চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাভিমান, অহংকাৰ, অশিষ্টতা ইত্যাদি…
হিতেন্দ্র কুমাৰ শৰ্মা

ওপৰত উল্লেখ কৰা শব্দকেইটাৰ অৰ্থ বিশ্লেষণ কৰা অলপ জটিল। এই কেইটা ভাৱ বা আচৰণৰ মাজত থকা সীমাৰেখাবোৰো অতি ক্ষীণ। আটাইকেইটা গুণৰে অলপ অলপ সকলোৰে গাত কেতিয়াবা নহয় কেতিয়াবা দেখা যায় । স্বাভিমান আৰু আত্মসন্মানবোধ থকাটো ব্যক্তি এজন বা জাতি এটাৰ কাৰণে বৰ দৰকাৰী। নহ'লে জীৱনত আৰু সমাজত তেনে লোকক আনেও সন্মানৰ চকুৰে নাচায়।

স্বাভিমান কাক বোলে বাৰু ? স্ব অৰ্থাৎ নিজক লৈ কৰা অভিমানকে স্বাভিমান বোলে আক্ষৰিক অৰ্থত। অৰ্থাৎ ইয়ো একপ্রকাৰৰ অহংকাৰ। তেনেহ'লে স্বাভিমান এক দৰকাৰী গুণ আৰু অহংকাৰ এক ঋণাত্মক গুণ বুলি কিয় ভবা যায়! এই দুয়োটা গুণৰ মাজত থকা পাৰ্থক্যৰ ৰেখাডাল অতি ক্ষীণ। স্বাভিমান (অৰ্থভেদে আত্মসন্মান) হৈছে নিজৰ কোনো বস্তু, গুণ, সফলতা আদিক লৈ কৰা গৌৰৱবোধ যাৰ দ্বাৰা আনক অসন্মান বা অস্বীকাৰ কৰা নুবুজায়। আনক আঘাত দিবলৈ স্বাভিমান প্রদৰ্শন কৰা নাযায়। কিন্তু জনৈক ব্যক্তি বা গোটৰ স্বাভিমানকো অহংকাৰ বুলি ভুল কৰাৰ পুৰামাত্রাই সম্ভাৱনা আছে যদিহে দ্বিতীয় পুৰুষজন পৰশ্রীকাতৰ, পৰচৰ্চ্চাকাৰী, নিন্দুক প্রকৃতিৰ লোক হয়।তেনে লোকক চিনি উলিওৱাটো বৰ প্রয়োজন, নিজৰ স্বাৰ্থতে। তেনে লোকৰ মন্তব্য আৰু আচৰণক গুৰুত্ব দিলে নিজৰ মানসিক শান্তিহে বিঘ্নিত হয়। নিজেও নিশ্চিত হোৱাৰ দৰকাৰ যাতে অহংকাৰ প্রদৰ্শনৰ পৰা আমি নিজেও বিৰত থাকো।

কিন্তু সঁচাকৈ অহংকাৰৰ পৰা দূৰৈত থকাটো সাধাৰণ মনিচৰ বাবে সম্ভব নে? মুঠেও নহয়। প্রাণী মাত্রৰেই অহংকাৰ থাকে। অহংকাৰ্ থকাৰ অৰ্থ হল আপুনি এতিয়াও জীয়াই আছে। কিন্তু ইয়াক প্রদৰ্শন কৰাটো অত্যাৱশ্যকীয় নহয় । অহং(সংস্কৃত)+কাৰ অৰ্থাৎ নিজৰ অস্তিত্বৰ জ্ঞানেই হ’ল অহংকাৰ কিন্তু যেতিয়াই এই নিজ-নিজ বা মই-মই ভাবটো সীমা চেৰাই যায় তেতিয়াই ই এক ঋণাত্মক ভাবলৈ পৰিৱৰ্ত্তিত হয়। তেতিয়া ই নিজৰ অস্তিত্বৰ জ্ঞানতেই সীমিত নাথাকি নিজকেই সকলোৰে কাৰক হিচাপে প্রদৰ্শন কৰে ।


অশিষ্টতা বা অভদ্রতা অন্য এক ঋণাত্মক গুণ (?)। অহংকাৰী লোকৰ গাত এই দোষ বিশেষকৈ দেখা যায়। অৱশ্যে স্বাভিমানী, নৈতিকভাবে শুদ্ধ আৰু সৎ মানুহো অশিষ্ট বা অভদ্র হ’ব পাৰে। ইয়াৰ কাৰণ হ’ল শিষ্টাচাৰ বা শিষ্টতাৰ পৰিভাষা বা সীমা নজনাটো। বহুতে অজানিতেই অভদ্র আচৰণ কৰে আৰু ইয়াক লৈ পৰিতাপো নকৰে কাৰণ তেওঁ নিজেই এই বিষয়ে অজ্ঞ। এনে ব্যক্তিক সহজভাবে বুজাব পাৰি। যদি তেওঁ নিজৰ আচৰণক লৈ অনুতাপ দেখুৱায় তেনেহলে তেওঁক ক্ষমা কৰিব পৰা যায়। কিন্তু যদিহে তেওঁ অস্বীকাৰ কৰে তেতিয়া বুজিব লাগিব তেওঁৰ পৰা দূৰৈত থকাই মংগল। আত্মসন্মানত আঘাত হ'লে কেতিয়াবা নিজেও অলপ কঠোৰ ভাষা ব্যৱহাৰ কৰিব লগা হয় এনে লোকৰ চকু মেল খুৱাবলৈ। আত্মসন্মান বা স্বাভিমানক ৰক্ষণাবেক্ষণ দিবলৈ এনে কৰাটো যেন গ্রহণযোগ্যই!

