মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তাৰ বিষয়ে চিন্তা 
প্ৰতিম প্ৰতাপ বৰুৱা

চিন্তাৰ বিষয়ে অলপ চিন্তা কৰিব খুজিছো। (আৰম্ভনিতে কৈ লওঁ – ইয়াত আমি চিন্তা মানে জীৱিকা অৰ্জন তথা অন্ন-বস্ত্ৰ-জৈৱিক-বাসস্থান আদিৰ বাবে কৰা চিন্তাখিনিৰ কথা কোৱা নাই।) আমি যে চিন্তা কৰোঁ সেই চিন্তা কৰা কামটো বৰ টান কাম নেকি? নে চিন্তা কৰাটো অতি উজু কাম?

চিন্তা মানে আচলতে কি? আমাৰ বোধেৰে চিন্তা মানে এটা বিষয়ত নিজকে নিজে প্ৰশ্ন কৰি তাৰ উত্তৰো সততাৰে, আৱেগবৰ্জিতভাৱে আৰু যুক্তিপূৰ্ণভাৱে নিজেই দিবলৈ চেষ্টা কৰা এবিধ মানসিক প্ৰক্ৰিয়া। যিহেতু আমি প্ৰত্যেকেই নিজে নিজৰ ওচৰত সৎ হ’বলৈ বাধ্য, আমি সকলোকে ফাঁকি দিব পাৰিলেও নিজকে কেতিয়াও ফাঁকি দিব নোৱাৰোঁ, সেয়ে চিন্তা মানে আচলতে যুক্তিৰে নিজকে কৰা কিছুমান প্ৰশ্নৰ নিজেই নিজকে দিয়া উত্তৰবোৰৰ সততাৰে সন্মুখীন হোৱা। নিজকে নিজে কিছুমান সাধাৰণ, সহজ-সৰল প্ৰশ্ন কৰিবৰ বাবে আমি বৰ বেছি জ্ঞানী হোৱাৰো প্ৰয়োজন নাই। ইয়াৰ বাবে আমাৰ সকলোৰে ওচৰত থকা স্বাভাবিক বিচাৰ-বুদ্ধিখিনিয়েই (common sense) যথেষ্ট। (অৱশ্যে এইখিনিতে কোনোবাই কোৱা ইংৰাজী বাক্য এটা মনত পৰি গ’ল – The common sense is not common among the common people(.)।) এই স্বাভাবিক বিচাৰ-বুদ্ধিখিনিৰেই আমি এনে কিছুমান সহজ-সৰল সাধাৰণ প্ৰশ্ন অতি সহজে বিশ্লেষণ কৰি চাব পাৰো যিবিলাকৰ উত্তৰে আমাৰ সমাজত দীৰ্ঘসময় ধৰি প্ৰচলিত হৈ থকা/প্ৰচাৰ কৰিব খোজা একো একোটা বিশ্বাসক/ধাৰণাক/মতবাদক অবাস্তৱ, ভ্ৰান্ত, যুক্তিহীন, অপকাৰী আৰু অপ্ৰয়োজনীয় বুলি প্ৰমাণ কৰি দিব পাৰে। কিন্তু নিজকে নিজে প্ৰশ্ন কৰি নিজেই যুক্তিৰে চিন্তা কৰি সততাৰে তাৰ উত্তৰ দিয়া এই কামটো আনন্দৰ কামতো নহয়েই, বৰঞ্চ এইটো এটা আমনিদায়ক, বিৰক্তিকৰ কাম আৰু লগতে এই চিন্তা কৰাৰ কামটো বহুতে ভবাৰ দৰে এজন মানুহৰ আজৰি সময়ৰ বিলাসিতাও নহয়। সেয়ে বোধহয় বেছিভাগ মানুহে এই কামটোৰ পৰা আঁতৰি থাকিব বিচাৰে। কিন্তু এই কামটো কৰা মানুহৰ সংখ্যা যিমানে বাঢ়ে সিমানেই ভাল। কাৰণ কিছুমান অযুক্তিকৰ, অসৎ উদ্দেশ্যপূৰ্ণ, গোপন স্বাৰ্থজড়িত, তথা পৰস্পৰবিৰোধী কথাৰ সহায়ত আৰু প্ৰসংগ-সংগতি নথকা বৌদ্ধিক উদ্ধৃতিৰ সহায়ত কিছুমান মিছা, অতিৰঞ্জিত, অপ্ৰয়োজনীয় তথা অপকাৰী বিচাৰধাৰা সমাজত বিনা প্ৰতিবাদে, বিনা প্ৰশ্নই চলি থকাটো বা চলি থাকিবলৈ দিয়াটো সমাজৰ বাবে ক্ষতিকৰ। সেই বিচাৰধাৰাবোৰৰ ওপৰত সততাৰে আৰু যুক্তিৰে চিন্তা কৰি প্ৰশ্ন কৰিলেহে আৰু সেই প্ৰশ্নৰ উত্তৰ যুক্তিপূৰ্ণ আৰু সৎ হ’লেহে আমি সত্যৰ সন্ধান পাম আৰু সেই সত্যৰ পোহৰতহে আমি সিদ্ধান্ত ল’ব পাৰিম যে সেই প্ৰচলিত (বা প্ৰচাৰ কৰিব খোজা) বিচাৰধাৰাবোৰ আমি মানি লম নে নলম। অযুক্তিকৰ কথা কৈ বা অপযুক্তিৰ সহায় লৈ আবেগ সৃষ্টি কৰিব পাৰি, আনহাতে যুক্তিৰে সত্যৰ সন্ধান কৰিব পাৰি। আৰু সত্যৰ সন্ধানেই আমাৰ সকলোৰে চিন্তাৰ উদ্দেশ্য হোৱা উচিত নহয়জানো? Truthfulness সকলো কলমৰ চালিকা শক্তি হোৱা উচিত নহয়জানো? 

চিন্তাৰ বিষয়ে কথাটো এনেকৈও চিন্তা কৰিব পাৰি বোধহয় - আমি সকলোৱে সংগীত ভাল পাওঁ। বা এনেকৈ ক’ব পাৰি যে সংগীত ভাল নোপোৱা মানুহ হয়তো নোলাব। আমি সংগীত কিয় ভাল পাওঁ? কাৰণ সংগীতত থকা সুৰৰ সমলয়ে আমাৰ শ্ৰৱণেন্দ্ৰিয়ক আনন্দ দিয়ে আৰু সেই আনন্দই আমাৰ মনত আৰু আমাৰ হৃদয়ত এক সুখৰ অনুভূতি দিয়ে। সুৰৰ সমলয় নাথাকিলে সেয়া কিন্তু সংগীত হৈ নাথাকিব। ঠিক তেনেদৰে যুক্তিপূৰ্ণ কথা এষাৰ বা যুক্তিৰ দ্বাৰা সমৰ্থিত (অপযুক্তিৰ দ্বাৰা সমৰ্থিত নহয়) প্ৰশ্নোত্তৰ এটা শুনিবলৈ পোৱাটো সুখৰ কথা, আনন্দৰ কথা। কিন্তু কিছুমান অযুক্তিকৰ অথবা অপযুক্তিৰে সমৰ্থিত কথা আৰু প্ৰসংগ-সংগতি নথকা উদ্ধৃতিৰে কিছুমান কু-উদ্দেশ্যপূৰ্ণ, মিছা, অতিৰঞ্জিত, অপ্ৰয়োজনীয় তথা অপকাৰী বিচাৰধাৰা/মতবাদ/মতামত শুনিবলৈ পোৱাটো আনন্দৰ কথা হ’ব নোৱাৰে। যুক্তিৰে চিন্তা কৰি প্ৰশ্ন কৰিলেহে আৰু সেই প্ৰশ্নৰ উত্তৰ যুক্তিপূৰ্ণ আৰু সৎ হ’লেহে আমি সত্যৰ সন্ধান পাম। আৰু সেই সত্যইহে আমাক আনন্দ দিব। তাৰ বাবে আমাক চিন্তা লাগিবই।

