জীৱন যৌৱন(স্বাস্থ্য) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন যৌৱন(স্বাস্থ্য)

জীৱন যৌৱন(স্বাস্থ্য)

Share This
মুখৰ কেঞ্চাৰঃ আজিও বাৰু উত্তৰ নাই নেকি?
ডাঃ অজিত কুমাৰ পটঙ্গীয়া

আজিৰ পৰা তিনি-চাৰি দশক আগতে আমি যেতিয়া স্কুলত পঢ়ো, তেতিয়া প্ৰায়ে গাইছিলো – “চাইকেলৰ পাঞ্চাৰ, ছোৱালীৰ ডেঞ্চাৰ, স্কুলৰ ভেঞ্চাৰ আৰু বেমাৰৰ কেঞ্চাৰ”, ইয়াৰ কোনোবা এটাৰ পাল্লাত পৰিলে বোলে মানুহৰ নগুৰ নাকতিৰ সীমা নোহোৱা হয়। সেইয়া যদিও ধেমালিতে কোৱা কথা, আমি আজি তিনি-চাৰি দশক পিছতো একবিংশ শতিকাত থিয় হৈ আধুনিক চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উন্নতি প্ৰত্যক্ষ কৰিছো যদিও “কেঞ্চাৰ” শব্দই এতিয়াও সকলো শ্ৰেণীৰ মানুহৰ মাজতেই সৃষ্টি কৰে ত্ৰাসৰ৷ কাৰণ কোনেওঁ নাজানে, কোন কেতিয়া এই ৰোগৰ চিকাৰ হয়! ই এনে এটা ৰোগ যি ৰোগে অতি সন্তৰ্পণে মানুহৰ দেহত সৃষ্টি হৈ মানুহক মৃত্যুৰ মুখলৈ তিল তিলকৈ আগবঢ়াই লৈ যায়৷ যিদিনা এজন ব্যক্তিয়ে জানিব পাৰে যে তেওঁৰ কেঞ্চাৰ হৈছে, সেইদিনা বহুক্ষেত্ৰত তেওঁ হৈ পৰে প্ৰিয়জনৰ পৰা মানসিকভাবে বিছিন্ন ব্যক্তি৷ কেঞ্চাৰ মানেই যেন মৃত্যুৰ পৰোৱানা!! ৰোগতকৈয়ো ৰোগীক বেছি কাহিল কৰে মৃত্যৃভয়ে৷ অথচ অভিজ্ঞ চিকিৎসকৰ হাতত সোনকালে ধৰা পৰিলে বেছিভাগ প্ৰাক্-কেঞ্চাৰ বা প্ৰাথমিক কেঞ্চাৰ অৱস্থাৰ সফলতাৰে চিকিৎসা কৰি সম্পূৰ্ণ আৰোগ্য কৰিব পৰা যা্য়৷ এই নিবন্ধত মুখগহ্বৰৰ কেঞ্চাৰৰ বিষয়ে সামান্য আভাষ দিবৰ চেষ্টা কৰা হৈছে যাতে ৮০ শতাংশ মুখগহ্বৰৰ কেঞ্চাৰ ৰোগৰ কাৰক গুটখা, পাণমছলা, ধঁপাত ইত্যাদি সেৱন আৰু প্ৰচলনৰ বিৰুদ্ধে তীব্ৰ জনমত গঢ়ি উঠে৷

সমগ্ৰ ভাৰতবৰ্ষত যোৱা কিছু বছৰৰ পৰা কেঞ্চাৰ ৰোগীৰ সংখ্যা অভাৱনীয় ভাৱে বাঢ়ি আহিছে আৰু তাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলতেই কেনঞ্চাৰ ৰোগীৰ সংখ্যা সৰহ৷ চৰকাৰী হিচাব মতে ২০১২ বৰ্ষত কেৱল অসমতে ১২ হাজাৰতকৈও অধিক লোক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে৷ ইয়াৰে ৪০ শতাংশই ভূগিছে মুখগহ্বৰৰ কেঞ্চাৰ ৰোগত৷ এইচআইভিতকৈও ৰাজ্যখনত ভয়াবহভাৱে কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ মুখৰ কেঞ্চাৰ মহিলাতকৈ পুৰুষৰ বেছি হয়৷ পশ্চিমীয়া উন্নত দেশৰ তুলনাত ভাৰতত কেঞ্চাৰ ৰোগীৰ মৃত্যুৰ হাৰ বহু বেছি৷

মুখগহ্বৰৰ কেঞ্চাৰ কিয় আৰু ক'ত হয়?

