প্ৰৱাসৰ চিঠিঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দক্ষিণ আফ্ৰিকাৰ মেণ্ডেলা দিৱস 

অগ্নিভ দত্ত 
প্ৰাকৃতিক সৌন্দৰ্য্য, আকৰ্ষণীয় মানুহ, সমৃদ্ধিশালী বুৰঞ্জী আৰু সংস্কৃতি সকলোখিনি উপাদান মিলি দক্ষিণ আফ্ৰিকাক বিশ্বৰ অন্যতম আকৰ্ষণীয় দেশ হিচাবে পৰিগণিত কৰিছে। ২.৫ নিযুত বছৰৰ পুৰণা জীবাশ্ম আবিস্কাৰ হোৱা আৰু ১০০০০০ বছৰৰ পুৰণা আধুনিক মানৱৰ বিচৰণ স্থলি বুলি খ্যাত এই দক্ষিণ আফ্ৰিকাক 'ক্ৰেদেল আফ হিউমেন কাইন্দ' বুলিও কোৱা হয়। কেপ অঞ্চলকলৈ গঢ়ি উঠিছিল আফ্ৰিকান সভ্যতা, সংস্কৃতিৰ। ১৫ শ শতিকাত পৰ্তুগীজ সকল সাগৰীয় পথেৰে ভাৰতলৈ যোৱাৰ সময়ত দক্ষিণ আফ্ৰিকাৰ নিয়মীয়া অতিথি আছিল। লাহে লাহে আন আন ইউৰোপীয়ান সকলেও সেই পথকে অনুসৰণ কৰিব লোৱাত দক্ষিণ আফ্ৰিকা ইউৰোপীয়ান সকলৰ বিচৰণ স্থলী হৈ পৰিব ধৰিল। ১৬৫২ চনত প্ৰথমবাৰৰ বাবে ডাচ্ছসকলে ডাচ্ছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰ্য্যালয় আৰম্ভ কৰিলে কেপ টাউনত। সেইয়াই আনুষ্ঠানিক ঔপনিবেশিক অধ্যায়ৰ আৰম্ভণি হ’ল দক্ষিণ আফ্ৰিকাত।

তাৰ পাছত বৃটিছ আহিল ১৭৯৬ চনত নিজৰ ঔপনিবেশিক সাম্ৰাজ্য বিস্তাৰৰ খাটিৰত কেপটাউন নিজৰ দখললৈ নিলে। তাৰ লগে লগেই আৰম্ভ হ’ল বৃটিছ ঔপনিবেশিক যুগৰ। ১৭৯৬ চনৰ পৰা ১৯০২ চনলৈ দক্ষিণ আফ্ৰিকাৰ বুৰঞ্জীত লিখিত হৈ আছে অসংখ্য অধ্যয় যত কৃষ্ণাংগ আফ্ৰিকানৰ পৰা ডাচ্ছ মূলৰ আফ্ৰিকানৰ সংঘাটৰ কেতবোৰ আকৰ্ষণীয় কাহিনী। সেই বিষয়ে অন্য এদিন আলোচনা কৰিম। ১৭৯৬ চনৰ পৰা ১৯০২ চনলৈ সেই সময়খিনিত কৃষ্ণাংগ সকলৰ সকলো ৰাজনৈতিক অধিকাৰ কাঢ়িলৈ নিজৰ মাতৃভূমিতে বহিৰাগত আখ্যা দিয়া হ’ল। ১৯১২ চনত কৃষ্ণাংগ সকলৰ সাংবাধিনিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আফ্ৰিকান নেচনেল কংগ্ৰেছ ( এ এন চি ) গঠন কৰা হয় । প্ৰথম অৱস্থাত শিক্ষিত কৃষ্ণাংগৰ সংগঠন ৰুপেই সংঘবদ্ধ ভাবে কাম কৰিছিল । কিন্তু প্ৰথম বিশ্বযুদ্ধৰ সময়তেই কৃষ্ণাংগ সকলৰ বিভিন্ন সংগঠনে সু-সংঘবদ্ধভাৱে শোষক সকলৰ বিৰুদ্ধে গৰজি উঠিল। চেগা চোৰোকাকৈ কৃষ্ণাং মানুহৰ ওপৰত হোৱা দমন শোষণৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিলে। কিন্তু তেনেকুৱাতে ১৯৪৮ চনৰ গোড়া নেচনেল পাৰ্টিৰ নতুন চৰকাৰখনে আফ্ৰিকান জনজীৱনলৈ কঢ়িয়াই আনিলে ক'লা ডাৱৰ। দক্ষিণ আফ্ৰিকাত বৰ্ণ বিদ্বেষী শাসনে পূৰ্ণ ৰূপ ধাৰণ কৰিলে। অন্যায় অত্যাচাৰে অতিষ্ঠ কৰি তোলা কৃষ্ণাংগ সকলেও মুক্তিৰ বাবে আকুল হৈ পৰিল। তাৰ মাজতে ১৯৪৩ চনত আফ্ৰিকান নেচনেল কংগ্ৰেছৰ য়ুথ লীগ গঠনৰ পাছতেই দ্ৰুত গতিত পৰিস্থিতি সলনি হব লাগিলে আৰু সেই সংগঠনৰ দায়িত্ব অলিভিয়াৰ টম্বু, নেলচন মাণ্ডেলা, ৱাল্টাৰ ছিছিলো আদিৰ হাতত পৰি গতিময় হৈ উঠিল। য়ুথ লীগৰ নেতা হিচাবে বিচক্ষনতাৰ পৰিচয়েৰে মেণ্ডেলাই লাহে লাহে আফ্ৰিকান নেচনেল কংগ্ৰেছতো নিজৰ স্থিতি মজবুত কৰি তুলিব ধৰিলে । 



