হাস্য ব্যংগৰে কৰক সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে কৰক সত্যৰ সন্ধান

হাস্য ব্যংগৰে কৰক সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. দিল্লীত বহিয়েই কাশ্মীৰত আবদ্ধ অসমীয়া সকলৰ খা-খবৰ লোৱাৰ প্ৰতিভা দেখুৱাই আমোলাকান্ত চন্দ্ৰানাথনে সংবাদ শিৰোনামা দখল কৰিছে। দিল্লীৰ দৰবাৰতে বহি গগৈ ছাৰৰ ফেভাৰিট মায়ঙ ষ্টাইলৰ নখ বাচনি মাৰি কাশ্মীৰৰ প্ৰান্তে প্ৰান্তে ফচি থকা অসমীয়া সকলক চিনাক্ত কৰি আন্তৰিক ভাৱে খা-খবৰ লোৱা বুলিও জানিব পৰা গৈছে। এই প্ৰতিভাৰ কথা খবৰ পোৱা মাত্ৰকে এতিয়া নিয়া, চিবিআই আদি সংস্থায়ো তেওঁক কনচালটেণ্ট ৰূপে বিচৰা বুলিও গোপন খবৰ আমালৈ আহি আছে।

২. বৰাক মনোৰঞ্জন আঁচনিৰ অধীনত ৰসাল গগৈ প্ৰডাকচনে শেহতীয়াকৈ "বলিশালত অসমীয়া ভাষা" নামৰ ভাওনা এখন মঞ্চস্থ কৰিছে। এই নাটখনৰ বাবেই তেখেতে "সৰ্বকালৰ গণশত্ৰু অসমীয়া" সন্মানৰ বাবেও মনোনয়ন লাভ কৰাৰ খবৰো সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

৩. "উপনিৰ্বাচনত মস্য বিশেষজ্ঞ" নামৰ এখন নাটক যমুনামুখত মঞ্চায়ন কৰা হৈছে। ৰকি নাট্য কলাকেন্দ্ৰৰ প্ৰযোজনাত খোদ কনপোনা গগৈয়ে এই নাটকৰ নায়ক ৰূপে অৱতীৰ্ণ হোৱা বুলিও খবৰ আহিছে। বিয়া পাতি ইতিমধ্যেই প্ৰতিভাৰ ক্ষেত্ৰত এখোজ আগুৱাই থকা কনপোনাই এইবাৰ এই নাটকৰ সফলতাৰেই ৰাহুলবাবাৰ পৰা ভক্তি আৰু শ্ৰদ্ধা পাব পৰাকৈ টেলেণ্ট দেখুৱাব পাৰিব বুলিও গগৈ ফেন ক্লাৱে আশা প্ৰকাশ কৰিছে।

৪. "পৰিয়ালতান্ত্ৰিক ফেশ্বন শ্ব"ৰ আয়োজন কৰি দুখীয়া নিচলাক মনোৰঞ্জন দিয়াৰ ব্যৱস্থা কৰি প্ৰশংসা পালে হোজাইমাল অগৰুদ্দিন চাহাবে। তেখেতে এই চেৰিটি ফেশ্বন শ্ব'ৰ জৰিয়তেই দুখীয়া নিচলাৰ নিৰ্বাচনী মৰম আদায় কৰিবলৈ সক্ষম হবই বুলিও তেখেতেৰ ব্যক্তিগত সচিবৰ ড্ৰাইভাৰে প্ৰকাশ কৰিছে।

৫. "২০১৬ত চি এম" নামৰ এখন কল্প-কাহিনী কালি প্ৰকাশ কৰিলে বিৰাজউদ্দিন হোজাইমালে। তেখেতে লিখি উলিওৱা এই কল্প-কাহিনীত টকাৰ জোৰ, ধৰ্মৰ আবেগ, মাইনৰিটি সুৰক্ষাৰ তাবিজ, জৰা-ফুকা পানীৰ মনোমোহা সেৱা আদিৰে কেনেকৈ এজন বেপাৰীয়ে দিছপুৰ দখল কৰে তাৰেই বৰ্ণনা থকা বুলিও সমালোচকে জনাইছে। 