মুখগহ্বৰৰ কেঞ্চাৰ মানে ওঁঠ, দাঁতৰ আলু, জিভা, তালু বা মুখৰ অন্য কোনো অংশৰ কেঞ্চাৰ৷ মুখগহ্বৰৰ কেঞ্চাৰ বহুকাৰনে হব পাৰে৷ সাধাৰণতে অত্যাধিক গুটখা, পাণমছলা, ধঁপাত, তামোল, চূণ, মদ সেৱন আৰু ধূমপান কৰা লোকৰ উপৰিও মুখৰ ভিতৰত থকা পঁছা, ভঙাদাঁত, ঢিলা কৃটিম দাঁত ইত্যাদিৰ দ্বাৰা দীৰ্ঘদিন ধৰি ঘঁহনি খাই জিভা, দাঁতৰ আলু, গালৰ ভিতৰফালে আৰু মুখগহ্বৰৰ তালুত কেঞ্চাৰ হব পাৰে৷

দাঁতৰ আলু, গালৰ ভিতৰফালে আৰু তাৰ আশে-পাশে গুটখা, পাণমছলা, ধঁপাত, চূণ, তামোল-পান বেছি সময় ধৰি ৰাখিলে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি ৷ আৰম্ভনিতে ই বগা দাগ বা লিউক'প্লেকিয়া, চাব মিউকাচ ফাইব্ৰছিছ, লাইকেনপ্লেনাছ আদি অৱস্থা হিচাবে দেখা দিয়ে৷ ইয়াক প্ৰাক্-কেন্সাৰ ঘাঁ(Pre-Cancerous Lesions) বোলা হয়৷ সময়ত উপযুক্ত চিকিৎসা পালে ৮০-৯০ শতাংশ মানুহৰ ক্ষেএতে ইয়াৰ পৰা আৰোগ্য লাভ হয়৷

ধূমপান কৰা লোকৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে ওঁঠ, জিভা আৰু তালুত৷ সকলো ধৰণৰ মুখৰ কেঞ্চাৰ ৰোগীৰ ভিতৰত ওঁঠৰ কেঞ্চাৰেই সোনকালে ধৰা পৰে, সোনকালে চিকিৎসাৰ প্ৰতি সঁহাৰি জনায় আৰু ভাল হৈ উঠে৷ আনহাতে জিভাৰ কেঞ্চাৰ ধৰা পৰে বা চিকিৎসাৰ প্ৰতি সঁহাৰি জনায় সকলোতকৈ দেৰিকৈ৷ জিভাৰ কেঞ্চাৰ সাধাৰণতে জিভাৰ কাষৰফালে হোৱা দেখা যায়৷ মুখৰ কেঞ্চাৰৰ শতকৰা ৫০ জন পুৰুষ আৰু ৩০ গৰাকী মহিলাই ভোগে জিভাৰ কেঞ্চাৰত৷ মুখৰ তালুত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা তুলনামূলক ভাৱে কম৷ নিয়মিত অত্যাধিক ধূমপান আৰু মদ্যপান কৰা লোকৰ শতকৰা ২ জন আৰু ৩ গৰাকী মহিলাৰ জিভাৰ তলত মুখৰ মজিয়াত কেঞ্চাৰ হোৱা দেখা যায়৷

