সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ জৰিয়তে অহা ২০২২চনৰ ভিতৰত অসমত ১০লাখ ঘৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰি লোৱাৰ সুখবৰ প্ৰকাশ পাইছে। প্ৰতিটো ঘৰৰ নিৰ্মাণ ব্যয়ো ১.৩০লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

২. কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত জোনবিল মেলা জাগীৰোডত তিনিদিনীয়াকৈ আৰম্ভ হৈছে। বিনিময় প্ৰথা, ৰাজহুৱা মাছ ধৰা আদি পাৰম্পৰিক অনুষ্ঠানৰ উপৰিও গোভা ৰজাৰ দৰবাৰো এইবাৰো অনুষ্ঠিত হব বুলিও জানিব পৰা গৈছে।

৩. অসম পৰ্যটন নিগমে এইবৰ্ষতো ‘মায়ং পবিতৰা এনচাণ্টেড’ অনুষ্ঠান অহা ২৮-২৯ জানুৱাৰীত আয়োজন কৰিছে। কেম্পিং, চাইকেল চালনা, সংগ্ৰাহলয় প্ৰদৰ্শন, জীপ চাফাৰী, হাতী চাফাৰী. খাদ্য মেলা আদি এই আয়োজনৰ মুখ্য আকৰ্ষণ হব বুলিও জানিব পৰা গৈছে।

৪. নগদবিহীন আৰু ডিজিটেল অৰ্থনীতিক তৰান্বিত কৰাৰ বাবে অসম চৰকাৰে গাঁৱে গাঁৱে ডিজি ধন মেলাৰ আয়োজন কৰিব। অহা ২২জানুৱাৰীত ৰাজ্যজুৰি সজাগতা বৃদ্ধি মূলক আৰু ডিজিটেল লেনদেনত ৰেহাইৰ সুবিধা সমূহৰ বিষয়ে ৰাইজক জনাবলৈকে এই আয়োজন কৰা বুলিও বাতৰি প্ৰকাশ পাইছে।

৫. পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হব চিত্ৰকলা ৰিয়েলিটি শ্বৰ। ৰং তুলিকা ফাইন আৰ্ট স্কুলৰ এই আয়োজনৰ মূল পৰ্ব অহা জুলাই মাহত অনুষ্ঠিত হব। ইয়াৰ বাবে ৰাজ্যজুৰি মাৰ্চ মাহৰ পৰাই ইয়াৰ বাবে প্ৰতিযোগী নিৰ্বাচনৰ প্ৰক্ৰিয়া চলিব বুলিও জানিব পৰা গৈছে।

৬. টিয়কৰ মঘাই ওজা সমন্বয় ক্ষেত্ৰত পাঁচ দিনীয়াকৈ আৰম্ভ হৈছে সদৌ অসম ভিত্তিক ভাওনা সমাৰোহ। অসমৰ ভিন্ন প্ৰান্তৰ দহোটাকৈ ভাওনাদলে অংশ লোৱা সমাৰোহখন উদ্বোধন কৰে ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে।

৭. অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱা অসুস্থ হৈ পৰাৰ পাছত এতিয়া স্বাস্থ্যৰ উন্নতি হোৱাত হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে। তেখেতে এতিয়া ৰাষ্ট্ৰীয় ভেটাৰ্ণ এথলেটিকচত অসমক প্ৰতিনিধিত্ব কৰাত কোনো অসুবিধা নহব বুলিও খবৰ প্ৰকাশ পাইছে।

৮. নগাঁৱৰ কলংবাকৰিৰ সাহিত্যাচাৰ্য মহিম বৰা ক্ষেত্ৰত শুভাৰম্ভ হৈছে উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা। অসম সাহিত্য সভাৰ শতবাৰ্ষিকীৰ উপলক্ষত এই গ্ৰন্থমেলাত এশগৰাকী শিশুৱে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ কাৰ্যসূচীও ৰূপায়িত কৰা হৈছে।

৯. যি গৰাকী মাণ্ডলিক বন বিষয়াই বনজ সম্পদৰ ওপৰত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰি দিব পাৰিব, তেওঁলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে।



১০. জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী সন্দিকৈৰ ভিডিঅ’ এলবাম ‘শিৱসাগৰৰ ছোৱালী’ আৰু ‘জিলমিল’ৰ উন্মোচিত হয় শিৱসাগৰ প্ৰেছ ক্লাৱত। তেখেতে বৰ্তমান মুম্বাইত সুৰেশ ৱাডেকাৰৰ অধীনত সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

No comments:

Post a Comment