প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ছোভিয়েট ইউনিয়নৰ পতনৰ 
ৰূপালী জয়ন্তী আৰু কিছু অনুভৱ
ডাঃ বিৰাজ কুমাৰ শৰ্মা
১৯৯১ চনৰ ২৬ ডিচেম্বৰ | বিশ্বৰ ইতিহাসত এক হয়তো শোকৰ দিন | কাৰণ সেইদিনটোতেই পতন হৈছিল বিশ্বত এক মহাশক্তিৰ | সেইয়া আছিল ছোভিয়েট ইউনিয়নৰ পতন | সেইদিনা ক্ৰেমলিনত গধুলি শেষবাৰৰ বাৰে নমাই অনা হৈছিল ছোভিয়েটৰ পতাকা আৰু তাৰ স্থান লৈছিল ৰাছিয়াৰ পতাকাই | ছোভিয়েট ইউনিয়নৰ শেষ ৰাষ্ট্ৰপতিৰ ৰূপত মিখাইল গৰ্বাচেভৰ পদত্যাগৰ পিছতেই থানবান হৈ ১২ খন স্বাধীন ৰাষ্ট্ৰত বিভক্ত হৈছিল কুৰি শতিকাত বিজ্ঞান-প্ৰযুক্তিবিদ্যা, উদ্যোগ, মহাকাশ বিজ্ঞানৰ পৰা আদি কৰি সকলো দিশতে জিলিকি উঠা ছোভিয়েট ইউনিয়নৰ আৰু পূৰ্বৰ ছোভিয়েটৰ বহুতো গুৰুত্ত্বপূৰ্ণ নেতৃত্ত্ব অৰ্পন কৰা হৈছিল বৰ্তমানৰ ৰাছিয়াৰ ব’ৰিছ য়েল্টছিনৰ হাতত | ছোভিয়েট ইউনিয়নৰ পতন ঘটাত উল্লাসিত হৈছিল পশ্চিমীয়া পুঁজিবাদী দেশসমূহ, কিয়নো তেওঁলোকৰ কূটিল চক্ৰান্ত সফল হৈছিল | কিন্তু ঘটনাটো মুঠেই উল্লাসৰ নাছিল, সেইয়া যেন আছিল শোকৰ | “ছোভিয়েট সমাজবাদী গণতান্ত্ৰিক সংঘ” এতিয়া এক নষ্টালজীয়া মাত্ৰ।

একালৰ মহাশক্তিধৰ ৰাষ্ট্ৰ তথা আমাৰ দেশ ভাৰতবৰ্ষৰবিপদৰ বন্ধু যিখন ৰাষ্ট্ৰৰ প্ৰতি শৈশবৰ পৰাই এটি বিশেষ টান অনুভব কৰিছিলো| কাৰণ, যিখন মহাশক্তিধৰ ৰাষ্ট্ৰই আমেৰিকাক সকলো দিশতে প্ৰত্যাহ্বান জনাব পাৰিছিল আৰু পশ্চিমীয়া পুঁজিবাদৰ অগ্ৰাসনৰ পৰা শীতল যুদ্ধৰ সময়ত আমাৰ তৃতীয় বিশ্বৰদেশসমূহক ৰক্ষা কৰি আহিছিল আৰু বিশ্বক এক সন্ত্তলিত তথা সুস্থিৰ অবস্থাত ৰাখিবলৈ সক্ষম হৈছিলে, সেই ছোভিয়েট ইউনিয়নৰ নাগৰিকে কিন্তু আমেৰিকাবাসীৰ দৰে এক বিলাসী জীৱন কটোৱাৰ সুযোগ পোৱা নাছিল, কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকেভোগ কৰিছিল বিনামূলীয়া স্বাস্থ্যসেৱা, শিক্ষা আৰু সামাজিক সুৰক্ষাৰ সুবিধা | কুৰি শতিকাৰ অন্তিম দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু পশ্চিমীয়া পুঁজিবাদী দেশসমূহৰ কুটিল চক্ৰান্তৰ বাবে তথা সেই সময়ৰ ছোভিয়েটৰ শেষ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছভেৰ বলিষ্ঠ নেতৃত্বৰ অভাৱ তথা পদত্যাগৰ বাবে ছোভিয়েট ইউনিয়নৰ পতন হৈছিল তথাপিও এইকথা স্বীকাৰ কৰিব ই লাগিব যে শক্তি আৰু সামৰ্থৰ দিশৰ পৰা সেইসময়ত এই দেশখন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষ | অন্যহাতে ভাৰতবৰ্ষ ই আজি বিশ্বত শক্তিশালীৰূপত আত্মপ্ৰকাশ কৰাৰ আঁৰত ছোভিয়েট ইউনিয়নৰ অবদান স্বীকাৰ কৰিবই লাগিব | অন্যহাতে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হিচাবে একমাত্ৰ ছোভিয়েট ইউনিয়নৰ ভেটো প্ৰয়োগৰ বাবেই ৰাষ্ট্ৰসংঘৰ মজিয়াত কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰাতপাকিস্থান বিফল হৈছিল| বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ভাৰতবৰ্ষৰ স্থিতিৰ বিৰুদ্ধে ক্ষোভিত হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিক্সনে ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ নৌবহৰ প্ৰেৰণ কৰিব বুলি ভাবুকি দিয়াৰ সময়তে ছোভিয়েট ইউনিয়নে ভাৰতৰ সমৰ্থনত কৃষ্ণসাগৰত থকা নৌবহৰ প্ৰেৰণ কৰিব বুলি ভাবুকি দি মাৰ্কিন ৰাষ্ট্ৰপতি নিক্সনক নিজৰ স্থিতিৰ পৰা আতৰি আহিবলৈ বাধ্য কৰিছিল আৰু এনেদৰে বিপদৰ বন্ধু হিচাবে ভাৰতবৰ্ষৰ কাষত থিয় দিছিলে এই দেশখনে, অন্যথা হয়তো আজিৰ ভাৰতবৰ্ষ এক ইতিহাস হৈ পৰিলহেতেন | 

এই কথা অনস্বীকাৰ্য যে পূৰ্বৰে পৰা আৰু প্ৰধানকৈ শীতল যুদ্ধৰ সময়ত শান্তি প্ৰতিষ্ঠা কৰাৰ চলেৰে কোনো দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰা আমেৰিকাৰ মূল চৰিত্ৰ আছিল সেই সময়ত তেনেবোৰ দেশত বৰ্তী থকা ছোভিয়েট সমৰ্থিত চৰকাৰবোৰউৎখাত কৰা আৰু মাৰ্কিন আজ্ঞাবাহী পুতলা চৰকাৰ প্ৰতিষ্ঠা কৰা ৷ ইয়াৰ অন্যতম উদাহৰণ হ'ল ছোভিয়েট সমৰ্থিত নাজিবুল্লাৰ চৰকাৰক উৎখাত কৰাৰ নামত আফগানিস্তানত তালিবান সন্ত্ৰাসবাদীক সমৰ্থন জনাই দেশখনক মধ্যযুগলৈ গতি কৰোৱালে , অথচনাজিবুল্লাৰ উদাৰ নীতিয়ে দেশখনত বহুতো পৰিবৰ্তন আনিবলৈ সক্ষম হৈছিলে | আনহাতে সেই সময়্ত খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰত ৰাছিয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যে আৰৱ বিশ্বৰ তেল উৎপাদনকাৰী দেশসমূহৰ সৈতে সহযোগীতা বৃদ্ধি কৰে আৰু তেনে এক সময়তে যাতে আৰব বিশ্বৰ দেশসমূহে খাৰুৱা তেলৰ আকুন্ঠ ভৰালেৰে বিশ্বৰ এক অন্যতম অৰ্থনৈতিক শক্তি ৰূপে মুৰ দাঙি উঠিব নোৱাৰে , তাৰ বাবে তেনেবোৰ দেশত ৰোপন কৰিবলৈ লয় সন্ত্ৰাসবাদ, ধৰ্মীয় মৌলবাদ , ইত্যাদিৰ বিষাক্ত বীজসমূহ, যাৰ কুফল আজিও বিশ্ববাসীয়ে ভুগি থাকিব লগা হৈছে | যোৱা শতিকাৰ অন্যতম দিঘলীয়া ভয়ংকৰ ইৰাক-ইৰানৰ যুদ্ধও আমেৰিকাৰ প্ৰৰোচনাতে হোৱা বুলি বহু চিন্তাবিদে মত পোষন কৰে | শেহতীয়াকৈ মাৰ্কিন চোৰাংচোৱা সংস্থা চিআইএৰ প্ৰাক্তন প্ৰধানগৰাকীৰ শেহতীয়া গ্ৰন্থত ছাদ্দাম হুছেইন সম্পৰ্কে লিখা তথ্যখিনিয়েও হয়তো উদঙাই দিয়ে আমেৰিকাৰ মুখাখন ৷ আজি বিশ্বত সন্ত্ৰাসবাদে যেনেদৰে ভয়ংকৰ ৰূপ লৈছে , দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা অৰ্থাৎ ১৯৪৫ চনৰ পৰা ১৯৮৯ চনলৈ বিশ্বৰৰাজনীতিত এনে ভয়ংকৰ ঘটনা দেখিবলৈ পোৱা নগৈছিল , কিয়নো সেই সময়ত বিশ্বৰ দুই মহাশক্তিৰ বাবে বিশ্বত এক সন্তুলিত তথা সুস্হিৰ পৰিবেশ বৰ্তি থকাৰ হেতুকে আৰু সেই সময়ত ছোভিয়েট ইউনিয়নে পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ অগ্ৰাসনৰ পৰাতৃতীয় বিশ্বৰ দেশসমূহক ৰক্ষা কৰি আহিছিলে বাবে বিশ্ববাসীয়ে প্ৰায় শান্তিৰে দিন পাৰ কৰিছিলে | ওচৰা ওচৰিকৈ দুখন বিশ্বযুদ্ধৰ অভিশাপ বিশ্ববাসীয়ে মুৰপাতি লোৱাৰ পিছতো কিন্তু ১৯৪৫ চনৰ পৰা আজিৰ দিনলৈ বিশ্ববাসীয়ে এক দীঘলীয়া সময়ৰ বাবে অন্য এখন বিশ্বযুদ্ধৰ অভিশাপৰ পৰা হাত সাৰিব পাৰিলে ৷ আনহাতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো যুঁজাৰু ৰুছ জাতিয়ে তথা ছোভিয়েট ৰাছিয়াৰ ৰেড আৰ্মিয়েহে হিটলাৰৰ নাজী বাহিনীৰ কঁকাল ভাঙি দিবলৈ সক্ষম হৈছিলে (যদিও মিত্ৰ শক্তিৰ উমৈহতীয় অৱদান আছিল,তথাপিও ছোভিয়েট ৰাছিয়াৰ ভূমিকা আছিল অধিক) ৷ কিন্তু ছোভিয়েটৰ পতনৰ পিছত বিশ্বত একছত্ৰী সম্ৰাট