মুখগহ্বৰৰ কেঞ্চাৰৰ আৰম্ভণিতে সাধাৰণতে বিষ-কোপ নাথাকে বাবে ধৰা পৰে পলমকৈ৷ অথবা সেই বিষ মুখত নহৈ অন্য ঠাইতো হব পাৰে৷ বিশেষকৈ কান, ডিঙি আৰু মুখমণ্ডলৰ বাহিৰফালে৷ মুখৰ যিকোনো অংশত ফাটি ফাটি যোৱা বা গুটিৰ দৰে, ৰং সলনি হোৱা ঘাঁ কেঞ্চাৰেই হোৱাৰ সম্ভাৱনা থাকে, যি বহু সময়ত ফুলকবিৰ আকৃতি লয় আৰু অলপ আঘাততেই য'ৰ পৰা তেজ ওলায়৷ ই মুখগহ্বৰৰ ভিতৰত বা ওঁঠৰ কোণাতো হব পাৰে৷ মুখৰ কেঞ্চাৰ শৰীৰৰ অন্য অংশলৈ বিয়পি পৰাৰ দ্ৰুত সম্ভাৱনা থাকে৷ সে্য়েহে মুখত বগা দাগ বা বহুদিন ধৰি নুশুকুৱা ঘাঁ হোৱা দেখিলেই লগে লগে অভিজ্ঞ দন্ত চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত৷

কেঞ্চাৰ ৰোগ কেনেকৈ আৰম্ভ হয়?
শেহতীয়া গৱেষণা মতে যিহেতু কেঞ্চাৰ ৰোগ পোনপটিয়াকৈ কোনো বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ দ্বাৰা সূষ্টি নহয়, ই দেহৰ কোষ সমূহত থকা জিন (ডি এন এ)ৰ ওপৰত দেহৰ কোষৰ আভ্যন্তৰত প্ৰতিনিয়ত চলি থকা জাৰণ(Oxidation) প্ৰক্ৰিয়াৰ ফলত ইলেকট্ৰন হেৰুৱাই অত্যন্ত অস্থিৰ আৰু ক্ৰিয়াশীল হোৱা কিছুমান অস্কিজেনৰ অণু (যাক কোৱা হয় মুক্ত মূলক বা Free Radicals)ৰ প্ৰভাৱত উৎপৰিবৰ্ত্তিত হোৱা অনিয়মিত কোষৰ শৃঙ্খল, সেয়েহে এই ৰোগৰ সঠিক ঔষধ এতিয়াও উলিওৱাটো সম্ভৱ হৈ উঠা নাই৷ জনা গৈছে যে এজন সুস্থ-সৱল মানুহৰ দেহত সকলো সময়তে প্ৰায় ১০ হেজাৰ অনিয়মিত কোষ থাকে, যি প্ৰতি মূহূৰ্ত্তত কেঞ্চাৰ কোষলৈ উৎপৰিবৰ্ত্তিত নোহোৱাকে সৃষ্টি আৰু ধ্বংস হৈ থাকে, অত্যাধিক মুক্ত মূলকৰ অনুপস্থিতি, দেহৰ সবল অসংক্ৰাম্য তন্ত্ৰ (Immune System) আৰু কোষসুৰক্ষণ (Cytoprotection) ব্যৱস্হাৰ বাবে৷ আমি গ্ৰহন কৰা পুস্তিকৰ আৰু সুসম খাদ্যত থকা প্ৰধানত: খাদ্যপ্ৰাণ (Vitamin) এ, চি আৰু ই য়ে ছেলেনিয়াম, জিঙ্ক, কপাৰ, আইৰণ, মলিবডেনাম, মেঙ্গানিজ ইত্যাদি মৌলৰ সহায়ত প্ৰতিজাৰক(Antioxidant)হিচাবে কাম কৰি অত্যন্ত ক্ষতিকাৰক মুক্ত মূলক সমূহক সিঁহতৰ হেৰোৱা ইলেকট্ৰন দান দি সুস্থিৰ অৱস্হালৈ আনে৷ কিন্তু প্ৰদূষিত পৰিবেশ, অপুস্তিকৰ আৰু ভেজাল খাদ্য, মানসিক উদ্বেগ, বেক্টেৰিয়া, ভাইৰাছ আদিৰ দীৰ্ঘ দিন ধৰি হোৱা সংক্ৰমণ, অনিস্তকৰ বিকিৰণৰ প্ৰভাৱ(পাৰামানবিক আবৰ্জনা, মহাজাগতিক ৰশ্মী, মবাইল টাৱাৰ, আলট্ৰাভায়লেট, এক্স-ৰে ইত্যাদিৰ পৰা নিৰ্গত হোৱা), অসংলগ্ন জীৱন-ধাৰণ(Sedentary lifestyle), বৃদ্ধ অৱস্হা, মদ আৰু ধপাত সেৱন ইত্যাদি কাৰকৰ ফলত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু ফল স্বৰূপে দেহত জাৰক-প্ৰতিজাৰকৰ অসাম্য অৱস্হা(Oxidant-Anti-oxidant imbalance)ৰ সূষ্টি হয় আৰু প্ৰতিজাৰকৰ দ্বাৰা প্ৰশমিত নোহোৱা মুক্ত মূলক সমূহে দেহত কেঞ্চাৰ, হৃদৰোগ, ডায়েবেটিছ, বিভিন্ন ধৰণৰ স্নায়ু আৰু অসংক্ৰাম্য তন্ত্ৰ সম্পৰ্কীয় ৰোগৰ সৃষ্টি কৰে৷

