চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

'আমি’, 'সিহঁত' আৰু গৰাখহনীয়া
আশ্বিক জামান
উত্তৰ-উপনিৱেশবাদ যুগৰ 'প্ৰাচ্যবিদ্যা’ (Orientalism) ৰ ওপৰত সম্ভৱত আটাইতকৈ বলিষ্ঠ চিন্তাবিদজন হ’ল এডৱাৰ্ড চাইদ। তেওঁৰ বিখ্যাত কিতাপ ’Orientalism' ত তেখেতে দেখুৱাইছে কেনেকৈ পশ্চিম দেশৰ বুদ্ধিজীৱী সকলে ’পাশ্চাত্য’ তকৈ সম্পূৰ্ণ পৃথক এক ’প্ৰাচ্য’ ৰ ধাৰণা সৃষ্টি কৰিছিল কেৱল মাত্ৰ উপনিৱেশকতাবাদ আৰু সাম্ৰাজ্যবাদক এক বৌদ্ধিক ন্যায্যতা প্ৰদান কৰাৰ বাবে| এডৱাৰ্ড চাইদৰ ভাষাত - "Orientalism is a Western style for Orientalizing the Orient. "| প্ৰাচ্য আৰু পাশ্চাত্যৰ ধাৰণাটোক নিৰ্ধাৰণ কৰা হৈছিল ’আমি’ আৰু ’সিঁহত’ ৰ ধাৰণা সৃষ্টিৰ মাজেদি। ইয়াত ’আমি’ হ’ল পাশ্চত্য, আৰু ’আমাৰ’ অৰ্থাত পাশ্চত্যৰ সম্পূৰ্ণ অধিকাৰ বা ক্ষমতা আছে দুৰ্বল আৰু নিষ্ক্ৰিয় ’সিহঁতৰ’ অৰ্থাত ’প্ৰাচ্য’ ৰ সজ্ঞা নিৰ্ধাৰণ কৰাৰ। দৰাচলতে ’প্ৰাচ্য’ আচলতে কি সেয়া ’প্ৰাচ্য’ ৰ মানুহক নিৰ্ধাৰণ কৰি দিয়াটো ’আমাৰ’ অৰ্থাত পাশ্চাত্যৰ এক নৈতিক দায়িত্ব।

এডৱাৰ্ড চাইদৰ দৃষ্টিৰে যদি লক্ষ্য কৰা যায় তেন্তে বুজি পাবলৈ সুবিধা হব যে কিদৰে অসমত এটা সম্পূৰ্ণ জনগোষ্ঠীক ’সিঁহত’ বনোৱা হৈছে | কিদৰে অসমৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশ মানুহক ’সিঁহত’ বুলি গণ্য কৰা হয়, গণ্য কৰা হয় নিকৃষ্ট, পশ্চাদমুখী, অসামাজিক আৰু বিপদজনক হিচাপে। অতীতত সিঁহতক কোৱা হৈছিল "ন-অসমীয়া" বুলি , কোৱা হৈছিল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সিঁহতৰ অৱদান-সহযোগৰ কথা। এতিয়া সিঁহতক কোৱা হয় "বাংলাদেশী" বুলি, কোৱা হয় 'সিঁহতৰ’ উপস্থিতিয়ে কিদৰে প্ৰত্যাহ্বানজনক হৈ পৰিছে 'আমাৰ’ বাবে | এই 'সিহঁত’ আৰু ’আমাৰ’ ধাৰণাৰ মাজত পণবন্দী হৈছে ইতিহাস আৰু যুক্তি, ভূলুন্ঠিত হৈছে মানৱতা, নূন্যতম মানৱিক সহমৰ্মিতা।

