পলকতে সুখ-দুখৰ বতৰাঃ ২৬জুলাই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ২৬জুলাই

পলকতে সুখ-দুখৰ বতৰাঃ ২৬জুলাই

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম কৃষি বিশ্ববিদ্যালয়ে লাভ কৰিলে সন্মানীয় চৰ্দাৰ বল্লভাই পেটেল ৰাষ্ট্ৰীয় বঁটা। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৰহিণাৰ বাবে আগবঢ়োৱা এই বঁটা কালি পাটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতৰ পৰা গ্ৰহণ কৰিলে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ কে.এম. বুজৰবৰুৱাই। বিহাৰৰ মুখ্যমন্ত্ৰী আৰু দেশৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰীও এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল।

২.  হংকঙত অনুষ্ঠিত এছিয়ান পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ-২০১৫ত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ মৌচুমী বৰাই ৮৪কেজিৰ জুনিয়ৰ শাখাত ৰূপৰ পদক জয় কৰিছে। যোৰহাট জিলাৰ অনগ্ৰসৰ অঞ্চলৰ অখ্যাত গাঁও এলেংমৰাৰ পৰা জীৱন সংঘাতৰ মাজেদি গৈ আন্তঃৰাষ্ট্ৰীয় পদক জিনিবলৈ সক্ষম হোৱা মৌচুমীলৈ জনাইছো হিয়া ভৰা অভিনন্দন।

৩. শিক্ষাৰ উত্তৰণৰ হকে কাম কৰি অহা পৰেশ বৈশ্য ফাউণ্ডেচনে ডাকযোগে এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ষষ্ঠৰ দ্বাদশলৈ দুটা শাখাত ছাত্ৰ-ছাত্ৰীয়ে “সুস্থ প্ৰাকৃতিক পৰিৱেশ ৰক্ষাত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা” বিষয়ক ৰচনা ৭৫০ শব্দৰ ভিতৰত লিখি অহা ২০আগষ্টৰ ভিতৰত পৰেশ বৈশ্য ফাউণ্ডেচন, মাৰফতঃৰেখা প্ৰকাশৱ, গোপাল ৰোড, পাণবজাৰ, গুৱাহাটী-১ লৈ পঠাব পাৰিব। প্ৰতিটো শাখাৰ বিজয়ী তিনিজনক ডঃ গুণাৰাম খনিকৰ বঁটাৰে সন্মানিত কৰা হব বুলিও জানিব পৰা গৈছে।

৪. কাৰ্গিল বিজয় দিৱস উপলক্ষত শ্বহীদ সকলক প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্গিল বিজয় দিৱসত অনুষ্ঠিত হয় মাৰাথানো। এই ক্ষণত সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান সকলৰ দীৰ্ঘদিনীয়া দাবী ‘ৱান-ৰেংক ৱান-পেঞ্চন’ আৰম্ভ কৰিবলৈ আন্না হাজাৰে আৰু অৰবিন্দ কেজৰীৱালে কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে।

৫. অসমীয়া পৰিচালক বিশ্বজিত বৰাৰ হিন্দী কথাছবি "এইচা য়ে জাঁহা" ছবিখন চাই ভাৰতীয় দৰ্শক অসমৰ সৌন্দৰ্য আৰু সংস্কৃতিৰ প্ৰেমত পৰাটো খাটাং বুলি মত প্ৰকাশ কৰিছে আই.বি.এনত প্ৰকাশিত হোৱা প্ৰৱন্ধত চিনেমাৰ বিশ্লেষকে।

৬. ৰিলায়েঞ্চ জিঅ’ কোম্পানীয়ে অহা ডিচেম্বৰ মাহত ১০০০টা জিঅ’ চেণ্টাৰ পাঁচ লাখ সংযোগকাৰী পৰিৱেশক আৰু ১০লাখ ৰিচাৰ্জ কৰা সেৱা প্ৰদানকাৰীৰ সৈতে ৪-জি সেৱা উদ্বোধন কৰিব বুলি প্ৰকাশ কৰিছে।

৭. ভাৰতীয় গৱেষক সকলে ৬টাকৈ নতুন মকৰাৰ প্ৰজাতি আৱিস্কাৰ কৰিছে। কেৰেলাৰ বিভিন্ন অঞ্চলত চলোৱা এই গৱেষণাত চিনাক্ত হোৱা নতুন প্ৰজাতি কেইটাৰ ভিতৰত এটাৰ ব্লেক-ৱিড’ বিধৰ মকৰাৰ সৈতে সাদৃশ্য থকা বুলিও তথ্য প্ৰকাশ পাইছে।

৮. অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নলবাৰী শাখাৰ উদ্যোগত কালি বেলশৰ সাহিত্যিক পেঞ্চনাৰ, প্ৰৱীণ সাংবাদিক, অৱসৰপ্ৰাপ্ত শিক্ষক যাদৱসেন ডেকাৰ “জীৱনৰ বগা-ক’লা ৰং” শীৰ্ষক তথ্যভিত্তিক চমু জীৱনীমূলক গ্ৰন্থখনি উন্মোচিত হয়। ৭২ পৃষ্ঠাৰ গ্ৰন্থখনত ডেকাৰ প্ৰকাশিত মুঠ ৫৫২টা লেখাৰ মূল-সাৰ আৰু তথ্য সমূহ যুগুতাই প্ৰকাশ কৰা হৈছে।

৯. অসম সত্ৰ মহাসভাৰ ৫০সংখ্যক কেন্দ্ৰীয় অধিবেশন অনুষ্ঠিত হৈছে মৰিগাঁও চহৰত। ৫০খন পতাকা উত্তোলন কৰে ৫০গৰাকী সত্ৰাধিকাৰে। সমন্বিত যুৱতীৰ্থৰ সন্মিলনো লগতে অনুষ্ঠিত হৈছে। সত্ৰৰ মাটি বেদখলৰ পৰা উদ্ধাৰ কৰিবলৈ এখনি আলোচনা চক্ৰত আহ্বান জনালো অসম সত্ৰ মহাসভাৰ সভাপতি লীলাকান্ত মহন্তই।

১০. অসমত জাপানী এনেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত উদ্বিগ্ন কেন্দ্ৰীয় চৰাকেৰ অচিৰেই তিনিটাকৈ কেন্দ্ৰীয় স্বাস্থ্য সেৱাৰ দল বিশেষজ্ঞ সহ প্ৰেৰণ কৰিব বুলিও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

No comments:

Post a Comment