মুখগহ্বৰৰ কেঞ্চাৰৰ আধুনিক চিকিৎসা:
বৰ্তমান অৱস্থাত মুখ গহ্বৰৰ কেঞ্চাৰৰ স্থান আৰু অৱস্হাৰ ওপৰত নিৰ্ভৰ কৰি মোটামুটি চিক্যিসা হৈছে শল্য চিকিৎসা, ৰেডিয়েচন থেৰাপি আৰু কেমোথেৰাপি৷ জিন থেৰাপি, অসংক্ৰাম্য থেৰাপি, হৰমন থেৰাপি, ভেকচিন থেৰাপি, প্ৰটন-বিম থেৰাপি, টাৰগেটেড থেৰাপি, প্ৰতিজাৰক থেৰাপি, অ'জন থেৰাপি ইত্যাদি বহুতো চিকিৎসা ব্যৱস্হা এতিয়াও পৰীক্ষামূলক পৰ্য্যায়তে আছে৷ নবেল পুৰস্কাৰ প্ৰাপ্ত বিজ্ঞানী লিনাছ পাউলিং(Linus Pauling) আৰু চিকিৎসা বিজ্ঞানী ডা: এৱান কেমেৰুন (Dr Ewan Cameron) সহ বিশ্বৰ কিছু প্ৰসিদ্ধ গৱেষকে উচ্চ মাত্ৰা (megadose) খাদ্যাপ্ৰাণ চি পৰীক্ষামূলক ভাবে কিছুমান কেঞ্চাৰ ৰোগীৰ ওপৰত প্ৰয়োগ কৰি দেখুৱাইছে যে ই কিছু ক্ষেএত প্ৰাথমিক অৱস্থাত থকা কেঞ্চাৰ ৰোগ আৰোগ্য কৰাৰ উপৰিওি কেঞ্চাৰ ৰোগীৰ জীৱন দীৰ্ঘস্থায়ী কৰাত সহায় কৰে৷ এই লিখকেও আজি বহুবছৰে দেশ-বিদেশে কাম কৰি অধিকাংশ ৰোগীৰ মুখ গহ্বৰৰ প্ৰাক্ কেঞ্চাৰ ঘাঁ(Pre-cancerous Lesion)ৰ ক্ষেএত উচ্চ মাএা খাদ্যপ্ৰাণ চি অন্ত:শিৰা (intravenous) আৰু মুখেৰে (orally) ব্যৱহাৰৰ দ্বাৰা কেঞ্চাৰলৈ পৰিবৰ্ত্তিত নোহোৱাকৈ আৰোগ্য কৰোৱাত সফল হৈছো৷

কেঞ্চাৰ ৰোগীৰ বাবে প্ৰয়োজন উপযুক্ত চিকিৎসাৰ লগতে অতি প্ৰবল মানসিক শক্তি আৰু আত্মবিশ্বাস জগোৱাতো, যিয়ে দেহৰ অসংক্ৰাম্য তন্ত্ৰক শক্তিশালী কৰি তুলিব পাৰে৷ ভাৰতৰ প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙৰ হাওঁফাওঁ কেঞ্চাৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰি পুনৰ আগৰদৰে ক্ৰিকেটত দেখুৱা পাৰদৰ্শীতাৰ বাবে আধুনিক চিকিৎসা পদ্ধতিৰ লগতে কেঞ্চাৰৰৰ বিৰুদ্ধে কৰা যুঁজত তেওঁৰ প্ৰবল আত্মবিশ্বাসী মনোভাৱ, ধৈৰ্য আৰু অদমনীয় ইচ্ছাশক্তিয়ে কি অপৰিসীম যোগাত্নক ভূমিকা লৈছিল, তেওঁৰ “The Test of My Life from Cricket to Cancer and Back” শীৰ্ষক আত্মজীৱনীমূলক কিতাপ খন পঢ়িলে উমান পাব পাৰি৷ অকল যুৱৰাজেই নহয়, তেওঁৰ দৰে মুম্বাইৰ ৰিডাৰ ডাইজেষ্ট পত্ৰিকাৰ প্ৰাক্তন মুখ্য সম্পাদক ও লেখক অশোক মাহাদেৱন, নতুন দিল্লিৰ চলচিত্ৰ নিৰ্মাতা ও লেখক ছাৰভাৰি যোছি, ইংৰাজি বিষয়ৰ অধ্যাপিকা ইন্দুবালা অৰোৰা আদি খ্যাত অখ্যাত বহু হাজাৰ হাজাৰ লোকে কেঞ্চাৰ বিৰুদ্ধে সাহঁসৰে ষুঁজি জয়লাভ কৰিছে৷ 

মুখগহ্বৰৰ কেন্সাৰৰ চিকিৎসা ক'ত কৰাব?
বৰ্ত্তমানলৈকে অসমত কেবল কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে গুৱাহাটীত বি বৰুৱা কেঞ্চাৰ প্ৰতিস্হান, যোৰাবাটত উত্তৰ-পূব কেঞ্চাৰ চিকিৎসালয় ও গৱেষণা প্ৰতিস্থান, চিলচৰৰ কাছাৰ কেঞ্চাৰ চিকিৎসালয় ও গৱেষণা কেন্দ্ৰ আদি কেইবাখনো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয় আছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে ২০০ বিচনাযুক্ত অত্যাধুনিক পেট স্কেন মেছিনসহ উচ্চ-প্ৰযুক্তিগত এখন পূৰ্ণপৰ্যায়ৰ কেঞ্চাৰ চিকিৎসালয়ও গঢ়ি উঠিছে৷ 

মুম্বাইৰ পেৰেলত অৱস্থিত এছিয়াৰ ভিতৰতে এখন অতি উৎকৃষ্ট কেঞ্চাৰ চিকিৎসালয় উচ্চ পৰ্য্যায়ৰ অত্যাধুনিক যন্ত্ৰ-পাতিৰে সমূদ্ধ টাটা স্মাৰক চিকিৎসালয়তো কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ বাবে মানুহে প্ৰায়েই ভবাৰ দৰে বহুত টকা নালাগে৷ চিকিৎসালয়খনৰ বান্দ্ৰাত থকা পুনৰ সংস্থাপন কেন্দ্ৰত সাধাৰণ শ্ৰেণীত চিকিৎসা কৰা ৰোগীসকলৰ বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্হাৰ উপৰিও কেন্দ্ৰৰ পৰা চিকিৎসালয়লৈ অনা-নিয়া কৰিবলৈ বাছ সেৱা আছে৷ 

