চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

চিন্তন

Share This
আচল বনাম অচল শিক্ষাঃ 
সামাজিক প্ৰতিফলন আৰু কিছু অনুভৱ
অজয় লাল দত্ত
(১)

"শিক্ষা" আচলতে মানুহে জীৱনৰ খোজে প্ৰতিয়েই পাব পৰা এটা বস্তু। অথচ তাক গ্ৰহণ কৰা নকৰাটো মানুহজনৰ ব্যক্তিগত আগ্ৰহৰ ওপৰত নিৰ্ভৰশীল। কিন্তু শিকাৰ মানসিকতা থাকিলে বহু বেছি শিক্ষা বাস্তৱ জীৱনৰ পৰা আহৰণ কৰিব পাৰি। এনে শিক্ষা আনুষ্ঠানিক নহব পাৰে, কোনো প্ৰমাণ পত্ৰ অথবা ডিগ্ৰী নাথাকিব পাৰে, পিছে এনে শিক্ষাই সমাজখনক প্ৰভুত ৰূপত প্ৰভাৱিত কৰাৰ উদাহৰণ সততেই দেখিবলৈ পোৱা যায়।

মানুহৰ আনুষ্ঠানিক শিক্ষাক লৈ কটাক্ষ কৰাটো সঁচাই অনুচিত। আন্না হাজাৰেলৈ চাওক, তেখেত এসময়ত ভাৰতীয় সেনা বাহিনীৰ সাধাৰণ ট্ৰাক ড্ৰাইভাৰ নাছিল নে। সময়, পৰিবেশ, সুবিধা-অসুবিধাত পৰি বহুতেই আনুষ্ঠানিক শিক্ষা কিশোৰ বা যৌৱনত লাভ কৰিব নোৱাৰিব পাৰে, কিন্তু তেওঁলোকে জীৱনৰ বাকী সময়ত বিভিন্ন উপায়েৰে আহৰণ কৰা শিক্ষাই বহুলোককেই বাস্তৱ জীৱনত উজ্বলাই তোলাৰ অনেক উদাহৰণ পোৱা যায়। আন্না হাজাৰেই পাছৰ সময়চোৱাত কি কি কিতাপ অধ্যয়ন কৰিলে আপুনি বা মই জানোনে? তেখেতে দেশ জোকাৰি দিয়া এটা জন আন্দোলন থিয় কৰালে, সেই সফলতাৰ বাবেই অন্তত তেওঁৰ আনুষ্ঠানিক শিক্ষাক লৈ পেংলাই কৰাৰ আগতে এবাৰ ভাবি চাব নালাগেনে?

আন্না হাজাৰেই বহুত শক্তিশালী ৰাজনৈতিক নেতাকো তেওঁৰ অনশনৰ জৰিয়তে উচিত শিক্ষা দিয়াৰ উদাহৰণ কথা জিলিকি আথে। তেখেতে নিজা অধ্যৱসায়ৰ ফলত "জলচ্ছেদ ব্যৱস্থাপনাৰ বাবে মহাৰাষ্ট চৰকাৰে গঠন কৰা বিশেষ কমিটি"ৰ অধ্যক্ষ পৰ্যন্ত হৈছিল আৰু কেবিনেট মন্ত্ৰীৰ সম-মৰ্যদাও লাভ কৰিছিল। সেই কথাটো বহুতেই নাজানে। তেখেতে কেবিনেট মন্ত্ৰীৰ সা-সুবিধা বোৰ প্ৰত্যাখান কৰিও কিন্তু মহাৰাষ্ট্ৰৰ খৰাং পীড়িত ৰাইজক সকাহ দিবৰ বাবে গঠিত এই পৰামৰ্শদাতা কমিটিৰ নেতৃত্ব দিছিল। তেখেতক পাছলৈ কোনো বিশ্ববিদ্যালয়ে সন্মানীয় ডক্তৰেট ডিগ্ৰীৰেও সন্মানিত কৰিছিল।