আচলতে আমি সকলোৱে চিন্তা কৰো। সাৰে থকা সময়খিনিত আমাৰ মন আৰু মগজু অনবৰতে সক্ৰিয় হৈ থাকে আৰু কিবা নহয় কিবা এটা বিষয়ৰ চিন্তা আমাৰ মগজত চলি থাকেই। আমাৰ এই চিন্তাবোৰ কাৰণবিহীন অথবা উদ্দেশ্যবিহীন নহয় – এইটো সঁচা কথা। কিন্তু আমাৰ চিন্তাবোৰৰ উদ্দেশ্য যে সকলো সময়তে ধনাত্মক বা সৎ বা গোপন স্বাৰ্থবিহীন বা উপকাৰী হ’বই – সেইটো সঁচা নহয়। আমাৰ চিন্তাবোৰ ব্যক্তিগত স্বাৰ্থপূৰ্ণ বা ব্যক্তিগত স্বাৰ্থহীন – দুয়োবিধেই হ’ব পাৰে। কিন্তু ব্যক্তিগত স্বাৰ্থহীন কিছুমান চিন্তা আৰু সিদ্ধান্তই মানুহৰ মানসিক চিন্তাৰ জগতখনক এক যোগাত্মক গতি দিয়ে আৰু সেই জগতখনলৈ এক যৌক্তিক সক্ৰিয়তা আনে। এই যৌক্তিক সক্ৰিয়তাই এটা সময়ত সমাজত প্ৰচলিত অযুক্তিকৰ তথা ভ্ৰান্ত, অপকাৰী আৰু কুটিল বিচাৰধাৰাসমূহৰ পৰা এজন মানুহক মুক্ত কৰিব পাৰে। 

আমি কেনেকৈ চিন্তা কৰো? বা আমি কি চিন্তা কৰো? আমি যিখিনি চিন্তা কৰো আৰু যেনেকৈ চিন্তা কৰো সেইটো কিবা কাৰকৰ ওচৰত নিৰ্ভৰ কৰেনে? উত্তৰটো হ’ব – কৰে। আমাৰ চিন্তা, আমাৰ যুক্তি (বা যুক্তিৰ নামত অপযুক্তি), আমাৰ প্ৰশ্ন, আমাৰ উত্তৰ, আমাৰ সিদ্ধান্ত আদিবোৰ নিৰ্ভৰ কৰে আমাৰ উদ্দেশ্য, আমাৰ সংস্কাৰ আৰু আমাৰ ব্যক্তিগত চৰিত্ৰৰ ওপৰত। অৰ্থাৎ মই কি চিন্তা কৰিম, মোৰ চিন্তাৰ উদ্দেশ্য কি হ’ব, মোৰ প্ৰশ্নবোৰ আৰু মোৰ উত্তৰবোৰ কেনে হ’ব, সেই চিন্তাখিনিৰে মই কি সিদ্ধান্ত ল’ম, সেই সিদ্ধান্ত লোৱাৰ পিছত মোৰ চিন্তাখিনি মই কেনেকৈ কি পদ্ধতিৰে প্ৰকাশ কৰিম, সেই চিন্তা আৰু সিদ্ধান্তখিনিৰে মই কি কাম কৰিম সেইখিনি নিৰ্ভৰ কৰিব মোৰ ব্যক্তিগত চৰিত্ৰৰ ওপৰত। লগতে এইটোও সত্য যে মোৰ চিন্তাখিনি সৎ নে অসৎ, উপকাৰী নে অপকাৰী, মোৰ যুক্তিখিনি সৎ নে সেইখিনি আচলতে যুক্তিৰ নামত অপযুক্তিহে, মোৰ সিদ্ধান্তখিনি মই নিজেই শুদ্ধ বুলি বিশ্বাস কৰোঁনে নকৰোঁ, মোৰ সিদ্ধান্তখিনিত মোৰ কিবা স্বাৰ্থ সোমাই আছেনেকি ইত্যাদি কথাবোৰো মই নিজেই জানিম, কাৰণ মই নিজে নিজৰ ওচৰত সৎ হ’বলৈ বাধ্য।
