চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰেশ বৰুৱা আৰু হিন্দীভাষা 
ময়ূৰ বৰা
“Violence adds darkness to a night devoid of stars”
-Dr Martin Luther King,Jr
হয়, আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কথাৰেই আৰম্ভ কৰিব বিচাৰিছোঁ৷ ব্যক্তি হিচাপে পৰেশ বৰুৱা, আলফাৰ মুখ্য সেনাধ্যক্ষ হিচাপে পৰেশ বৰুৱা আৰু অসমক ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাই দীৰ্ঘদিন ধৰি শোষণ-নিপীড়ন কৰি আহিছে বুলি গঢ় লৈ উঠা ধাৰণাটোৰ বিৰুদ্ধে গৰজি উঠা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে পৰেশ বৰুৱাৰ ভূমিকা আৰু গ্ৰহণযোগ্যতা সকলো সচেতন লোকৰ মাজত একে নহয়৷ আলফাৰ মুখ্য সেনাধ্যক্ষ হিচাপে নাইবা দিল্লীৰ শোষণৰ বিৰুদ্ধে সজোৰে মাত মাতি অহা প্ৰতীক হিচাপে তেওঁৰ যি গুৰুত্ব, সি তেওঁৰ ব্যক্তিগত জীৱনক সময়ে সময়ে বিবৰ্ণ কৰি পেলায়৷ অসমীয়া জনমানসত তেওঁৰ ব্যক্তিগত জীৱনৰ কিছু কৰ্মই (যেনে বিহু নচা আৰু ফুটবল খেলা) কেতিয়াবা আকৰ্ষণ বা কৌতূহলৰ সৃষ্টি কৰিলেও আলফাৰ সেনাধ্যক্ষ হিচাপে তেওঁ গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী আৰু ভাষ্যবোৰে সমগ্ৰ জাতীয় জীৱনক যোগাত্মক আৰু ঋণাত্মক দুই ধৰণে আলোড়িত কৰি ৰাখিছে৷ যোৱাটো শতিকাৰ নব্বৈ দশকৰ আৰম্ভণিৰ পৰা সংগঠনটোৰ এচাম আত্মসমৰ্পণকাৰী নেতাৰ যি ভয়ংকৰ স্খলন অসমৰ ৰাইজৰ চকুৰ আগত দৃশ্যমান হ’ল, তেনে সময়ত পৰেশ বৰুৱাক মুখ্য কৰি এচাম অসমীয়া আপোচহীন তৰুণৰ মনৰ দৃঢ়তা আৰু বিদ্ৰোহী মানসিকতাই আমাৰ সমাজৰ বহু লোকৰ মন আচ্ছন্ন কৰি ৰাখিলে৷

প্ৰথমাৱস্থাত তেওঁলোকৰ প্ৰাণপাত পৰিশ্ৰম আৰু গভীৰ আদৰ্শনিষ্ঠাই যিদৰে বহু অসমীয়াক আকৃষ্ট কৰিছিল, ঠিক তেনেকৈ লাহে লাহে টকা পইচা আৰু অস্ত্ৰ-শস্ত্ৰৰ ঝন্‌ঝননিৰ ওপৰত বেছি গুৰুত্ব দিয়া বাবে বহু সচেতন লোক আলফাৰ প্ৰতি বিতুষ্ট হ’বলৈ আৰম্ভ কৰিছিল৷ ভাৰতীয় সেনাই অপাৰেচন আৰম্ভ কৰোঁতে যুদ্ধক্ষেত্ৰৰ পৰা নেগুৰ দাঙি পলোৱা বহুতো আত্মসমৰ্পণকাৰী নেতাৰ পিছৰ কালৰ আচৰণ,নিৰ্বিচাৰ সন্ত্ৰাস আৰু অবৈধ সম্পত্তিৰ পাহাৰ দেখি আৰু সঠিক দেশপ্ৰেমী অসমীয়া ক্ষুদ্ধ হ’ল৷ তেনে ক্ষোভ বাঢ়িল আলফাই পৰৱৰ্তী সময়ত লোৱা আন কিছু হঠকাৰী কাৰ্যৰ বাবে৷ মাজুলীত সঞ্জয় ঘোষৰ হত্যা বা ধেমাজিত বোমা ফুটাই শিশু হত্যা কৰাৰ দৰে নিৰ্দয় ঘটনাই মানুহৰ খং আৰু বিৰক্তি আৰু বঢ়াই তুলিলে৷ তথাপি আজিও অসমীয়াই পৰেশ বৰুৱা বুলিলে কিছু কৌতূহল বা উৎকণ্ঠা অনুভৱ কৰে৷ সেই উৎকণ্ঠা বা কৌতূহলক কিন্তু কেৱল গভীৰ অৰণ্যত থকা এজন বিদ্ৰোহী নেতাৰ প্ৰতি প্ৰাত্যহিক জীৱনৰ প্ৰত্যাহ্বানবোৰে জুৰুলা কৰা সাধাৰণ মানুহৰ ক্ষন্তেকীয়া আকৰ্ষণ বুলি ক’লে অতি সৰলীকৰণৰ দোষে চুব৷