অসমৰ পৰা যোৱা ৰোগীৰ বাবে নৱী মুম্বাইৰ ৱাচীত থকা অসম ভৱনত কম খৰছতে থকাৰ ব্যৱস্থা আছে৷ আৰ্থিকভাৱে দূৰ্বল ৰোগীসকলক অসম চৰকাৰে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে৷ মুম্বাইত থকা অসম এচ’ছিয়েচনেও কিছু ৰোগীক আৰ্থিক সকাহ দিয়ে৷ তাৰোপৰি চিকিৎসালয়খনৰ লগত জড়িত থকা নানা সামাজিক সংস্থাই দুখীয়া ৰোগীসকলৰ খোৱা-বোৱা, কাপোৰ-কানিৰ উপৰিও চিকিৎসাৰ সম্পূৰ্ণ খৰছ বহন কৰে৷অসমৰ কেন্সাৰ ৰোগীসকলৰ সুবিধাৰ্থে মুম্বাইৰ দীপশিখা ফাউণ্ডেচনে নবী-মু্ম্বাইত দুটাকৈ সুলভ মূল্যৰ অতিথিশালা স্থাপন কৰিছে আৰু ৰোগী সকলক উন্নত চিকিৎসা পোৱাৰ ক্ষেত্ৰতো সেচ্ছাসেৱক সকলে যথেষ্ট সহায় কৰি আহিছে। লগতে দীপশিখা ফাউণ্ডেচনে কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেও বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

কিছুমান কেঞ্চাৰ প্ৰতিৰোধক খাদ্য: 
American Institute of Cancer Research আৰু World Cancer Research Fundএ এটা সমীক্ষাত কৈছে যে দৈনিক ৪০০ গ্ৰাম বা তাতকৈ বেছি শাক-পাচলি আৰু ফল-মূল খালে কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনীয়তা শতকৰা ২০-৪০ ভাগলৈ হ্ৰাস পায়৷ যেনে, নেমু, সুমথিৰা ইত্যাদি টেঙা জাতীয় ফল-মূল, কেঁচা বিলাহী, গাজৰ, ছয়াবিন, ফুলকবি, বন্ধাকবি, ব্ৰকলি, কাঠফুলা, কেঁচা নহৰু, পিয়াজ, জালুক, কম পৰিমাণৰ জলা জলকীয়া, কেঁচা হালধি, আপেল, আঙুৰ জাতীয় ফল-মূল (ক'লাজামু, জেতুলীটেঙা ইত্যাদি), তৰমূজ, ছিৰাল, জৈৱিক সেউজীয়া চাহ(Organic Green Tea) ইত্যাদি৷ এইবোৰ উন্নত খাদ্য মানৰ হবলৈ হ'লে হ’ৰমন, কিটনাশক ঔষধ ইত্যাদিৰ পৰা মুক্ত জৈৱিক সাৰৰ ব্যৱহাৰৰ দ্বাৰা উৎপাদিত হোৱা উচিত৷

কিছুমান কেঞ্চাৰ সৃষ্টিকাৰী খাদ্য: 
পোৰা মাংস আৰু মাছ, ৰঙা মাংস, আমেৰিকাৰ The Center for Science in Public Interest ৰ মতে চ’ডা আৰু বেছি পৰিমানে ফছফৰিক এচিড বা অন্য কাঢ়া এচিড আৰু চেনিৰ পৰা প্ৰস্তুত কৰা কেৰামেল(caramel) নামৰ কেঞ্চাৰ উদ্দীপক যৌগ থকা শীতল পানীয় (ক'ক, পেপছি, তথাকথিত এনাৰ্জি ড্ৰিঙ্কছ্ আদি), মদ, আচাৰ, চিপচ ইত্যাদি ৷ 