অসমীয়াসকলৰ মাজত স্বাভিমানৰ অভাৱ, কিন্তু অসমীয়া জাতিটো এটা অত্যন্ত শিষ্ট, ভদ্র আৰু শান্ত জাতি। স্বাভিমানৰেই যেতিয়া অভাৱ, গতিকে অহংকাৰৰ প্রশ্নই নুঠে। ইমান বছৰ অসমৰ বাহিৰত থকাৰ পিছত আৰু বিভিন্ন প্রান্তৰ মানুহ লগ পোৱাৰ পিছত এয়া মোৰ অনুভৱ। ইয়াৰ তুলনাত তামিলসকল প্রচণ্ড স্বাভিমানী লোক। এই ক্ষেত্রত পাঞ্জাবী, মাৰাঠী আৰু গুজৰাটীসকলো পিচ পৰা নহয় ।

এটা সৰু উদাহৰণ-
ধৰা হওক, তিনিজন অসমীয়া লোক আৰু এজন মাৰাঠী (বা গুজৰাটী/তামিল/পাঞ্জাবী) লোকে একেলগে কোনো অফিচত কাম কৰে। চাৰিওজনে মিলি কথা পাতিলে সেই অনা-অসমীয়া জনৰ অসুবিধা নহওক বুলি অসমীয়া কেইজনেও পাৰেমানে হিন্দী বা ইংৰাজীতেই কথা পাতিবলৈ চেষ্টা কৰিব ভুলে শুদ্ধই। অসমৰ সীমাৰ ভিতৰত হলেও এই আচৰণৰ পৰিৱৰ্ত্তন নহয়। কিয় বাৰু সেই অনা-অসমীয়াজনক অসমীয়া শিকিবলৈ বাধ্য কৰাব নোৱাৰো। কাৰণ দুটা- স্বাভিমানৰ অভাৱ আৰু প্রয়োজনাধিক শিষ্টতা।

একেই ঘটনা যদি অসমৰ বাহিৰত ঘটে আৰু এজন অন্যভাষী লোকে কেবাজনো মাৰাঠী/গুজৰাটী/তামিল আদি লোকৰ্ লগত কাম কৰিব লগা হয় তেতিয়া তেওঁলোকে সেই অন্যভাষীজনৰ অস্তিত্বৰ কথা যেন পাহৰিয়েই যায়। তিনিজন মাৰাঠী লোকৰ মাজত এজন অসমীয়া বা তিনিজন তামিলৰ মাজত এজন গুজৰাটী অথবা তিনিজন গুজৰাটীৰ মাজত এজন বঙালীৰ যেন অস্তিত্বই হেৰাই যায়। চতুৰ্থজন ব্যক্তিয়ে যে অস্ব্স্তি পাই আছে আৰু তেওঁ এই কথোপকথনৰ একো ভাগ লব পৰা নাই তাক লৈ কোনেও মুৰ নঘমায়।মই ভাবো, এয়া অসহানুভূতিশীল(insensitive/indifferent) আৰু অশিষ্ট আচৰণ ।


কিন্তু শিষ্টতাৰ নামত আমি আমাৰ স্বাভিমানো হেৰাই যাবলৈ ধৰা নাইনে ? অসমতে অসমীয়া বস্তু, সংস্কৃতি, ভাষাৰ আদৰ কমি গৈছে। অসমৰ বাহিৰৰ কথা বাদই দিলো যেনিবা, অসমৰ ভিতৰতে আজি অনা-অসমীয়া, বীজতৰীয়া ভাষা, সংস্কৃতিৰ দপদপনি ।

আন এটা উদাহৰণ। কোনোবাই যদি পৰীক্ষাত ভাল কৰা বাবে, চাকৰি পোৱা বাবে বা নতুন গাড়ী কিনা বাবে আনন্দ প্রকাশ কৰিছে, চকুচৰহা, পৰশ্রীকাতৰ লোকে তাকো অহংকাৰৰ আখ্যা দিয়ে। এই ক্ষেত্রত নিজেও সাৱধান হোৱাৰ দৰকাৰ, যাতে নিজৰ সুখ প্রকাশ কৰিব যাওতে আনৰ লগত তুলনা কৰা নহয়। অন্যথাই ইয়াক অহংকাৰজনিত অশিষ্টতা বোলা যাব ।

জাতি হিচাবে ইংৰাজ, আমেৰিকান, জাপানী, জাৰ্মান আদি লোক অত্যন্ত স্বাভিমানী আৰু কিছু পৰিমানে অহংকাৰী। সেয়েহে তেওঁলোকে কোনো অসফলতাক সহজভাবে লব নোৱাৰে। বৰং প্রত্যাহ্বান হিচাবে লৈ এনে অসফলতাকো এদিন জয় কৰে ।

মহাত্মা গান্ধীয়ে কোৱাৰ দৰে, স্বাভিমান কোনেও কাঢ়ি নিব নোৱাৰে যদিহে আমি নিজে তাক এৰি নিদিও। অহংকাৰে সন্মান লাঘব কৰে আনহাতে স্বাভিমান, অমায়িক, সহানুভুতিশীল আচৰণে আনৰ দৃষ্টিত সন্মান বৃদ্ধি কৰে।

আহমেদাবাদ, গুজৰাটত কৰ্মৰত লেখকৰ ফোন নম্বৰঃ ৯৯০৪০৮২১২

No comments:

Post a Comment