মুখ ফুটাই নক’লেও বহু সচেতন অসমীয়াই ভাবে যে দিল্লীয়ে অসমক কৰি অহা শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ এটা বলিষ্ঠ কণ্ঠ লাগে৷ যিহেতু অসমৰ গৰিষ্ঠসংখ্যক সাংসদেই এইটো কামত ভয়ংকৰভাৱে ব্যৰ্থ,সেয়েহে শক্তিশালী সংগঠনে আৰম্ভ কৰা চৰকাৰবিৰোধী আন্দোলনত ৰাইজৰ সঁহাৰি দেখিবলৈ পোৱা যায়৷ অধিকাংশ আন্দোলনেই নিজৰ ঘোষিত লক্ষ্যৰ প্ৰতি আগবাঢ়িব নোৱাৰা বাবে ৰাইজৰ লাহে লাহে মোহভংগ হয় যদিও পিছৰ আন্দোলনবোৰত তেওঁলোক আকৌ জড়িত হয়৷ তেনে বহু লোকে গভীৰভাৱে অনুভৱ কৰে পৰেশ বৰুৱাৰ দৰে কণ্ঠৰ প্ৰয়োজনীয়তা ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এতিয়াও আছে৷ এইচাম ৰাইজৰ ধাৰণা শুদ্ধ নে ভুল সেই কথা সঠিককৈ প্ৰতিপন্ন কৰিব পাৰিব ভৱিষ্যতৰ ইতিহাসেহে৷ কিন্তু একেখিনি সচেতন ৰাইজে এইটো কথা উপলব্ধি কৰিবলৈ চেষ্টা নকৰে কিহৰ বাবে দিল্লীয়ে তেওঁলোকক শোষণ কৰিবলৈ সমৰ্থ হৈছে৷ নাইবা দিল্লীয়ে কেৱল উত্তৰ-পূৰ্বাঞ্চলকে শোষণ কৰিছে নে দেশৰ আন আন ৰাজ্যবোৰতো শোষণ কৰিছে৷

অসমৰ জাতীয় জীৱনৰ বাবে অতিকৈ ভয়াৱহ দিশটো হৈছে নিজকে সচেতন বুলি দাবী কৰা অধিকাংশ অসমীয়া কিন্তু ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱেহে কিছু সচেতন৷ বিশেষকৈ যোৱা এটা দশকত তথাকথিত অসমীয়া সচেতন মধ্যবিত্তৰ আচৰণ আৰু গতি-প্ৰকৃতিয়ে পতিয়নযোগ্যভাৱে প্ৰমাণ কৰিছে যে সাংস্কৃতিক সচেতনতা নথকা মানুহে ৰাজনৈতিক বা অৰ্থনৈতিক সচেতনতাৰ বলত কোনো জাতিকে দীৰ্ঘকালৰ বাবে সামগ্ৰিক উত্তৰণৰ বাট দেখুৱাব নোৱাৰিলে৷ সেই সাংস্কৃতিক সচেতনতা নাই বাবেই হিন্দীবলয়ৰ সকলো ধৰণৰ উৎসৱ আৰু পৰম্পৰাই আমাৰ গৌৰৱোজ্জ্বল পৰম্পৰাৰ বৰঘৰত জুই দিছেহি৷সেই জুইত ছাতিফুটি কৰাতো দূৰৰ কথা আমি পতংগৰ দৰে জপিয়াই আত্মহত্যাহে কৰিছোঁ৷ তাতকৈয়ো পৰিতাপৰ কথা আমি নিজেই নাজানো যে আমি আত্মহত্যাৰ পথত তীব্ৰবেগেৰে ধাৱমান৷ কোলাৰটো এৰি বোকাৰটো ল’বলৈ চিৰ উদ্বিগ্ন হৈ থকাটো একবিংশ শতিকাৰ আধুনিক অসমীয়াৰ গুৰুত্বপূৰ্ণ লক্ষণ৷ অসমীয়াৰ সেই নিৰ্লজ্জ স্বভাৱৰ পটভূমিতেই হয়তো আলফাৰ হিন্দী সম্প্ৰসাৰণবাদৰ বিৰোধিতাৰ কথাটো বিশ্লেষণ কৰিব লাগিব৷

