কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জৈৱ-প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্রম

ড° বুলজিৎ বুঢ়াগোহাঁই
জৈৱ-প্ৰযুক্তিবিদ্যা বা ‘বায়োটেকন’লজি’ (Biotechnology) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ‘বায়োটেকন’লজি’’ৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। ‘বায়োটেকন’লজি’ত স্নাতক, স্নাতকোত্তৰ, এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম কৰিব পাৰি । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে– আমাৰ অসমত স্নাতক পৰ্যায়ত ‘বায়োটেকন’লজি’ পাঠ্যক্রম থকা শিক্ষানুষ্ঠানৰ সংখ্যা কম ।

‘বায়োটেকন’লজি’ৰ স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে বেছিভাগ শিক্ষানুষ্ঠানত বাছনি পৰীক্ষা অনুষ্ঠিত হয়। এটা উল্লেখযোগ্য বাছনি পৰীক্ষা (Combined Biotechnology entrance Examination) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে পৰিচালনা কৰে। এই পৰীক্ষাৰ সবিশেষ ৱেবছাইটত (http://www.jnu.ac.in) চাব পাৰে ।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘বায়োটেকন’লজি’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসমৰ ‘গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in)’ত ‘বায়োটেকন’লজি’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা মাত্ৰ ১৮ খন। এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল – বিজ্ঞানৰ স্নাতক সকলে ৰসায়ন বিজ্ঞান/প্রাণী বিজ্ঞান/উদ্ভিদ বিজ্ঞান/ মাইক্ৰ’বায়’লজী / বায়’কেমিষ্ট্ৰি / বায়টেকনলজি মেজৰ হিচাপে লৈ ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে (অনসূচিত জাতি , জনজাতি প্রাৰ্থীৰ বাবে ৪৫% নম্বৰ )। এই পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে এটা বাছনি পৰীক্ষা হয়।

‘গুৱাহাটী বিশ্ববিদ্যালয়’তো ‘বায়োটেকন’লজি’ বিষয়ত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in)ত ‘বায়োটেকন’লজি’ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in ) ত ‘বায়োটেকন’লজি’ৰ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৫ খন আৰু ইয়াত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

অসম বিশ্ববিদ্যালয়( http://www.aus.ac.in )ত ‘বায়োটেকন’লজি’ৰ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৪ খন । অসম বিশ্ববিদ্যালয়ত ‘বায়োটেকন’লজি’ৰ বিষয়ত এম.ফিল. , পি.এইচ.ডি. আৰু ডি.এচ. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই.আই.টি.) গুৱাহাটী (http://www.iitg.ac.in) ত ‘বায়োটেকন’লজি’ৰ বি.টেক., এম. টেক. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।
‘বায়োটেকন’লজি’ বিষয়ত স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ কেইখনমান মহাবিদ্যালয় হ’ল-
দৰং মহাবিদ্যালয় (http://www.darrangcollege.in),
পাণ্ডু মহাবিদ্যালয় (http://www.panducollege.org),
কটন মহাবিদ্যালয় (http://www.cottoncollege.org.in),
কলিয়াবৰ মহাবিদ্যালয় (http://www.kaliaborcollege.org) ।

‘বায়োটেকন’লজি’ বিষয়ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল –আন্নামালাই বিশ্ববিদ্যালয় (http://annamalaiuniversity.ac.in ) , উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয় (http://www.nehu.ac.in/), উত্তৰবঙ্গ বিশ্ববিদ্যালয় (www.nbu.ac.in) , এম. এচ. ইউনিভাৰ্চিটি অৱ বৰ’ডা (www.msubaroda.ac.in), এলাহাবাদ বিশ্ববিদ্যালয় ( www.allduniv.ac.in ) , গোৱা বিশ্ববিদ্যালয় (https://www.unigoa.ac.in ), জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (http://www.jnu.ac.in ) , দেৱী অহল্যা বিশ্ববিদ্যালয় ( www.dauniv.ac.in) ,পণ্ডিচেৰী বিশ্ববিদ্যালয় ( www.pondiuni.edu.in ) ,বিশ্বভাৰতী বিশ্ববিদ্যালয় (http://www.visvabharati.ac.in ) , বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in ) , মাদুৰাই কামৰাজ বিশ্ববিদ্যালয় (www.mkuniversity.org ), মহীশূৰ বিশ্ববিদ্যালয় ( www.uni-mysore.ac.in ) , লক্ষ্নৌ বিশ্ববিদ্যালয় (www.lkouniv.ac.in ) ,হায়দৰাবাদ বিশ্ববিদ্যালয় ( http://www.uohyd.ac.in/), হিমাচল প্ৰদেশ বিশ্ববিদ্যালয় (www.hpuniv.nic.in ) ।

শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ডৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে । জৈৱ প্ৰযুক্তিবিজ্ঞানৰ গৱেষণা প্রতিষ্ঠানবোৰত ‘বায়োটেকন’লজি’ বিষয়ৰ পাৰদৰ্শীসকলক নিযুক্তি দিয়ে । মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে ।
লেখক সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসমত কৰ্মৰত। ফোন: ৯৪৩৫১-৮৮৬৩০, ই-মেইল: buljit@gmail.com

No comments:

Post a Comment