বহুতো বিজ্ঞানী, খ্যাতনামা শিল্পী, খেলুৱৈ তথা সমাজত নিজা প্ৰচেষ্টাত প্ৰতিষ্ঠিত হোৱা বহু ব্যক্তিৰেই আনুষ্ঠানিক শিক্ষাৰ প্ৰমাণপত্ৰ নিশকটীয়া। কিন্তু তেখেত সকলৰ নিজা ক্ষেত্ৰৰ সফলতাৰ চমকে তেওঁলোকক জীৱনৰ বাটত কিন্তু বহু উচ্চ শিক্ষিত ব্যক্তিতকৈ উচ্চ শাৰীৰ ব্যক্তিত্বৰ অধিকাৰী কৰিছে। তাৰ বিপৰীতে বহু উচ্চ শিক্ষিতৰ নীচ কৰ্মই আঞ্চলিক, ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক সংবাদ শিৰোনামাত কুখ্যাতি লভি, তেওঁলোকে লভা শিক্ষাৰ ওপৰতেই প্ৰশ্ন চিহ্ন বহোৱাইছে।
(২)
জীৱন আৰম্ভ হয় নিজৰ ঘৰৰ পৰা, আৰম্ভ হয় শিক্ষাও। পিতৃ-মাতৃ পৰিয়ালৰ দৈনন্দিন জীৱনৰ সাধাৰণ পৰিঘটনাবোৰৰ পৰাই সৃষ্টি হয় শিশুৰ কোমল মনত সাঁচ বহুওৱা শিক্ষাৰ। প্ৰতিটো ঘটনা-পৰিঘটনাই কব পৰাকৈ বা কব নোৱাৰাকৈয়ে মনত ৰেখাপাত কৰে। তাৰ ভিত্তিতে শিশু এজনে জীৱনৰ বাটত ক্ৰমে শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰাৰ নিজা এক প্ৰসংগ প্ৰণালী তৈয়াৰ কৰি গৈ থাকে। 

ব্যৱহাৰিক জীৱনৰ বহু গুৰুত্বপূৰ্ণ কথা জানিবৰ বাবে, অনুভৱ কৰিবৰ বাবে নিজা ঘৰ-পৰিয়াল-প্ৰতিবেশী-বন্ধু-সমাজ আদিৰ ওপৰতে অধ্যয়নমূলক দৃষ্টি ৰখাৰ প্ৰয়োজন। এনে নজৰেই আচলতে আমাক বহুত নতুন শিক্ষা দিব পাৰে। জীৱনত লেখি শিকা আৰু ঠেকি শিকা বুলি থকা দুয়োটা কথাৰ পৰা শিক্ষা লাভ কৰিবলৈ পৰ্যবেক্ষন আৰু বিশ্লেষণৰ অভ্যাস গঢ়ি তোলাটো অতিশয় জৰুৰী কথা। 

দিনটিয়া ঘটনাৰাজিৰ ভিত্তিত হোৱা অভিজ্ঞতাই দিয়া শিকনিবোৰৰ জুকিয়াই লৈ নীতিশিক্ষা বিশ্লেষণ কৰাৰ বাবে দৈনিক ডায়েৰীখনেই হেনো শ্ৰেষ্ঠতম বস্তু। যত লিপিবদ্ধ সাময়িক অনুভূতিবোৰ লুটিয়াই চালে জীৱনে দিয়া আদি-পাঠবোৰ বাৰে বাৰে বিশ্লেষণ কৰিব পাৰি। সময় বাগৰাৰ লগে লগে সলনি হোৱা চিন্তা ধাৰণাৰ সৈতে সেই ক্ষণবোৰৰ ভাৱনাৰ জোৱাৰবোৰ তুলনা কৰিও দীৰ্ঘসময়ৰ বাবে নিজে বিশ্লেষণ কৰা "আচল শিক্ষা" কিছুমান আৱিস্কাৰ কৰাৰ থল থাকে। মহান হোৱা বহুতো লোকেই এনে ডায়েৰী লিখা বুলি জনা যায়, আৰু পুৰণি ডায়েৰীৰ পাতেও এনে সফল মানুহৰ সংগ্ৰাম আৰু চেতনাৰ ওপৰত বহুমূলীয়া ধাৰণা নতুন পুৰুষক দিব পাৰে।

(৩)
ব্যক্তিগত ভাৱে পৰ্যবেক্ষণ কৰা তথা মনত সাঁচ বহোওৱা দুটিমান সৰু উদাহৰণ তুলি ধৰিব খুজিছো। এগৰাকী কৃৰ্তী ছাত্ৰই এখন মহাবিদ্যালয়ৰ এটা বিভাগৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লৈ পাছ কৰিলে, কলেজখনক গৌৰৱান্বিত কৰিলে। তিনি বছৰৰ পাছত সেই ছাত্ৰজনেই স্নাতকোত্তৰ শিক্ষা আৰু এম ফিল সাং কৰিলে, তাতো শীৰ্ষ তিনিটাত স্থান লভি। নেট নহলেও শ্লেট পাছ কৰি আহি পুনৰ সেই জকাইচুকৰ মহাবিদ্যালয়ত খালী হোৱা পদত আবেদন কৰিলেহি। তাৰ পাছৰ পৰ্যায়টো আচলতে অনুমান কৰাটো আজিৰ তাৰিখত কাৰো বাবেই টান নহয়....

মাননীয় অধ্যক্ষ গৰাকীয়ে প্ৰাৰ্থী গৰাকীক ঘৰলৈ মাতি নি চাহ তাহ খুৱাই তেওঁ যে কলেজৰ গৌৰৱ সেই কথা পুনৰ সোঁৱৰাই দিলে। সেয়ে তেওঁক চাকৰিটো দিবৰ বাবে অন্ততঃ মেনেজিং কমিটিক মেনেজ কৰা আৰু সঞ্চালকালয়ত খৰছৰ বাবে দুই লাখ টকাৰ প্ৰয়োজন হব সেই কথাও ব্যক্ত কৰিলে। লগতে আন প্ৰাৰ্থীয়ে যে ৰাজনৈতিক হেঁচাৰ সৈতে পাঁচ লাখ টকাৰ অফাৰ দি আছে সেই কথাও জনাবলৈ নাপাহৰিলে। তেওঁ কলেজৰ গৌৰৱ হোৱাৰ বাবেহে তেওঁক দিয়াৰ স্বাৰ্থত ছাৰে এনেকৈ ত্যাগ কৰিবলৈ ওলোৱাৰ কথাটোতো অতিশয় গুৰুত্ব প্ৰদান কৰি উপস্থাপন কৰা হ'ল। পিছে এই ঘটনাই গুৰু-শিষ্যই পৰস্পৰে পৰস্পৰক শিক্ষা দিয়াৰ ঘটনালৈ পৰ্যবেক্ষিত হোৱাতহে কথাবোৰ আকৰ্ষণীয় কথা হৈ পৰিল।

ছাত্ৰজনে সবিনয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে। তেওঁ পুনৰ বিশ্ববিদ্যালয়লৈকে ঘূৰি গৈ পিএইচডিত যোগদান কৰিলে আৰু মহানগৰীৰ আন বেচৰকাৰী কলেজত পঢ়ুৱাই নিজৰ খৰছ যোগোৱাত মনোনিবেশ কৰিলে। তেওঁৰ নিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশ্ববিদ্যালয়ৰ সেই বিভাগে তেওঁক অস্থায়ী পদত মকৰল কৰিলে আৰু তিনিটা বছৰৰ পাছত ডক্টৰেট হোৱাৰ লগে লগে এতিয়া সেই পদত তেওঁ স্থায়ীৰূপত যোগদান কৰিবলৈ সুযোগ লাভ কৰিলে।