অসমৰ ইতিহাসত যদি কোনো একক পৰিঘটনাক স্থায়ী বুলি চিহ্নিত কৰা হয়, তেন্তে নিসন্দেহে সেয়া হব ’প্ৰবজন’। অসমৰ নৃতাত্বিক ইতিহাস দৰাচলতে এক প্ৰবজনৰ ইতিহাস | কোনো এদল এশ বছৰ আগত আহিছে, কোনোবাই পাছত। ’ভূমি-পূত্ৰ’ ৰ ধাৰণাটো এক ঐতিহাসিক অসত্য আৰু দাবীটো আৱেগিক অতি-ৰঞ্জন | গতিকে , অসমৰ প্ৰবজন সম্পৰ্কীয় সমস্যাক আওকান বা লঘু কৰাৰ কোনো অভিপ্ৰায় আমাৰ নাই | বাংলাভাষী ইছলাম ধৰ্মাৱলম্বী মানুহৰ বিভিন্ন সময়ত এই ভূ-খন্ডলৈ কৰা প্ৰবজন এক ঐতিহাসিক সত্য | অধুনা বাংলাদেশৰ পৰা কৰা প্ৰবজন আৰু তাৰ ফলত সৃষ্টি হোৱা সমস্যা অসমৰ এক আৰ্থ-সামাজিক বাস্তৱতা | ইয়াক অস্বীকাৰ কৰাৰ ধৃষ্টতা নিশ্চয় কাৰো নাই | কিন্তু বাংলা-ভাষী ইছলাম ধৰ্মাৱলম্বী মানুহৰ প্ৰবজনৰ ইতিহাসক সামগ্ৰিক ভাবে অৱলোকন কৰাটো অতি জৰুৰী হৈ পৰিছে, ব্ৰিটিছ ভাৰতৰ পূৰ্ব-বঙ্গৰ পৰা চৰকাৰী তত্ত্বাবধানত হোৱা আন্ত-ৰাজ্যিক প্ৰবজনৰ পৰা আৰম্ভ কৰি উত্তৰ-৭১ চনৰ অবৈধ প্ৰবজনৰ মাজত যি বৃহত প্ৰভেদ সেই কথা সহজতে পাহৰি যোৱাটো এক বৌদ্ধিক অসততা | উত্তৰ -৭১ চনত হোৱা অবৈধ প্ৰবজন সম্পৰ্কীয় সমস্যাৰ আলমত এটা সমগ্ৰ জনগোষ্ঠীক পণবন্দি কৰি কৰা লঘু-লাঞ্ছনা, দাড়ি-টুপি পিন্ধা এদল মানুহ দেখিলেই বাংলাদেশী বুলি কোৱাৰ প্ৰবণতা আমাৰ সমাজৰ মানৱিক অৱক্ষয়কে নুসূচায়, এচাম মানুহৰ মানসিক বিকাৰগ্ৰস্থতাকো সূচায় |

যোৱা ২১ ডিচেম্বৰ তাৰিখে ছিপাঝাৰৰ দক্ষিণৰ চৰ অঞ্চলৰ পৰা প্ৰায় দুই-শতাধিক পৰিয়ালক উচ্ছেদ কৰা হয়। অভিযোগ মতে তেওঁলোকে চৰকাৰী ভূমি বেদখল কৰি আছিল।| দৰং জিলা প্ৰশাসন চৰকাৰী মাটি বেদখলমুক্ত কৰাৰ বাবে নিসন্দেহে ধন্যবাদৰ পাত্ৰ | কিন্তু চৰকাৰী মাটি বেদখল্মুক্ত কৰাৰ এই প্ৰশাসনিক পদক্ষেপৰ বিষয়ে সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা হ’ল যে উক্ত চৰকাৰী মাটিৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰা হ’ল বুলি ( কিছুমানত অৱশ্যে ’সন্দেহযুক্ত বাংলাদেশী’ বুলি উল্লেখ কৰিছে )| এয়া অতি ভয়ঙ্কৰ কথা | অসমৰ মাজ-মজিয়াত যদি অবৈধ বাংলাদেশী চৰকাৰী মাটি দখল কৰি আছিল, তেন্তে সেই 'বাংলাদেশী’ সকলক কেৱল উচ্ছেদ কৰি এৰি দিয়া কিয় হ’ল ? যদি সিঁহত সঁচাকৈয়ে বাংলাদেশী আছিল, তেন্তে সিঁহতক কৰায়ত্ত কৰি ডিটেন্চন কেম্পলৈ পঠোৱা কিয় নহ’ল ? নে কেৱল মাত্ৰ লুঙ্গি পিন্ধা আৰু দাড়ি থকা কাৰণেই সিঁহতক 'বাংলাদেশী’ বুলি কোৱা হ’ল ?

