সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অহা বাজেট অধিবেশনতে কেন্দ্ৰীয় চৰকাৰে চাহ শ্ৰমিক আইনত সংশোধনী ঘটাই নূন্যতম মজুৰি ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্ধাৰণ কৰিবলৈ আগবাঢ়িছে মোদী চৰকাৰে। এই গুৰুত্বপূৰ্ণ বিষয়ত সংশোধনী বিধেয়কৰ প্ৰস্তুতিৰ কথা কালি সদৰী কৰিলে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীয়ে।

২. দেশৰ পাঁচখনকৈ আগশাৰীৰ বিশ্ববিদ্যালয়ত স্থাপিত হব শ্ৰীমন্ত শংকৰদেৱ আসন। বেনাৰস হিন্দু বিশ্ববিদ্যালয়, বিশ্বভাৰতী বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ত এই আসন স্থাপনৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে পদক্ষেপ লব।

৩. অহা তিনি বছৰত ১২হাজাৰ কিল’মিটাৰ পথ পকী কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে অসম চৰকাৰৰ গড়কাপ্তানী বিভাগে। নূন্যতম ২৫০গৰাকী লোকৰ বসতিপূৰ্ণ ঠাই সমূহো পকী পথেৰে সংযোগ কৰা হব বুলি ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰীয়ে সুখবৰ সদৰী কৰিছে।

৪. অসমত স্নায়বিক ও দুৰ্ঘটনাকালীন জৰুৰী চিকিতসাৰ ক্ষেত্ৰত সেৱাৰ ধ্বজবাহক প্ৰতিষ্ঠান জিএনআৰচি হাস্পতালে ত্ৰিশটা বছৰ সম্পূৰ্ণ কৰিছে। কালি প্ৰতিষ্ঠা দিৱসত তিনিগৰাকী বৰেণ্য অসমীয়া ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, হোমেন বৰগোহাঞি আৰু ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক সম্বৰ্ধনা জনায় প্ৰতিষ্ঠানটোৱে।

৫. আজিৰে পৰা অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলাৰ শুভাৰম্ভ হৈছে। পূৰ্বতে বিয়াগোম কেলেংকাৰীৰ অভিযোগ থকা বিভাগটোক মধ্যভোগী, ঠিকাদাৰ আৰু দালালৰ চৰণীয়া পথাৰ কোনো পধ্যেই হবলৈ নিদিয়ে বুলিও কৃষি মন্ত্ৰী অতুল বৰাই স্পষ্ট কৰিছে।

৬. অহা বৰ্ষৰ পৰা অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ মূল্যায়ন কম্পিটাৰযোগে কৰা হব বুলি ঘোষণা কৰিছে অসমৰ শিক্ষামন্ত্ৰীয়ে। অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ দুয়োটা শ্ৰেণীৰো পাঠ্যপুথি বিনামূলীয়া হব আৰু বিশ্ববিদ্যালয়টো বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা আৰম্ভ কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৭. কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বেলতলাস্থিত ইএছআই হাস্পতালখনক ছুপাৰ স্পেচেয়েলিটি হাস্পতাললৈ উন্নীতকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীয়ে ঘোষণা কৰিছে। চাহ বাগিছাৰ শ্ৰমিক সকল আৰু ২১হাজাৰ টকালৈকে দৰমহা পোৱা যিকোনো সংস্থাৰ কৰ্মচাৰীৰ বাবে এই হাস্পতালত সেৱা আগবঢ়োৱা হব বুলিও জানিব পৰা গৈছে।

৮. যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত চলি আছে পঞ্চদশ অসম মহোতসৱ। পৰম্পৰাগত খাদ্য মেলা, সাংস্কৃতিক সন্ধিয়াৰ লগতে প্ৰতি সন্ধ্যা পুতলা থিয়েটাৰৰো প্ৰদৰ্শন হোৱা বুলিও বাতৰি প্ৰকাশ পাইছে।

৯. আজি ৰাজ্যৰ ৪৯ টা চিনেমাঘৰত মুক্তি লাভ কৰিছে নয়ন নিলীম অভিনীত চিনেমা ‘কোঁৱৰপুৰৰ কোঁৱৰ’। অহা ১৩ জানুৱাৰীত মুক্তি লাভ কৰিব নতুন অসমীয়া চিনেমা ‘দূৰ’য়েও। অহা ৩ফেব্ৰুৱাৰীত মুক্তি পাব নতুন অসমীয়া চিনেমা ‘ৰাফ এণ্ড টাফ’।

১০. শিৱসাগৰৰ সন্তান আৰু মুম্বাইত কৰ্মৰত সংগীত শিল্পী সুকুমাৰ দত্তই হলিউডৰ ছবি ‘পেছেঞ্জাৰ্ছ’ ৰ বাবে সংগীত প্ৰস্তুত কৰাৰ সুযোগ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

No comments:

Post a Comment