সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাময়িক প্ৰসংগ

সাময়িক প্ৰসংগ

Share This
এয়া বঞ্চনাৰ বাস্তৱ প্রতিফলন!
#টুৱাৰাম দত্ত

এতিয়া সকলোকে সুকীয়া ৰাজ্য লাগে। বড়োলেণ্ড, কমতাপুৰ, কাৰ্বি ৰাজ্য ইত্যাদি ইত্যাদি। সেয়ে আজি অসম অগ্নিগৰ্ভা। বিশেষকৈ কাৰ্বি আংলং দাও দাওকৈ জলিছে। চৰকাৰী কাৰ্যালয়, ৰবৰ বাগান, খেতিৰ পথাৰ, ৰাজহুৱা সম্পত্তি একো বাদ পৰা নাই। জুইৰ লেলিহান শিখাই সকলোকে যেন সকিয়াই দিছে - অতবছৰে পুঞ্জীভূত ক্ষোভৰ প্রচণ্ড দাবানলৰ যদি সুবিচাৰ নহয় তেনে আহিবলগীয়া দিনবোৰ আৰু ভয়াবহ হব। কিন্তু কিয় এই ক্ষোভৰ প্রচণ্ড বহিৰ্প্ৰকাশ? কেৱল সুকীয়া ৰাজ্যৰ বাবেই নে এনে প্রচণ্ড হিংসাত্মক আক্রোশ।

পাহাৰীয়া শান্তিপূৰ্ণ কাৰ্বিসকল, যিসকল আজি কিছু বছৰ আগলৈকে প্রচুৰ প্রাকৃতিক সম্পদৰ অধিকাৰী আছিল, খেতি মাটিৰ বাবে পাহাৰৰ কোনো আকাল নাছিল, হাঁহি হাঁহি ঝুম খেতি কৰিছিল,ভৈয়ামৰ মানুহক মৰমেৰে আকোৱালি লৈছিল, সময়ৰ গতিত এদিন এই আপোনভোলা সহজ-সৰল জনগোষ্ঠীটোৱে অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে যেন লাহে লাহে সিহতে হেৰুৱাই পেলাবলৈ ধৰিছে সিহতৰ ভৰিৰ তলৰ মাটি। যি মাটিত এসময়ত গৰাকীৰ দৰে খেতি-খোলা কৰিছিল আজি তাত সিহতে দিন হাজিৰা কৰে কোনোবা সামন্ত প্রভূৰ অধীনত। হব পাৰে সেই সামন্ত প্রভূৰ কোনোবা কোনোবা জন ৰংপী, ইংতি আদি একে গোষ্ঠীৰে,কিন্তু সিহত যেন সাধাৰণ খাটি-খোৱা জনতাৰ পৰা বহু যোজন নিলগত। ভূমি পুত্র হৈও ক্রমশঃ ভূমিহীন তেওঁলোক। 

আৰু চৰকাৰী কাৰ্য্যালয়বোৰ? সাধাৰণ খাটি-খোৱা জনতাৰ সেৱাৰ বাবে প্রতিষ্ঠিত চৰকাৰী প্রতিটো কাৰ্য্যালয়ে যেন প্রতিজন চৰকাৰী কৰ্মচাৰীৰ বাবে কোৰোনাৰে ধন চপোৱাৰ সোণালী উৎস। ভৈয়ামৰ পৰা আমাৰ অসমীয়া নামধাৰী যিসকল বৰককাই কাৰ্বি আংলংলৈ চৰকাৰী সেৱা আগবঢ়াবলৈ যায়, সেৱাৰ নামত আৰম্ভ কৰে ৰাজকোষ লুন্ঠনৰ নিৰ্লজ অধ্যায়। সহজ-সৰল দুই-এজন স্থানীয় সুবিধাবাদী কাৰ্বিলোককো লগৰীয়া কৰি লয় এই লুন্ঠনকাৰীহঁতে। কিন্তু গৰিষ্ঠসংখ্যক কাৰ্বি জনতাই বহন কৰিব লগা হয় তাৰ বিষময় ফল। আৱণ্টিত কোটি কোটি ধনৰ নূন্যতম অংশও ব্যৱহৃত নহয় উন্নয়নত! 