চিন্তা কৰাৰ ক্ষেত্ৰত আমি সকলো স্বাধীন। কেনেকৈ? এটা সাধাৰণ উদাহৰণেৰে কথাটো বুজিবলৈ চেষ্টা কৰা যাওক – ধৰা হওক মই নিজৰ ইচ্ছামতে, নিজৰ বিচাৰ-বুদ্ধিমতে, কাৰোৰে অধীন নোহোৱাকৈ কিছুসময় অকলশৰে কিবা এটা চিন্তা কৰিবলৈ লৈছোঁ। সেইখিনি সময়ত মই কি চিন্তা কৰিম? সেইটো নিৰ্ভৰ কৰিব মোৰ ব্যক্তিগত চৰিত্ৰ, মোৰ সংস্কাৰ আৰু মোৰ উদ্দেশ্যৰ ওপৰত। মোৰ স্বাধীন সময়খিনিত অকলশৰীয়াকৈ মই মোৰ চৰিত্ৰ আৰু মোৰ উদ্দেশ্য অনুসাৰে বহুত ধৰণৰ কথা চিন্তা কৰিব পাৰোঁ। যেনে – মই এজন মানুহক হত্যা কৰিবলৈ পৰিকল্পনা কৰিব পাৰোঁ, অথবা মই দূৰ্নীতি কৰি ভুল পথেৰে গৈ কিছু টকা কেনেকৈ আত্মসাৎ কৰিব পাৰো (সেই পথটো ভুল বুলিও মই জানো) আৰু সেই আত্মসাৎ কৰা টকাখিনি কেনেকৈ লুকুৱাই থবহি পাৰো বা সেইখিনি ক’লাৰ পৰা বগা কৰিব পাৰোঁ সেইটো চিন্তা কৰিব পাৰোঁ, মই মোৰে চিনাকী এজন সফল মানুহৰ সফলতাৰ প্ৰতি প্ৰচণ্ডভাৱে ঈৰ্ষান্বিত হৈ তেওঁৰ প্ৰতি প্ৰতিশোধপৰায়ণ হৈ পৰি তেওঁক কেনেকৈ নিজে বা আনৰ হতুৱাই গোপনে অপকাৰ কৰিব পাৰি সেইবিষয়ে পৰিকল্পনা কৰিব পাৰোঁ (সেই কামটো কৰা উচিত নে অনুচিত সেইটোও মই জানোঁ), অথবা মই মদ খাই মাতাল হোৱাৰ কথা ভাবিব পাৰোঁ, অথবা মই যৌনতাৰ কথা ভাবিব পাৰোঁ, অথবা মই নিজে সন্মুখীন হোৱা এটা সমস্যাৰ সমাধান নিজৰ ওচৰতে বিচাৰিব পাৰোঁ, অথবা মই নিজৰ বা মোৰ পৰিয়ালৰ ভবিষ্যতক লৈ কিছু সুন্দৰ পৰিকল্পনা কৰিব পাৰোঁ অথবা মই কিতাপ এখন পঢ়ি সেই কিতাপখনৰ বিষয়ে ভাবিব পাৰোঁ, অথবা মই গান শুনি এনেয়ে অলসভাৱে সময়খিনি পাৰ কৰিব পাৰোঁ, অথবা মই সমাজৰ বিষয়ে, মানুহৰ বিষয়ে, প্ৰকৃতিৰ বিষয়ে কিবা এটা চিন্তা কৰি নিজকে কিছুমান প্ৰশ্ন সুধিব পাৰোঁ। ইত্যাদি।

অৰ্থাৎ মই কি চিন্তা কৰিম সেইটো নিৰ্ভৰ কৰিব মোৰ চৰিত্ৰৰ ওপৰত। সেই চিন্তাখিনিয়েই হ’ব মোৰ চিনাকী। স্বাধীন “মই”টোৱে “মোৰ” চৰিত্ৰ আৰু উদ্দেশ্য অনুসাৰে কৰা এই চিন্তাসমূহে আৰু সেই চিন্তাখিনিৰে “মই” নিজকে নিজে কৰা প্ৰশ্নখিনিৰে আৰু সেই প্ৰশ্নখিনিৰ “মই” নিজেই দিয়া সৎ আৰু যুক্তিপূৰ্ণ উত্তৰখিনিৰ সহায়ত “মই” লোৱা সিদ্ধান্তখিনিয়ে “মই” ভবিষ্যতে কৰিব লগা কামখিনিৰ দিক-নিৰ্দেশনা দিব। কিন্তু একেসময়তে সেই সিদ্ধান্তখিনিয়ে মোৰ নিজৰ তথা মানুহৰ আৰু মই বাস কৰা সমাজখনৰ উপকাৰো কৰিব পাৰে বা অপকাৰো কৰিব পাৰে। যিহেতু মই নিজৰ ওচৰত সৎ হ’বলৈ বাধ্য, সেয়ে মই নিজেই জানিম বা মই নিজেই বুজি পাম যে মোৰ চিন্তাখিনিয়ে, বা মোৰ যুক্তিখিনিয়ে (বা মোৰ অপযুক্তিখিনিয়ে) বা মোৰ সিদ্ধান্তখিনিয়ে তথা মোৰ কথা আৰু কামবিলাকে মোৰ নিজৰ লগতে মানুহৰ আৰু সমাজৰো উপকাৰ সাধিব নে অপকাৰ সাধিব, মোৰ সিদ্ধান্তখিনি শুদ্ধ হয়নে নহয়, সেই সিদ্ধান্তখিনি মই নিজৰ ক্ষেত্ৰত আৰু আন সকলোৰে ক্ষেত্ৰত সকলো সময়তে মানি চলিমনে নচলিম ইত্যাদি। 

আমাৰ সকলোৰে মনত সততে কিছুমান প্ৰশ্নৰ উদয় হয় আৰু এই প্ৰশ্নসমূহৰ যুক্তিপূৰ্ণ উত্তৰ বিচাৰি কৰা চিন্তাবোৰৰ ফলাফলেই আমাক জ্ঞানাৰ্জনৰ দিশত, সত্য উৎঘাটনৰ দিশত, নিজৰ বিশ্বাস আৰু মতামতবোৰ শুদ্ধ কৰাৰ দিশত এখোজ আগুৱাই নিয়ে। আমাৰ মনত উদয় হোৱা এই প্ৰশ্নসমূহৰ (যেনে – সূৰ্য্য পূবফালে কিয় উদয় হয়?) উত্তৰ যদি আগতে কোনোবাই দিয়েই থৈছে আৰু সেই উত্তৰবোৰ সত্য বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত তথা প্ৰতিষ্ঠিত হৈছে তেন্তে সেই প্ৰশ্নবোৰৰ উত্তৰৰ বাবে আমি বেলেগকৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু আমাৰ স্বাভাবিক বিচাৰ-বুদ্ধিৰে আমাৰ মনত উদয় হোৱা যিবিলাক সহজ-সৰল, সাধাৰণ প্ৰশ্নৰ লগত আমাৰ দৈনন্দিন, সামাজিক তথা সাংস্কৃতিক জীৱন সাঙুৰ খাই আছে (যেনে - দান-পূণ্য কৰি, জীৱ-জন্তু বলি দি ভগৱানক পূজা কৰিলে মৃত্যুৰ পিছত স্বৰ্গলাভ হয় বুলি যে কোৱা হয়, এই দান-পূণ্য কৰা, বলি দিয়া আদি কামবোৰৰ পৰা প্ৰকৃততে কোন লাভৱান হয়? অথবা ডাইনীৰ নামত হোৱা হত্যাবোৰে কাৰ স্বাৰ্থ পূৰণ কৰে? অথবা ভৰলুৰ দৰে নদী এখন বৈ যাব নোৱাৰা কেনেকৈ হয়? অথবা যিকোনো কথাতে আন্দোলন, হৰতাল, ধৰ্ণা, অসম-বন্ধ দিয়া আন্দোলনবোৰৰ পৰা প্ৰকৃততে কোন লাভৱান হয়? অথবা অত্যাধিক মদ্যপান কৰি মঞ্চত উঠি থৰক-বৰক খোজেৰে হাতত