প্ৰথমতে নিজৰ স্থিতিটো স্পষ্টভাৱে কোৱা প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ৷ অসমীয়া ভাষা,সাহিত্য-সংস্কৃতিৰ লগতে অসমৰ জনগোষ্ঠীয় লোকসকলৰ গৌৰৱময় ঐতিহ্যৰ ভঁৰালটোক মই শ্ৰদ্ধাৰ চকুৰে চাবলৈ যত্ন কৰোঁ৷ লগতে জনগোষ্ঠীয় সংস্কৃতি বা খাদ্যাভ্যাস বুলিলে কেৱল পোৰা গাহৰিৰ মঙহ আৰু দেশীয় সুৰাক ভিত্তি কৰি গঢ় লৈ অহা ভ্ৰান্ত আৰু একমাত্ৰিক ধাৰণাটোৰ মই তীব্ৰভাৱে বিৰোধিতা কৰোঁ৷ নিজ মাতৃভাষাক ভাল পোৱা যিকোনো ভাষী লোকৰ প্ৰতি মোৰ শ্ৰদ্ধা অসীম৷ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ লগতে বাহিৰৰ পৃথিৱীখনৰ লগত আত্মবিশ্বাসেৰে মুখামুখি হ’বলৈ ইংৰাজী ভাষাৰ জ্ঞানৰ বাহিৰে গত্যন্তৰ নাই বুলিও মই বিশ্বাস কৰোঁ৷ ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰিলেও মোৰ আপত্তি নাই কিয়নো জাতি হিচাপে আমি অসম জাতীয় বিদ্যালয় আৰু কেইখনমান শংকৰদেৱ শিশু নিকেতনৰ বাহিৰে মাতৃভাষাকেন্দ্ৰিক বিদ্যালয় বিপুল সংখ্যাত নিৰ্মাণ কৰিব পৰা নাই৷ কিন্তু ইংৰাজী মাধ্যমত পঢ়ি নিজৰ ভাষা,সাহিত্য,সংস্কৃতি অৱহেলাৰ দৃষ্টিৰে চোৱা যিকোনো লোকক মই গভীৰভাৱে ঘৃণা কৰোঁ৷ কিন্তু নতুন প্ৰজন্মৰ অসমীয়া ল’ৰা-ছোৱালীয়ে হিন্দীত কথা পাতিলে মই লজ্জিত হওঁ,ক্ষোভিত হওঁ৷ মেল-মিটিঙত অসমীয়া মানুহে হিন্দীত কথা ক’লে মোৰ সেই সভা তেতিয়াই ত্যাগ কৰিবলৈ মন যায়৷ এয় হিন্দীৰ প্ৰতি থকা মোৰ বিৰাগ নহয়, বৰং নিজৰ চহকী ভাষা থাকোঁতেও আনৰ ভাষাৰে কথা কোৱা লোকৰ প্ৰতিহে মোৰ বিৰাগ৷ মই ভাবোঁ পৰেশ বৰুৱায়ো হয়তো ঠিক তেনে অনুভৱেই কৰে৷ কিন্তু আমাৰ যদি এইক্ষেত্ৰত অনুভৱ একে, তেন্তে কৰণীয় কৰ্তব্যৰ বেলিকা মিল আছে নে নাই?

মোৰ বিশ্বাস এইক্ষেত্ৰত আলফাৰ চিন্তা-চৰ্চা কিছু বেলেগ হ’ব৷ আলফা হয়তো উদ্বিগ্ন অসমত ক্ৰমবৰ্ধমান হিন্দীভাষা লোকৰ সংখ্যা আৰু প্ৰভাৱ বৃদ্ধি পোৱা কথাটোত৷ সেইটো নিশ্চয়কৈ চিন্তনীয়৷ কিন্তু তাতকৈও চিন্তনীয় যোৱা এবছৰমানত সমগ্ৰ ভাৰতত জনপ্ৰিয় হৈ পৰা হিন্দীভাষাকেন্দ্ৰিক ৰাজনৈতিক বাক্‌ধাৰাটো৷ সেই বিষাক্ত বাক্‌ধাৰাৰ কিছু উপাদানেৰে বলীয়ান হৈয়েই আজি অসমত পাবত গজা সংগঠনে বন্ধ ঘোষণা কৰিব পৰাকৈ নিজৰ শক্তি আহৰণ কৰিছে৷ আলফাৰ হিংসাত্মক,হঠকাৰী কাৰ্যক ময়ো গৰিহণা দিয়াত কাৰ্পণ্য নকৰোঁ৷ সেইবুলি অসমীয়াক অসমৰ মাটিতে আন কোনো লোকে ভাবুকি দিব আৰু আমি নীৰৱে হায়ৈ-বিয়ৈ কৰি ৰ’ম, সেই কথাত মই বিশ্বাসী নহয়৷ নিশ্চয়কৈ প্ৰশ্ন উঠিব মইনো কি বিচাৰোঁ? হিংসাৰ বদলি প্ৰতিহিংসা, ভাবুকিৰ পৰিৱৰ্তে প্ৰতিভাবুকি মই নিবিচাৰোঁ৷

