পলকতে সুখ-দুখৰ বতৰাঃ ২৯জুলাই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ২৯জুলাই

পলকতে সুখ-দুখৰ বতৰাঃ ২৯জুলাই

Share This
আজিৰ ভাল খবৰবোৰ
১) কণ্টেইনাৰ কৰ্পৰেশ্বন অৱ ইণ্ডিয়াৰ আমিনগাঁৱস্থিত চৌহদত কোম্পানীটোৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৩৫লাখ টকাৰে ২৫৪ গৰাকী শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকৰ মাজত ২০১৯ বিধ মূল্যবান সামগ্ৰী বিতৰণ কৰাৰ সুখবৰ।

২) অসম সাহিত্য সভাই সভাৰ অন্যতম গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰীয় অসম তত্ত্ব গৱেষণা সংস্থানটো সভাৰ সদস্য মহীয়ান, প্ৰাচ্যতত্ত্ববিদ ডঃ মহেশ্বৰ নেওগৰ নামত উছৰ্গা কৰিছে। অহা ৭ ছেপ্তেম্বৰৰ পৰা এই নামাকৰণ কৰা হব বুলিও সভাৰ বাক্সাত বহা কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাষা শ্বহীদ সূৰ্য বৰাৰ নামতো অসমীয়া ভাষাৰ হকে কাম কৰা ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানক অহা হাফলং অধিবেশনত বিশেষ বঁটা প্ৰদান কৰিবলৈ সভাই সিদ্ধান্ত লোৱাৰ কথাও প্ৰকাশ পাইছে।

৩) অসমৰ মঞ্চ জগতৰ প্ৰথম সহ অভিনেত্ৰী অমিয়া চক্ৰৱৰ্তীৰ স্মৃতিত তেজপুৰৰ তৰুণ অসম সংঘত এখন স্মৰণ সভা অনুষ্ঠিত হয়। তাতে তেখেতে লিখা এমুঠি গীতৰ শ্ৰব্য সংকলন “ঝংকাৰ” উন্মোচন কৰা হয়। অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অভিনেতা অৰুণ নাথ, চেতনা দাসকে ধৰি সুধীজনে। 

৪) ব্ৰহ্মপুত্ৰৰ বুকুত গুৱাহাটীৰ মাছখোৱাত স্থাপন হব বীৰ লাচিতৰ প্ৰতিমূৰ্তি। অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত এই উদ্দেশ্যে এটি কাৰিকৰী বিশেষজ্ঞৰ দলে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে আৰু অচিৰেই এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব বুলিও জানিব পৰা গৈছে।

৫) অৰুনাচলৰ বিশিষ্ট সাহিত্যিক লুম্মেৰ দাইৰ স্মৃতিৰক্ষাৰ্থে অসম সাহিত্য সভাই গঠন কৰা “লুম্মেৰ দাই সোঁৱৰণী মুক্ত শিক্ষা সাংসদ আৰক্ষণ সমিতিয়ে” তেওঁৰ সমগ্ৰ ৰচনাৱলী অসম-অৰুনাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীয় ভাষালৈ অনুবাদ কৰাৰ কাম হাতত লৈছে ৷

৬) অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগিক ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে “এক্ট ইষ্ট” আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱত সহজলভ্য বিভিন্ন ধৰনৰ মছলা যেনে – হালধি , আদা , জালুক, ইলাচি, জলকীয়া আদি ৰপ্তানিৰ সিদ্ধান্ত লৈছে ৷ গুণগত মানত উন্নত অসমৰ জৈৱিক মছলাই এইদৰেই বিশ্বৰ বজাৰলৈ নিজৰ বাট প্ৰশস্ত কৰিছে ৷ 

৭) অসমত চিগাৰেট আৰু সুৰাৰ অবৈধ ব্যৱসায়ৰ ফলত লোকচান হৈছে শ শ কোটিৰ ৰাজহ। দেশৰ ব্যৱসায়ী সকলৰ সংস্থা FICCI ৰ বাবে চলোৱা এটি সমীক্ষাৰ আঁত ধৰি উত্তৰ-পূৱত ভেজাল সুৰা তথা অবৈধ চিগাৰেটৰ জালখনিৰ কথা ৰাষ্ট্ৰীয় স্তৰত ফাদিল কৰিছে ইণ্ডিয়ান এক্সপ্ৰেছ কাকতে। এই বিষয়টোত ৰাজ্য চৰকাৰে অচিৰেই ব্যৱস্থা লোৱাটো আশা কৰিছে ৰাজ্যৰ সচেতন ৰাইজে।

৮) কালি আছিল কবি হীৰুদাৰ ৮৩ সংখ্যক জন্মদিন৷ তেওঁৰ বৰ্ণময় জীৱন,সৃষ্টি আৰু কৰ্মৰাজিক প্ৰাণৱন্ত কৰি ৰখাৰ উদ্দেশ্যে জন্মলাভ কৰা “হীৰেন ভট্টাচাৰ্য সোঁৱৰণী সমিতি”য়ে কবিজনৰ জন্মস্থান যোৰহাটত আজিৰ দিনটো “হীৰুদাৰ দিন”ৰূপে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ আয়োজন কৰিছে৷ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনতো সাংস্কৃতিক কাৰ্যসূচীৰে জন্মদিন পালন কৰা হয়। জুবিন গাৰ্গেও গীতেৰে শ্ৰদ্ধা জ্ঞাপন কৰা অনুষ্ঠানটোতে মুকলি কৰা হয় কবি গৰাকীৰ গীতৰ এটি শ্ৰব্য সঁফুৰা "ধান হালধীয়া ৰ'দ"।
৯) গুৱাহাটী প্ৰেছ ক্লাৱত পৰহি বিশিষ্ট উদ্যোগী ইন্দ্ৰনীল দাসগুপ্তৰ “আনাদাৰ ফে’চ ইন ক্ৰাউড” নামে এখন উপন্যাস উন্মোচন কৰে কন্ঠশিল্পী সংগীতা বৰঠাকুৰে ৷ 

১০) গুৱাহাটীৰ গৌৰী সদনত পৰহি উন্মোচন কৰা হয় “ ভৰা শাওনৰে দুপৰীয়া” নামৰ এটি দৃশ্যশ্ৰাব্য গীত৷ কন্ঠশিল্পী আৰ্যনীলে কন্ঠদান কৰা গীতটি উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক অপূৰ্ব কুমাৰ দাস আৰু বিশিষ্ট চলচিত্ৰ নিৰ্মাতা চাৰু কুমাৰ হাজৰিকাই৷ নৱ উন্মোচিত গীতটি কৃষক নেতা অখিল গগৈৰ হাতত অৰ্পণ কৰে গীতিকাৰ দীলিপ চন্দ্ৰ বৰাই ৷

No comments:

Post a Comment