হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. এই ৰাখী বন্ধনত “ভাইয়া নম্বৰ ৱান” হবৰ বাবে শৌচাগাৰ নিৰ্মাণ কৰি ভগ্নীক উপহাৰ দিব লাগিব বুলি সদৌ ভাৰত ভাতৃ সংঘই ভয় খোৱা বুলি জানিব পৰা গৈছে। ৰাখীৰ দিনা এইবাৰ হাঁহে কোমোৰাই খাই উদযাপন কৰিম বুলি ভাবি থকা সকলেও এতিয়া নৰেন বৰদেউতাই দিয়া শৌচাগাৰ উপহাৰৰ লক্ষ্যটোৰ ভয়তে খোৱাৰ কথা ভাবিবলৈকে শংকা কৰা বুলিও প্ৰকাশ পাইছে। নিৰ্বাচনী জুমলা বুলি এতিয়া কোৱা প্ৰতিশ্ৰুতিৰ ১৫লাখকৈ বিদেশত থকা ক’লা ধনৰ চেক পোৱা হ’লে বিদেশী ষ্টাইলত ক’লা টাইলচ লগায়েই দেশৰ ভগ্নীসকলক শৌচাগাৰ, দামী ইটালিয়ান ফিটিং থকা বাথটাবেৰে সৈতে স্নানাগাৰো উপহাৰ দিব পৰা গ’লহেতেন বুলিও সংঘই স্পষ্ট কৰি দিছে!

২. বজাৰত জাতিলাও, কোমোৰা, বিলাহীকে ধৰি শাক-পাতৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাখী বন্ধনৰ দিনা অন্তত দেশৰ সাধাৰণ ভাই-ভগ্নী সকলৰ বাবে সংসদ ভৱনৰ সস্তীয়া কেণ্টিনখন ভাতৃসুলভ দয়াৰে মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৰাখীবন্ধন উদযাপন সমিতিয়ে। ভোকাতুৰৰ প্ৰতিনিধি সকলে ভোগ কৰা থলীত এদিনত অন্তত সুখৰ ভাত এসাজ খাবৰ বাবে সুযোগ দিয়াটোও এটা ডাঙৰ ভাতৃ সকলৰ দ্বায়িত্ব বুলিও উদযাপন সমিতিয়ে স্পষ্ট কৰি দিছে।


৩. দিল্লীত বহি উত্তৰ-পূৱৰ কল্যাণ বা উন্নতি সম্ভৱ নহয় বাবেই মন্ত্ৰী আমোলা ভ্ৰমণ সূচীলৈ উত্তৰ-পূৱলৈ আহে যদিও কামাখ্যাত মূৰ দোঁৱায়েই কৃপা লভি ঘৰ-মূৱা হোৱাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কলিকতাৰ পৰা কামাখ্যালৈকে ভাৰতখনে বিস্তৃতি লাভ কৰিলেও তাৰ আগলৈও যে দেশৰ অভিন্ন সীমা আছে সেই বিষয়ে ভূগোলৰ বিশেষ কৰ্মশালা এই গ্ৰীষ্ম বন্ধতে মন্ত্ৰী-আমোলাক জ্ঞান দিয়া হব বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।

৪. অসমৰ মহিলা মাছৰ বিশেষজ্ঞ কনপোনা গগৈয়ে এন.দি.টিভিতো আৱিৰ্ভাৱ হৈ সকলোকে স্তম্ভিত কৰি তোলা বুলি জানিব পৰা গৈছে। ইয়াৰ দ্বাৰা অন্তত কনপোনা শহুৰৰ ভাষা ইংলিচ আৰু মাতৃভাষা ভঙা-চিঙা অসমীয়াতকৈ দেশৰ ৰাজভাষাত কিমান পাকৈত তাৰ তুলনামূলক বিশ্লেষণ কৰাত অসমৰ ৰাইজৰ সহায় হোৱা বুলিও জানিব পৰা গৈছে।

৫. আন্তঃৰাজ্যিক ৰাজহ ফাঁকি আৰু বিষয়াৰ দ্বাৰা লুণ্ঠন প্ৰতিযোগিতাত শ্ৰীৰামপুৰ-ছাগলীয়া গেটে শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে। বাকী টোলগেট আৰু চেক গেট সমূহৰ বাবে এখনি লক্ষ্মী আহৰণৰ হাতপুথি শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা লুটেৰা বিষয়া সন্থাই অচিৰেই প্ৰকাশ কৰিব বুলিও জানিব পৰা গৈছে। অহা লক্ষ্মী পূজাৰ দিনাই ইয়াৰ উন্মোচন কৰা হব বুলিও চেক-গেটৰ চালান ছপাকেন্দ্ৰই সদৰী কৰিছে।

৬. অসমত হাতী পাৰ্টিয়ে এইবাৰ ঘৰে ঘৰে গৈ কলগছ বিচাৰি যাব বুলি ঘোষণা কৰিছে। ৰঙ গৈ বগা হাতীত পৰিণত হোৱা আৰু খাবলৈ নাপাই ক্ষীণ-মিন জুৰুলা হোৱা হাতীটোৱে অন্তত ঘৰৰ ল’ৰাৰ হাতী বুলিয়েই শেষবাৰৰ বাবে হলেও অন্তত ৰাইজৰ কৰুণা পাবলৈ সক্ষম হবই বুলিও চুটিচাপৰ বৰাই প্ৰকাশ কৰিছে। দৰকাৰ হ’লে লুইতৰ পানী আৰু নেতাৰ ঘঁৰিয়ালৰ চকুপানীকে মিহলাই হাতীক চেলাইন দিয়াৰো ব্যৱস্থা কৰিব বুলিও বৰাই সদৰী কৰিছে।

৭. জাপানী এনকেফেলাইটিছ অহাৰ উপলক্ষত ৰসাল গগৈয়ে বিশেষ আঠুৱা তৰা আঁচনি ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। নহৰুল ইছৰাম চাহাবে ১০০টকীয়া আঁঠুৱা দৰৱৰ ফিচকাৰী মাৰি ১০০০টকাকৈ কিনাৰ কাম সম্পূৰ্ণ কৰিলেই এই আঠুঁৱা জ্যোতি আঁচনি ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। এমএলএৰ খেলখনত হাতে হাতে ভোট দিয়াৰ গোপন প্ৰতিশ্ৰুতি দিয়া সকলকহে এই আঁঠুৱাজ্যোতি আঁচনিয়ে সামৰি লব বুলিও কইনাধৰা প্ৰশাসনৰ গোপন সূত্ৰত প্ৰকাশ।

৮. অসমত ১০০টা বাঘৰ বাবে ছয় বছৰত ৫০কোটি টকা খৰছ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অসমৰ হাবিবন বিভাগ। ৫০লাখকৈ টকা প্ৰতিটো বাঘৰ বিপৰীতে সঁচাকৈ খৰছ কৰাহেতেন হাবিত নহয় মহানগৰীৰ ফ্লেটতে চিকেন-মাটন খুৱাই এশটা বাঘ পুহিব পৰা গ’লহেতেন বুলিও সদৌ অসম আমিষ হোটেল সন্থাই মত প্ৰকাশ কৰিছে।

৯. ৰাইজৰ পদূলিলৈ ৰাইজৰ চৰকাৰ নিয়াৰ নামত এইবাৰ মিনি সচিবালয় নামৰ এখন ল’ৰা-ধেমালি পাতিবলৈ লোৱা বুলি জানিব পৰা গৈছে। সদৌ অসম ভিত্তিত আয়োজন কৰিব লগীয়া এই ল’ৰা-ধেমালিত ৰজাই পদূলিয়ে পদূলিয়ে যোৱাৰ আগতে পাৰিবলৈ ৰঙা দলিচা পৰা প্ৰতিযোগিতাৰো আয়োজন কৰি লোভনীয় পুৰস্কাৰেৰে ৰাইজ গোটোৱাৰ ব্যৱস্থা কৰা হব পাৰে বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।

১০. ৰাজনীতিৰ পৰা ৰিটায়াৰ হবলৈ উপযুক্ত বয়স আৱিস্কাৰ কৰি সংবাদ শিৰোনাম দখল কৰিছে বীৰাধৰ বৰ্মনে। পাৰম্পৰিক ভূত-প্ৰেত বিদ্যাত সিদ্ধহস্ত বিশেষজ্ঞ বুলি খ্যাত লোকজনে ৮৫বছৰ বয়সত নিজৰ ল’ৰালৈ টিকট ফিক্স কৰিব পাৰিলেই মানুহে ৰাজনীতিৰ পৰা অৱসৰ লব লাগে বুলি মত প্ৰকাশ কৰিছে। ভূত-প্ৰেত চৰ্চাৰ পৰাহে কোনটো বয়সত তেখেতে অৱসৰ লব সেই কথা প্ৰকাশ কৰিবলৈ তেখেতে অসন্মত হোৱা বুলিও লোকেল-গুজৱ.কমে সদৰী কৰিছে।

No comments:

Post a Comment