১৯১৮ চনৰ ১৮ জুলাইৰ দিনা জন্ম দক্ষিণ আফ্ৰিকাৰ ট্ৰান্সকেই নামৰ ঠাইত নেলচন মাণ্ডেলাৰ। আইনৰ শিক্ষা লোৱাৰ পাছত উকালতি আৰম্ভ কৰিব লওতেই এ এন চি ৰ লগত জড়িত হৈ পৰে। এ.এন.চি ৰ নেতা হিচাবে নেলচন মাণ্ডেলাই বৰ্ণ-বিদ্বেষী আন্দোলনক গতি দিয়াৰ লগে লগেই বৰ্ণবাদী আমোলৰ কাৰণে মেণ্ডেলা মুৰৰ কামোৰণি হৈ পৰিল। ইতিমধ্যে অত্যাচাৰী বৰ্ণবাদী চৰকাৰে অহিংসাৰ ভাষা বুজি নোপোৱা দেখি মাণ্ডেলাৰ নেতৃত্বত আফ্ৰিকান নেচনেল কংগ্ৰেছৰ সশস্ত্ৰ শাখা এম কে নামৰ সংগঠনটোৱে সশস্ত্ৰ বিপ্লবী কাৰ্য্যকলাপেৰে বৰ্ণবাদী চৰকাৰৰ ওপৰত ইতিমধ্যে যথেষ্ট ছাপ সৃষ্টি কৰিবলৈ সক্ষম হয়। তাৰেই ফলশ্ৰুতিত অৱশেষত মাণ্ডেলাক দেশদ্ৰোহৰ অপৰাধত ১৯৬২ চনত গ্ৰেপ্তাৰ কৰা হয়। ১০০ ৰো ওপৰৰ গোচৰ থাপি দিয়া হয় যাতে কোনোপধ্যেই বাচি যাব নোৱাৰে গ্ৰেপ্তাৰৰ লগতে শাস্তিৰ পৰা।

অৱশেষত বিচাৰৰ নামত হোৱা ভেকোভাওনাৰ অন্তত ১৯৬৪ চনত সেইসময়ৰ দক্ষিণ আফ্ৰিকাৰ কলীয়াপানী খ্যাত কেপটাউনৰ ৰবীন আইলেণ্ডত বন্দী কৰি থলে। মেণ্ডেলা আছিল ১৯৬৪ চনৰ ৪৬৬ নম্বৰ কয়দী যাক কলীয়াপানী খ্যাত ৰবীন আইলেণ্ডলৈ পঠোৱা হৈছিল। উল্লেখযোগ্য যে ৰবীন আইলেণ্ডত বন্দীসকলৰ কোনো নিজা পৰিচয় নাছিল তাত পৰিচয় আছিল মাথো কয়দী নম্বৰটো। সেইদৰেই মাণ্ডেলাৰও এটাই পৰিচয় আছিল তাত আৰু সেই পৰিচয় হ’ল কয়দী নম্বৰ ৪৬৬৬৪। ৪৬৬ নম্বৰ কয়দী আৰু ১৯৬৪ চনতো মিলাই ৪৬৬৬৪। পাছলৈ সেই কয়দী নম্বৰটোৱেই হৈ পৰিছিল বিশ্বৰ এক অন্যতম বিখ্যাত নম্বৰ। মাণ্ডেলা তেনেদৰেই বন্দী হৈ থাকিব লগা হ’ল ১৯৯০ চনলৈ। আন্ত: ৰাষ্ট্ৰীয় হেঁচাৰ লগতে দক্ষিণ আফ্ৰিকাবাসীৰ মুক্তিৰ অদম্য হেপাহৰ আগত নতশিৰ কৰিবলৈ বাধ্য হৈ অসংখ্য জনৰ মুক্তিৰ প্ৰতীক নেলচন মাণ্ডেলাক ২৭ বছৰীয়া বন্দীত্বৰ পৰা মুক্তি দিবলৈ বাধ্য হৈ পৰিল বৰ্ণবাদী চৰকাৰ।

