প্ৰৱাসীৰ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমৰ সাম্প্ৰতিক পৰিস্থিতিঃ
উদ্বিগ্ন কৰা দহটা বিষয় 
ডা০ ভূপেন শইকীয়া
সম্পাদক মহোদয়,
অসমত বৰ্তমানহৈ থকা ঘটনাৱলী কিছুমান প্ৰবাসৰ পৰা পৰ্য্যবেক্ষণ কৰি কিছু পৰিমাণে দুঃচিন্তাত ভূগিছোঁ৷ থুলমূলকৈ চিন্তাৰ উদ্বেগ ঘটোৱা বিষয়সমূহ হ'লঃ ১) শাসক দলেই যেতিয়া বিপৰীত আচৰণ কৰে অসমত শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন প্ৰস্তুত হৈ উঠিবনে ? 

২) ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত প্ৰকৃত থলুৱা খিলঞ্জীয়া যুগেযুগে বাস কৰি অহা লোকৰ স্বাভিমানত আঘাত কৰা নাইনে বাৰু ?

৩) যিসকল থলুৱা অসমীয়াই লিগেচী ডাটা যোগান ধৰিবলৈ অসমৰ্থ হব তেওঁলোকে কি কি নাগৰিক অধিকাৰ হেৰুৱাব ?

৪) এ পি এচ চিৰ দূৰ্নীতিৰ নিৰ্মূলকৰণ সম্ভৱপৰ নহব নেকি ? 

৫) এ পি এচ চিৰ দূৰ্নীতিৰ ক্ষেত্ৰত আছুৰ নিৰ্লিপ্ত ভূমিকাই কি সূচায় ?

৬) অখিল গগৈৰ বাহিৰে এ পি এচ চিৰ দূৰ্নীতিৰ সবল প্ৰতিবাদ কৰোতা অসমত আন দল সংগঠন ওলোৱা নাই কিয় ? অৱশ্যে অসম পাব্লিক ৱৰ্কচে আদালতৰ কাষ চপাৰ আয়োজন কৰিছে বুলি শুনা যায়৷

৭) অসমত আৰু কেইমাহমানৰ পিছতে বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হব৷ৰাইজে কাক ভোট দি জয়ী কৰিব ? কংগ্ৰেছৰ অপশাসন দেখিবলৈ বুজিবলৈ বাকী নাই৷ বিজেপিয়ে কথাদি কথা নাৰাখি অসমবাসীক বেয়াকৈ প্ৰবঞ্চনা কৰিলে৷ অইলৰ মুৰব্বী আৰু ফিল্ম ইন্সটিটিউটৰ মুৰব্বী যোগ্যতাৰ ভিত্তিত বাচনিত উঠিও অসমীয়া হোৱা হেতুকেই পদাসীন হবলৈ নাপালে৷ অসমৰ বিজেপি সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী মুখৰ পৰা টু শব্দ এটা নোলাল৷ নিজৰ ভেটি নথকা অগপকনো কি দৰে বিশ্বাসত লব ?


৮) অখিল নামৰ গণশক্তিটোৰ অপচয় হবলৈ ওলাইছে নেকি ? ৰাজনৈতিক দল চলাব কিন্তু নিৰ্বাচন নেখেলে - এই নীতিকেই সদায় মানি চলিব নেকি ?

৯) অখিল নি:স্বাৰ্থ হয়নে নহয় কিছুলোকে সন্দেহ কৰে৷ আকৌ কিছুমানে স্বেচ্ছাচাৰী বুলিও সমালোচনা কৰে৷ কিছুমানে আধাতে কাম বাদ দিয়া নেতা বুলিও কয় ৷ কেতিয়াবা অতিৰঞ্জিত বক্তব্য ৰাখি প্ৰমাণ দাঙি ধৰিব নোৱাৰি লাজতো নপৰা নহয়৷ তৎসত্বেও নিৰ্ভীক আগৰণুৱাহৈ নেতৃত্ব দিয়াৰ ক্ষমতা তেওঁৰ আছে৷ এক বিশাল জনগণৰ সমৰ্থন অধিকাৰী অখিল৷ এই অখিল নামৰ শক্তিটোক সুপৰামৰ্শ দি অসমৰ কল্যাণৰ অৰ্থে এক বিকল্প ৰাজনৈতিক শক্তিৰূপে উপস্থাপন কৰিব নোৱাৰিনে ?


১০) অসমৰ বা বাতৰিত দূৰ্নীতিৰ বাহিৰে এই কেইদিন সঘনাই হত্যা,আত্মহত্যা,ব্যভিচাৰ, ধৰ্ষণ, লুন্ঠণ, ডকাইতিৰ খবৰে শিৰোনামা দখল কৰি থকাতো অত্যন্ত পৰিতাপৰ বিষয়৷ বেয়া খবৰৰ ভৰত সুসংবাদবোৰ তল পৰি ৰয়৷(একমাত্ৰ 'সুখদুখে'ই ব্যতিক্ৰম যি আমাক কেৱল ভাল খবৰৰ খোৰাক যোগায়৷)

সম্পাদক মহোদয়-লিখি গলে আমাক ব্যথা দিয়া অসমৰ দুঃসংবাদৰ হয়তো অন্ত নপৰিব৷ ওপৰত তাৰে কেইটিমানহে উল্লেখ কৰিলোঁ৷

কাটাৰৰ ডোহাৰ পৰা তাং-১৪জুলাই২০১৫

No comments:

Post a Comment