মুখ গহ্বৰৰ প্ৰাক-কেঞ্চাৰ ৰোগৰ কিছুমান সাধাৰণ লক্ষণ:
মুখৰ ভিতৰত যিকোনো অংশ বা জিভাত ৰঙৰ পৰিবৰ্তন আৰু নুশুকুৱা ঘাঁ ৷
মুখৰ ভিতৰত যিকোনো অংশ বা জিভাত বগা দাগ পৰা৷
মুখ মণ্ডলৰ যিকোনো অংশ বিনা কাৰণত ফুলি যোৱা আৰু বিষ হোৱা৷

মুখ গহ্বৰৰ কেঞ্চাৰ ৰোগৰ কিছুমান সাধাৰণ লক্ষণ:
মুখৰ ভিতৰত যিকোনো অংশ বা জিভাত দৰব খালে/লগালেও নুশুকুৱা ঘাঁ ক্ৰমবৰ্ধমান ফুলকবিৰ আকৃতি লোৱা৷
মুখৰ ভিতৰত যিকোনো অংশ বা জিভাত নুশুকুৱা ঘাঁৰ পৰা কোনো কাৰণ নোহোৱাকৈ তেজ নিৰ্গত হোৱা৷
মুখ মণ্ডলৰ যিকোনো অংশ বিনা কাৰণত ফুলি যোৱা আৰু বিষ হোৱা৷
শৰীৰ শেঁতা আৰু দুৰ্বলহৈ পৰা৷
ভোক কমি যোৱা৷ওজন কমি যোৱা৷

কেঞ্চাৰ ৰোগৰ চিকিৎসাত জৰুৰী হৈছে প্ৰাথমিক ৰোগ নিৰ্ণয়৷ অৰ্থাৎ ৰোগটো আৰাম্ভণিতে চিনাক্ত কৰিব পৰা৷ আনহাতে যিমান দিন পৰ্য্যন্ত কেঞ্চাৰৰ আৰোগ্যৰ সঠিক ঔষধ নোলাব, সিমান দিনলৈকে আমি গুৰুত্ব দিব লাগিব জনশিক্ষাৰ জৰিয়তে প্ৰতিৰোধ বা নিবাৰণৰ ওপৰত৷ মুখৰ কেঞ্চাৰ ৰোগ নিবাৰণৰ বাবে নিম্নোল্লিখিত কথাখিনিলৈ চকু ৰখাটো প্ৰয়োজনীয়৷

চাঁধা, তামোল, চূণ ইত্যাদি নোখোৱা আৰু খালেও লগে লগে মুখ ধুই পেলোৱা যাতে মুখৰ ভিতৰত এইবোৰ জমা হৈ নাথাকে৷ ধূমপান অভ্যাস বৰ্জন কৰা৷

মদ্যপানৰ পৰিমান সীমিত কৰা৷
নিয়মিত বেছি জ্বলা, মছলাযুক্ত আহাৰ নোখোৱা৷
মুখ গহ্বৰ পৰিষ্কাৰকৈ ৰখা আৰু দাঁতৰ আলু(gum)ৰ ৰোগৰ সোনকালে চিকিৎসা কৰোৱা৷

মুখৰ ভিতৰত ভঙা বা পঁচা দাঁত থাকিলে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা৷

কৃত্ৰিম দাঁত ভালদৰে ফিট্ নহ'লে অথবা পিন্ধিলে বিষ হ'লে ব্যৱহাৰ কৰিব নালাগে; কাৰণ ইয়াৰ পৰা আলু, জিভা বা গালত হোৱা ঘাঁৰ পৰা সময়ত কেঞ্চাৰলৈ পৰিৰ্বত্তন হোৱাৰ সম্ভাৱনা থাকে৷

খাদ্যপ্ৰাণ এ, বি কমপ্লেষ্ক, চি, ই, চেলেনিয়াম, আইৰণ, জিঙ্ক, মলিবডেনাম, মেঙ্গানিজ যুক্ত আহাৰ এক নিৰ্দ্দিষ্ট পৰিমাণে নিয়মিতভাৱে খাব লাগে যিয়ে দেহত জাৰক-প্ৰতিজাৰকক এক সন্তলিত অৱস্থাত ৰাখে৷