হৈ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ঘৃণনীয় ৰাজনীতিৰ বাবে বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰি আহিব লগা হৈছে সন্ত্ৰাসবাদ তথা বিভিন্ন ৰক্তপাত । ছোভিয়েটইউনিয়নৰ পতনৰ পিছত বিশ্বত আজি আমেৰিকাই একছত্ৰী সম্ৰাট হ’লেও এনেবোৰ কথাৰ বাবে ছোভিয়েট যুগৰ সোনালী স্মৃতিয়ে আজিও বহুতক আমনি কৰে । ছোভিয়েট ৰাচিয়াৰ সেই সোণালী দিনৰ আকৰ্ষণ আজিও অনুভৱ কৰো বিভিন্নজনৰ লিখনিৰ মাজেৰে | ছোভিয়েট দেশ বুলি এখন পত্ৰিকা প্ৰকাশ পাইছিলে বুলি জ্যেষ্ঠসকলৰ মুখত শুনি আহিছো ৷ যেন সেই দেশৰ অৰ্থনীতি ৰাজনীতিৰ মাজত বিচাৰি পোৱা যায় মেক্সিম গৰ্কীৰ "মা" ৰ সংগ্ৰাম, টম খুৰাৰ সংগ্ৰাম ৷ সাম্ৰাজ্যবাদী আমেৰিকাৰ কু-চক্ৰান্ততসেই সমাজবাদী শাসন ব্যবস্থা ভাঙি থানবান হৈ গলেও সেইবাবেই হয়তো বহুলোক এতিয়াও আশাবাদী যেন পৃথিবীৰ বুকুলৈ পুনৰ উভতি আহে সাম্য ,মৈত্ৰী আৰু সমতাৰ মন্ত্ৰ, য’ত যেন সকলো শ্ৰেনীৰ লোকে নিজৰ জীৱনৰ মৌলিক প্ৰয়োজনীয়খিনিৰে সন্ত্তষ্ট হৈ শান্তি আৰু স্বাভিমানেৰে এটি বিজ্ঞানসন্মত পৰিবেশত জীয়াই থাকিব পাৰে ৷

আজি আমাৰ সমাজত দিনক দিনে বৃদ্ধি পোৱা হত্যা, হ্ৰিংসা, অপহৰণ আদি যেন প্ৰতিদিনৰ ঘ্টনাত পৰিণত হৈছে | আজিৰ মানুহৰ মাজত পৰিয়াল, স্নেহ, মমতা, আত্মীয়তা, সামাজিক দায়িত্ববোধ আদি শব্দবোৰ নিৰ্বাপিত | পৰিস্থিতিয়ে আজি এনে পৰ্যায়লৈ গতি কৰিছে যে লোভৰ বাবে তথা উচ্চাকাঙ্খাৰ স্বপ্নত বিভোৰ জন্মদাত্ৰী মাতৃয়ে আজি নিজ সন্তানক হত্যা কৰিবলৈ কুন্ঠাবোধ নকৰিলে | আনহাতে এগৰাকীয়ে নিজৰ গ্লেমাৰৰ বাবে স্বামী আৰু সন্তান সহিতে এখন সুখৰ সংসাৰ ত্যাগ কৰি সৰ্বস্ব হেৰুৱালে | সকলোৱে যেন দৌৰাত লাগিছে গ্লেমাৰ, কেৰিয়াৰ, পৰ্বতসম সম্পত্তিৰ পাহাৰ গঢ়া ইত্যাদিৰ পিছত আৰু তাৰ লগে লগে সমাজত বৃদ্ধি পাইছে দূৰ্নীতি, অপৰাধ ইত্যাদি | আমি নিজে সমাজবিজ্ঞানৰ ছাত্ৰ নহ’লেও পশুচিকিৎসাবিজ্ঞানৰ ছাত্ৰ হিছাবেও সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সংস্পৰ্শলৈ অহাৰ সৌভাগ্য আছে | কৰ্মসূত্ৰে আমি অসমৰ বিভিন্ন গ্ৰামাঞ্চলত বিভিন্ন লোকৰ সৈতে কথা বতৰাৰ যোগেৰে আমাৰ সমাজৰ মানুহৰ মানসিকতা সম্পৰ্কে এক থুলমুল আভাস আছে | তাৰে আমি প্ৰায়েই প্ৰত্যক্ষ কৰাতো হ’ল আমাৰ সমাজৰ গৰিষ্ঠ সংখ্যক লোকৰে হ’ল চৰকাৰ মুখাপেক্ষী মানসিকতা | সকলো ক্ষেত্ৰতেই যেন চৰকাৰৰ দায়িত্বহে অধিক আৰু সকলো দায়িত্ব চৰকাৰ তথা ৰজাঘৰলৈ ঠেলি এখন দেশৰ নাগৰিক হিচাবে নিজৰ কৰ্তব্যৰ প্ৰতি উদাসীনতা | তাৰ উপৰিও ঠাই লৈছে কিছুমান ভোগবাদী চিন্তা চৰ্চা |

আজি আমাৰ যুৱ সমাজৰ মাজত ঘাইকৈ স্থান পোৱা এটি অপসংস্কৃতি হৈছে বাইক সংস্কৃতি অথচ তেওঁৰ নিজাকৈ আয়ৰ উৎস থাককেই বা নাথাকক | গাৱঁৰ ঘৰলৈ গ’লে আমি বজাৰ সমাৰ কৰাকে আদি কৰি ফুৰা চকা কৰাত এতিয়াও চাইকেল চলাও আৰু চাইকেল চলাই এক অনাবিল আনন্দ উপভোগ কৰো | তথাপিও কিন্তু আমাৰ এচাম লোকৰ মানসিকতা এনে যেন চাইকেল চলাই আমি যেন অপৰাধহে কৰিবলৈ ওলাইছো | প্ৰায়েই ইতিকিং কৰে বহুতেই যে ডাক্তৰ মানুহ হৈ কিয় চাইকেল চলাও | কিন্তু এয়াই আজি আমাৰ ভোগবাদ সৰ্বস্ব মানসিকতা | আজিৰ যুগত আমাৰ সমাজত সৰুকৈ হ’লেও কোনোবাই চাকৰি এটি যোগাৰ কৰিব পাৰিলেও সাচঁতীয়া ধন খৰচ কৰি প্ৰথম উদ্দেশ্য সফল কৰাৰ চেষ্টাত ব্ৰৰ্তী হয় আৰু সেইয়া হৈছে দুচকীয়া বা চাৰিচকীয়া বাহন এখন যোগাৰ কৰাতো |

আজি কিছুবছৰ আগতে গুৱাহাটীৰ মাজমজিয়াৰ এখন অভিজাত ৰেষ্টুৰেন্টত সুৰাপান কৰাৰ অপৰাধত কেইবাগৰাকীও যুৱক যুৱতীক আৰক্ষীয়ে আটক কৰাৰ বাতৰিয়ে সমগ্ৰ অসম তোলপাৰ লগাইছিল কাৰণ উক্ত পাৰ্টীটো আয়োজন কৰিছিলে এগৰাকী মহিলাই তেখেতৰ একমাত্ৰ পুত্ৰৰ জন্মদিন উপলক্ষে আৰু ইয়াৰ বাবে তেখেতে তেওঁৰ পুত্ৰৰ বয়সৰ যুৱক যুৱতীৰ হাতত গুজি দিছিল সুৰাৰ বটল | এই কথাই যেন প্ৰতীয়মান কৰে আজিৰ সময়ৰ আমাৰ তথাকথিত আধুনিক পিতৃ-মাতৃৰ অভিভাৱক হিচাবে দায়িত্ত্ববোধ তথা ক্ষয়িষ্ণু যুৱ প্ৰজন্ম | কোৱা বাহুল্য যে এই সকলোবোৰৰে উৎস কিন্তু পুঁজিবাদ | পুঁজিবাদে আজি আমাৰ সমাজত ক্ৰমান্বয়ে বৃদ্ধি কৰিছে বৈষম্য, বঞ্চনা, ইজি মানিৰ প্ৰবনতা, দূৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু এক বিলাসী জীৱনৰ মানসিকতা আদি | আজি মানুহৰ স্বাভাবিক প্ৰবণতা পুঁজিবাদৰ পিনে | সকলোৱেই যেন আগতে নিজৰ সা-সম্পত্তি তথা ৰং ৰইচৰ কথাহে বুজে | সেইবাবেই আজিও আমাৰ নগৰ চহৰত উপলব্ধ এক বাস্তব চিত্ৰ, সেইয়া হৈছে কিছুমান ৰেলপথৰ দাতিত ভোকাতুৰ শিশুৱে খাদ্যৰ নামত কাৰোবাৰ উচ্চিষ্ট ভক্ষন কৰাৰ সুলভ দৃশ্য আৰু সেই একেখন চহৰতেই আন কিছুমানে বিলাসী ৰেষ্টোৰাত নানা ৰকমৰ নামী-দামী খাদ্য সম্ভাৰৰ জুটি লোৱাত ব্যস্ত | শিক্ষা আৰু স্বাস্থ্যখণ্ড আজি যেন লাভজনক ব্যৱসায়ত পৰিণত হৈছে আৰু সেইবাবে কিছুমানে শিক্ষাৰ অধিকাৰ আৰু স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হৈছে আৰু এচামৰ বাবে শিক্ষা আৰু চিকিৎসা হৈ পৰিছে বিলাসিতা | দেশ আজি একপ্ৰকাৰ পৰিণত হৈছে আমোলাতান্ত্ৰিক পুঁজিবাদী ৰাষ্ট্ৰত | যদিও মানুহ সমাজপ্ৰিয় বুলি কোৱা হয়, তথাপিও কিন্তু শেহতীয়া কাণ্ড-কাৰখানাবোৰৰ পৰা যেন ভাৱ হয় যে মানুহ খুব স্বাৰ্থপৰ প্ৰাণী আৰু মানুহৰ স্বভাৱগত আচৰণত পুঁজিবাদী প্ৰবণতাহে প্ৰকট হৈ পৰে | য’ত সামাজিক দায়িত্ববোধ গৌণ আৰু ইয়াৰ পৰিবৰ্তে ভোগবাদ তথা ব্যক্তিগত স্বাৰ্থকহে ইয়াত অগ্ৰাধিকাৰ দিয়া হয় | সেইবাবেই হয়তো এনে এক প্ৰবণতাৰ পৰিত্ৰাণ বিচাৰি ইয়াৰ বিৰুদ্ধে থিয় হৈ কুৰি শতিকাত ছোভিয়েট ইউনিয়নৰ আদি নিৰ্মাতাবোৰে বিচাৰিছিল আত্মকেন্দ্ৰীকৰ পৰিবৰ্তে বিশ্বত মৈত্ৰীপ্ৰৱন মানুহ সৃষ্টি কৰাৰ | যি মানুহৰ সমাজ হ’ব লাগিব সমাজতান্ত্ৰিক বা সংস্কৃতিবান মানুহৰ | সমাজতন্ত্ৰৰ যি লক্ষ্য, সংস্কৃতিৰো সেয়াই লক্ষ্য | সেই সংস্কৃতি হ’ল মানুহক মানুহৰ শত্ৰুত নহয়, মিত্ৰত পৰিণত কৰি একতাৰ ডোলেৰে বান্ধি ৰখা | সংস্কৃতিয়ে গোড়ামীৰে কাৰো ব্যক্তিগত স্বাধীনতাক আঘাট নকৰে বৰঞ্চ এক সামাজিক যোগসূত্ৰহে গঠন কৰাত সহায় কৰে | কিন্তু সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰা বুলি এচামে যিমানে টেটুফালি নিচিঞৰক কিয়, স্বভাৱগত ভাবেই পুঁজিবাদ হৈছে কিন্তু এক অৰ্থত ক’বলৈ হ’লে সংস্কৃতিবিৰোধী | কাৰণ পুঁজিবাদে মানুহৰ মাজত শত্ৰুতা বৃদ্ধি কৰি সৃষ্টি কৰে ৰোপন কৰে বিচ্ছিন্নতাৰ বীজ আৰু শিথিল কৰি দিব