মই বিচাৰোঁ অসমীয়া মানুহে অসমীয়া সত্তাটোৰ নিৰ্যাস বিচাৰি লওক৷ মই বিচাৰোঁ আৱেগক একাষৰীয়া কৰি যুক্তি আৰু উদাৰনৈতিক চিন্তাৰে অসমীয়া জাতি আগবাঢ়ক৷ সেয়া মুঠেই অসম্ভৱ নহয়৷ চুকাফা আৰু শংকৰদেৱে তেনে জন্মদৰ্শী চিন্তাৰেই জানো আধুনিক জাতিটোৰ ভেটি গঢ়া নাছিল? গুৰুজনাৰ অপূৰ্ব আৰু অনন্য সৃষ্টি নামঘৰটো বহু দিনৰ পৰা যিকোনো এটা মন্দিৰৰ সংস্কৃতিতকৈ আধুনিক আৰু উদাৰ৷ আমাৰ সাংস্কৃতিক সচেতনতা হেৰুৱালোঁ বাবে তাৰ মূল্য আমি নুবুজোঁ৷ আমি বুজোঁ কেৱল হিন্দী ছিৰিয়েলৰ মাধ্যমেৰে আমদানি হোৱা কাৰৱা চথ্, ধনতেৰাচ,গণেশ পূজা উপভোগ কৰিব লাগে আৰু অসমীয়া বিয়াৰ মাজত সংগীত আদ উৎসৱ উদ্‌যাপন কৰি আপোনপাহৰা হৈ পৰিব লাগে ৷ প্ৰকাৰান্তৰে নিজৰ মেৰুদণ্ড নাই বুলি গৌৰৱ কৰা হয়তো পৃথিৱীৰ একমাত্ৰ জাতিটোৱেই হ’ল অসমীয়া৷ দিল্লীবাদবিৰোধী সংগ্ৰামৰ প্ৰতীক হিচাপে পৰেশ বৰুৱাই বুজিব লাগিব যে জাতিটোৰ মেৰুদণ্ড ঘূৰাই অনাত অস্ত্ৰ-শস্ত্ৰতকৈ বেছি ভূমিকা ল’ব পাৰে সাংস্কৃতিক সচেতনতা বৃদ্ধিৰ বাস্তৱমুখী কাৰ্যপন্থাই হিন্দীভাষীক হত্যা কৰাতকৈ আমাৰ মানুহে যি নিকৃষ্ট মানসিকতাৰ প্ৰভাৱত নিজৰ ভাতঘৰতে হিন্দীবলয়ৰ ধৰ্মীয় উৎসৱবোৰক বৰপীৰা পাৰি দিছে, সেই মানসিকতাক নিশকতীয়া কৰব নোৱাৰিলে কিন্তু আমি জাতি হিচাপে পৃথিৱীৰ মানচিত্ৰত কেলঢোপ কেলঢোপকৈহে জীয়াই থাকিম৷ শেষত পৰেশ বৰুৱালৈ অনুৰোধ৷ আপুনি হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক এই লেখাটোৰ আৰম্ভণিতে থকা ড. মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ হিংসাবিৰোধী বাণীটোলৈ৷ আৰু সচেতন অসমীয়া মধ্যবিত্তই উপলব্ধি কৰিবলৈ চাওক এইটো ইংৰাজী আপ্তবাক্য-“ Imitation is a confession of limitation”৷
লেখকৰ ফোন- ৯৪৩৫০-৫২২৮২, 'নিয়মীয়া বাৰ্তা'ত পূৰ্বতে প্ৰকাশিত লেখাটি 
ইউনিক'ডলৈ ৰূপান্তৰ কৰিলে নগাঁৱৰ পৰা ঈশানজ্যোতি বৰাই।

No comments:

Post a Comment