পলকতে সুখ-দুখৰ বতৰাঃ ২৮জুলাই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ২৮জুলাই

পলকতে সুখ-দুখৰ বতৰাঃ ২৮জুলাই

Share This
আজিৰ ভাল খবৰবোৰ
১)  পিয়াঁজৰ দাম বৃদ্ধি হো‌ৱাৰ পৰিপেক্ষিতত কেন্দ্ৰীয় চৰকাৰে পাকিস্তান,চীন আৰু ইজিপ্তৰ পৰা প্ৰায় ১০০০০ টন পিঁয়াজ আমদানি কৰি বজাৰত সমতা স্থাপনৰ বাবে যো-জা কৰিছে ।

২) জী‌ৱনৰ সুদীৰ্ঘ ১৪ বছৰ সুধাকন্ঠ ভূপেন হাজৰিকাৰ সতে তবলা বাদন কৰা উত্তৰ লক্ষীমপুৰৰ বিশিষ্ট তবলা বাদক প‌ৱন বৰদলৈয়ে লাভ কৰিছে আকাশবাণীৰ পৰা 'টপ-গ্ৰেড' শিল্পীৰ আনুষ্ঠানিক স্বীকৃতি । শাস্ত্ৰীয় সংগীতৰ আৰাধনা কৰা আৰু দেশে বিদেশে ভিন্ন নামী-দামী শিল্পীৰ সতে তবলা বাদন কৰাৰ সৌভাগ্য লাভ কৰা বৰদলৈৰ এই কৃতিত্বই অসমলৈ গৌৰ‌ৱ কঢ়িয়াই আনিছে ।

৩) ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে কাজিৰঙাৰ বন্যজন্তু অহা-যো‌ৱা কৰা পথ বন্ধ কৰাৰ অপৰাধত কাজিৰঙাৰ ২৮ খন ধাবা, ৰিচৰ্ট আৰু পেট্ৰল পাম্পলৈ জামিনযুক্ত পৰো‌ৱানা জাৰি কৰিছে ।

৪) কেন্দ্ৰীয় চৰকাৰে আ‌ৱন্টন কৰা পুঁজিৰ অপব‌্য‌ৱহাৰ সন্দৰ্ভত ৰুজু হো‌ৱা এটা গোচৰৰ ৰায় হিচাপে দিল্লীৰ এখন আদালতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  পে.কে. থুংগনক চাৰে চাৰি বছৰৰ কাৰাদণ্ডৰ হুকুম দিয়ে ।

৫) ৰাজ্যিক কৰ্মচাৰীৰ মৃত্যুৰ পাছত তেওঁৰ ইচ্ছামতে সতি-সন্ততি বা ভ্ৰাতৃ-ভনীয়েকেও পেন্সন লাভ কৰিব বুলি সদ্যহতে ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত লো‌ৱা হয় ।

৬) কয়েলি টোৰছ এণ্ড ট্ৰিপছ নামৰ স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান এটাই সাজি উলিয়াইছে স্মাৰ্টফোনত ব্য‌ৱহাৰ কৰিব পৰা এটি 'এপ' যাৰ সহায়ত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ঠাইৰে পৰ্যতন ক্ষেত্ৰসমূহ আৰু সেইবোৰলৈ অহা যো‌ৱাৰ ব্য‌ৱস্থাৰ বিষয়ে পৰ্যটকে জানিব পাৰিব । এই এপলটোৰ নাম দিয়া হৈছে 'নৰ্থ ইষ্ট ট্ৰিপছ'।

৭) আকাশ বিজ্ঞান আৰু পৰি‌ৱেশ শিক্ষা কেন্দ্ৰৰ অধীনত যো‌ৱা ২৬ জুলাইত দিনজো‌ৰা কাৰ্যসূচীয়ে ৩য় বাৰ্ষিক শিশু বিজ্ঞানী অধিবেশন অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত অ‌ৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামীয়ে 'আমাৰ চৌপাশে থকা পদাৰ্থসমূহ'ৰ ওপৰত শিশুসকলৰ মনোগ্ৰাহী হো‌ৱাকৈ এটি বক্তৃতা প্ৰদান কৰে । 

৮) টিহুত প্ৰায় দুশজন ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হো‌ৱা এখন সভাত  মদ ভাং আদিৰ দৰে ৰাগিয়াল দ্ৰব্য নি‌ৱাৰণী সমিতি এখনৰ গঠন কৰা হয় ।

৯) দেশবাসীৰ মংগলৰ বাবে চিন্তা কৰা ড০ এ.পি.জি. আব্দুল কালামৰ ইচ্ছামতেই তেখেতৰ মৃত্যুত দেশে সাদিনৰ ৰাষ্ট্ৰশোক  পালন কৰিলেও আজি কাৰ্যালয় সমূহ খোলা থাকিব বুলি জনা গৈছে । কালামৰ মৃত্যুত দেশে এজন মহান সন্তানক হেৰু‌ৱালে ।

১০) জাপানী এনকেফেলাইটিজ ৰোগৰ পৰা বাছি থাকিবৰ বাবে শো‌ৱাৰ সময়ত অনবৰত আঁঠু‌ৱা ব্য‌ৱহাৰ কৰা উচিত । তদুপৰি গাহৰিৰ গড়াল সদায়া বাসস্থানৰ পৰা কিছু নিলগত হো‌ৱাটো বাঞ্চনীয় । অধিক তথ্য জানিবৰ বাবে বিনামূলীয়া নম্বৰ ১০৪ত ডায়েল কৰিব পাৰে ।

No comments:

Post a Comment