বিচাৰে মানুহৰ মাজৰ মৈত্ৰীৰ এনজৰী আৰু তাৰ পৰিবৰ্তে মানুহৰ মনত ৰোপন কৰে ভোগবাদ, অত্যাধিক উচ্চাকাঙ্খা আদিৰ বীজ | সমগ্ৰ বিশ্ব ই আজি পুঁজিবাদৰ সাংস্কৃতিক আধিপাত্যত পীড়িত | মানুহৰ মুখাৰ আঁৰৰ মুখখনহে প্ৰকৃত সংস্কৃতি প্ৰতিফলিত কৰে | সংস্কৃতিৰ ভিতৰত এক বিজয় থাকে আৰু তেনে বিজয় লাভ কৰিবলৈ হ’লে সাংস্কৃতিক বিকাশৰ বাবে স্বাধীনতাৰ প্ৰয়োজন | 

আনফালে আকৌ এয়াই সত্য যে সংস্কৃতিৰ অগ্ৰগতি অবিহনে স্বাধীনতাও সম্পূৰ্ণ হ’ব নোৱাৰে | সৃষ্টিশীলতা অবিহতে সংস্কৃতি কেতিয়াও সংস্কৃতি হৈ নপৰে | সংস্কৃতিৰ নামত ফেচিষ্ট মানসিকতা দেখুওৱাটো গৰিহণাৰ যোগ্য কাৰণ সংস্কৃতিয়ে মানুহক ঠেক গণ্ডীৰ মাজত আৱদ্ধ কৰি নাৰাখি ইয়াৰ গণ্ডীৰ বাহিৰলৈ নি মানুহক উদাৰ কৰি তোলে | সংস্কৃতি কেতিয়াও আৱদ্ধ তথা ৰক্ষনশীল নহয়, সংস্কৃতি হৈছে চিৰপ্ৰবাহমান আৰু বিভিন্ন সংস্কৃতিৰ সমাহাৰেৰে গঢ় লৈ উঠে এখন বিশাল সংস্কৃতিৰ | সংস্কৃতিৰ যিকোনো সুস্থ ধাৰাৰ লক্ষ্য এটাই, মানুহৰ মাজত ভেদাভেদৰ প্ৰাচীৰ ভাঙি তথা দূৰত্ব সংকুচিত কৰি মনুষ্যত্বৰ বিকশিত কৰা | আনহাতে এক প্ৰকৃত সমাজ ব্যবস্থাই নাৰাখে কোনো উচ্চ-নীচ বা ধনী দুখীয়াৰ মাজত ভেদ ভাৱ | সেই সমাজত সকলোৰে সমান অধিকাৰ থাকিব লাগিব শিক্ষা, স্বাস্থ্য আৰু জীৱনৰ মৌলিক প্ৰয়োজনীয়খিনিৰ ওপৰত | সেই সমাজত সকলোৰে সুস্বাস্থ্য সুনিশ্চিত হ’ব লাগিব, সকলোৱে শিক্ষাৰ সমান অধিকৰ পাব লাগিব আৰু শিক্ষাদানৰ ভিতৰত শ্ৰেণী বিভাজন হ’ব নালাগিব, শিক্ষাৰ্থী শ্ৰমিকৰ সন্তানেই হওঁক বা শাসকৰ সন্তানেই হওক | তেতিয়াহে ভোগবাদী মানসিকতাৰ পৰা আমি আতৰত অৱস্থান কৰিব পাৰিম | এনে এক সংস্কৃতিৰ গুৰুত্ত্ব কিমান সেইয়া আমি বুজিব পাৰো ছোভিয়েটৰ পতনৰ পৰা | সেইবাবেই হয়তো ছোভিয়েট ইউনিয়নৰ পতন ঘটাত উল্লাসিত হৈছিল পশ্চিমীয়া পুঁজিবাদী দেশসমূহ তেওঁলোকৰ চক্ৰান্ত সফল হোৱাত | সেইবাবেই কও যে সেই দিনটো মুঠেই উল্লাসৰ নাছিল, সেইয়া আছিল শোকৰ তথা বিশ্ববাসীৰ বাবে এক অভিশপ্ত দিন আৰু যাৰ ফল বিশ্ববাসীয়ে আজি ভোগ কৰিবলৈ লৈছে |

No comments:

Post a Comment