১. অহা ২৮জানুৱাৰীত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতীন গাদকাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব শৰাইঘাটৰ নতুন দলঙখন।
২. গুৱাহাটীত মেট্ৰ’ ৰেলৰ স্বপ্ন বাস্তৱ হোৱাৰ পথত। কালি হোৱা ৰাজ্যিক কেবিনেট বৈঠকে নাৰেংগীৰ পৰা বৰঝাৰ পৰ্যন্ত মেট্ৰ’ ৰেলৰ প্ৰথম পৰ্যায়ৰ প্ৰকল্পৰ বাবে ১৮হাজাৰ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ সুখবৰ।
৩. কালি গুৱাহাটীত উন্মোচিত হয় কলাৰত্ন ৰত্ন ওজাৰ নিৰ্বাচিত গীতৰ শ্ৰব্য সঁফুৰা ‘মোৰ সঁচা পৰিচয়’।
৪. দেৰগাঁৱৰ কিশোৰ টংকেশ্বৰ পেগুলৈ আগবঢ়োৱা হৈছে ২০১৬বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা। নিজৰ প্ৰাণকো বিপন্ন কৰি বানত উটি যোৱা এগৰাকী মহিলাক উদ্ধাৰ কৰাৰ কাৰ্যৰ শলাগ লৈয়ে এই বঁটাৰ বাবে কিশোৰ গৰাকীৰ নাম বিবেচনা কৰা হৈছে।
৫. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমগ্ৰ ৰচনাৱলী উপলদ্ধ হব ইণ্টাৰনেটত। তেজপুৰ বিশ্ববিদ্যালয়ে এই সৃষ্টিৰাজিক ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি বিশ্ববাসীয়ে থাওকতে পোৱাৰ ব্যৱস্থা কৰিব।
৬. জীৱন ইনিচিয়েটিভৰ উদ্যোগত আজিৰে পৰা ২৩জানুৱাৰী পৰ্যন্ত গুৱাহাটীৰ পানবজাৰৰ লুইতৰ পাৰত অনুষ্ঠিত হব ষষ্ঠ জীৱন চিলা ও নদী মহোতসৱ। ইয়াৰ দ্বাৰা ব্ৰহ্মপুত্ৰক লৈ সচেতনতা বৃদ্ধিৰ বাবেও বিভিন্ন পদক্ষেপ লোৱা হৈছে বুলিও জানিব পৰা গৈছে।
৭. কাইলৈ মুক্তি পাব ক্ৰাউড ফাণ্ডিঙেৰে নিৰ্মাণ কৰা অসমীয়া চিনেমা ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’। ছবিখনৰ কাহিনী/পৰিচালনা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসৰ।
৮. যোৰহাটত আই-কাৰ্ড নামৰ সংস্থাই সফলতাৰে উত্তৰ-পূৱ সাংস্কৃতিক মহোতসৱখন অনুষ্ঠিত কৰে। জনজাতীয় সমাজৰ জীৱনধাৰা, সংস্কৃতি, আলোকচিত্ৰ, খাদ্যৰ জুতি আদিৰে এই আয়োজন সমৃদ্ধ হোৱাৰ বাতৰি।
৯. ভাৰতীয় সেনা-বাহিনীৰ শিৱসাগৰ চহৰৰ ৰংঘৰ চাৰিআলিত থকা শিবিৰে ‘অপাৰেচন সদ্ভাৱনা’ শিতানত জিলাখনৰ নিৰ্বাচিত পাঁচগৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ মুঠ এক লাখ টকাৰ জলপানি প্ৰদান কৰে।
১০. প্ৰাগ নিউজ চেনেলে কালি গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ বাবে এখন সাতখন আসনযুক্ত এম্বুলেঞ্চ প্ৰদান কৰে। এই এম্বুলেঞ্চে গুৱাহাটীৰ ৭০কিলমিটাৰ ব্যাসাৰ্দ্ধলৈকে সেৱা আগবঢ়াব।
No comments:
Post a Comment