মাণ্ডেলাই মুক্তিৰ পাছতেই কিন্ত্ত শ্বেতাংগবৰ্ণবাদীৰ ঠাইত কৃষ্ণাংগ বৰ্ণবাদীৰ সৃষ্টি কৰাতকৈ বিভিন্ন জাতি, বৰ্ণ, ধৰ্ম্ম নিৰ্বিশেষে এক আধুনিক দক্ষিণ আফ্ৰিকা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দি দেশৰ ইমুৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিলে। মাণ্ডেলাৰ বিভিন্ন জাতি, বৰ্ণ , ধৰ্ম্ম নিৰ্বিশেষে এক আধুনিক গণতান্ত্ৰিক দক্ষিণ আফ্ৰিকা গঢ়ি তোলাৰ সপোন বকুত বান্ধি ১৯৯৪ চনত দেশখনৰ ৰাষ্ট্ৰপতিৰ ভাৰবহন কৰিলে। ১৯৯৯ চনত স্ব-ইচ্ছাৰে দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি নোহোৱাৰ কথা ঘোষনণ কৰে যিটো আন আন আফ্ৰিকান দেশবিলাকৰ কাৰণে এক বিৰল ব্যতিক্ৰম। সদায় মানৱতাৰ হকে যুঁজ দি সকলোৰে সম অধিকাৰৰহকে মাত মাতি অহা এই জনা জন-দৰদীক ১৯৯৩ চনত শান্তিৰ নোবেল পুৰস্কাৰেৰেও সন্মানিত কৰা হৈছিল। মাণ্ডেলাই গোটেই জীৱনতো কেৱল আনৰ হিতৰ কাৰণেই আগবঢ়াই দিলে আৰু সকলোকে আহ্বান জনাইছিল যাতে নিজৰ সীমাবদ্ধতাৰেও পৃথিৱীখনলৈ লগতে সমাজখনলৈ দায়বদ্ধতাৰে কিবা অকনমানহলেও ওলোতাই দি যোৱাৰ অংগীকাৰবদ্ধ হবলৈ। মাণ্ডেলাৰ সেই আহ্বানত সঁহাৰি জনাই ৰাষ্ট্ৰসংঘই ১৮ জুলাই দিনটো আন্তঃজাৰ্তিক মাণ্ডেলা দিৱস ৰুপে শুভাৰম্ভ কৰে ২০০৯ চনত ,উল্লেখযোগ্য যে ১৮ জুলাই দিনটো মাণ্ডেলাৰ জন্মদিন। মাণ্ডেলাই নিজৰ জন্মদিনটোক কোনোদিনেই আড়ম্বৰতাৰে উৎযাপন কৰাৰ পক্ষপাতি নাছিলে। মাণ্ডেলাই জীৱনৰ ৬৭ টা বসন্ত আনৰ কাৰণে উৎসৰ্গিত কৰাৰ বিনিময়ত সকলোৰে পৰা বছৰৰ এটা দিনৰ ৬৭ মিনিট বিচাৰিছিল মানৱীয়তাৰ হকে উৎসৰ্গা কৰিবলৈ।

মাণ্ডেলা দিৱসৰ উদেশ্য হ’ল বিশ্ব ভাতৃত্ববোধ, বিশ্বৰ সকলোজনৰে কাৰণে খাদ্য সুৰক্ষা, শিক্ষা আৰু সাক্ষৰতা, নিৰাপদ বাসগৃহ আৰু মজবুত আন্তঃ গাঁঠনি আদি নিশ্চিতকৰণ। মাণ্ডেলা দিৱসক উদযাপন বুলি কোৱাতকৈও ই এক আন্দোলন যি আন্দোলনে মাণ্ডেলাৰ জীৱনক সন্মান জনোৱাৰ ওপৰিও আমাৰ প্ৰতিটো কামৰ দ্বাৰাই পৃথিৱীখনক সুন্দৰকৈ সজাই তুলিবলৈ অনুপ্ৰেৰণা যোগায়। সেইকাৰণেই মাণ্ডেলা দিৱসৰ আহ্বানো একেবাৰেই সাধাৰণ-“আমাৰ প্ৰত্যেক জনৰে পৃথিৱীখনক সুন্দৰ কৰি তোলাৰ ক্ষমতা আছে লগতে তাৰ দায়িত্বও আছে।”