বঞ্চনা! বঞ্চনাৰ জালখন বৰ কৰুণ! অৱহেলা, বঞ্চনাই কোঙা কৰি ৰখা পাহাৰীয়া নিৰ্জু জনতাক যেতিয়া নিজৰ জাতি ভাই ৰাজনীতিবিদ কেইটাইও বঞ্চনা কৰে তেতিয়া আৰু কোনো বিকল্প নাথাকে। ক্ষোভত ফাটি উঠে, মনত পুঞ্জীভূত খং আৰু বেদনাই যেন এটা ফিৰিঙতিলৈকেহে বাট চাই থাকে। 

এই যে ক্ষোভৰ বহিৰ্প্ৰকাশ, ই কৃত্রিম নহয়। ই বাস্তৱ সন্মত। এমুঠি দালাল, চৰকাৰী বাবুৰ দীৰ্ঘ-দিনৰ অৱহেলা, বঞ্চনাৰ বাস্তৱ প্রতিফলন এয়া। ইয়াক জনগোষ্ঠীটোৰ মাজৰে এমুঠি নেতাজাতীয় উচ্চাকাংখীৰ উচতনী বুলি লঘুকৰণ কৰিলে হিতে বিপৰীত হে হব। উন্নয়ন আৰু প্রগতি সকলোৰে আকাঙ্ক্ষিত, সকলোৰে অভিলাষ। স্বাভিমান সকলোৰে আছে। কোনেও বৰককাইৰ ৰূপত ইয়াক ভৰিৰে মোহাৰি দমাই ৰাখিব নোৱাৰে। 

তেলেংগানা এটা ফিৰিঙতিৰ নাম। বুকুৰ ভিতৰত উমি উমি জলি থকা একুৰা জুইয়ে নিমিষতে প্রাণ পাব পৰা এটা ফিৰিঙতিৰ নাম। কেন্দ্রীয় চৰকাৰে জানিছিল, তেলেংগানা হ’লে কি হব? সকলোৰে আগতীয়া অনুমান আছিল। দেশজুৰি প্রতিক্রিয়া হব, জুই জ্বলিব। হিংসাৰ দাবানলত এফালৰ পৰা আৰম্ভ হব ধ্বংস যজ্ঞ। কিন্তু কোনো প্রতিষেধক মূলক ব্যৱস্থা লোৱা নহল। কেন্দ্রীয় চৰকাৰৰ কূটনৈতিক শক্তি ইমান সোনকালে ব্যৰ্থ হ’লনে? নে ইচ্ছাকৃত ভাৱে কিছুমান ঘটনা ঘটিবলৈ দিয়া হ’ল। অশান্তি হ’ল, বাটে- ঘাটে জুই জ্বলিল আৰু হয়তো আৰম্ভ হব বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত অসূয়া-অপ্রীতি,ভুল-বুজাবুজি। হয়তো অশান্তিৰ পৰিমাণ আৰু বাঢ়িব। য’তে-ত’তে বোমা ফুটিব, সম্প্রীতি বিনষ্ট হব। পৰোক্ষভাৱে চৰকাৰেই বিচাৰেনেকি এনে ধৰণৰ পৰিৱেশ? 

চৰকাৰৰ জমা খাতাত এতিয়া পাহাৰ সম দূৰ্নীতিৰ অজস্র-অযুত কাহিনী। দূৰ্নীতিৰ অভিযোগেৰে আৰু আগুৱাব নোৱাৰা পৰিৱেশ। মূল্যবৃদ্ধিৰ কুটিল হাতোৰাত সাধাৰণ জনতা ত্রস্তমান। আন্তৰাষ্ট্ৰীয় মানদণ্ডত টকাৰ তড়িৎ গতিত অৱমূল্যায়ন। চৌপাশ স্বাসৰুদ্ধময় পৰিৱেশ। অথচ দেশৰ সাধাৰণ নিৰ্বাচন সমাগত। স্বাভাৱিকতেই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ নেপথ্যৰ অংকত ব্যস্ত কেন্দ্রীয় চৰকাৰ। গতিকে জুই জ্বলিছে। আচলতে জ্বলিবলৈ দিছে। সাধাৰণ জনতাক বিভ্রান্ত আৰু দিক-ভ্রষ্ট কৰাৰ সময় সমাগত। নহলেনো ৰাজ্যখনৰ এনে অশান্ত পৰিস্থিত খোদ মুখ্যমন্ত্রীয়ে ৰাজ্য এৰি দিল্লীত অৱস্থান কৰেনে? হিংসা জৰ্জৰিত কাৰ্বি আংলঙলৈ তিনি চাৰি দিন পিছত হে কোনো মন্ত্রীয়ে ঘটনা স্থলী পৰিভ্রমণ কৰেনে?

আমি অসমীয়া বৰককাই সকল আজি মানচিত্র হেৰুওৱাৰ আতংকত ব্যথিত। কিন্তু আমি কিমান সচেতন তথা স্নেহশীল আছিলো আমাৰ সৰুভাই বিভিন্ন জনজাতি, গোষ্ঠীসমূহৰ প্রতি? অভিভাৱকৰ তথাকথিত ভেমেৰে আমি তেওঁলোকক অন্যায় কৰা নাছিলোনে? আমি সদায় আনক সমালোচনা কৰি আছো। কিন্তু সমস্যাৰ সমাধানৰ বাবেকেতিয়াও আগুৱাই অহা নাই। বৰঞ্চ আনৰ ভুল বোৰ বিচাৰি ফুৰো। সেইবাবে আজি আমাৰমাজৰ একতাৰ বান্ধোন চিগি যাব ধৰিছে। পৃথকে পৃথকে বসবাস কৰাৰ মানসিকতা জাগিউঠিছে। দুখৰ বিষয় আজি আমি অসমীয়া হিচাবে যি গৌৰৱ কৰি আহিছিলো সেই গৌৰৱ বেছিক্ষণ আৰু নাই।

এতিয়া আহো আন্দোলনৰ পদ্ধতি আৰু আন্দোলনৰ প্ৰতিযোগিতাক লৈ। এফালেটিভি চেনেলে দেখুৱাব, আজি অ'ত ঘৰ জ্বলালে, কালি ত'ত জ্বলালে, অমূকৰ গাড়ী জ্বলালে,তমূকত ৰেল ভাঙিলে। আৰু টিভি কেমেৰা দেখি ৰাইজ যে কিমান উৎসাহিত হয়। সকলোৰে শক্তি১০ গুণ বাঢ়ি যায়। আজিকালি পকেটমাৰ এটা ধৰা পৰিলেও টিভি কেমেৰা দেখি ৰাইজে তাৰ চুলিখূৰায়, মুখত চূণ সানে, লপা-থপা দিয়ে। টিভি কেমেৰা দেখিলে ৰাইজ কিমান যে উৎসাহিতহয়! 

টিভি চেনেলবোৰৰ প্ৰতি এটাই মাথো অনুৰোধ। এই হিংসাত ইন্ধন নোযোগাব, এটাজনজাতি আৰু আন এটা জনজাতিৰ মাজত এটা প্ৰতিযোগিতাই গঢ় লৈ উঠিব নেলাগে যে কোনেকাৰ বেছি সম্পত্তি ধ্বংস কৰিব পাৰিছে, কাৰ আন্দোলন বেছি তীব্ৰ, কোনে আগতে পৃথক ৰাজ্যলাভ কৰিব।

যিসকল লোকে আচলতে সময়ক অশান্ত কৰে, স্কুলঘৰ জলায়, গাড়ী ভাঙে, ৰেলৰ লাইনউঠাই নিয়ে, জ্বলায় দিয়ে গাও, ভাঙি পেলায় উজনি নামনি, পাহাৰ-ভৈযামৰ মৈত্রী আৰুআস্থাক,ইতিহাসৰ জ্ঞান এওলোকৰ নাথাকে। থাকিলেও তাক তেওলোকে নিজ স্বার্থৰ অনুকুলেব্যাখ্যা কৰে।

অতীতত অসম নামৰ ভূ-খণ্ডৰ কথাই সুকীয়া আছিল। ইয়াত মানুহৰ সৰল মনেকেৱল এক হৈ থাকিবলৈ জানিছিল। কিন্তু সেই সৰলতাক নেওচি একোটা সুকীয়া ভাষা, ঐতিহ্যথকাৰ বাবেই ৰাজনৈতিক ভাৱে পৃথক হ’ব খোজা কাৰবাৰটো নিতান্তই অভিসন্ধি মূলক,স্বার্থান্বেষী। ইতিহাসৰ ভুলবোৰৰ পৰা শিকনি গ্রহণ কৰক। যি শিকনি কাহানিও পৃথকীকৰণৰপক্ষপাতী নহ’ব। ভুল বুজাবুজি আৰু আস্থাহীনতাৰ গোপন মন্ত্র আওৰোৱা সকলৰ পৰা আমিসাৱধানে থকা উচিত। উপায়? আছে। ভালপোৱা, কেৱল ভালপোৱা।

No comments:

Post a Comment