মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শিহুক ভৱিষ্যতে বচাই ৰাখিব পাৰিমনে? 
লীলাকান্ত পায়েং

শিহু বুলি কলে বহুতে হয়তো চিনি নেপাব পাৰে।কিন্তু সাগৰৰ ডলফিন বুলি ক'লেহে আজিৰ প্রজন্মই চিনি পায়। হয়, ৰিভাৰ ডলফিন অথবা মিঠা পানীত থকা ডলফিনকে যাক অসমীয়াক শিহু বুলি কোৱা হয়, সেই বিষয়েই লিখিবলৈ লৈছো। সেই মই যেতিয়া সৰু হৈ আছিলো, তেতিয়া সোৱনশিৰি নদীত প্রায়ে শিহু পানীৰ ওপৰলৈ উঠি ডুবি যোৱা দৃশ্য দেখিব পাইছিলো কিন্তু এতিয়া এই দৃশ্য বিৰল। গুৱাহাটীতো উমানন্দলৈ ফেৰীত উঠি গলে সততে টুপুককৈ দেখা দি পানীৰ গভীৰতালৈ সোমাই যোৱা শিহুৰ জলকেলি হেনো আজাকালি দুস্প্ৰাপ্য হৈ পৰিছে।

চৰকাৰী ভাৱে, ২০০৮ চনৰপৰাই অসম চৰকাৰে শিহুক ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিছে। কিন্তু এইয়া নামতেহে হৈছে কাম হলে একো হোৱা নাই। শিহু হল এক প্রকাৰৰ মিঠা পানীৰ ডলফিন। ইয়াৰ বৰণ মুগা কিন্তু মাছৰ দৰে শীতলৰক্তী নহয়।ই এক উষ্ণৰক্তী প্রাণীহে। ইয়াৰ বৈজ্ঞানিক নাম Plantanista gangetica। এয়েহে ইয়াক গেঙ্গেটিক ডলফিন বুলিও জনা যায়। ই পানীৰ তলত উশাহ লব নোৱাৰে বাবে ৩০ ৰপৰা ৫০ চেকেণ্ড সময় পানীৰ বাহিৰলৈ জাপ মাৰে। ইয়াৰ ওজন প্রায় ১০০ কেজি মান হয় আৰু সর্বাধিক ২.৮ মিটাৰ দীঘল হয়। ই পৰিপক্কতা পাই ৬ৰপৰা৮ বছৰৰ ভিতৰত আৰু জীবনকাল প্রায় ৩৬ বছৰৰ।
নেপাল,ভাৰত আৰু বাংলাদেশৰ এই তিনিখন নদী সমুহত পোৱা যায়। ভাৰতৰ ৰাজ্যসমুহৰ ভিতৰত অশ্ম,উত্তৰ প্রদেশ,মধ্য প্রদেশ,বিহাৰ আৰু পশ্চিমবংগত আদিৰ নদী-উপনদী সমুহত পোৱা যায়। ১৯৭২ চনৰ বন্যপ্রাণীৰ আইনমতে ইয়াক ধৰা আৰু মাৰাটো নিষেধাজ্ঞা জাৰি কৰিছে।ইনটা্ৰনেছনেল ইউনিয়ন ফৰ কনজাৰভেছন অৱ নেচাৰ চমুকৈ IUCN বিলুপ্তপ্রায় প্রাণীৰ তালিকাত সাঙুৰিছে। ২০০৫ চনৰ তথ্য অনুসৰি অসমত মাথো ২৫০ টা শিহুহে নদীবোৰত আছে। ২০১২ৰ মতে এই সংখ্যা ৬০০টা শিহু আছে বুলি মত পোষন কৰিছে। বহু বছৰৰ আগেয়ে শিহুৰ সংখ্যা অধিক আছিল যদিও সংৰক্ষণৰ দুর্বলতাৰ বাবে আজিৰ অৱস্থা।

শিহুৰ সংখ্যা কমি যোৱাৰ মুখ্য কাৰণ নদীত বান্ধ নির্মাণ কৰা, শিহুক নদীৰপৰা ধৰি আনি ইয়াৰ তেল বিভিন্ন কামত প্রয়োগ কৰা,বাসস্থানসমূহ ধবংস কৰা, মানুহৰ মাজত সজাগত নোহোৱা আদিয়েই আন্যতম কাৰণ।শিহুৰ সংৰক্ষণৰ আইন যিমানখিনি ফল প্রয়োগ হব লাগে ঠিক তেনেদৰে হোৱা নাই।চৰকাৰে মুখেদি বহুত কথা কই আহিছে যদিও এইবোৰৰ কোনো ব্যৱহাৰিক প্রয়োগ হোৱা নাই। বাঘ সংৰক্ষণৰ নিচিনাকৈ অলপ চৰকাৰে গুৰুত্ব দিলে শিহুক বিলুপ্ত অৱস্থাৰপৰা বচাব পৰা যায়।

শিহুৰ সংৰক্ষণতাৰ ওপৰত আৰণ্যক, জৈৱ বৈচিত্র্য সংগঠন আৰু IUCN য়ে লোৱা পদক্ষেপ অলপ হলেও অলপ সফল হৈছে বুলি কব পাৰি।ইয়াৰ ভিতৰত বিশেষকৈ আৰণ্যক নামৰ সংগঠনে শিহুৰ সংৰক্ষণতাৰ ওপৰত বহুখিনি অৰিহনা যোগাইছে বুলি কব পাৰি। চৰকাৰেও এই আৰণ্যক www.aaranyak.org নামৰ সংগঠনক অলপ সহায় কৰিলে ভৱিষ্যতে শিহুক ৰাজ্যিক জলজ পশু হিচাবে বচাই ৰাখি দেশ-দুনীয়াৰ আগত গৌৰৱ কৰিব পাৰিম। চৰকাৰেও নিজাকৈ পদক্ষেপ গ্ৰহণ কৰিলে ভাল।

চলিত চৰকাৰৰ আওকণীয়া মনোভাৱ, ব্যক্তিগত বাদ-বিসম্বাদত সমাজৰ বহুতো স্পৰ্শকাতৰ বিষয়েই পদক্ষেপ নোলোৱাকৈ ৰৈ গৈছে। পৰিবেশ বিষয়ক এনে বিষয়বোৰলৈ এইখন চৰকাৰে কিমান গুৰুত্ব দিব সেয়া সন্দেহজনক। সেয়ে ৰাইজেই অসমৰ বিপুল জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণৰ দিশটোত সজাগ হৈ জনমত গ্ৰহণ কৰি শক্তিশালী গণমাধ্যমেৰে চৰকাৰক এই বিষয়ত সঠিক উদ্যোগ গ্ৰহণ কৰিবলৈ বাধ্য কৰিব লাগিব। চ'ছিয়েল মেডিয়াতো ইয়াৰ বহুল প্ৰচাৰে কেতিয়াও শিহু নেদেখা সকললো নিশ্চয়কৈ অসমৰ নৈ-মাতৃৰ বুকুত জলকেলি কৰি ফুৰা থলুৱা ডলফিনটোৰ প্ৰতি আগ্ৰহী কৰিব পাৰিব, সেয়াও নিশ্চিত।

লেখক মীন বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত ৰহাত অধ্যয়নৰত। ফোনঃ ৮০১১৭৭৮০৩৮

No comments:

Post a Comment