৬. নগাক বেদখল কৰিবলৈ সা-সুবিধা, পৃষ্ঠপোষকতা কৰি থকা গাঁওবুঢ়া গগৈক নাগালেণ্ডলৈকে গুচি যাবলৈ আহ্বান জনালে ধনশিৰিৰ ঘৰ-হেৰুওৱা আবাসী সংঘই। অসমত এইদৰে থাকিলে তেখেতৰ চাউল উকলাটো নিশ্চিত বুলি উল্লেখ কৰি, তেখেতে আগতীয়াকৈ পাহাৰত গৈ সন্যাস লবলৈকো পৰামৰ্শ দিয়া বুলিও জানিব পৰা গৈছে।

৭. আল কায়দা বৰদেউতাৰ আহ্বান ক্ৰমে এতিয়া তেওঁৰ অনুগামীৰ সৃষ্টি হব বুলি বাতৰি কাকতে প্ৰকাশ কৰাৰ পাছত এতিয়া অসমত ৰিক্সা চলাই আল কায়দা ঘূৰি ফুৰিছে বুলি গুজৱ বাতৰি কাকতে প্ৰকাশ কৰিছে। এনে প্ৰচাৰে অসামাজিক দুস্কৃতিকাৰীকহে সাম্প্ৰদায়িক ভেদাভেদৰ বেহা পাতি ফায়দা উঠাবলৈ সহায় কৰিব বুলি সচেতন নাগৰিক সন্থাই উদ্বেগ প্ৰকাশ কৰিছে।

৮. ইণ্ডোনেছিয়াৰ ক'লা বোকা আনি ভাৰতত বিকিলে কয়লাৰ দামত। নগাঁও কাগজ কলক এই বিক্ৰীৰে সংবাদ শিৰোনামা পোৱা প্ৰতিভাবান সকলক এতিয়া কাগজকল সুৰক্ষা সমিতিয়ে প্ৰতিভাধৰ উপাধিৰে সন্মান দিবলৈ বিচাৰি ফুৰাৰ খবৰ ওলাইছে। এনে দুৰ্নীতিৰে কাগজ কলটো বন্ধ কৰিবলৈ হাত উজান দিয়া সকলকো এতিয়া জাগীৰোডত বেলনা মাৰি ট্ৰীটমেণ্ট দিব বুলিও কাগজকল গৃহিনী সংঘই প্ৰকাশ কৰিছে।

৯. বছৰটোৰ বেছি ভাগ সময় পানীত ডুবি থকা গুৱাহাটীৰ এটা পথৰ নাম "জুৰিন ৰাৰ্গ পথ" ৰূপে নামাকৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। বান-পানী আদি সংস্কৃতিৰ অংশ হৈ পৰাৰ বাবেই এই নামাকৰণ কৰা বুলিও পথটোৰ উন্নয়ন সমিতিয়ে প্ৰকাশ কৰিছে।

১০. কেঁচা চাহপাতৰ ক্ষুদ্ৰ খেতিয়ক সকলে উপাদনী ব্যয়তকৈ কম মূল্য পাইছে বুলি সংবাদ শিৰোনামা প্ৰকাশ পাইছে। দেশীয় আৰু আন্তৰ্জাতিক বজাৰত চাহৰ মূল্য উৰ্ধগামী হোৱাৰ মাজতো কোম্পানীবোৰৰ কল্যাণ কৰিবলৈ এইদৰে স্বেচ্ছামূলক সমাজসেৱাত ব্ৰতী অসমীয়া চাহ খেতিয়ক সকলক দাম নিদিলেও অন্ততঃ "নাম" প্ৰচাৰ কৰিয়েই সন্মান দিবলৈকো আহ্বান জনাইছে।

No comments:

Post a Comment