মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

এন আৰ চি আৰু অসম সাহিত্য সভা 
 ৎপল দত্ত
সম্পাদক ডাঙৰীয়া,
একো একোটা সময়ত একোজন ব্যক্তি আৰু একোটা প্ৰতিষ্ঠানৰ মাজৰ পাৰ্থক্য নোহোৱা হৈ যায়৷ প্ৰতিষ্ঠানটি ব্যক্তিগত হ'লে কথাটো অলপ বেলেগ হয়, কিন্তু ৰাজহুৱা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কথাটো সিমান সৰল হৈ নাথাকে৷ তেনে হৈছে অসমৰ ৰাইজে নিজৰ বুলি ভবা সাহিত্য সভাৰ ক্ষেত্ৰত৷

'এন আৰ চি' প্ৰসংগত বহুতে নিজৰ নিজৰ স্বাৰ্থত, নিজৰ নিজৰ এজো মতে, কোনোবাই কোনোবাই এই এন আৰ চি-ৰ বিৰোধিতা কৰিছে, কিছুমানে পদ্ধতিটো শুদ্ধ (?) কৰিবলৈ মন্তব্য দিছে৷ এখন গণতান্ত্ৰিক দেশত এই সুবিধা সকলোৰে প্ৰাপ্য৷ বাতৰি কাকতত দেখা পালোঁ অসম সাহিত্য সভাৰ সভাপতি ডাঃ ধ্ৰুবজ্যোতি বৰাই সংবাদ মেলত ঘোষণা কৰিছে যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ ক্ষেত্ৰত 'লিগেচি ডাটাৰ প্ৰয়োজন'ক শিথিল কৰিব লাগে৷ এই মন্তব্যত কোনো ধৰণৰ আপত্তি কৰাৰ কথা নাই৷ কিন্তু ডাঃ বৰাৰ মন্তব্যত শুনা গৈছে প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে কোৱা কথাৰ প্ৰতিধ্বনি৷ মন কৰিবলগীয়া কথা যে, ডাঃ বৰা বৰ্তমানেও অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিষয়া৷ অসম চৰকাৰৰ কেইগৰাকীমান মন্ত্ৰীয়েও এন আৰ চি-ৰ প্ৰসংগত বিভিন্ন স্তৰত ঋণাত্মক মন্তব্য কৰা দেখা গৈছে৷ ডাঃ বৰাৰ মন্তব্যই চৰকাৰ পক্ষক সহায় কৰিব৷

কিন্তু কথা হ'ল অসম সাহিত্য সভা অৰাজনৈতিক, অনা-চৰকাৰী প্ৰতিষ্ঠান৷ ইয়াৰ সভাপতি গৰাকী হ'ল চৰকাৰী বিষয়া, ডাঃ বৰাই ছুটী লৈ সভাপতিৰ আসনত বহিছে, অৱসৰ গ্ৰহণ কৰা নাই৷ চৰকাৰী বিষয়া এজনে চৰকাৰৰ (মন্ত্ৰী-এম এল এ-আমোলা আদি) মতৰ বিপক্ষে গৈ কাম কৰিব নোৱৰাটোৱেই স্বাভাবিক৷ অৰ্থাৎ সাহিত্য সভাৰ দৰে অনা-চৰকাৰী অনুষ্ঠানটো পৰিচালনা হৈ আছে আৰু হৈ থাকিব চৰকাৰী বিষয়াৰ দ্বাৰা৷ কলিয়াবৰত অনুষ্ঠিত সাহিত্য সভাৰ অধিবেশনৰ মঞ্চত ৰাজনৈতিক নেতা আৰ মন্ত্ৰীৰ ভিৰে এনেকুৱা কথা এটাৰেই ইংগিত দিছিল৷ সাহিত্য সভাক চৰকাৰী অনুষ্ঠান হিচাপে চাব নিবিচৰা সকলে কথাটো ভাবি চোৱাটো আৱশ্যক৷

No comments:

Post a Comment