পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. থলুৱা উদ্যোগী সকলক সৰ্বাধিক পাঁচ লাখ টকা পৰ্যন্ত ঋণ দি উদ্যোগ স্থাপনৰ বাবে সহায় কৰাৰ লক্ষ্যৰে অসম গ্ৰামীণ বেংকৰ সৈতে সহযোগিতাৰ চুক্তিৰ স্বাক্ষৰেৰে অসম চৰকাৰে আৰম্ভ কৰিলে "এঞ্জেল ফাণ্ড আঁচনি"। কালি মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয় । ৫শতাংশ সুতৰ হাৰত কৰ্মসংস্থানমুখী প্ৰকল্পত ৮৫শতাংশ বিনিয়োগৰ বাবে বন্ধকবিহীন ভাৱে, প্ৰথম দহমাহলৈ সুত নোলোৱাৰ ব্যৱস্থাৰে সাত বছৰত ঋণমুক্ত হব পৰাকৈ এই আঁচনিৰ অধীনত ঋণ প্ৰদান কৰা হব।

২. ডিব্ৰুগড়ৰ লেপেটকটাত নিৰ্মীয়মান গেছ ক্ৰেকাৰ প্ৰকল্পক ২০১৫চনৰ ভিতৰতে উপাদনক্ষম কৰি তুলিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় সাৰ মন্ত্ৰী অনন্ত কুমাৰে। ২০০৬ চনৰ এপ্ৰিল মাহতে অনুমোদিত প্ৰকল্পটো বিভিন্ন কাৰণত লেহেমীয়া গতিৰে আগবঢ়ালৈ লক্ষ্য ৰাখিলে মন্ত্ৰী গৰাকীয়ে কামকাজ দ্ৰুত কৰাৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে।

৩. গুৱাহাটী মহানগৰীৰ পদপথ সমূহৰ বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে জিলা প্ৰশাসনে। এনে বেদখল কৰাৰ অভিযোগ উঠা ১০৬২টা প্ৰতিষ্ঠানলৈ এই সন্দৰ্ভত জাননী জাৰি কৰা বুলিও প্ৰশাসনে প্ৰকাশ কৰিছে।

৪. নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু সাংস্কৃতিক গোষ্ঠী কল্লোলৰ সহযোগত অনুষ্ঠিত হয় "আধুনিক অসমীয়া সাহিত্যৰ অগ্ৰদূত আৰু অসমীয়া জাতীয়তাবাদৰ স্থপতি লক্ষ্মীনাথ বেজবৰুৱা" শীৰ্ষক আলোচনাচক্ৰ। এই অনুষ্ঠানত অংশ লৈ ডঃ নগেন শইকীয়াদেৱে বেজবৰুৱাৰ আঞ্চলিকতাবাদ বিজ্ঞানসন্মত আছিল বুলি মত প্ৰকাশ কৰে।

৫. কালিৰে পৰা দক্ষিণ কোৰিয়াৰ ইনচিঅ'ন চহৰত শুভাৰম্ভ হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহত ক্ৰীড়া মহাৰণ ১৭ সংখ্যক এছিয়ান গেমছৰ। ৪৫খন দেশৰ ১৩হেজাৰ ক্ৰীড়াবিদে অংশ লোৱা এই প্ৰতিযোগিতাত ভাৰতৰ পৰা ৫১৬ গৰাকী খেলুৱৈয়ে অংশ লৈছে। ভাৰতীয় হকী দলৰ অধিনায়কে জাতীয় পতাকা লৈ আগবঢ়া এই অনুষ্ঠানত গেংনাম ষ্টাইলৰ শিল্পী ছাইৰ অনুষ্ঠানো আছিল এক মূখ্য আকৰ্ষণ।

৬. ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অনাগত আমেৰিকা ভ্ৰমণক লৈ আগ্ৰহ আৰু উচাহৰ বন্যা বৈছে আমেৰিকাত। নিউয়ৰ্কৰ মেডিছন স্কোৱাৰ গাৰ্ডেনত হব লগা আদৰণি সভাত নৰেন্দ্ৰ মোদীৰ ভাষণ শুনিবলৈ বিক্ৰী কৰা বিশ হেজাৰ টিকটৰ সকলো বিক্ৰী হোৱা বুলিও বাতৰিয়ে লাভ কৰিছে সংবাদ শিৰোনামা।

৭. কয়লা ক্ষেত্ৰ আবণ্টনৰ গোচৰ সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ পৰা সদ্যহতে চিবিআইক বাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। চিবিআইৰ মূৰব্বী ৰঞ্জিত সিনহাৰ ঘৰলৈ অভিযুক্তৰ চকুত পৰা ধৰণৰ আহযাহৰ তথ্য ন্যায়ালয়ত দাখিল কৰাৰ বিষয়টোত সিদ্ধান্ত লোৱাৰ পাছতহে কয়লা আবণ্টনৰ বিষয়ক গোচৰত চিবিআইৰ অভিযোগনামা আদালতে বিচাৰ কৰিব বুলিও মত প্ৰকাশ কৰাৰ খবৰ প্ৰকাশিত হৈছে।

৮. দহ হেজাৰ কোটি টকীয়া সাৰদা চিট ফাণ্ড কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ তদন্ত প্ৰায় অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি বাতৰি প্ৰকাশিত হৈছে। অহা নৱেম্বৰ মাহৰ ভিতৰতে চূড়ান্ত কৰি চাৰ্জশ্বিট দাখিল কৰি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হব বুলিও জানিব পৰা গৈছে।

৯. ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাবে মুছলিম লোকসকলৰ প্ৰতি মতামত প্ৰকাশ কৰিছে নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় মুছলিম নাগৰিক সকলৰ দেশপ্ৰেমৰ প্ৰশংসা কৰি চিএনএনক দিয়া এক সাক্ষাতকাৰত তেওঁলোকে জীৱনে-মৰণে ভাৰতীয় বুলিও মন্তব্য কৰা বুলি জানিব পৰা গৈছে। আল কায়দাৰ বিতৰ্কিত ভিডিঅ'ত ভাৰতীয় মুছলিম সকললৈ জনোৱা আহ্বানৰ পাছত প্ৰধানমন্ত্ৰীৰ এনে প্ৰশংসামূলক মতামত দেশখন ঐক্য আৰু সংহতিৰ বাবেই এক যোগাত্মক বাৰ্তা ৰূপে পৰিগণিত হৈছে।

১০. উত্তৰ কাছাৰত সংঘটিত এহেজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত ৰায়দান কৰিছে চিবিআইৰ বিশেষ আদালতে। অভিযুক্ত দুজন কৃষি অভিযন্তাক ১৫ হাজাৰ জৰিমনাসহ তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা বুলিও সুখবৰ প্ৰকাশিত হৈছে।

No comments:

Post a Comment