সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ আৰু অসমৰ আদিবাসীসকল
ড° কমল কুমাৰ তাঁতী
সম্প্ৰতি অসমত দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (National Register of Citizens) উন্নীতকৰণৰ কাম তীব্ৰগতিত চলি থকাৰ মাজতে অসমত ‘আদিবাসী-চাহ জনগোষ্ঠী-চাহ শ্ৰমিক’ নামেৰে পৰিচিত প্ৰায় এক কোটি ‘প্ৰকৃত অসমীয়া’ ৰাইজ প্ৰবল সমস্যা আৰু বিপদৰ সম্মূখীন হৈছে ৷ নিজৰ দেশতে, নিজৰ মাটিতে বিদেশী হোৱাৰ উপক্ৰম হৈছে অসমৰ এই থলুৱা, খিলঞ্জীয়া জনগোষ্ঠীটো ৷ লেখাটোৰ আৰম্ভণিতে দেশৰ উচ্চতম নায়্যালয়, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাব খোঁজো - অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ প্ৰায় এক কোটি ‘অসমীয়া’ ‘থলুৱা’ ৰাইজক বিনাচৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত কৰা হওক ৷ লগতে এই সম্পৰ্কীয় সকলোবোৰ সংশয়, ভূল বুজাবুজি আৰু সন্দেহ মৰিষণ কৰি অতিশীঘ্ৰেই উচ্চতম ন্যায়ালয় আৰু সংশ্লিষ্ট চৰকাৰী পক্ষসমূহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পিছত প্ৰকাশিত হ’বলগীয়া নতুন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ লোকসকলক অন্তৰ্ভূক্ত কৰাৰ বাবে উচিত পদক্ষেপ আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাওঁ ৷

ইতিমধ্যেই বিনাচৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত কৰাৰ দাবীত অসমৰ আদিবাসী ৰাইজে সমগ্ৰ অসম-জুৰি তীব্ৰ গণ-আন্দোলন গঢ়ি তুলিছে ৷ গণ-সমাৱেশ, পথ-অৱৰোধকে আদি কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে, আনকি দেশতে বিদেশী হোৱাৰ ভয়ত আত্মহত্যাৰ চেষ্টা চলোৱা বুলিও খবৰ ওলাইছে ৷ আদিবাসী-চাহ জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনসমূহ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, আছা, আটছা আদিকে কৰি সকলোবোৰ সংগঠনে যৌধ কাৰ্যসূচী হাতত লৈছে আৰু চৰকাৰক দাবী জনাইছে যাতে অনতিপলমে এই সম্পৰ্কে উচিত ব্যৱস্থা হাতত লোৱা হয়, অন্যথা অধিক জংগী আন্দোলন গঢ়ি তোলাৰো ভাবুকি দিছে ৷ এনে পৰিস্থিতিত এই সম্পৰ্কে কিছু কথা আলোচনা কৰিব বিচৰা হৈছে ৷

এইকথা ইতিমধ্যে প্ৰমাণিত হৈছে যে, অসমত ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ প্ৰকৃত অৰ্থৰ সূচনা হয় অসমত নতুনকৈ গঢ় লৈ উঠা চাহ-বাগিছাবোৰত কাম কৰাবলৈ ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা আদিবাসী লোকসকলৰ ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ জৰিয়তে, শ্ৰমিক আৰু শ্ৰমৰ স্থানান্তৰিতকৰণৰ জৰিয়তে ৷ ভাৰতৰ বিশিষ্ট সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেলে তেওঁৰ কেইবাখনো বিখ্যাত গৱেষণা-পত্ৰত এই ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে ৷

অসমৰ চাহ বাগিছাসমূহত কাম কৰোৱাবলৈ ব্ৰিটিছ চৰকাৰ আৰু বিদেশী ঔপনিৱেশিক পূঁজিপতি মহলে ভাৰতৱৰ্ষৰ বিভিন্ন আদিবাসী-অধ্যুষিত অঞ্চলসমূহৰপৰা ‘আড়কাঠিয়া চালান’ আৰু ‘চৰ্দাৰী ব্যৱস্থা’ৰ জৰিয়তে মূলত: আদিবাসী লোকসকলক ‘বলপূৰ্বক প্ৰব্ৰজন’ কৰাইছিল আৰু সেই প্ৰব্ৰজন আৰম্ভ হৈছিল ১৮৫৮-৫৯ চনত ৷ পৰৱৰ্ত্তী সময়চোৱাতো ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত এই ‘বলপূৰ্বক প্ৰব্ৰজন’ অব্যাহত আছিল আৰু ১৯০১ চনৰ Census of India-ৰ ৰিপ’ৰ্টমতে, মুঠ প্ৰব্ৰজিত, মূলত: আদিবাসী মূলৰ চাহ শ্ৰমিকৰ সংখ্যা হৈছিলগৈ ৬৪৫,০০০ জন ৷

