সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাগৰিকপঞ্জীৰ উন্নীতকৰণ আৰু সাধাৰণ ৰাইজ 
ধনজিৎ কৃষ্ণ বৰ্মন, কোকৰাঝাৰ
সম্পাদক মহোদয়,
যিটো সময়ত এন.আৰ.চি. উন্নীতকৰণৰ নামত অসমৰ বিভিন্ন দল সংগঠনে ভিন্ন মত আগবঢ়াই আছে আৰু চৰকাৰেও ৰাজনীতি আৰম্ভ কৰিছে, সেই সময়তে কিন্তু অসমৰ জনসাধাৰণে এন.আৰ.চি.ৰ নামত যমৰ যাতনা ভোগ কৰাহেন পৰিস্থিতি পৰিলক্ষিত হৈছে৷ বিশেষকৈ আমাৰ গাঁও অঞ্চলসমূহত বহু দৰিদ্ৰ পৰিয়ালৰ লোক আছে যিসকলে নিজৰ আবেদন প্ৰ-পত্ৰখনৰ লগত দিবলগীয়া নথিসমূহ যোগাৰ কৰোতে নানান সমস্যাৰ সন্মূখীন হ'বলগীয়া হৈছে৷

কিছুমান এনেকুৱা দিন হাজিৰা কৰি খোৱা লোকৰ পৰিয়াল আছে, যিসকলৰ পৰিয়ালত কেইবাজনো ল'ৰা-ছোৱালী আছে, কিন্তু সিহঁতৰ এজনৰো জন্মৰ প্ৰমাণ পত্ৰ নাই অথবা স্কুল /কলেজৰ ছাৰ্টিফিকেট নাই৷ তেনে স্থলত সিহঁতৰ জন্মৰ প্ৰমাণ পত্ৰ উলিওৱাতে আনকি আনৰ ঘৰলৈ বিয়া দি উলিয়াই দিয়া জীয়েকৰ বাবে লিঙ্ক ছাৰ্টিফিকেট উলিয়াই দিওঁতে, আবেদনখন পূৰাওতে, পৰিয়ালৰ প্ৰতিজন সদস্যৰ ফটোৰ বাবদ আদিৰ নামত যেন টকাৰ শ্ৰাদ্ধহে কৰা দেখা গৈছে। কাৰণ এই সুযোগ লৈয়ে বহু সুবিধাবাদী লোকে সৰহ টকা সংগ্ৰহ কৰাত নামি পৰিছে। পিছে আন কিছুমান এনেকুৱা পৰিয়ালো আছে, যিসকল ভূমিপুত্ৰ হৈও ১৯৭১ চনৰ আগৰ কোনো নথি-পত্ৰ নাই৷ যাৰ ফলত সেইসমূহ পৰিয়ালে আজি চিন্তাত পৰিছে৷ কোনো কোনো অঞ্চলত আকৌ কিছুমান দুষ্ট চক্ৰৰ সহযোগত ভুৱা নথি-পত্ৰ বনোৱাত নামি পৰিছে৷

তেনে ক্ষেত্ৰত অনুভৱ গৈছে যে হয়তো ভূমিপুত্ৰসকলেই নাগৰিকত্ব হেৰুৱাব লাগিব আৰু অবৈধ অনুপ্ৰৱেশকাৰীসকলেই নাগৰিকত্ব লাভ কৰিব। গতিকে চৰকাৰৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা নাগৰিকৰণৰ নামত যাতে ভূমিপুত্ৰ সকলৰ হাৰাশাস্তি হ'ব লগা নহয় আৰু কোনো অবৈধ অনুপ্ৰৱেশকাৰী বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব নোৱাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ব নিৰ্ধাৰিত কিছুমান পদ্ধতি সলাই নতুনকৈ আন কিছুমান পদ্ধতি আৰু নিয়ম অন্তৰ্ভুক্ত কৰে তাৰ কাৰণে দেশৰ এজন সু-নাগৰিক হিচাপে আহ্বান কৰিলোঁ!

মোৰ অনুভৱেৰে এই সকলোবোৰ সমস্যা সমাধানৰ বাবে কেইটিমান সংশোধনী প্ৰস্তাৱ আগবঢ়োৱালো।
(১) অতীজৰে পৰা এই ৰাজ্যত বসবাস কৰি থকা ভূমিপুত্ৰসকলক কোনো নথি-পত্ৰ অবিহনেই এন.আৰ.চি. ত অন্তৰ্ভূক্ত কৰিব লাগে।

(২) এন.আৰ.চি. সেৱা কেন্দ্ৰসমূহত কৰ্মীৰ সংখ্যা বঢ়াব লাগিব যাতে প্ৰত্যেকখন গাঁৱে গাঁৱে একোজনকৈ সেৱা কৰ্মী গৈ দুখীয়া লোকসকলক সহায় কৰিব পাৰে।

(৩) এই দেশৰ নাগৰিকত্ব লাভ কৰা পুৰুষৰ স্ত্ৰীক তেওঁৰ স্বামীৰ জৰিয়তে আৰু সন্তানক তাৰ দেউতাকৰ জৰিয়তে এন.আৰ.চি.ত অন্তৰ্ভুক্ত কৰিব লাগে।

৪) এই প্ৰক্ৰিয়াটো এনেই অসুবিধাত বিধ্বস্ত হৈ থকা সাধাৰণ মানুহৰ বাবে অতিৰিক্ত আৰ্থিক আৰু মানসিক বোজা যাতে নহয়, তাৰ বাবে চৰকাৰে বিনামূলীয়াকৈ ফটো, জেৰক্স আদি কেন্দ্ৰতে লোৱাৰ ব্যৱস্থা কৰিব লাগে। যিহেতু এই প্ৰক্ৰিয়াৰ বাবে নিৰ্দিষ্ট পুঁজি চৰকাৰৰ পৰা দিয়া হৈছেই, তাৰ দ্বাৰা সাধাৰণ লোকসকলক সকাহ দিয়াটোও এটা লক্ষ্য হব লাগে।

1 comment:

  1. এন.আৰ.চি.ত অন্তৰ্ভুক্ত কৰিবৰ বাবে সংশোধনী প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ব নিৰ্ধাৰিত কিছুমান পদ্ধতি সলাই নতুনকৈ আন কিছুমান পদ্ধতি আৰু নিয়ম অন্তৰ্ভুক্ত কৰিব লাগে, তাৰ দ্বাৰা সাধাৰণ লোকসকলক সকাহ দিয়াটোও এটা লক্ষ্য হব লাগে।

    ReplyDelete