'দ্য হিন্দু’ কাকতত ২০১২ চনৰ এক প্ৰবন্ধত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক কোৱা হৈছে ’ নিৰৱ আপাতকাল’ (Silent Emergency) বুলি | প্ৰবন্ধটোত কোৱা হৈছে যে স্বাধীনোত্তৰ কালত অসমৰ প্ৰায় চাৰি হেজাৰ বৰ্গ কিমি মাটি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে যাৰ ফলত প্ৰায় পঞ্চাশ লাখ মানুহ স্থানান্তৰিত হৈছে | ইন্ডিয়ান ইন্ষ্টিটিউট অৱ হাইড্ৰ’লজিৰ অৰ্চনা চৰকাৰ আৰু ইন্ডিয়ান ইন্ষ্টিটিউট অৱ টেকন’লজি, ৰুৰকীৰ অধ্যাপক আৰ.ডি. গাৰ্গ আৰু নয়ন শৰ্মাৰ এক অধ্যায়নত কোৱা হৈছে, কেৱলমাত্ৰ ১৯৯০ চনৰ পৰা ২০০৮ চনৰ ভিতৰত ১০৫৩ বৰ্গ কিমি মাটি গৰাখহনীয়াৰ ফলত নিশ্চিহ্ন হৈ গৈছে | এই বৃহত মাটি-কালিত বসবাস কৰা লোকসকল কলৈ গ’ল ? নকলেও হ’ব যে নামনি আৰু মধ্য অসমত গৰাখহনীয়া দ্বাৰা ক্ষতিগ্ৰস্ত মানুহৰ সৰহ ভাগেই বঙ্গীয়মূলৰ মুছলমান জনগোষ্ঠিৰ | গৰাখহনীয়াৰ ফলত অসমত এক বৃহত দৰিদ্ৰ ’ভাসমান জনসংখ্যা’ (Floating Population) ৰ সৃষ্টি হৈছে | অতি স্বাভাৱিক ভাবেই এই দৰিদ্ৰ ভাসমান মানুহৰ দল উজাই গৈ চৰকাৰী তথা আন পতিত মাটি দখল কৰাৰ চেষ্টা কৰিব | এয়া জীয়াই থকাৰ বাবে জীৱন সংগ্ৰামৰ এক কৌশল (Survival Tactics), যদিও অবৈধ আৰু সমৰ্থনৰ অযোগ্য | আনহাতে অসমৰ বাংলাদেশী সমস্যাৰ প্ৰেক্ষাপটত এনেকুৱা এদল উদ্বাস্তু মানুহ চৰকাৰী অথবা পতিত মাটিত বসবাস কৰিবলৈ আৰম্ভ কৰিলে সাধাৰণ মানুহৰ মনত সন্দেহ উদ্ৰেক হোৱাটো স্বাভাবিক | কিন্তু গৰাখহনীয়াৰ সমস্যাটোক বিবেচনা নকৰাকৈ 'বাংলাদেশী সমস্যা’ বিষয়ক লৈ হোৱা যিকোনো আলোচনা-বিতৰ্ক অসম্পূৰ্ণ হৈ থাকিব | যেতিয়ালৈকে গৰাখহনীয়াৰ দ্বাৰা বাস্তুহাৰা মানুহক কেৱল মাত্ৰ লুঙ্গী আৰু দাড়িৰ আধাৰত বাংলাদেশী বুলি ঠাট্টা-ইতিকিং কৰা হব, তেতিয়ালৈকে বাংলাদেশী সমস্যা বিষয়ক আলোচনা-বিতৰ্কয়ে সমাজক ’আমি আৰু সিঁহত’ ৰ মাজত বিভক্ত কৰি থাকিব, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হব।

অবৈধ বাংলাদেশী চিহ্নিত কৰাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক তথা এটা সমগ্ৰ জনগোষ্ঠিক অপবাদ-অপমানেৰে লাঞ্ছিত কৰাৰ ফলত সৃষ্টি হোৱা ক্ষোভ এক সুস্থ সমাজ গঢ়াৰ অন্তৰায় | গৰাখহনীয়াগ্ৰস্ত প্ৰকৃত ভাৰতীয় নাগৰিকক 'স্থানান্তৰিত ব্যক্তি’ (Internally Displaced Person) বুলি স্বীকৃতি দিয়াৰ কথা চৰকাৰে চিন্তা কৰিব পাৰে | ইয়াৰ ফলত প্ৰকৃত ভাৰতীয় নাগৰিক ’বাংলাদেশী’ ৰ নামত অন্যায় অপমান-অপবাদৰ পৰা ৰক্ষা পাব আৰু অবৈধ বাংলাদেশীক সহজতে চিহ্নিত কৰাতো সুবিধা হব |
(প্ৰকাশিত মতামত লেখকৰ একান্ত ব্যক্তিগত , পদবী/কাৰ্যালয়ৰ সৈতে কোনো সম্পৰ্ক নাই ), লেখাটি আমাৰ অসম কাকততো ২জানুৱাৰী২০১৭ত প্ৰকাশ পাইছে।

No comments:

Post a Comment