মাণ্ডেলাই জীৱনত তিনিটা সূত্ৰ মানি চলিছিল– নিজক মুক্ত কৰা, আনক মুক্ত কৰা আৰু প্ৰত্যেক দিনাই আনৰ সেৱাত নিজক উৎসৰ্গিত কৰা। যোৱা কেইবছৰ মান নিজেও এই মাণ্ডেলা দিৱসত নিজকে জড়িত কৰিব পাৰিছো । আমাৰ অফিচৰপৰা প্ৰত্যেক বছৰেই মাণ্ডেলা দিৱসৰ দিনাৰ কাৰণে ওপৰত উল্লেখ কৰা বোৰৰ মাজৰ এটা থীম বাছি লোৱা হয়। এবাৰ ২০১১ চনত লোৱা হৈছিল নিৰাপদ বাসগৃহ আৰু মজবুত আন্ত:গাঁঠনি। তাৰ পাছত আমাৰ অঞ্চলৰ বৃদ্ধাশ্ৰাম অনাথ আশ্ৰম কেইখন মানক নিৰ্বাচন কৰি লোৱা হ’ল আগতিয়াকৈ । মেণ্ডেলা দিৱসৰ দিনা স্বইচ্ছাৰে গ্ৰুপ বান্ধি গৈ নিৰ্দিষ্ট কৰি থোৱা বৃদ্ধাশ্ৰাম আৰু অনাথ আশ্ৰম কেইখনত নতুনকৈ ৰঙ দিয়া সৰু সুৰা মেৰামতি আদি কৰি দিয়া হ’ল। সেই খিনি কৰি তাৰ বাসিন্দা সকলৰ মাজত ফল-মূল, মিঠাই বিলাই তেখেতসকলৰ লগত অকনমান সুন্দৰ সময় কটাই অকনমান হলেও আনৰ জীৱনত আনন্দৰ ৰঙ সানি দিয়াৰ এক প্ৰয়াসেৰে আনৰ সেৱাত উৎসৰ্গিত হ’ল জীৱনৰ কেইটামান ঘণ্টা।

এই বছৰ আমাৰ অফিচৰ মাণ্ডেলা দিৱসৰ থীম হৈছে সকলোৰে বাবে শিক্ষা । সেই উদেশ্যৰে দহ হাজাৰ কিতাপ গোটাই যি সকল ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ কিনাৰ সামৰ্থ্য কম অথচ প্ৰয়োজন বেছি তেনেকুৱা ল'ৰা ছোৱালীৰ মাজত বিলাই দিয়া হ’ব। কেৱল আমাৰ অফিচ বুলিয়েই নহয় প্ৰায় সকলোবোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ ওপৰিও ব্যক্তিগত ভাৱে সকলোৱে এই দিনটোত সমাজলৈ কিবা এটা আগবঢ়াই দিবলৈ পালে গৰ্ব অনুভৱ কৰে। আচৰিত ভাৱে এই দিনটো কোনো চৰকাৰী বা বেচৰকাৰী বন্ধৰ দিন নহয়। সকলোৱে নিৰ্দিষ্ট সময়ত নিজৰ সেৱা আগবঢ়াই আকৌ নিজৰ নিজৰ কৰ্তব্য পালন কৰেহি। অৱশ্যে এনেকুৱা এজন মহান মানুহৰ জন্ম দিনতো বন্ধলৈ ঘৰত খাই বৈ শুই বহি থাকিলে জানো সেই মহান মহামানৱজনক সঁচা অৰ্থত সন্মান কৰা হ’ব? আহক আমি যতেই আছো তাতেই মাণ্ডেলা দিৱস উৎযাপন কৰি অনাহাৰত থকা , শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত, মুৰৰ ওপৰত এখন চাদৰ অভাৱত মুকলি আকাশৰ তলত জীৱন যাপন কৰা বিশ্বৰ অসংখ্যজনৰ জীৱনলৈ কঢ়িয়াই আনো অকনমান আশা ,অকনমান সন্তুষ্টিৰ হাঁহি। শেষত মাণ্ডেলাৰ ভাষাতে কঁও-“ It is in your hands to creat a better world for all who live in it.”

No comments:

Post a Comment