতৰ আগৰতলী পথাৰত ডিৱাই৩৬৫ৰ ভোগালী আড্ডাৰ বাকৰি উন্মোচিত হয় গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ নব্য গল্প সংকলন ‘ভুল সত্য’। অসমৰ ২৬গৰাকী গল্পকাৰৰ নিৰ্বাচিত গল্পৰ সংকলন ‘বছৰৰ গল্প ২০১৬’ও আঁক-বাঁক প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে।

৯. শিৱসাগৰৰ কোঁৱৰপুৰত ৭ আৰু ৮জানুৱাৰীত জুম্মা মজছিদ কমিটিয়ে আয়োজন কৰিছে দ্বীনি জলছাৰ। ইয়াৰ সৈতে এখন মুকলি ইছলামিক সাহিত্যৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। হজৰত মহম্মদৰ জীৱন দৰ্শনৰ ওপৰত বক্তৃতাৰো আয়োজন কৰাৰ বাতৰি প্ৰকাশ পাইছে।

১০. মাজুলীৰ কিশোৰ পেগুৱে বিহাৰৰ পাটলিপুত্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বস্কিং প্ৰতিযোগিতাত ছিনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ। গুৱাহাটীৰ দীঘলীপুখুৰীত অনুষ্ঠিত আন্তঃজিলা ৰয়িং প্ৰতিযোগিতাতত শিৱসাগৰৰ দলটোৱে ৭টা সোণ, ৫টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

No comments:

Post a Comment