১৮৭৩-১৯৩২ চনৰ ‘Assam Labour Reports’ আৰু ১৯৩৪-১৯৪৭ চনৰ ‘Reports on Emigrant Labour’ অনুসৰি, অসমৰ চাহ-বাগিছাসমূহত কাম কৰিবলৈ বলপূৰ্বকভাৱে আমদানি কৰা আদিবাসী শ্ৰমিকসকলৰ পৰিসংখ্যাবোৰ এই লেখাত উল্লেখ কৰিব খুঁজিছোঁ ৷ সেইমতে, ১৮৭৩-১৮৮০ চনৰ ভিতৰত ২,৮৭,০০০ জন, ১৮৮১-১৮৯০ চনৰ ভিতৰত ৩,২৭,৬০০ জন, ১৮৯১-১৯০০ চনৰ ভিতৰত ৫,৯৬,৯০০ জন, ১৯০১-১৯১০ চনৰ ভিতৰত ৩,৬৭,২০০ জন, ১৯১১-১৯২০ চনৰ ভিতৰত ৭,৯০,৮০০ জন, ১৯২১-১৯৩০ চনৰ ভিতৰত ৩,৬১,৫০০ জন, ১৯৩১-১৯৪০ চনৰ ভিতৰত ২,৪৭,৯০০ জন আৰু ১৯৪১-১৯৪৭ চনৰ ভিতৰত ২,৯৩,৯০০ জন ৷ গতিকে, এই চৰকাৰী পৰিসংখ্যা অনুসৰি, ১৮৭৩-১৯৪৭ চনৰ সময়চোৱাত অসমলৈ আমদানিকৃত আদিবাসী শ্ৰমিকৰ সৰ্বমুঠ সংখ্যা হৈছিলগৈ ৩২,৭২,৮০০ জন (প্ৰায় ৩৩ লাখ) ৷

ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতেই অসমলৈ আদিবাসী শ্ৰমিকৰ এনে প্ৰব্ৰজন একেবাৰেই কমি যায় আৰু ১৯৫০-ৰ দশকৰ শেষভাগলৈ আদিবাসী শ্ৰমিকৰ বলপূৰ্বক আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ যায় ৷ এইখিনিতে এটা কথা উল্লেখযোগ্য যে, এইসকল আদিবাসী লোক পিছলৈ আৰু কেতিয়াও নিজৰ মূল ঠাইলৈ ঘূৰি নগ’ল ৷ অসমকেই নিজৰ ‘একমাত্ৰ বাসভূমি’ অথবা ‘দেচ’(দেশ) বুলি সাৱটি লৈ, অসমীয়া ভাষাকে নিজৰ মূখৰ মাত বুলি ধৰি লৈ এইসকল লোকে পৰৱৰ্ত্তী সময়চোৱাত অসমৰ বৃহত্তৰ জাতি-গঠন প্ৰক্ৰিয়াত এক অভূতপূৰ্ব অৱদান আগবঢ়ালে ৷

উল্লেখযোগ্য যে, এই চৰকাৰী পৰিসংখ্যাবোৰত কেৱল চৰকাৰীভাৱে আমদানিকৃত শ্ৰমিকৰ এক সাধাৰণ পৰিসংখ্যাহে উল্লেখ কৰা হৈছিল ৷ বেচৰকাৰীভাৱেও, সেই সময়চোৱাত বহু আদিবাসী লোক স্ৱতন্তৰীয়াভাৱে আৰু নিজৰ পৰিয়াল-পৰিজনৰ (যিসকলে পূৰ্বতেই অসমলৈ আমদানিকৃত) সংশ্ৰৱত থাকি কাম কৰিবলৈ অথবা অন্য কাৰণত অসমলৈ গুছি আহে ৷ গতিকে ১৯৪৭ চনলৈকে অসমলৈ বলপূৰ্বকভাৱেই হওক অথবা নিজ ইচ্ছাতেই হওক, অসমলৈ প্ৰব্ৰজন কৰা আদিবাসী লোকৰ মুঠ সংখ্যা ৪০-৪৫ লাখৰ কম নিশ্চয় নাছিল ৷ ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ ৬৮ বছৰৰ পিছত এই ৪০-৪৫ লাখ পূৰ্বজ আদিবাসী লোকৰ পা-পৰিয়াল বাঢ়ি আৰু ভাৰতৱৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ সৈতে সংগতি ৰাখি সম্প্ৰতি অসমত স্থায়ীভাৱে বসবাস কৰা আদিবাসী-চাহ জনগোষ্ঠীয় লোকৰ সংখ্যা এক কোটিৰ কম নিশ্চয় নহ’ব ৷ সেই হিচাপমতেই, মই অসমৰ আদিবাসী-চাহ জনগোষ্ঠীয় ৰাইজৰ সৰ্বমূঠ সংখ্যাটো প্ৰায় এক কোটি বুলি ধৰি লৈছোঁ ৷

এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণক কেন্দ্ৰ কৰি সম্প্ৰতি অসমৰ আদিবাসী ৰাইজৰ বাবে উদ্ভৱ হোৱা সমস্যা আৰু বিপদ হৈছে ‘অসমৰ এক কোটি মানুহৰ সমস্যা আৰু বিপদ’ ৷ অসমকে নিজৰ দেশ বুলি আকোঁৱালি লোৱা, অসমীয়া ভাষাকে নিজৰ মূখৰ মাত বুলি সাঁৱটি লোৱা এক কোটি ‘অসমীয়া’, ‘আদিবাসী’ মানুহ আজি নিজৰ দেশতে বিদেশী হ’বলৈ ওলাইছে ৷ ঔপনিৱেশিকতা, ইতিহাস, অৰ্থনীতি আৰু ৰাজনীতিৰ জঁটিল পাকচক্ৰত পৰি অসমৰ এক কোটি ‘থলুৱা’ মানুহে নিজৰ অধিকাৰৰ বাবে পুনৰ আন্দোলন কৰিব লগীয়া হৈছে ৷ ইয়াতকৈ আৰু দূখৰ কথা আৰু কি হ’ব পাৰে ?

এই কথা মই পূৰ্বতেও কৈছো যে, সাম্প্ৰতিক পৰিৱৰ্তিত ৰাজনৈতিক, আৰ্থ-সামাজিক আৰু জনসংখ্যাগত পৰিস্থিতিৰ দিশৰপৰা অসমৰ এক কোটি আদিবাসী-চাহ জনগোষ্ঠীয় জনগণ অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম মূল মেৰুদণ্ডত পৰিণত হৈছে ৷ এই কথা বিভিন্ন সময়ত অসমৰ আদিবাসী ৰাইজে বিভিন্ন ধৰণেৰে প্ৰমাণো কৰি থৈছে ৷ এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পিছত প্ৰকাশিত হ’বলগীয়া নতুন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ লোকসকলক বিনাচৰ্তে অন্তৰ্ভূক্ত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱাটো অসমৰ প্ৰত্যেকজন গণতান্ত্ৰিক-সচেতন লোকৰ বাবে এক ঐতিহাসিক দ্বায়িত্ত্ব ৷
 
কিন্ত্ত ইতিহাসৰ কি পৰিহাস, যিটো জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াত অন্যতম মূল অৱদান আগবঢ়াই থৈছে, যিটো জনগোষ্ঠীয়ে অসমীয়া ভাষাক আকোঁৱালি লোৱাৰ কাৰণেই আজিও অসমত অসমীয়াভাষী লোক সংখ্যাগৰিষ্ঠ হৈ আছে, সেই জনগোষ্ঠীটোৰ গণতান্ত্ৰিক অধিকাৰবোৰৰ হকে মাত মাতিবলৈ আজি কোনোৱেই নাই ৷ ই নিতান্তই দূখৰ কথা যে, কেইজনমান সচেতন লেখক-বুদ্ধিজীৱী আৰু কিছুমান স্বাৰ্থান্বেষী, ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ বাহিৰে এই সম্পৰ্কত কোনেও মাত মতা নাই, অথবা ইচ্ছাকৃতভাৱে নিশ্চুপ হৈ আছে ৷ অসমৰ যিকোনো সমস্যা লৈ সদায়েই মাত মাতি অহা কেইবাজনো নেতা-ৰাজনীতিক, লেখক-সাংবাদিক আৰু বুদ্ধিজীৱীও অজান কাৰণত এইক্ষেত্ৰত নীৰৱ ৷

তৎসত্ত্বেও, আমি আশা কৰিম, অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সম্পৰ্কে সততে সৰৱ
ড° হীৰেন গোঁহাই, উদয়াদিত্য ভৰালী, নিত্য বৰা, হোমেন বৰগোঁহাঞি, ড° দেৱব্ৰত শৰ্মা, অখিল গগৈ, হীৰেন গগৈ, ড° অৰূপজ্যোতি শইকীয়া, ড° সমুজ্জ্বল ভট্টাচাৰ্য আদি বিশিষ্ট ব্যক্তিসকলে এইক্ষেত্ৰত বলিষ্ঠভাৱে মাত মতাৰ লগতে অনতিপলমে নিজৰ মতামত উপযুক্ত প্লেটফ’ৰ্মত ব্যক্ত কৰি দৰিদ্ৰ আদিবাসী ৰাইজক আশ্বস্ত কৰিব৷ তদুপৰি, জন্মসূত্ৰে আদিবাসী আৰু আদিবাসী-চাহ জনগোষ্ঠীৰ ভোটেৰে জয়ী হৈ মন্ত্ৰী-বিধায়ক-সাংসদ হোৱা আদিবাসী আৰু অন্য ৰাজনৈতিক নেতাসকলে এইক্ষেত্ৰত উপযুক্ত ভূমিকা লোৱাটো এইসময়ত অত্যন্ত জৰুৰী হৈ পৰিছে ৷

No comments:

Post a Comment