হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. অগৰুদ্দিন হোজাইমাল চাৰৰ পাৰ্টিটোৰ নাম সলনি কৰিবলৈ ওলোৱা বুলি গুজৱ প্ৰকাশ পাইছে। ৰাজনৈতিক মুনাফা ব্ৰাডাৰছ এণ্ড ছনছ লিমিটেড বুলি নতুন নাম দি এই কোম্পানীটোলৈ তৃতীয় পুত্ৰকো আদৰি এই ৰাজনৈতিক বেপাৰত নমোৱাৰ পূৰ্ণ প্ৰস্তুতি চলোৱা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

২. "বোমা ফুটোৱাৰ জন্মস্বত্ব অধিকাৰ" নামৰ গ্ৰন্থ এখন কাৰাবাসতে লিখি উলিয়াছে বাঞ্জন দৈমাৰীয়ে। এই জন্মগত অধিকাৰক লৈ সমালোচনা কৰাৰ অধিকাৰ আন কাৰো নাই বুলিও এই গ্ৰন্থযোগে সঁকিয়াই দিয়া বুলি গ্ৰন্থ সমালোচকৰ টোকাৰ পৰা জানিব পৰা গৈছে।

৩. "বাংলাদেশী বিতাড়ণ" নামৰ নতুন সপোন এটিৰ বিশেষ ছেল খুলিবৰ বাবে হাতী-মাউত সন্থাই জোৰদাৰ প্ৰচেষ্টা হাতত লৈছে। তাৰ আগতে ৰাজ্যজুৰি "আমাক নিজৰ ল'ৰা বুলি মাফ কৰি দিয়ক" শীৰ্ষক গণসচেতনতা যাত্ৰাও আয়োজন কৰিবলৈ ওলোৱা বুলি ফুৰ্তিপ্ৰাণ মহন্তই প্ৰকাশ কৰিছে।

৪. মৰিগাঁৱৰ ২৭খন গাঁৱত বিষাক্ত খোৱাপানীৰ বতৰাই সংবাদ শিৰোনামা পোৱাত, ভাত-পানী যোগান বিভাগৰ মন্ত্ৰী বুদ্ধত্বপ্ৰাপ্তি ৰয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাইজক তেনে পানী সেৱন কৰি নিজৰ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাতকৈ খোৱাপানী প্ৰকল্পৰ ধন আত্মসাত কৰি নিৰ্মাণ কৰা তেখেতৰ থ্ৰীষ্টাৰ হোটেলতে বিশুদ্ধ মিনাৰেল ৱাটাৰ পান কৰিবলৈ আহিবলৈকো তেখেতে আহ্বান জনাইছে।

৫. "সোৱণশিৰি প্ৰকল্প" নামৰ ভাওনাখনে অচিৰেই সফলতাময় এহেজাৰ দিনৰ প্ৰদৰ্শনীৰ কৃৰ্তিত্ব লাভ কৰিবলৈ সক্ষম হব বুলি জানিব পৰা গৈছে। বিধান সভাৰ নিৰ্বাচনৰ খেলটো শেষ নোহোৱালৈ এই ভাওনাখন শেষ কৰাৰ বাবে কোনো প্ৰচেষ্টা হাতত লৈ ৰাইজক ৰুষ্ট কৰিবলৈ পদুমকান্ত সোনোৱালৰো সাধ্য নাই বুলি সমাজ সচেতন সন্থাই প্ৰকাশ কৰিছে।

৬. ছাত্ৰ সংগঠনে কেইবাশ ঘণ্টাজোৰা ধৰ্মঘটৰ কাৰ্যসূচী ঘোষণা কৰাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছাত্ৰৰ ধৰ্ম পঢ়া শুনা, কিন্তু কেতিয়াবাই আনুষ্ঠানিক পঢ়া-শুনা সামৰা ছাত্ৰ নেতা সকলে ধৰ্মঘট কৰাৰ অৰ্থ কি বুলিও এতিয়া প্ৰশ্ন উঠিছে। চান্দাৰ ধাণ্ডাই এতিয়া ধৰ্ম হৈ পৰা বুলি আঙুলিয়াই নি এই ধৰ্মঘট চলি থকালৈকে কোনো নতুন চান্দা-বৰঙণি আদায় দিব নালাগিব নেকি বুলি অসমীয়া বেপাৰী পৰিষদে আশা প্ৰকাশ কৰিছে।

৭. উত্তৰ-পূৱৰ নিউজ কুইন এণ্টাৰটেইমেণ্ট সিঙেও এতিয়া "জেইল যাত্ৰা" নামৰ থ্ৰীলাৰ ছবিখনত অংশ লব বুলি জানিব পৰা গৈছে। ছবিখন চিবিআই মুভি মেকাৰছে প্ৰযোজনা কৰিব বুলিও গুজৱ ওলাইছে।

৮. "ক'লাধন বাবা ক'ত" নামৰ এখন নাটক লিখি উলিয়ালে অসমীয়া নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। যোগ শিকাই শিকাই ভোট যোগ দি দেশৰ নিৰ্বাচনত ভূমিকা লোৱা ক'লাধন বাবা ইলেকচনৰ পাছৰে পৰা অন্তৰ্ধান হোৱাৰ বিষয়টোকে এই নাটক যোগে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে বুলিও জানিব পৰা গৈছে।

৯. "মানৰ পাছত বান" নামৰ আত্মকথা লিখি উলিয়াইছে ৰসাল গগৈয়ে। মুখত হাঁহি বিৰিঙাই অভিনয় কৰাত সিদ্ধহস্ত হ'লেও মানে একালত কচু কটা দি যোৱা অসমীয়াক এতিয়া বান, কৃত্ৰিম বানে দিয়া চেঁপা দেখি কৰুণ ভাৱতহে এই গ্ৰন্থখন লিখি উলিয়াইছে বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

১০. "দুৰ্নীতিৰ সুগম পথ" নামৰ এটি পথ দিছপুৰ অঞ্চলত মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে। দালাল সকলৰ বিশেষ বাসস্থান "ধনলক্ষ্মী এপাৰ্টেণ্ট"লৈ যোৱা পথটোকে থলুৱা  ৰাইজে এই নামাকৰণ কৰি সন্তোষ লভা বুলিও গোপন খবৰ আমালৈ আহি আছে।

No comments:

Post a Comment