পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. যোৰহাটত উত্তৰ-পূৱৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ পাঠদানৰ হ'ল শুভাৰম্ভ। যোৰহাটৰ ৰৰৈয়াত আনুষ্ঠানিক ভাৱে অসম মহিলা বিশ্ববিদ্যালয় উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মহিলা সবলীকৰণৰ লক্ষ্যৰেই এই অপৰম্পৰাগত বিশ্ববিদ্যালয় স্থাপন কৰা বুলিও মুখ্যমন্ত্ৰীয়ে উদ্বোধনী ভাষণত প্ৰকাশ কৰিছে।

২. তিনিচুকীয়া জিলাৰ মৰিগাঁও, গাৰাকী, টাংগাবাৰী অঞ্চলত হোৱা বান ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে সাহাৰ্য আগবঢ়ালে আৰ্ট অৱ লিভিঙ নামৰ সংস্থাৰ স্বেচ্ছাসেৱক সকলে। দুৰ্গত সকলৰ সেৱা কৰি আদৰ্শ দেখুওৱা স্বেচ্ছাসেৱক সকলে এই কাৰ্যসূচীৰে প্ৰায় ২০০টা পৰিয়াললৈ সাহাৰ্য আগবঢ়োৱাৰ কথা জানিব পৰা গৈছে।

৩. গুৱাহাটীত বসবাস কৰা চৰাইদেউ মহকুমাৰ বাসিন্দা সকলৰ উমৈহতীয়া মঞ্চ "চৰাইদেউ পাথ ফাইণ্ডাৰ"ৰ উদ্যোগত অহা ১৪ ছেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত মহানগৰখনত শিক্ষা গ্ৰহণৰ বাবে আগুৱাই অহা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে এক অন্তৰংগ আলাপৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জনপ্ৰিয় শিল্পী খগেন গগৈ, জীনা ৰাজকুমাৰীকে ধৰি সুধীজনৰ সৈতে কেইবাজনো বিশিষ্ট শিক্ষাবিদে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

৪. সন্মানীয় ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেল ২০১৪ বৰ্ষৰ বাবে নিৰ্বাচিত হৈছে বহুচৰ্চিত তথ্যচিত্ৰ "এন এণ্টি ইনচাৰ্জেণ্ট জাৰ্নী"। সাংবাদিক কনকসেন ডেকাই অগ্ৰদূতৰ জৰিয়তে চলোৱা সন্ত্ৰাসবিৰোধী প্ৰচেষ্টাক তুলি ধৰা ৫০মিনিটৰ তথ্যচিত্ৰখনৰ পৰিচালনা কৰিছে প্ৰদ্যুত কুমাৰ ডেকাই। তথ্যচিত্ৰখনৰ চিত্ৰনাট্য সাংবাদিক জিতুমণি বৰাৰ। বেংগেলুৰু চুটি ছবি মহোতসৱতো ছবি খন পূৰ্বতে প্ৰদৰ্শিত হৈছিল।

৫. শিৱসাগৰৰ শলগুৰিৰ এগৰাকী কৃষকৰ আত্মহত্যাৰ বিষয়টোত ৰাজ্যিক মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। বিষয়টোত জিলা প্ৰশাসনক তদন্ত কৰি প্ৰতিবেদন এমাহৰ ভিতৰত দাখিল কৰি চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ নাপাই আত্মহত্যাৰ পথ লোৱা বুলি প্ৰকাশ হোৱা আত্মহত্যাৰ কাৰণ সন্দৰ্ভতো বিচাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

৬. দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো জনপ্ৰতিনিধি সকলৰ বাবে দুঃখবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ভিডিঅ' কনফাৰেঞ্চিং যোগে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ৰাজনৈতিক নেতাৰ অপৰাধ মূলক গোচৰ সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ নিৰ্দেশ অহাৰ খবৰ প্ৰকাশ হৈছে। ৰাজনৈতিক নেতাৰ এনে অপৰাধী গোচৰক ফাৰ্ষ্ট ট্ৰেক কৰ্টৰ জৰিয়তে গোচৰ মীমাংসাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এনে পদক্ষেপ লোৱা বুলিও জানিব পৰা গৈছে।

৭. টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত অহা ৬ আৰু ৭নৱেম্বৰত বুৰঞ্জী বিভাগে "উনৈশ শতিকাৰ পৰা খিলঞ্জীয়াৰ সমস্যা আৰু উত্তৰ-পূৱৰ উগ্ৰপন্থী" বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰিছে। যাদৱপুৰ, নেহু, তেজপুৰ, ডিব্ৰুগড় আদিকে ধৰি বিভিন্ন বিশ্ববিদ্যালয়ৰ কেইবাজনো বিশিষ্ট ইতিহাসবিদে সমল ব্যক্তি ৰূপে অংশ লব। সবিশেষ www.ckbcollegeteok.com ৰ পৰা জানিব পাৰিব বুলিও আয়োজকে প্ৰকাশ কৰিছে।

৮. অসম গৌৰৱ হেম বৰুৱাৰ জন্ম-শতবাৰ্ষিকীৰ দিহা কৰিছে হেম বৰুৱা জন্ম-শতবৰ্ষৰ কেন্দ্ৰীয় সমিতিয়ে। এই উপলক্ষে যোৱা ৩১ আগষ্টতো উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। হেম বৰুৱাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰা সভাখনত অসমৰ সাংসদ সকলক হেম বৰুৱাৰ আদৰ্শৰে বলিষ্ঠ ভূমিকা লবলৈ সুধীজনে আহ্বান জনায়।

৯. তেজপুৰত আজিৰে পৰা তিনি দিনীয়াকৈ উদযাপিত হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ অনুষ্ঠান। চিত্ৰাংকন, কুইজ, আবৃত্তি, জাতীয় সংগীত আদি প্ৰতিযোগিতা, ডেৰশ গছি বন্তি প্ৰজ্বলন আৰু আলোচনা চক্ৰ আদি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ খবৰ পোৱা গৈছে। ছটাকৈ ভাষাত জাতীয় সংগীত পৰিবেশনৰ ব্যৱস্থা কৰা এই উদযাপনৰ মুকলি সভাত ডাঃ লক্ষ্মী গোস্বামীয়ে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব। 

১০. সৰ্বভাৰতীয় শিশুৰোগ বিশেষজ্ঞ সংস্থাৰ অসম শাখাৰ ২৯সংখ্যক ৰাজ্যিক অধিবেশনখনি দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ প্ৰাংগণত অহা ২৯ আৰু ৩০ নৱেম্বৰত আয়োজন কৰা হৈছে। এই অধিবেশনতে কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞই গৱেষণা পত্ৰ তথা স্বাস্থ্য বিষয়ক আলোচনাত অংশ লব বুলিও সুখবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment