Wednesday, July 22, 2015

জীৱনৰ অৰ্থনীতি

(প্ৰসংগঃ ভুৱা বিত্তীয় কোম্পানী)
সাৰদা সাদৰী নোহোৱাৰ পিচত
ভাস্কৰ জ্যোতি বৰুৱা
বিনিয়োগকাৰীৰ বহুখিনি সিদ্ধান্তক পৰিচালিত কৰে তেওঁৰ লোভ আৰু ভয়ে৷ লোভে ক্রমাৎ পাহৰাবলৈ সক্ষম হয় বিবেকৰ আবেদন৷ কোনোবা এজন বিনিয়োগকাৰীৰ চমৎকাৰ প্ৰাপ্তিত ভুৱা বিনিয়োগ আঁচনি একোখনো বিশ্বাসযোগ্য হৈ উঠে এশজন নতুন বিনিয়োগকাৰীৰ বাবে৷ এয়া কিন্তু একেবাৰে নতুন পৰিক্রমা নহয়৷ আগৰ বিনিয়োগকাৰীক পিচৰ বিনিয়োগকাৰীৰ ধনেৰে উপকৃত কৰি আগবঢ়া এনেকুৱা বিষাক্ত লোভনীয় জুতি চাৰ্লছ পঞ্জিয়ে কুৰি শতিকাৰ দ্বিতীয় দশকতে দিছিল আমেৰিকাৰ বিনিয়োগকাৰীক৷ ৪৫ দিনত ৫০ শতাংশ আৰু ৯০ দিনত ১০০ শতাংশ ফলৰ জুতিলৈ বহু পঞ্জিভক্তই বোলে এনেকৈও ক’বলৈ লৈছিল যে কলম্বাছে আমেৰিকাক আৱিস্কাৰ কৰিলেও প্ৰকৃত ধন-সম্পদক আৱিস্কাৰ পঞ্জিয়েহে কৰিলে৷

এই মৰীচিকা এদিন শেষ হৈছিল৷ সৰ্বস্বান্ত হৈছিল বহু বিনিয়োগকাৰী৷ কিন্তু শেষ নহ’ল এই ভণ্ড বিনিয়োগ পদ্ধতিৰ৷ যাৰবাবে পৰৱৰ্তী কালত এনে আঁচনিবোৰক মানুহে ক’বলৈ ল’লে পঞ্জি আঁচনি বুলি৷ সময় বাগৰাৰ লগে লগে মানুহ বেছি টেঙৰ হ’ল৷ শিকিলে বৈধ আৰু অবৈধ বিনিয়োগৰ অপূৰ্ব সংমিশ্ৰনেৰে বিত্তীয় নিয়ন্ত্ৰককো বিভ্ৰান্ত কৰি ব্যৱসায় কৰিবলৈ (ফিউজন?)৷ বাৰ্নাৰ্ড লৰেন্স মেড’ফ তেনে এজন ব্যক্তি যিজন ধৰা পৰাৰ আগলৈকে পৰিচিত আছিল আমেৰিকাৰ এজন সন্মানীয় বিনিয়োগ ব্যৱসায়ী হিচাপে৷ ২০০৮ চনৰ বিশ্বই মুখামুখি হোৱা অৰ্থনৈতিক ছুনামিৰ পিচত এদিন তেওঁৰ পুত্ৰদ্বয়ে ঘোষণা কৰিলে যে তেওঁলোকৰ পিতৃয়ে স্বীকাৰ কৰিছে যে তেওঁ কৰা ব্যৱসায় পঞ্জি আঁচনিৰ বাদে আন একো নহয়৷ বৰ্তমান ১৫০ বছৰ কাৰাদণ্ডৰে দণ্ডিত মেদ’ফৰ এজন পুত্ৰই এই গ্লানি সহিব নোৱাৰি ইতিমধ্যে আত্মহত্যা কৰিছে৷ আমেৰিকাৰ বিত্তীয় নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড একচেঞ্জ কমিছনে পিচত সন্দেহ কৰা মতে মেড’ফে কমেও ৪০ বছৰ ধৰি সম্পদ ব্যৱস্থাপনা ব্যৱসায়ৰ নামত এনে পঞ্জি আঁচনি চলাই আছিল৷

উল্লেখযোগ্য যে পূৰ্বতে বিত্তীয় নিয়ন্ত্ৰকে অনুসন্ধান কৰিও প্ৰমাণ পোৱা নাছিল এই কু-কাণ্ডৰ৷ বিশ্ব অৰ্থনীতিৰ বিপৰ্যয়ত তেতিয়া আমেৰিকা বিধ্বস্ত নোহোৱা হ’লে আৰু যে বহুদিনলৈ মেড’ফে বিত্তীয় নিয়ন্ত্ৰকৰ চকুত ধূলি মাৰিবলৈ সক্ষম হ’লহেঁতেন সেয়া বহু বিশেষজ্ঞই এতিয়া স্বীকাৰ কৰে৷ কাৰণ মেড’ফ বুৰ্বক নাছিল৷ চমৎকাৰী ফলেৰে তেওঁ বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ যত্ন কৰা নাছিল৷ তেওঁ বিহ ঢালিছিল লাহে লাহে৷ তেওঁ দিছিল প্ৰকৃত বিনিয়োগত পোৱাতকৈ অলপ বেছি ফল৷ কিন্তু সেয়া আছিল আচৰিতধৰণে সুস্থিৰ৷ যেন বিনিয়োগৰ সিদ্ধান্তত তেওঁৰ আছে অদ্ভুত পাৰদৰ্শিতা৷ অৰ্থাৎ ভণ্ডামিক পাৰদৰ্শিতা হিচাপে জনমানসত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ সক্ষম হৈছিল৷ আদালতে নিয়োগ কৰা ন্যাসৰক্ষকে গণনা কৰা অনুসৰি বিনিয়োগকাৰীৰ হোৱা লোকচানৰ পৰিমাণ ১৮ বিলিয়ন ডলাৰ৷ ভাৰতীয় হিচাপমতে প্ৰায় ১ লাখ ১০ হাজাৰ কোটি টকা৷

মন কৰক এই সকলোবোৰ হৈছিল আমেৰিকাৰ কঠোৰ বিত্তীয় নিয়ন্ত্ৰকৰ গণ্ডীৰ ভিতৰত থাকি নিয়ন্ত্ৰকৰ চকুত ধূলি মাৰি৷ কিন্তু ভাৰতত বহু কোম্পানীয়ে এতিয়া বিত্তীয় নিয়ন্ত্ৰকৰ গণ্ডীত নাথাকিবলৈ অহোপুৰুষাৰ্থ কৰিও নিজকে ঘোষণা কৰে সৎ বুলি৷ তাৰ পিচত ডাঙৰ ডাঙৰ বিজ্ঞাপনেৰে চেষ্টা কৰে গ্ৰাহকক পতিয়ন নিয়াবলৈ _____ ‘চোৱা, আমি কোনো বিত্তীয় নিয়ন্ত্ৰকৰ অধীনত থাকিবলৈ বাধ্য নহয়৷ তথাপিও আমি হ’লে অতি সৎ৷ বিগত অমুক বছৰে আমাৰ দ্বাৰা কোনো লোকেই প্ৰতাৰিত হোৱাৰ উদাহৰণ নাই৷’ কিন্তু প্ৰশ্নটো হ’ল, তোমালোক যদি ইমানেই সৎ আৰু গ্ৰহণযোগ্য তেন্তে বিত্তীয় নিয়ন্ত্ৰকৰ অধীনত হৈ নোলোৱা কিয়?

আত্মৰক্ষাৰ বাবে আমাৰ সৰ্বসাধাৰণ বিনিয়োগকাৰীয়ে বৈধ আৰু অবৈধ বিনিয়োগৰ প্ৰাথমিক শ্ৰেণী বিভাজন কৰিবলৈ শিকাটো বৰ দৰকাৰী৷ বৈধ বিনিয়োগতো ক্ষতিভয় (ৰিস্ক) গ্ৰহণ কৰিবলগা হয়৷ কিন্তু বৈধ বিনিয়োগত থকা ক্ষতিভয় আৰু অবৈধ বিনিয়োগৰ ঠগন একে নহয়৷ প্ৰথমটোত উচ্চ হাৰৰ ফলৰ আশাত বিনিয়োগ কৰোতে বজাৰৰ স্বাভাৱিক উত্থান-পতনৰ বাবে মুখামুখি হোৱা মূলধনৰ হ্ৰাস৷ অন্যহাতে দ্বিতীয়টোত আপোনাক মূৰ্খ সজাই আপোনাৰ টকা সৰকাই নিয়াৰ ফন্দী৷ অৱশ্যে বৈধ বিনিয়োগতো কেলেংকাৰী নোহোৱা নহয়৷ প্ৰয়োজনীয় সাৱধানতা ল’লে সেইবোৰৰ অপকাৰৰ পৰা বহু পৰিমাণে নিজকে বচাব পাৰি৷ এতিয়া প্ৰশ্ন হ’ল, আপুনি কেনেকৈ নিজকে অবৈধ বা সন্দেহজনক আঁচনিবোৰৰ পৰা নিলগাই ৰাখিব? প্ৰথমেই লক্ষ্য কৰক আঁচনিখন কোনো বিত্তীয় নিয়ন্ত্ৰকৰ অধীনত আছে নে নাই? বিনিয়োগকাৰীৰ স্বাৰ্থত এইটো খুব গুৰুত্বপূৰ্ণ যে বিত্তীয় কোম্পানীটোৰ কাম-কাজ এটা শক্তিশালী বিত্তীয় নিয়ন্ত্ৰকৰ কঠোৰ নীতি-নিয়মৰ গণ্ডীৰ ভিতৰত থাকে৷ ভাৰতত ভাৰতীয় ৰিজাৰ্ভ বেংক, ছেবি, আই আৰ ডি এ, পি এফ আৰ ডি এ, আদি বিত্তীয় নিয়ন্ত্ৰকৰ উদাহৰণ৷

কঠোৰ আইন প্ৰণয়ন তথা বিভিন্ন বিত্তীয় নিয়ন্ত্ৰক আৰু সংশ্লিষ্ট চৰকাৰী বিভাগবোৰৰ মাজৰ যোগাযোগ উন্নত কৰি সঞ্চয় বা বিনিয়োগৰ পৃথিৱীত থকা প্ৰৱঞ্চনা চৰকাৰে ৰোধ কৰিবই লাগিব৷ কিন্তু তাৰ সমান্তৰালভাৱে প্ৰয়োজন আছে গণ সজাগতাৰো৷ এই গণ সজাগতাৰ বাবে সাৰদোত্তৰ (?) কালৰ কথা ভাবি আমাৰ কেইটামান আহ্বান হ’ল --

(১) চৰকাৰে দীৰ্ঘম্যাদী আঁচনি লৈ বিত্তীয় স্বাক্ষৰতাক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে৷

(২) প্ৰতিটো ব্লক অফিচতে খবৰ কৰিলেই যাতে এজন বিনিয়োগকাৰীয়ে ন্যূনতম বিত্তীয় পৰামৰ্শ পায় তাৰ ব্যৱস্থা কৰিব লাগে৷

(৩) প্ৰতিখন গাঁও বা চুবুৰিতে এইখিনি মানুহ একত্ৰিত হ’ব লাগে যাতে প্ৰয়োজনসাপেক্ষে সেই অঞ্চলৰ আন বাসিন্দাসকলকো পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ-পত্ৰ উলিয়াই দিয়াত সহায় কৰিব পাৰে আৰু কাষৰ ডাকঘৰ বা বেংকত একাউন্ট খোলাত সহযোগ কৰিব পাৰে৷ বিশেষকৈ বৰ্তমান প্ৰধানমন্ত্ৰী জন-ধন আঁচনিখনৰ সুফল পোৱাৰ ব্যৱস্থা কৰিব লাগে৷

(৪) তাৎক্ষণিকভাৱে চৰকাৰৰ এনে একোখন পৰীক্ষণ তালিকা বহুলভাৱে প্ৰচাৰ কৰক যাতে বিনিয়োগকাৰীয়ে বিনিয়োগৰ পূৰ্বে আৰু কৰ্মচাৰী বা এজেন্টে বিত্তীয় প্ৰতিষ্ঠান একোটাৰ লগত নিজকে জড়িত কৰাৰ আগতে এবাৰ সঠিকভাৱে পৰ্যালোচনা কৰিবলৈ সুবিধা পায়৷

সাৰদা লক্ষ্য লক্ষ্য বিনিয়োগকাৰীৰ বাবে সাদৰী হ’ব নোৱাৰাৰ পিচত এতিয়া গোলাপৰ উপত্যকাটো ফুলৰ পৰিৱৰ্তে অকল কাঁইট ওলোৱাৰ আশংকাই বিনিয়োগকাৰীসকলক ত্ৰস্তমান কৰি তুলিছে৷ বহুত হ’ল, লোভ আৰু অজ্ঞতাই মিলি অনিষ্ট যথেষ্ট কৰিলে৷ এতিয়া ভয়ে কৰা পাৰ্শ্বক্রিয়াৰ বাবে যদি সৰ্বসাধাৰণ ৰাইজৰ মনত সঞ্চয়ৰ প্ৰতি অনীহা হয়, তেন্তে তাৰ পৰিণাম সামগ্ৰিকভাৱে গোটেই সমাজখনেই ভোগ কৰিব লাগিব৷ সেয়ে সকলো পক্ষই বিষয়টোত যথোচিত গুৰুত্ব দিয়াটো সময়ৰ আহ্বান৷

-------------------------------------------------------------------
লেখক গুৱাহাটী প্ৰতিষ্ঠিত বিত্তীয় পৰামৰ্শদাতা, দূৰভাষ--৯৯৫৪০৬২০৯৫
(লেখাটি অসমীয়া প্ৰতিদিন কাকতত ২০১৪ চনৰ ১১ চেপ্তেম্বৰ তাৰিখে প্ৰকাশ পাইছিল)

No comments:

Post a Comment