সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. ভাৰতৰ উচ্চতম ন্যায়ালয়ে জাত-পাত অথবা ধৰ্মৰ নামত ভোট বিচৰাটো নিষিদ্ধ ঘোষণা কৰিছে আৰু নিৰ্বাচন ধৰ্ম নিৰপেক্ষ হব লাগিব বুলিও মত প্ৰকাশ কৰিছে। সাম্প্ৰদায়িক ৰাজনীতি কৰা সকলৰ বিপক্ষে জনপ্ৰতিনিধি আইনৰ অধীনত আইনী ব্যৱস্থা লোৱাৰ বাবেও সেউজ সংকেত দিলে সৰ্বোচ্চ ন্যায়ালয়ে।

২. অসম অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান আইন ২০১২ খাৰিজ হোৱাৰ পাছত চাকৰি হেৰুওৱা প্ৰায় ৪২ হাজাৰ শিক্ষকৰ চাকৰি সদ্যহতে বাহাল ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে সকাহ প্ৰদান কৰিছে। বিষয়টোত উপযুক্ত সিদ্ধান্ত কৰিবলৈ ৰাজ্য চৰকাৰ নিৰ্দেশনা দিয়াৰো সুখবৰ প্ৰকাশ পাইছে।

৩. উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰি ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ পৰা ৰাজনীতিবিদক পদৰ পৰা অপসাৰণ কৰাৰ সুখবৰ। ন্যায়াধীশ লোধা কমিটিৰ পৰামৰ্শৱলী পালন কৰাৰ বাবে এতিয়া উচ্চতম ন্যায়ালয়ে লোৱা স্থিতিয়ে অচিৰেই ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰক ৰাজনীতিবিদৰ হাতোৰাৰ পৰা মুক্ত কৰাৰ উদাহৰণ হৈ পৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।

৪. ঐতিহাসিক চৰাইদেউৰ চাওলুং চ্যুকাফা ক্ষেত্ৰত আৰম্ভ হৈছে তাই সাহিত্য সভাৰ ৩৫ তম দ্বি-বাৰ্ষিক অধিবেশন। পৰম্পৰাগত ৱান-ফি পূজাৰ পাছতে চৰাইদেউ উতসৱৰো উদ্বোধনী অনুষ্ঠান সম্পন্ন কৰা হৈছে।

৫. শিৱসাগৰৰ দিচাংমুখত তিনিদিনীয়াকৈ দিচাংমুখ উতসৱ উদযাপিত হৈছে। সমন্বয় উজ্বলাই এইবৰ্ষৰ পৰা দিখৌ মুখতো উদযাপিত হৈছে ব্ৰহ্মপুত্ৰ মহোতসৱ। দুয়োটা অনুষ্ঠানতে নৱবৰ্ষৰ বতৰত বিশাল সংখ্যক ৰাইজে অংশগ্ৰহণ কৰি থলুৱা খাদ্য-সংস্কৃতিৰ সোৱাদ লোৱাৰ লগতে সম্প্ৰীতিৰ বাণী গুঞ্জৰিত কৰি তুলিছে।

৬. বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা ব্যক্তিলৈ অসম উন্নয়ন ন্যাসে আগবঢ়াব প্ৰয়াত সাংসদ বিজয়কৃষ্ণ সন্দিকৈ স্মৃতি বঁটা। অহা ২৬জুলাইত সন্দিকৈৰ দ্বিতীয় মৃত্যু তিথিত প্ৰদান কৰিব লগা এই বঁটাত একলাখ টকাসহ এটা ট্ৰফী আৰু মানপত্ৰ থাকিব।

৭. জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে এক সমূহীয়া মঞ্চ ইয়ং একলজিষ্ট টক এণ্ড ইণ্টাৰেক্ট ‘ইয়েটি’ৰ বিজ্ঞান সন্মিলনখন তেজপুৰ বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা অনুষ্ঠিত হব। দেশৰ ৫০০গৰাকী যুৱ বিজ্ঞানীয়ে ইয়াত অংশগ্ৰহণ কৰি মত বিনিময় কৰিব।

৮. আজি গুৱাহাটী গ্ৰন্থমেলাত উন্মোচিত হব দেৱেন দত্তৰ সমসাময়িক বিষয়ত লিখিত প্ৰৱন্ধৰ নিৰ্বাচিত সংকলন ‘সমকালৰ চিৰিপনি’। উন্মোচনী অনুষ্ঠানত অংশ লব নিৰুপমা বৰগোহাঞি, ডঃ অমৰজ্যোতি চৌধুৰী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীকে আদি কৰি সুধীজনে।

৯. সঁহাৰি, স্বৰলিপি আৰু আকাশ চুবৰ মন নামৰ তিনিটা সংস্থাৰ যুটীয়া উদ্যোগত বিশেষ ভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ বাবে শিল্পী দিৱসৰ সুকীয়া আয়োজন কৰাৰ সুখবৰো প্ৰকাশ পাইছে। অহা ১৭জানুৱাৰীত জ্যোতি চিত্ৰবনৰ প্ৰমথেশ বৰুৱা প্ৰেক্ষাগৃহত দিনজোৰাকৈ এই অনু্ষ্ঠানৰ আয়োজন কৰা হৈছে।

১০. গুৱাহাটীৰ হোটেল ৰেষ্টুৰেণ্টত পেলনীয়া খাদ্য সামগ্ৰী পেলোৱাৰ বাবে আধুনিক ফুড ৱেষ্ট ডিছপজাৰ ব্যৱহাৰ কৰা হব বুলি স্বচ্ছ সৰ্বেক্ষণৰ সভাত ঘোষণা কৰিছে গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।

No comments:

Post a Comment