পিষ্টল লৈ কিছুমান আগ-গুৰি নোহোৱা কথা ক’লেই সেয়া কোনোবা চিনেমাৰ প্ৰম’ হৈ যায় নেকি? অথবা এগৰাকী নাৰীয়ে নিজৰ বেগত জলকীয়া গুৰিৰ স্প্ৰে লৈ ফূৰিবলৈ বাধ্য হোৱাটো সকলো পুৰুষৰ বাবেই লজ্জাজনক কথা হয়নে নহয়? ইত্যাদি) সেইবোৰৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন কাহানিও শেষ হৈ নাযায়। এই প্ৰশ্নবোৰৰ উত্তৰ হিচাপে সমাজত যিখিনি কথা প্ৰচলিত হৈ আছে বা প্ৰচাৰ কৰি থকা হৈছে বা প্ৰচাৰ কৰিব খোজা হৈছে সেইখিনি শেষ কথা বা শেষ সত্য নহয়। এইবোৰ প্ৰশ্নৰ প্ৰচলিত অথবা সমাজগৃহীত, অথবা প্ৰচাৰ কৰিব খোজা উত্তৰবোৰৰ ওপৰত সন্দেহ কৰিবলগীয়া বা সেই উত্তৰবোৰৰ ওপৰত পুনৰায় প্ৰশ্ন কৰিবলগীয়া কথা সদায় থাকি যায়। 

এইযে আমি চিন্তা কৰো আৰু সেই চিন্তা কৰি আমি যে কিছুমান সিদ্ধান্তলৈ আহো সেই চিন্তাবোৰ আৰু সেই সিদ্ধান্তবোৰ আমি প্ৰকাশো কৰিব লাগিব। চিন্তাবোৰ প্ৰকাশ কৰিবৰ বাবে যিখিনি সক্ষমতা লাগে সেইখিনি সকলোৰে নাথাকিব পাৰে, সকলোৰে কলম সিমান সক্ষম নহ’ব পাৰে, কিন্তু অক্ষম হ’লেও সেই কলমৰ প্ৰয়োজন আছে যি কলমে চিন্তাক সততাৰে প্ৰকাশ কৰিব পাৰে। একেসময়তে আমি বিশ্বাস কৰো আমাৰ চিন্তাবোৰ যিমানেই জটিল বা অসহজ নহওক কিয়, সেই চিন্তাবোৰ কৰা আমাৰ মনৰ জগতখন যিমানেই জটিল আৰু উচ্চস্তৰৰ নহওক কিয়, আমাৰ সেই চিন্তাৰ প্ৰকাশ কিন্তু সহজ-সৰল হ’ব লাগিব। লগতে চিন্তাৰ সেই প্ৰকাশে পাঠকক/শ্ৰোতাক পুনৰ চিন্তা কৰিবলৈ সমল যোগাব পাৰিব লাগিব, তেওঁলোকক নতুনকৈ চিন্তা কৰিবলৈ আহ্বান জনাব পাৰিব লাগিব। চিন্তাৰ সেই সহজ-সৰল প্ৰকাশে পাঠকসকলৰ মানসিক জগতখনত এক ধনাত্মক গতি দিব পাৰিব লাগিব, সেই জগতখনলৈ এক যৌক্তিক সক্ৰিয়তা আনিব পাৰিব লাগিব। আমি বিশ্বাস কৰো – উচ্চমস্তিষ্কৰ উচ্চচিন্তাৰ উচ্চপ্ৰকাশে আনকি এটা জাতিকো সুস্থ-সবলকৈ গঢ়ি তুলিব পাৰে, এখন সুন্দৰ সমাজ গঠন কৰিব পাৰে। কিন্তু সেই উচ্চমস্তিষ্কৰ উচ্চচিন্তাখিনিৰ উচ্চপ্ৰকাশ হ’ব লাগিব একেবাৰে স্পষ্টকৈ, সহজ-সৰলকৈ আৰু সকলোৱে বুজি পোৱাকৈ।

No comments:

Post a Comment