অস্বাভাৱিক দীৰ্ঘস্থায়ী উত্তেজনা, হতাশা, শোক ইত্যাদি এৰাই চলা উচিত, যিয়ে কেঞ্চাৰ ৰোগৰ 'উদ্দীপক কাৰক' হিচাপে কাম কৰিব পাৰে৷

কিছু কিছু ক্ষেএত কেঞ্চাৰ বংশগত ক্ৰুটিৰ বাবেও হ'ব পাৰে, সেয়েহে বিয়া-বাৰুৰ ক্ষেত্ৰত কোষ্ঠীতকৈয়ো বংশগত ক্ৰুটিৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগে৷

খাদ্যবস্তুত সুন্দৰ ৰং আৰু গোন্ধ হ'বৰ বাবে প্ৰাকূতিক ৰাসায়নিক দ্ৰবৰ পৰিবৰ্তে কূত্ৰিম ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ কৰা উচিত নহয়, যিয়ে বহু ক্ষেএত কেঞ্চাৰ ৰোগৰ উদ্দীপক হিচাপে কাম কৰে৷

দৈনন্দিন প্ৰাণায়াম (Meditation), যোগআসন, লঘু ব্যায়াম/কচৰৎ (অত্যাধিক ব্যায়াম কৰাতোও উচিত নহয়, কাৰন ইয়াৰ ফলত বেছি মুক্ত মূলকৰ সৃষ্টি হৈ হিতে বিপৰীত হোৱাৰ সম্ভাৱনা অধিক), যোগাত্নক আচৰণ (Positive attitude), আত্মবিশ্বাসী মনোভাৱ, উপযুক্ত বিশ্ৰাম আৰু উচ্চমান বিশিষ্ট পুষ্টিকৰ আহাৰে দেহৰ অসংক্ৰাম্য তন্ত্ৰ, কোষ সুৰক্ষণ ব্যৱস্থা সবল কৰি ৰখাৰ ওপৰিও জাৰণগত পীড়নৰ পৰা সুৰক্ষা দিয়ে৷

মদ আৰু ধপাত সেৱনকাৰী, অসংলগ্ন-আলস্য জীৱন ধাৰণত অভ্যস্তলোক আৰু বৃদ্ধলোক সকলে প্ৰতি ৬ মাহৰ মূৰে মূৰে অভিজ্ঞ দন্ত চিক্যিসকৰ দ্বাৰা মুখ গহ্বৰ পৰীক্ষা কৰোৱা উচিত৷

(আমেৰিকা, কানাডা আৰু চৌদি আৰবত দন্ত চিকিৎসা আগবঢ়োৱা লেখক এপল’ হস্পিতাল ঢ়াকাৰ দন্ত চিকিৎসা বিভাগৰ প্ৰাক্তন মুৰৰ্ব্বী, বৰ্ত্তমান গুৱাহাটীৰ খ্ৰিষ্টিয়ান বস্তিত অৱস্থিত আমেৰিকান ডেন্টেল ক্লিনিকৰ মুখ্য দন্ত চিকিৎসক, ফোন: ৯৪৩৫৭০৪০৯০, ৯৮৫৪০৩৫৪৫৬)।

লেখকৰ সৈতে ব্যক্তিগত পৰামৰ্শ গ্ৰহণৰ বাবে ঠিকনা: মুখ্য দন্ত চিকিৎসক, আমেৰিকান ডেন্টেল ক্লিনিক, এমভিডি হেলথ্ প্লাছ, প্ৰথম মহলা, ৰয়েল প্লাজা, ইন্টাৰনেছনেল হস্পিটালৰ সন্মুখত, খ্ৰিষ্টিয়ান বস্তি, জিএছ ৰ’ড, গুৱাহাটী ৭৮১০০৫ , ফোন: ৯৪৩৫৭০৪০৯০, E-mail: drajitkumar2009@rediffmail.com, Blog: drpatangia.wordpress.com

লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment