Saturday, September 6, 2014

সাম্প্ৰতিক প্ৰসংগ

বিকাশ আয়োগৰ প্ৰস্তাৱঃ
অপ্ৰাসংগিক হৈ পৰিছে নেকি পৰিকল্পনা আয়োগ?

প্রাণজিৎ লহকৰ
লাল-কিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিকাশ আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল। পৰিকল্পনা আয়োগৰ ঠাই লব লগীয়া এই বিকাশ আয়োগৰ গঠনৰ প্ৰয়োজনীয়তাৰ অনুভৱে, পৰিকল্পনা আয়োগ ক্ৰমাত অপ্ৰাসংগিক হৈ পৰিছে নেকি, সেই প্ৰশ্নৰেই অৱতাৰণা কৰিছে।

আচলতে সময়ৰ লগত খোজ মিলাবলৈ সকলো স্তৰতে পৰিবৰ্তন দৰকাৰ। পৰিকল্পনা আয়োগো ইয়াৰ ব্যতিক্ৰম নিশ্চয়কৈ নহয়। সেইবাবে পৰিকল্পনা আয়োগৰ পুনঃ প্রতিষ্ঠাৰ প্রয়োজন। পুনঃ প্রতিষ্ঠাৰ কাৰণ দুই ধৰণৰ। প্রথম কাৰণ, প্রতিষ্ঠানটিক অধিক সাৰ্থক কৰিবলৈ। দ্বিতীয়তে ইয়াৰ বুনিয়াদী কামকাজ। যি মুখ্য উদ্দেশ্যত পৰিকল্পনা আয়োগ গঠিত হৈছিল, সেই উদ্দেশ্য সফল কৰিব হৈছেনে? নে উদ্দেশ্য পৰা ফালৰি কাটিছে আয়োগে? এই আলোচনাটিত তাকেই সেই প্ৰশ্ন সমূহৰ উত্তৰেই পোৱাৰ চেষ্টা কৰিম।


প্রাসংগিকতাঃ
ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বাবে পৰিকল্পনা আয়োগ যিমান গুৰুত্বপূৰ্ণ, বৰ্তমান সময়ৰ জটিল অৰ্থনীতিত আয়োগখনে সঠিক খোজ দিছেনে? এইয়া এক গুৰুত্বপূৰ্ণ প্রশ্ন। বহু গণ্য-মান্য ব্যত্তি পৰিকল্পনা আয়োগৰ লগত জড়িত। গঠন হোৱা দিনৰে পৰা, অৰ্থাৎ জৱাহৰলাল নেহৰুৰ সময়ৰ পৰাই প্রতিজন প্রধানমন্ত্ৰী এই আয়োগৰ অধ্যক্ষ হৈ আহিছে। আকৌ উপাধ্যক্ষজনক চৰকাৰে নিয়োগ কৰাৰ নিয়ম।

সাধাৰণতে উপাধ্যক্ষ গৰাকী স্বনামধন্য অৰ্থনীতিবিদ অথবা প্রভাৱশালী ৰাজহুৱা ব্যক্তিৰ পৰা নিৰ্বাচন কৰা হয়। যাৰ মৰ্যাদা কেবিনেট মন্ত্ৰীৰ সমপৰ্যায়ৰ। এতিয়ালৈ উপাধ্যক্ষ পদত কাৰ্যনিবাহ কৰি আহিছে গুলজাৰিলাল নন্দা, ভি টি কৃষ্ণমাচাৰী, চি সুব্রমণিয়ম, পি এন হাকছাৰ, মনমোহন সিং, প্রণৱ মুখাৰ্জী, কে চি পন্ত, যশৱন্ত সিং, মধু দণ্ডাৱটে, মোহন ধাৰিয়া আৰু আৰ কে হেগড়েৰ দৰে বিশিষ্ট লোক সকলে। শেহতীয়াকৈ এই পদত আছিল মণ্টেক সিং আলুৱালিয়া। পিছে এইবছৰৰ মে' মাহৰ ২৬ তাৰিখেই তেখেতে অব্যাহতি ললে। তেতিয়াৰ পৰাই আয়োগত এই পদটি খালী হৈ আছে।


প্রধানত পৰিকল্পনা আয়োগৰ কাম তিনিটা। প্রথম গুৰুত্বপূৰ্ণ কামটো হ'ল আয়োগে দেশৰ পাচঁবছৰীয়া অৰ্থনীতি পৰিকল্পনাখন প্রস্তুত কৰে। কোনটো শিতানত অধিক গুৰুত্ব দিয়া হব, কোনটো শিতানৰ অধিক উন্নয়নৰ দৰকাৰ, এই সকলোবোৰ পৰ্যালোচনা কৰে পৰিকল্পনা আয়োগে। দ্বিতীয়তে ৰাজ্যবোৰৰ আৱশ্যকয়ী শিতান বোৰৰ বাবে পুঁজি মোকোলাই দিয়ে পৰিকল্পনা আয়োগে। আচলতে ৰাজ্যবোৰে কেৱল নিজৰ উৎসৰ পৰা ৰাজ্যৰ বছৰেকীয়া ব্যয় মিলাব নোৱাৰে। সেইহে কেন্দ্রীয় চৰকাৰে কৰৰ ভাগ ৰাজ্যবোৰক দিয়াৰ ব্যৱস্থা কৰিছে।

প্রতি ৫ বছৰে একোটা বিত্ত আয়োগ গঠন কৰিবলৈ সংবিধানৰ অনুচ্ছেদ ২৮০ আৰু ২৮১ ব্যৱস্থা কৰা হৈছে। এতিয়ালৈ ১৩ টা বিত্ত আয়োগ (১৯৫০-২০১৫) গঠন কৰা হৈছে। এই ১৩ টা বিত্ত আয়োগৰ প্রতিবেদনত আছে যে ভাগ কৰিবলগীয়া কৰৰ পৰা ব্যয় বাদ দি যিখিনি ধন কেন্দ্রীয় চৰকাৰে আহৰণ কৰিব, তাৰে ৩২% ধন ৰাজ্যবোৰক দিয়া হব (হিচাপমতে অসমে ৩.৬২৮% পাব)। তৃতীয়তে পৰিকল্পনা আয়োগে বিধিবদ্ধ ভাৱে চৰকাৰৰ বিভিন্ন আঁচনি প্রস্তত কৰে। যিবোৰ চৰকাৰৰ বিভাগ বোৰে মূল্যায়ন কৰে।


উন্নয়ণৰ প্রথম খোজ
১৯৫০ চনত কেন্দ্রীয় চৰকাৰৰ প্রস্তাৱমৰ্মে পৰিকল্পনা আয়োগ গঠিত হৈছিল। ছোভিয়েট ইউনিয়নৰ আৰ্হিত ৰাজহুৱা খণ্ডক সহায় কৰিবলৈ এই আয়োগ গঠিত হৈছিল। বিওিয় নীতি নিৰ্ধাৰণ কৰাৰ বাবে আয়োগে পঞ্চবাৰ্ষিক পৰিকল্পনা কৰি আহিছে। এতিয়ালৈ ১২ টা পঞ্চবাৰ্ষিক পৰিকল্পনা কৰা হৈছে। প্রথম ছটা পৰিকল্পনাত ৰাজহুৱা খণ্ডক শত্তিশালী কৰিবলৈ বিশেষ গুৰুত্ব প্রদান কৰি আহিছে।

কিন্তু নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাত ব্যক্তিগত খণ্ডক অধিক গুৰুত্ব প্রদান কৰিব ধৰে। কাৰণ গোলকীয় অৰ্থনীতিৰ দ্রুত পৰিবৰ্তন আৰু অৰ্থনীতি উদাৰীকৰণ। ইয়াৰ ফলত ব্যক্তিগত খণ্ডলৈ বিনিয়োগ বৃদ্ধি হব ধৰে। ব্যক্তিগত মালিকাধীন প্রতিষ্ঠানৰ দ্রুত অগ্রগতি ফলত দেশৰ অৰ্থনীতিয়েও দ্রুত গতি লাভ কৰে।

কিন্তু দীৰ্ঘকালীন আঁচনি বোৰক লৈ সমস্যা দেখা দিয়া গৈছে। ফলত পৰিকল্পনা আয়োগৰ এনে দীৰ্ঘকালীন আঁচনিবোৰকলৈও বিৰ্তকৰ সূত্ৰপাত হবলৈ ধৰিছে। আকৌ ৰাজ্যবোৰেও কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশমতে আঁচনিৰ ৰূপায়ণ আৰু ধন ব্যয় কৰাত অসুবিধা সন্মুখীন হোৱাৰ বিষয়টোও নুই কৰিব নোৱাৰা।

ৰাজ্যবোৰেও নিজা কৰ্তৃত্ব দাবী কৰিব ধৰিছে। পৰিকল্পনা আয়োগৰ সম্প্রসাৰণ আৰু অতিৰিক্ত ক্ষমতাৰ ফলত চৰকাৰী বিভাগবোৰেও অসুবিধা সন্মুখীন হব লগাত পৰাৰ কথা স্পষ্ট হৈ উঠিছে। কাৰণ চৰকাৰী আয়োগৰ বিভাগবোৰৰ আঁচনিবোৰৰ ধন এই আয়োগৰ জৰিয়তে বিতৰণৰ নিয়ম আছিল। আয়োগৰ অনুমোদন নেপালে কোনো বিভাগে পুঁজি লাভ কৰিব নোৱাৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি পৰিকল্পনা আয়োগ প্ৰকৃততে কিমান শত্তিশালী।


চি ৰংগাৰজন অধ্যক্ষ হৈ থাকোতে কৈছিল, " আঁচনি ৰূপায়ণত হোৱা খৰছ আৰু আঁচনি ৰূপায়ণত নোহোৱা খৰছৰ মাজত থকা পাৰ্থক্য নোহোৱা কৰিব লাগে। এই পাৰ্থক্য থকাৰ ফলতেই শিক্ষক নোহোৱা বিদ্যালয়, চিকিৎসক নোহোৱা চিকিৎসালয় এতিয়া আছে দেশখনত। তদুপৰি আয়োগে ৰাজহুৱা খণ্ডৰ ব্যয় ওপৰতো চকু দিব লাগে।"

অব্যাহত থাকক এনে গতি
বৰ্তমান ভাৰতীয় অৰ্থনীতিৰ অৱস্থ মুঠেও সন্তোষজনক নহয়। উন্নয়নৰ হাৰৰ অৱনতি, ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ অৱনতি, সামগ্রীৰ মূল্য বৃদ্ধি, চৰকাৰৰ ব্যয় বৃদ্ধি আদিয়ে সংকটজনক ছবিখন সুন্দৰ কৈ ফুটাই তুলিছে। এনে সময়ত দ্রুত অৰ্থনীতি সহজ নহয়। আকৌ গোলকীয় বিভিন্ন পৰিস্থিতি আৰু পৰিৱেশৰ বিভিন্ন চিন্তাই সকলোকে ভবাই তুলিছে। ফলত পঞ্চবাৰ্ষিক পৰিকল্পনা দেশ আৰু ৰাজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কেনেকৈ এনে সংকটজনক পৰিস্হিতিত নিজকে খাপ খুৱাই পৰিকল্পনা আয়োগক নতুন চৰকাৰে পুনঃ প্রতিষ্ঠা কৰিব, সেইয়া লক্ষণীয় বিষয় হব।

এতিয়ালৈ পৰিকল্পনা আয়োগে নিজৰ দায়িত্ব সুন্দৰ ভাবে পালন কৰি আহিছে। তেওঁলোকৰ বিৰুদ্ধে কোনো অন্যায় অভিযোগ আজিলৈকে শুনা নাযায় । কিন্তু আয়োগখনক সময়ে দাবী কৰা ধৰণে শক্তিশালী ৰূপত গঢ়ি তোলাৰ অতীব প্রয়োজন আছে, যাতে পৰিকল্পনা আয়োগে সঠিক কামকাজেৰে শক্তিশালী ৰূপত ৰাজ্য সমূহৰ লগতে দেশকো গঢ়ি তুলিব পাৰে। শেষত সকলো দিশত সুস্থ-সৱল ভাৰত গঢ়িবলৈ পৰিকল্পনা আয়োগৰ দায়িত্ব বহুত। আশা কৰো নতুন চৰকাৰে ইয়াক এক ন-ৰূপত প্রতিষ্ঠা কৰি আগুৱাই নিব ভাৰতবৰ্ষক।
(এই লেখাটি চি ৰংগৰাজন ডাঙৰীয়াৰ প্রকাশিত প্রবন্ধৰ  ভাঙনি আৰু  লেখকৰ নিজা বক্তব্য)

No comments:

Post a Comment