পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় ডঃ ভুৱনেশ্বৰ চহৰীয়াৰৰ "আখৰৰ আউল" শীৰ্ষক এখনি গ্ৰন্থ। বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনদেৱে গ্ৰন্থখনিৰ উন্মোচন কৰে। শিক্ষাবিদ দয়ানন্দ পাঠক, লেখক ৰিজু হাজৰিকা আদি সুধীজনেও সভাখনত অংশগ্ৰহণ কৰে।

২. প্ৰাগজ্যোতি কমিউনিকেচনৰ উদ্যোগত কালি পালিত হয় তৃতীয় অসম কৃষি দিৱসৰ অনুষ্ঠান। অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ ধীৰেন্দ্ৰনাথ বৰঠাকুৰৰ ৮৮ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখিয়েই এই উদযাপন কৰা হয়। লগতে "পথাৰ" শীৰ্ষক এখন অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয়। কৃষি বিজ্ঞানী গৰাকীয়ে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ বাবে সকলোকে সজাগ হোৱাৰ বাবেও আহ্বান জনায়।

৩. ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আয়োজন কৰা কালচাৰেল টেলেণ্ট চাৰ্ছ স্কলাৰশ্বিপ স্কীমত ২০১৪-১৫ বৰ্ষৰ বাবে অসম পুতলা নাচৰ ওপৰত শিক্ষা গ্ৰহণৰ বাবে মিৰ্জাৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী তথা শিল্পী তগৰ চৌধুৰীয়ে জলপাণি লাভ কৰিছে। তেওঁ জালুকবাৰীৰ সুৰজিত একাডেমীৰো নাট পাঠ্যক্ৰমৰ শিক্ষাৰ্থী হোৱাৰ লগতে পুতলা নাচ-নিৰ্মাতা, প্ৰশিক্ষক বিনীতা দেৱীৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লোৱাত ব্ৰতী হৈ আছে।

৪. দেশৰ ভিতৰতে ধুনীয়াকৈ গুৱাহাটীৰ থানা সমূহ গঢ়িব বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব এম জি কে ভানুৱে। কালি মহানগৰীৰ কেইবাখনো থানা পৰিদৰ্শন কৰি পৰিস্কাৰ পৰিচ্ছন্নতাৰ নিৰ্দেশ দিয়া শীৰ্ষ বিষয়াগৰাকীয়ে, নলা-নৰ্দমা, ছাৰ্ভিছ লেনৰ সমস্যা, সুধাকণ্ঠৰ সমাধিস্থলীৰ বেৰা নিৰ্মাণ আদিৰো ক্ষেত্ৰভিত্তিক পৰিদৰ্শনেৰে বুজ লৈ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰকাশ কৰা বুলি বাতৰি পোৱা গৈছে।

৫. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনখনি ঢকুৱাখনা নগৰৰ নৰহৰি আতা ক্ষেত্ৰ সফলতাৰে আয়োজন কৰিবলৈ কেইবাখনো প্ৰাথমিকে উদ্যোগ লোৱাৰ বাতৰি পোৱা গৈছে। ৯২ টা বলধেৰে ১১বিঘা ছন পৰি থকা মাটি চহাই প্ৰসাদৰ বাবে মাহ সিঁচাৰ বাতৰিয়ে পালে সংবাদ শিৰোনোমা। ৰাজহুৱা শ্ৰমদানেৰে মাহ সিঁচাৰ লগতে বেৰা নিৰ্মাণ কৰাৰ দৰে ইতিবাচক পদক্ষেপত কেইবাশ ভক্তই অংশ লয়।

৬. খ্যাতিসম্পন্না শিল্পী জীনা ৰাজকুমাৰীৰ উদ্যোগত জি এল পি ছ'চিয়েল চাৰ্কোল আৰু কৌটিল্য ইনষ্টিটিউটৰ সহযোগত "বৰলুইতৰ সম্প্ৰীতি যাত্ৰা" শীৰ্ষক এক অনুষ্ঠান আয়োজিত হৈছে। এই যাত্ৰাৰ প্ৰথমটো অনুষ্ঠান হিচাবে কলিবাৰৰ হাটবৰৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহত অহা ২৭ আৰু ২৮ ছেপ্তেম্বৰত এখন তিৱা নৃত্য তথা জেং বিহু কৰ্মশালাৰ আয়োজন কৰাৰ সুখবৰ পোৱা গৈছে।

৭. অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ বিভিন্ন কৰ্মসূচীৰ বিশদ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে। সংহত শিশু উন্নয়ন সেৱাৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ৰাজ্যখনত অতিৰিক্ত ১০হাজাৰটা অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সুখবৰো প্ৰকাশিত হৈছে।

৮. অহা ৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হব ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাদশ যোৰহাট গ্ৰন্থমেলা। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম শৈক্ষিক কেন্দ্ৰই কৰা এই আয়োজনলৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে বুলি জানিব পৰা গৈছে।

৯. নগাঁও প্ৰেছ ক্লাৱত কালি অনুষ্ঠিত এখনি উন্মোচনী সভাত কবি ঘনশ্যাম বৰাৰ দুখন কাব্যগ্ৰন্থ "কবিতাৰ সৰাপাত" আৰু "শেৱালিৰ সুৱাস" উন্মোচন কৰে কবি অভয় বৰুৱা আৰু অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মাধুৰ্য মণ্ডিত বৰুৱাই। ঘনশ্যাম বৰাৰ আঠটি গীতেৰে সজোৱা এটি শ্ৰব্য সঁফুৰাও লগতে উন্মোচিত হয়।

১০. বিশিষ্ট গৱেষক ডঃ হৰিনাথ শৰ্মা বৰদলৈক অসমীয়া সাহিত্য সন্মিলনীৰ "সদস্য বৰেণ্য" সন্মান প্ৰদান কৰাৰ সুখবৰ। নলবাৰী নাট্য মন্দিৰত এই উপলক্ষত আয়োজিত সভাত সন্মিলনীৰ সভাপতি ডঃ হীৰেণ গোহাঁইয়ে এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰে। জিলাখনৰ বিভিন্ন সংগঠনেও কালি ডঃ হৰিনাথ শৰ্মা দলৈদেৱক সম্বৰ্ধনা জনায়।

No comments:

Post a Comment