এতিয়া হেনো সেই কলেজৰ খুৱ কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়েহে সেই বিভাগত বিশ্ববিদ্যালয়ত ছীট পায়। আগতে টপ কৰা বিভাগটোৰ পুৰণি শিক্ষক সকলৰ অৱসৰ গ্ৰহণ আৰু নতুন পাঁচ লাখ টকীয়া নিযুক্তিৰ ফলাফল আছিল সেয়াই! এয়া মাত্ৰ এটা ঘটনা, যাৰ বলি হোৱা মেধাৱী হাজাৰ-বিজাৰজন আছে। 

এতিয়া প্ৰশ্ন হয়, আচলতে কোনজনে জীৱনৰ পৰা গ্ৰহণ কৰা শিক্ষাটো আচল শিক্ষা! অধ্যক্ষজন উচ্চ শিক্ষিত হৈও সহজ ধনৰ লালসাত স্থানীয় শিক্ষাৰ্থী সকলৰ ভৱিষ্যতক দশকলৈ বিক্ৰী কৰি দিয়াৰ চিন্তনীয় ঘটনাৰ পৰা আমি কি শিক্ষা লোৱা উচিত, বা তেওঁক সমাজে কি শিক্ষা দিয়া উচিত, সেয়াও চিন্তা কৰিবলগীয়া।

মন কৰিব, নিজৰ শিক্ষকক ধন দি চাকৰি কিনিবলৈ অমান্তি হোৱা প্ৰাক্তন ছাত্ৰজনকটো সেই অধ্যক্ষয়েই একালত শিক্ষা দান কৰিছিল শিক্ষক ৰূপে। 
ভাল, আদৰ্শবান ছাত্ৰ গঢ়াত তেন্তে শিক্ষকজন সফল! তাৰ অৰ্থ, শিক্ষক ৰূপে আনক ভাল কথা আপুনি সুন্দৰকৈ শিকাব পাৰে, কিন্তু সেই শিক্ষা নিজৰ জীৱনত নিজে মানি চলাৰ পিছে কোনো নিশ্চয়তা নাই। এনে শিক্ষক আৰু শিক্ষাৰ সফলতাক আমিও চিন্তা কৰা উচিত নহয়নে?

তাৰ বিপৰীতে ছাত্ৰজনে নিজৰ শিক্ষাৰ পৰা গঢ় দিয়া বিবেকেৰে নিজৰ শিক্ষাৰ মূল্য নিজে অনুধাৱন কৰিছে। তেওঁ সততাৰ বাটেৰে যোৱাৰ প্ৰত্যাহ্বানটো গ্ৰহণ কৰিছে। এতিয়া বিশ্ববিদ্যালয়লৈ পৰ্যালোচনা সভালৈ যোৱা অধ্যক্ষক মিটিঙতে তুলা-ধুনা দি "নতুন নতুন শিক্ষা" দিবলৈকো সমৰ্থবান হৈছে। নিজে সততাৰ বাটেৰে বাট বুলি নিজকে শক্তিমন্ত ৰূপত গঢ় দি একালৰ শিক্ষককে সঠিক প্ৰত্যাহ্বান যোগোৱা এই "নতুন শিক্ষক" জনৰ পৰা আমিও জানো শিকিব লগা নাই!

এই চেগতে তেখেতৰ সফলতাৰ বাবে অভিনন্দন তথা শিক্ষক হোৱাৰ গৌৰৱ অক্ষুন্ন ৰখাৰ যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো।
(৪)
অতি পিছপৰা ভিতৰুৱা অখ্যাত গাঁৱৰ তেওঁ এগৰাকী জনজাতীয় ল'ৰা। যাত্ৰাৰ আৰম্ভণি সত্তৰৰ দশকতে। তেওঁ উচ্চ শিক্ষাৰ সপোন লৈ শ্বিলং পালেগৈ। তাতে অসমীয়া ল'ৰাৰ মেচত ৰান্ধনি ৰূপে ভাত বনোৱাৰ কাম কৰিবলৈ ধৰিলে। নৈশ স্কুলত নাম লগাই নিজৰ শিক্ষাৰ সপোনকো জীপাল কৰি ৰাখিলে । সেইদৰেই স্নাতক হ'ল, তাৰ পাছত চতুৰ্থ শ্ৰেণীৰ চাকৰিত সোমাই গুৱাহাটীত থাকিবলৈ ল'লে। বিয়লি বেলা আইনৰ শ্ৰেণীলৈ গ'ল। এই ধৈৰ্য আৰু অধ্যৱসায়ে তেওঁক কৰি তুলিলে অনন্য। তেওঁ এতিয়া জিলাখনৰ আটাইতকৈ ব্যস্ত অধিবক্তা!

অথচ আটাইতকৈ কম ফীজ তেখেতৰে। দুখীয়া, হজুৱা সকলো দৌৰি আহে তেখেতৰ কাষলৈ, হাকিম ধৰি গোচৰ খেলিবলৈ। ন্যায় ব্যৱস্থাই পিষ্ট কৰা এজাক মানুহক তেওঁ সেৱা আগবঢ়াই গৈছে অবিৰত। নতুনকৈ অহা অধিবক্তাৰ দীঘল দীঘল গাড়ী, বাংলোৰ কাহিনীয়ে তেওঁক কৰিব পৰা নাই অতিষ্ঠ। তেখেতৰ কৰ্মময় জীৱনৰ গতি একেই, নীৰৱ, নিতাল, অথচ অহৰহ..। বাকীবোৰে মটৰ বাইক এৰি বিলাসীগাড়ী সলাইছে। অথচ তেওঁ চাইকেল এৰি খোজ দিবলৈহে ধৰিছে... লগ পালেই একেই উচ্ছাস...., সৌৱা ডায়েৰীৰ মাজত কেচৰ কাগজ লৈ তেখেত গৈ আছে... ৰাইজৰ হৈ গোচৰ খেলিবলৈ....!

তেখেতেই নিজৰ জাতি-জনগোষ্ঠীৰ বাবে সংবিধানে প্ৰদান কৰা সুবিধাৰ ভিত্তিত প্ৰথমে দাবী তুলিছিল আত্ম-নিয়ন্ত্ৰণৰ। দাবী সমিতিৰো তেখেতেই আছিল প্ৰথম সভাপতি। গাঁৱৰ পৰা ডেকা ল'ৰাবোৰ জাক পাতি আহিছিল, তেওঁৰ পৰা শিকিছিল, ঘৰত থাকিছিল, খাইছিল, টকা নিছিল, পঢ়িছিল। এতিয়া সেইবোৰ ল'ৰা উন্নয়ন পৰিষদৰ কাৰ্যবাহী! ৰঙা লাইট লগা গাড়ীত তেওঁলোকৰ এতিয়া অবিৰত যাত্ৰা...

অথচ তেখেত একেই, ধীৰ গতিৰে গৈ আছে, ছাত্ৰাবাসটোৰ ফালে, যিটো তেওঁ তিনিটা দশক ধৰি চলাই আছে সৰু নগৰখনত। যাতে জনগোষ্ঠীটোৰ ল'ৰাবোৰে ভিতৰুৱা গাঁৱৰ পৰা আহি তাত বিনামূলীয়াকৈ থাকি নগৰত পঢ়িব পাৰে, মানুহৰ বিকাশ হয়, জাতিটোৰ বিকাশ হয়। সৌৱা বৰষুণ পৰিছে, তেওঁৰ গা জুৰুলি জুপুৰী হৈ তিতিছে...আগে আগে যোৱা ঠেলাখনত কেইবাণ্ডোলমান টিন... তেওঁ হেনো ছাত্ৰাবাসটোত টিনপাত লগাব... বৰষুণৰ টোপালে শিক্ষাৰ পথত বাধা হোৱাটো তেওঁ সহ্য কৰিব নোৱাৰে....! 
(৫)
সৌৱা ৰাষ্ট্ৰীয় সংবাদ পত্ৰখনত জিলিকি আছে ছিণ্ডিকেট বেংকৰ অধ্যক্ষ চিবিআইৰ জালত! অৰ্থনীতি তথা শ্বেয়াৰ মাৰ্কেটত জালচাজিৰ বাবে আমেৰিকাত ভাৰতীয় পুঁজিপতি জেললৈ, সত্যমৰ কেচৰ কি হব ভৱিষ্যত.... ।

সৌৱা আব্দুল মালিকে তেওঁৰ লিখনিত ক্ষোভেৰে কৈছে- "আমি যদি অতি কষ্টৰে শিক্ষা-দীক্ষা আৰ্জন কৰাৰ পাছত কেইটিমান টকাৰ বাবে বিবেককেই প্ৰথমেই পণ্য কৰিব লগা হয়, বিক্ৰী কৰিব লগা হয়, তাতোকৈ আৰু দুখৰ কথা কি হব পাৰে। আমি যেন সাজিকাচি ওলাইছো, পতিতা হবলৈকে... এনে শিক্ষাৰ অৰ্থইবা কি"?

বিগত কেন্দ্ৰীয় চৰকাৰত কম আছিল নে বিলাৎ ফেৰৎ ডিগ্ৰীৰে ভৰা মানুহৰ! কিয় নোৱাৰিলে কেলেংকাৰীৰ বান ৰোধিবলৈ। নোৱাৰিলে এজনেও টু-জি, কয়লা, কমনৱেলথ কেলেংকাৰী প্ৰকাশ হোৱাৰ পাছতো নৈতিকতাৰ নিদৰ্শন দেখুৱাই প্ৰতিবাদ কৰিবলৈ, পদত্যাগ কৰিবলৈ...

আমাৰ নগৰখনতো উচ্চ শিক্ষিত উচ্চ পদস্থ বিষয়া সমূহ ক্ৰমাৎ বিক্ৰী হৈছে কমকৈ পঢ়া এজাক ব্যৱসায়ীৰ হাতত! পঢ়িব নোৱাৰিলে কি হব, কিন্তু শিক্ষিত-ক্ষমতাশালী মানুহ কিনাত সিদ্ধহস্ত, সফল তেওঁলোক। তেওঁলোকৰ কাৰ্য-কুশলতা, "আচল শিক্ষাৰে" শিক্ষিত এই সকলক আপুনি অশিক্ষিত বুলি হাঁহিব নোৱাৰে। তেওঁলোকেই এতিয়া চলায় সমাজ, ক্ৰমাত বাঢ়িবলৈ ধৰিছে তেওঁলোকৰ প্ৰতিপত্তি, উচ্চ শিক্ষিত মগজু এতিয়া আটাইতকৈ সহজ পণ্য....। আনুষ্ঠানিক উচ্চ শিক্ষাৰ প্ৰমাণ পত্ৰৰে স্বীকৃত শিক্ষাৰ প্ৰমূল্যক চিনিবলৈ অস্বীকাৰ কৰা এজাক "অচল" শিক্ষাৰে সমৃদ্ধ মানুহৰ দেশত যেন এতিয়া মেগা চেল'হে চলিছে....

অচল আৰু আচল শিক্ষাৰ পাৰ্থক্য আপোনালোকেই বিচাৰ কৰক! মই বৰদেউতাজনক ছাটিটো দিওগৈ... কাৰণ তেওঁ নিজে কষ্টৰে গোটোৱা শিক্ষাকনৰ সঠিক ব্যৱহাৰেৰে সমাজৰ দহজনৰ কষ্ট লাঘৱ কৰাৰ আদৰ্শ আৰু নতুন পুৰুষকো তেনে শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে তেওঁৰ যাত্ৰাক অবিৰত ৰূপত আগুৱাই নিবলৈ তেখেত কুশলে থকাটো এতিয়া বেছি প্ৰয়োজনীয়.....!!!

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages