Wednesday, July 8, 2015

জীৱনৰ অনুভৱ

চাকৰিৰ বাবে চেনেল
দীপাংকৰ মল্ল বৰুৱা
১৯৯৪-৯৫ চনৰ কথা, ইঞ্জিনিয়াৰিং পাছ কৰি আহি এবছৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ইনষ্ট্ৰুমেণ্টেশ্যনৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা এটাও কৰিলোঁ। চাকৰিৰ একো গতি লগা নাই তেতিয়াও।

কেনেবাকৈ খবৰ পালোঁ যে ডি.টি.ই অফিছত কিবা চাকৰি ওলাইছে। ডাইৰেক্টৰ উ
পল মিৰি ছাৰক লগ কৰিলোঁ। মোৰ কাগজ পত্ৰ, মাৰ্ক শ্বিট দেখুৱালোঁ।

ছাৰে পোনচাটেই সুধিলে,"যোৰহাট যাবা নেকি? 3F ত পোষ্ট আছে"।

ৰাজী হ'লোঁ। যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেছৰ হ'ব লাগিব। (লেকচাৰাৰ পোষ্ট আছিল যদিও কওঁতে প্ৰফেছৰ বুলিয়েই কৈছিলোঁ)। ৰং যিমান লাগিল, ভয়ো লাগিল। পঢ়ুৱাব লাগিব পোনে পোনে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰক। পাছ কৰি ওলোৱা এবছৰ হৈছেহে। কিনো পঢ়ুৱাব পাৰিম।

যোৰহাটলৈ গৈ একে লগৰ অনিৰ্বান, ভুপেশ, শান্তনু, হিৰণহঁতক লগ পালোঁ। লগৰ বোৰক লগ পাই সাহস বাঢ়িল। যোৰহাটত নতুন জীৱন আৰম্ভ কৰিলোঁ। উতনুৱা ডেকাৰ পৰা গহীন মাষ্টৰ হৈ পৰিলোঁ। (যোৰহাটৰ মাষ্টৰৰ জীৱনৰ বিষয়ে পিছত লিখিম)।

কেইমাহমান যোৱাৰ পিছত এ পি এছ চিৰ পৰীক্ষা পাতিলে। এই পৰীক্ষাত উত্তীৰ্ণ হ'লেহে চাকৰি স্থায়ী হ'ব। নহ'লে 3F হৈ অস্থায়ী চাকৰিতে দিন কটাব লাগিব। পৰীক্ষাটোৰ কাৰণে মোৰ বিষয়টো খুব পঢ়িলোঁ। যেনেতেনে পাছ কৰিবই লাগিব। অকল মইহে ফেইল কৰিলে বৰ লাজ লাগিব।

যথা সময়ত ভাল পোছাক এজোৰ পিন্ধি এ পি এছ চি সাক্ষাত্কাৰ দিবলৈ গ'লোঁ। সাক্ষাত্কাৰৰ বাবে নিৰ্দিষ্ট কোঠাৰ বাহিৰত বহি থাকোঁতে আন এখন ইঞ্জিনিয়াৰিং কলেজত 3Fত কাম কৰি থকা এজনে সুধিলে, "তোমাৰ চেনেল কি"?

তেতিয়া কেৱোল টি ভিত বেলেগ বেলেগ চেনেল চোৱা আৰম্ভ কৰিছোঁ। মই ভাবিলোঁ মই ভাল পোৱা টিভি চেনেলৰ কথা সুধিছে। তপৰাই ক'লোঁ, "ষ্টাৰ ষ্পোৰ্টছ"। ইজনে সেমেনা সেমেনিকৈ ক'লে, "ময়ো চেনেল এটাত যোগাযোগ কৰি আহিছোঁ। কি হয় জানো"? মই অকঁৰাৰ দৰে তেওঁৰ মুখলৈ চালোঁ। কিবা চেনেলত যোগাযোগ কৰি আহিব লাগে বুলি মই জনাই নাছিলোঁ।

সাক্ষাত্কাৰত মোক সোধা প্ৰথম প্ৰশ্নটো আছিল, "টি ভিত কি চেনেল চাই ভাল পায়"? মই বুজিলোঁ বাহিৰত লগ পোৱা জনে এনেয়েই কোৱা নাছিল চেনেলৰ কথা। প্ৰথম প্ৰশ্নটো কমন পৰা যেন লাগিল। মনটো ভাল লাগি গ'ল।

তপৰাই ক'লোঁ, "ষ্পোৰ্টছ ছাৰ, ষ্টাৰ ষ্পোৰ্টছত খেল চাই ভাল পাওঁ"।

"কি খেল"?

"ক্ৰিকেট"।

"ক্ৰিকেটৰ কোনটো দল ভাল লাগে"?

"শ্ৰীলংকা", নভবাকৈয়ে কৈ দিলোঁ। সেই সময়ত চনথ জয়সূয়া, অৰ্জুনা ৰাণাতুংগা হঁতৰ খেল চাই বৰ ভাল পাওঁ।

"শ্ৰীলংকাৰ উইকেট কিপাৰৰ নাম কি"?

জিভাতে কামোৰ খালোঁ। নতুনকৈ এজন আহিছে, নামটো সকলোৱে 'কালু' বুলি কয়। আচল নামটো মনত পেলাব পৰা নাই।

"কালু"। কোনোমতে সেপ গিলি উত্তৰটো দিলোঁ।

"কালু? পুৰা নামটো কি? কালু বুলি ক'লেই হ'ব নেকি"?

"কালু, কালু, কিবা এটা আছিল"।

"হ'ব, আপুনি যাওক। পিছৰ জনক আহিবলৈ কওক"। চশমা পিন্ধা ওখকৈ মানুহজনে তলমূৰকৈ ক'লে।

"মানে ছাৰ, মোৰ ছাবজেক্টটো আছিল........"। শেষ চেষ্টা কৰি চালোঁ মোৰ বিষয়টোৰ বিষয়ে ক'বলৈ।

"নেক্সট প্লিজ"। বুজিলোঁ মোৰ সাক্ষা
কাৰৰ ইমানতে ইতি পৰিল।

ওলাই আহিলোঁ। নিজৰ বিষয়টোৰ ইমানবোৰ কথা পঢ়ি আহিছিলোঁ, একো নুসুধিলে। কিন্তু যাদুৰ নিচিনাকৈ নামটো মনত পৰি গ'ল, "কালুৱিথাৰানা"। ভিতৰলৈ গৈ কৈ থৈ আহোঁ যেন লাগিল। সময়ত নামটো মনত পৰা হ'লে আৰু অলপ সময় চাগে ভিতৰত থাকিব পাৰিলোঁতেতেন।

এসময়ত ৰিজাল্ট ওলাল। সাক্ষা
কাৰৰ পিচতে মোক কেইবাজনেও কৈছিল, এ পিএছচি দিয়াৰ আগতে হেনো চেনেল চাই ল'ব লাগে। ৰিজাল্টেও মোক জনাই দিলে চেনেল ভালদৰে নোচোৱাকৈ এ পি এছ চি পৰীক্ষা দিব যাব নালাগে।

মোক চেনেলৰ কথা সোধাজনে পিছে চেনেলৰ বিষয়ে বহুত কথা জানিছিল চাগৈ। তেওঁৰ নামটো তালিকাত ওলাল, মোৰটো নোলাল! এনেকুনা লাগিল, যেন এইবোৰত চাকৰি পাবলৈ সঁচাই চেনেল নহ'লে নেচেল!

No comments:

Post a Comment