লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. ধৰ্মৰ উৰ্ধত থাকি সমাজ গঢ়িব পাৰি বুলি ভাষণত ২০লাখ মানুহক ক'লে মদিনাৰ ইমামে।  তেখেতক আদৰণি জনাবলৈ ৰকিং আংকলৰ  সৈতে মঞ্চত উপস্থিত হৈ  সৰুকন গগৈয়ে ক'লে-"ধৰ্মীয় সভালৈকে আহিলো আৰু ৰাইজ। দেউতাই কৈছে, অসমীয়াত এষাৰ কথা আছে, চল চায়েই হেনো কঠিয়া পাৰিব লাগে!" ভঙা ভঙা অসমীয়া ভাষাত কোৱা কথাখিনি বুজি নাপালেও দৰকাৰী কথা বুলি কেইবাজনো বিদেশৰ নেতাই মূৰ দুপিওয়াৰ গোপন খবৰ।

২. পুনৰ বাঢ়িল পেট্ৰল আৰু ডীজেলৰ মূল্য। আজিকালি ইমান সঘনে এই কামটো হবলৈ ধৰাত প্ৰতিক্ৰিয়া দিবলৈকো ৰাইজে বাদ দিলে আৰু এতিয়া এই বাতৰিটোত কোনো উত্তেজনা নাই বুলি প্ৰকাশ কৰিলে সাংবাদিক বন্ধুৱে। এতিয়া ৰাতিপুৱা উঠি গঁড় মৰাৰ ফটো এখন নেদেখিলে মনটো ভাল নলগাৰ দৰে, পেট্ৰল, ডীজেলৰ দাম নাবাঢ়িলেও মনটো কিবা সস্তীয়া সস্তীয়া লগাৰহে অনুভৱ হয় বুলিও তেওঁ জনায়। ইমান সঘনে দাম বঢ়া সত্বেও প্ৰেয়সীক লৈ ইফালে সিফালে যাবলৈ এবাৰো পিছ-নোহোহকাৰ বাবেই প্ৰেয়সীয়েও মৰমেৰে তাক ক্ষতিপূৰণ কৰি দিয়ে বুলিও ৰহস্যজনক হাঁহিৰে সাংবাদিক বন্ধুৱে প্ৰকাশ কৰিছে।

৩. "অপিনিয়ন পোল" চলোৱা সংস্থাই বৃহত ধনৰ লেনদেন কৰি নিৰ্বাচনী ফলাফলৰ ভৱিষ্যত বাণী ভুলকৈ কৰে বুলি টিভি চেনেলে ষ্টীং অপাৰেচন যোগে প্ৰচাৰ কৰাৰ পাছত সৰৱ হৈ উঠিছে সদৌ ভাৰত জ্যোতিষী সন্থা। এনে সংস্থাত ধন অপব্যয় কৰাতকৈ ফুল পঞ্জিকা কিনি ফুল ভৱিষ্যত জানি লোৱাই উত্তম বুলিও সন্থাই মন্তব্য কৰিছে। আৰু সকলো পঞ্জিকাতে এই বৰ্ষত সমষ্টি সমষ্টিয়ে কোন প্ৰাৰ্থী জিকিব পাৰে তাৰ ভৱিষ্যতবাণী সৰলকৈ নামৰ আদ্য আখৰেৰে ৰাশিফলৰ আলমত প্ৰকাশ কৰাটো বাধ্যতামূলক কৰিছে বুলি প্ৰকাশ কৰিছে। ৰাজনৈতিক নেতা সকলৰ সেৱাৰ বাবেই এই প্ৰশংসনীয় পদক্ষেপ জ্যোতিষী সন্থাই গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

৪. ভৰলুৰ আদৰণী তোৰণ তথা পদসেতু জহি খহি যোৱাৰ লগতে ৰাতিও লাইট নজ্বলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে সদৌ ভৰলু নিচাসেৱী সন্থাই। এতিয়া সেতুখনক দিনে-ৰাতি মুকলিকৈ মদ ভাঙৰ আড্ডা হিচাবে গঢ়ি তোলাৰ ফলত স্থানীয় নিচাসেৱী নাগৰিক সকলৰ যথেষ্ট সুবিধা হৈছে বুলিও প্ৰকাশ কৰিছে। বাৰলৈ নগৈ, ঘৰৰ ওচৰতে, সস্তাতে সন্ধিয়াৰ ফুৰ্তিকন কৰিবৰ বাবে ঠাই উলিয়াই দিয়াৰ বাবে প্ৰশাসনক জ্ঞাপন কৰিছে আন্তৰিক কৃতজ্ঞতাও।

৫. কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতিৰ সফল ৰূপায়ণ। কৰ্মচাৰীয়ে এই কাৰ্যসূচী কেতিয়াও বিফল হবলৈ দিয়াৰ আজিলৈকে ৰেকৰ্ড নাই বুলি প্ৰকাশ কৰিলে কৰ্মযোগী কৰ্মচাৰী সন্থাৰ সাংগঠনিক সম্পাদকে। কৰ্মবিৰতিৰ দৰে কাৰ্যসূচীয়ে আচলতে চৰকাৰী কৰ্মচাৰীয়ে যে কামো কৰে তাকেই প্ৰমাণ কৰি দেখুৱাই, জনমানসত ইজ্জত বৃদ্ধি কৰে, লগতে এক প্ৰতিবাদী বিৰতি লোৱাৰো সুযোগ পায় বুলিও সম্পাদকজনে আঙুলিয়াই দিছে। অনাগত দিনতো সঘনে এনে কাৰ্যসূচী লবলৈ কৰ্মচাৰী সকলে সন্থাক আহ্বান জনাইছে বুলিও তেখেতে প্ৰকাশ কৰিছে।

৬. গুৱাহাটীত আত্মজাহৰ ঘটনাত কোনে উচতনি দিছিল তাকে লৈ একো মোৰ পোৱা নাই ৰঙা পুলিচে। বিমোৰত পৰা ৰঙা পুলিচে মাজে মাজে অসমীয়া টিভি চেনেল চালেই বহুত কথা জানিব পাৰিব বুলি টিপচ দিছে ৰসাল শৰ্মাই। পিছে কইনাধৰাৰ সেৱাত লাগি থাকোতে টিভি চাবলৈ সময় ক'ত বুলি ওলোটাই প্ৰশ্ন কৰি ৰঙা পুলিচে। অৱশ্যে, চাৰে ইংগিত নিদিয়ালৈকে মোৰ পাইছো বুলি কবলৈ দিগদাৰ বুলিও এজনে গোপনে প্ৰকাশ কৰিছে।  এতিয়া শৰ্মা নে গগৈ চাৰৰ ইংগিতত ৰঙা পুলিচৰ বিমোৰতাৰ অন্ত পৰিব তাকে লৈ ৰাজধানীত চলিছে সৰস গুজৱ।

৭. নতুন দিল্লীলৈ আহিয়েই কালি আন্নাই কেজৰীৱালক ক্ষমতাৰ খঁকুৱা আখ্যা দিলে বুলি বৰ বৰ শিৰোনামাৰে প্ৰকাশ কৰিলে সংবাদ মাধ্যমে। আন্নাক কোনো ডাক্তৰে পুৱাই কেজৰীলাৱালক সমালোচনা কৰিলে দুপৰীয়াৰ ৰুটি কেইটি ভালকৈ হজম হয় বুলি পৰামৰ্শ দিয়াৰ পাছৰে পৰাই দৈনিক তেওঁ সাংবাদিক মাতি প্ৰাণায়মৰ নিয়মৰ দৰেই এই কাম কৰিবলৈ লোৱা বুলি গোপন সূ্ত্ৰই প্ৰকাশ কৰিছে।

৮.  ঔ-কিল গগৈক ভয় কৰিব লগা একো নাই বুলি প্ৰকাশ কৰিলে ৰসাল গগৈয়ে। উলফা, এণ্ডি.এফ.বি আদিকে ভয় নকৰা মানুহ জনে মেনেজ কৰিব পৰা মানুহ এজনলৈ ভয় কৰাৰ কি প্ৰয়োজন বুলিও তেওঁ খোলা হাঁহি মৰাৰ গোপন খবৰ। ঔ-কিল গগৈয়ে হেঁচা দিয়াৰ বাবেহে ৰাহুৰ মিটিঙৰ প্ৰচাৰ বেছি হ'ল, সেয়েি মানুহ বেছি হল বুলিও তেখেতে প্ৰকাশ কৰিলে। পিছে ৰহস্যজনক কাৰণত ৰাজহুৱা ভাৱে তেওঁক ধন্যবাদ দিয়াৰ পৰা  বিৰত থাকিল বুলি জানিব পৰা গৈছে।

৯. হাতী-পদুমৰ বুজাবুজি সম্ভৱ নহয়, ঘাট এৰি অহাৰ পাছত আকৌ একেঘাটত পানী খাবলৈ কোন যাব বুলি মন্তব্য কৰিলে সদানন্দ সোনোৱালে। তেওঁ কয়, অৰ্থৰ অভাৱত থকা হাতী পাৰ্টিক এতিয়া লগতলৈ, ইলেকচনৰ বাবে কেন্দ্ৰীয় কমিটিয়ে দিয়া ধন এৰি দিয়াৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে । আৰু মাত্ৰ খাৱন আৰু লাদনেই এতিয়া জীৱন হোৱা, হাতী পালন কৰাত তেওঁৰ কোনো মন নাই বুলিহে তেওঁ মাউতৰ চাকৰি এৰি আহিছিল বুলিও অভিমান প্ৰকট কৰিছে।

১০. চাহাৰা কোম্পানী চলাই মাত্ৰ বিশ হাজাৰ কোটিৰ কেলেংকাৰী কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা বে-চাহাৰা ৰয়ে এক বিজ্ঞাপন যোগে দেশে তেওঁক দিয়া উপহাৰটোক লৈ দুখ প্ৰকাশ কৰিছে। দেশক লুটি থকা ডাঙৰ ডাঙৰ কোম্পানীৰ মানুহক জেললৈ নপঠাই সৰু সৰু মানুহক লুটা মানুহজনক গ্ৰেপ্তাৰ কৰা কাৰ্যকো তেওঁ নিন্দাজনক বুলিও আখ্যা দিছে। তেওঁ ভাৰত ৰত্ন পাব বুলিহে ইমান দিনে ভাবি আছিল বুলিও মনৰ ভাৱ ব্যক্ত কৰিছে।

No comments:

Post a Comment